আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ প্রশ্নোত্তৰ চাওঁক:
Table of Contents
অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ
— পদ্মনাথ গোহাঞিবৰুৱা
লেখক পৰিচয়ঃ
পদ্মনাথ গোহাঞিবৰুৱা (১৮৭১-১৯৪৬) হ’ল নাট্যকাৰ আৰু তত্ত্বমূলক গ্ৰন্থ ৰচয়িতা আৰু প্ৰথম অসমীয়া ঔপন্যাসিক । তেওঁৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নকাৰী গাঁৱত। তেখেতে শিৱসাগৰ আৰু কহিমাত প্ৰাথমিক শিক্ষা শেষ কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায়। কিন্তু বিভিন্ন অসুবিধাৰ বাবে ডিগ্ৰী লাভ কৰিব নোৱাৰি অসমলৈ উভতি আহে। কলকাতাত থাকোতেই গোহাঞিবৰুৱাই ‘বিজুলী’ নামৰ আলোচনী এখন সম্পাদনা কৰিবলৈ লয়। এই আলোচনীৰ পাততে তেওঁৰ ‘ভানুমতী’ আৰু ‘লাহৰী’ উপন্যাস ধাৰবাহিকভাৱে প্ৰকাশ পায়।
কলকাতাৰ পৰা উভতি আহি প্ৰথমে তেওঁ ঘৰতে থাকি সাহিত্য সেৱাত মনোনিেবশ কৰে। পিছত তেওঁ কহিমা চৰকাৰী ইংৰাজী স্কুলৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পিছত তেওঁ ক্ৰমে তেজপুৰৰ নৰ্মাল স্কুলৰ প্ৰধান শিক্ষক, মংগলদৈৰ তহচিলদাৰ, কাউন্সিল সদস্য, অনাৰেৰী মেজিষ্ট্ৰেট আদি বিষয়-বাবত নিযুক্ত হয় ।
উচ্চ সাহিত্য প্ৰতিভাৰ অধিকাৰী পদ্মনাথ গোহাঞিবৰুৱাই কেইবাখনো মানবিশিষ্ট গ্ৰন্থ ৰচনা কৰে। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’লঃ
নাটক: গাওঁবুঢ়া, টেটোন তামুলী, জয়মতী, গদাধৰ, সাধনী আৰু লাচিত বৰফুকন ।
তত্ত্বমূলক গ্ৰন্থ: শ্ৰীকৃষ্ণ ।
আত্মজীৱনী: মোৰ সোঁৱৰণী ।
উপন্যাস: ভানুমতী আৰু লাহৰী ।
‘বিজুলী’ আলোচনীখনৰ উপৰিও তেওঁ ‘আসাম বন্তি’ আৰু ‘ঊষা’ নামৰ দুখন আলোচনী সম্পাদনা কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱা ১৯১৭ চনত স্থাপিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতিৰ পদ অলংকৃত কৰিছিল। শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল । 0 0 0
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উঃ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে ।
২। মহাত্মা গান্ধীয়ে প্ৰথমবাবৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল?
উঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনৰ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।
৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা ।
উঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল – ‘মোৰ সোঁৱৰণী’ ।
৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।
৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱা।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩)
১। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল-‘টেটোন তামুলী’ আৰু ‘জয়মতী’।
২। পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।
উঃ ‘বিজুলী’, ‘আসাম বন্তি’, আৰু ‘ঊষা’ ।
৩। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থ হ’ল – ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু ‘শ্ৰীকৃষ্ণ’।
৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি চিঠি লিখিছিল।
৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
উঃ মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। পদ্মনাথ গোহাঞিবৰুৱাইই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিল?
উঃ পদ্মনাথ গোহাঞিবৰুৱাই আগৰে পৰা মহাত্মা গান্ধীৰ কথা শুনি আছিল । দক্ষিণ আফ্ৰিকাত বাস কৰা ভাৰতীয়সকলৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ-অভিযোগ নিবাৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰে পদ্মনাথ গোহাঞিবৰুৱাৰ অন্তৰ ভৰি পৰিছিল। সেই সময়ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ কাৰ্যকলাপ আৰু কীৰ্তি-কাহিনীৰ বিষয়ে বৰ বিশেষ নাজানিছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কাৰ্যকলাপৰ বিষয়ে বহুলভাৱে আলোচনা হৈছিল। বিশেষকৈ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মঙ্গলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিষ্ময় মানি তেখেতক ভূয়সী প্ৰশংসা কৰিছিল। আনকি কিছুমানে মহাত্মা গান্ধীজিক যীশু খ্ৰীষ্টতকৈও ওপৰত স্থান দিছিল আৰু এই কথাটোৱে গোহাঞিবৰুৱাক আকৰ্ষিত কৰিছিল। এনেকুৱা এটা সময়তে মহামানৱ মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল আৰু ভাৰতবাসীক ইংৰাজৰ হাতৰ পৰা উদ্ধাৰৰ অৰ্থে উঠিপৰি লাগিছিল। ইয়াৰ বাবে গান্ধীয়ে নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক আদি বিবিধ বিষয়ক দেশহিতৈষীৰ কাৰ্যত আত্ম নিয়োগ কৰিছিল ।
এই কাৰ্যবোৰৰ বাবেই পদ্মনাথ গোহাঞিবৰুৱাই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভৰ উদগ্ৰীৱ বাবে হৈ পৰিছিল ।
২। গান্ধীজীৰ প্রথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্রস্তুত কৰা।
উঃ ১৯২১ চনৰ আগষ্ট মাহত গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিবলৈ আহে। অসমৰ নেতাসকলৰ আক্ৰমণক্ৰমে ১৯২১ চনৰ ১৮ আগষ্টত গান্ধীয়ে তেওঁৰ সতীৰ্থ মহম্মদ আলি, আজাদ সুভানী, যমুনা লাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত ১১ জনীয়া দল এটি লৈ গোলকগঞ্জত উপস্থিত হয় আৰু তাৰ পিছত তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি অসহযোগৰ বাণী প্ৰচাৰ কৰে আৰু শেষত শ্ৰীহট্টৰ পৰা ৩০ আগষ্টত কলিকতালৈ যাত্ৰা কৰে। গুৱাহাটীত আহি তেওঁ সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত এদিন এৰাতিৰ বাবে সদলবলে আলহী হৈছিল। মহাত্মা গান্ধীৰ এই ভ্ৰমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে ১৫ জনে ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল।
৩। গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা ।
উঃ মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপুৱা ৯ বজাত তেজপুৰ জাহাজঘাট পায়হি, তেতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাই পোন প্ৰথমে জাহাজত উঠি তৰুণৰাম ফুকনে দেখুৱাই দিয়া গান্ধীজীক নমস্কাৰ জনায়। পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ কল্পনাৰ গান্ধীজী আৰু বাস্তৱত দেখা পোৱা গান্ধীজীৰ শাৰীৰিক গঠনৰ পাৰ্থক্যৰ কথা ভাবি তেওঁলৈ একেথৰে চাই থাকোঁতেই তৰুণৰাম ফুকনে আহি গান্ধীজীৰ লগত পৰিচয় কৰাই দিলে এইদৰে ‘এখেত তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঞিবৰুৱা’। কথাখিনি শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব ডপাধিধাৰী মানুহে তেখেতক কিয়নো আদৰিবলৈ আহিছে। তেতিয়া তৰুণৰাম ফুকনে গান্ধীক বুজাই কলে যে ‘ৰায়চাহাব উপাধি‘ ল’লেও পদ্মনাথ গোহাঞিবৰুৱাই আচলতে ৰাইজৰ হৈ হে কাম কৰে । গান্ধীয়ে এই কথা শুনি সেই বিষয়টোৰ সামৰণি পেলাবলৈ গোহাঞিবৰুৱালৈ চাই ক’লে তেওঁ আশা কৰে খিতাপ কিৰীটিয়ে যাতে গোহাঞিবৰুৱাক পাক ঘূৰণী খুৱাই ৰাইজৰ প্ৰতিকূলমুখী নকৰে। পদ্মনাথ গোহাঞি বৰুৱাইও তেওঁক তেনে কাম নকৰাৰ প্ৰতিশ্ৰুতি হিচাপে মূৰ দুৱাই সন্মতিা জনায়।
ইয়াৰ পিছত পদ্মনাথক গান্ধীজীয়ে লগত অহা মৌলানা মহম্মদ আলিৰ লগত চিনাকি কৰি দিলে আৰু তাৰ পিছত তিনিও জনে লগলাগি ‘স্বৰাজ’ সম্পৰ্কে দুই এটা কথা পাতে। পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কুৰ্তাচোলা পিন্ধাৰ লগতে আশী নম্বৰী সূতাৰ ঘৰতে বোৱা চেলেং চাদৰ গাত দি গৈছিল। গান্ধীজীয়ে চেলেং চাদৰৰ সূতা স্বদেশী নে সুধিলে। পদ্মনাথ গোহাঞিবৰুৱাই উত্তৰত ক’লে যে ‘সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱা কাপোৰহে’। এই কথা শুনি গান্ধীজীৰ মুখমণ্ডলত অসন্তোষৰ ভাব পৰিস্ফুট হ’ল। এনেদৰে কিছু কথা পতাৰ পিছত তেওঁলোক আটাইয়ে জাহাজৰ পৰা নামি আহিল আৰু আগতে নিৰ্দ্ধাৰণ কৰি থোৱা মতে গান্ধীয়ে নিজৰ কাৰ্যসূচী চলাই থাকিল।
৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা।
উঃ মহাত্মা গান্ধী তেজপুৰত জাহাজ ঘাটৰ পৰা নমাৰ পিছত তেখেতক প্ৰথমে হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠিলৈ’ নিয়া হৈছিল। তাত আদৰণী সমিতিৰ সদস্যসকলে তেখেতৰ আলপৈচান ধৰে আৰু ছাগলীৰ গাখীৰেৰে জলপান কৰায়। ইফালে গান্ধীক চাবলৈ অহা মানুহেৰে পকীঘৰৰ বাহিৰ-ভিতৰ ভৰি পৰিছিল। উপায় নাপাই আলোচনা কৰি গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি মহাত্মা গান্ধী চাদৰ ওপৰলৈ উঠি উদং গাৰে কৃষ্ণভঙ্গীৰে থিয় দিলে আৰু উদগ্ৰীৱ ৰাইজে হেঁপাহ পলুৱাই গান্ধীজীক দৰ্শন কৰিলে। গান্ধীয়ে সন্মোহিনী মূৰ্তিৰে পোন্ধৰ মিনিট মান পকীৰ ওপৰত পৰমানন্দে দৰ্শকক দৰ্শন দি আনন্দত আপ্লুত হৈ পৰিছিল । তেখেতে অংগী-ভঙ্গীৰে প্ৰণাম সম্ভাষণ জ্ঞাপন কৰি ৰাইজৰ পৰা বিদায়লৈ তললৈ নামি আহিছিল আৰু পিছত সকলো ৰাইজ ঘৰাঘৰি গৈছিল।
পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখত বহল ঘাঁহনি চোতালত দলিচা সতৰঞ্চি, ত্ৰিপাল আদি পাৰি মজলিছ বৈঠক পতা হৈছিল। পূৰ্বনিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি টাউনৰ গণ্যমান্য লোকসকল তাত উপস্থিত হৈছিল। ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী খিতাপধাৰী লোকে সেই মজলিছত যোগ দিয়া নাছিল। সন্ধিয়া ৭ বজাত গান্ধীজী যেতিয়া আহি সেই মজলিছত থিয় দিছিল তেতিয়া সমবেত ৰাইজে থিয় হৈ তেখেতক সন্মান জনাইছিল। গান্ধীজী আহি তেখেতৰ বাবে সজাই থোৱা সৰু চালপীৰাত পিচ্ গাৰু দিয়া সুনিৰ্দিষ্ট আসনত বহিছিল। আসন গ্ৰহণ কৰি তেখেতে হিন্দী-গুজৰাটী ভাষাত তেখেতৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ সাৰুৱা বক্তৃতা দিছিল আৰু সমবেত ৰাইজে তেখেতৰ বক্তৃতা মন্ত্ৰমুগ্ধৰ দৰে শুনি গৈছিল। বক্তৃতাত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ এই জটিল বিষয় দুটাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছিল। সেই বক্তৃতা সন্ধিয়া আঠ বজাৰ পৰা দহ বজালৈকে ‘পূৰা দুঘণ্টা সময় বিৰতি নোলোৱাকৈ চলিছিল আৰু শ্ৰোতাসকলেও নীৰৱে শুনি গৈছিল। বক্তৃতাৰ অন্তত, গান্ধীজীয়ে পিছদিনাখনৰ কাৰ্যতালিকাৰ আভাস দি বিনীতভাৱে বৈঠকত উপস্থিত ৰাইজৰ পৰা বিদায় লৈ পকীৰ ভিতৰলৈ সোমাই গৈছিল।
৫। ‘আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।’- এই কথাষাৰ কোনে কি প্রসংগত কৈছিল বুজাই লিখা ।
উঃ উক্ত কথাফাকি মহাত্মা গান্ধীয়ে পদ্মনাথ গোহাঞিবৰুৱাক উদ্দেশ্য কৰি কৈছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত যেতিয়া গান্ধীজীৰ জাহাজ আহি তেজপুৰৰ জাহাজ ঘাটত চাপিছিল, তেতিয়া পদ্মনাথ গোহাঞিবৰুৱাই প্ৰথমেই গৈ সেই জাহাজত উঠিছিল। জাহাজত উঠিয়েই তেওঁ তৰুণৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশ অনুসৰি মহাত্মা গান্ধীজীক নমস্কাৰ জনাইছিল। এনে সময়তে তৰুণৰাম ফুকনে আহি পদ্মনাথ গোহাঞিবৰুৱাক গান্ধীজীৰ ওচৰত পৰিচয় কৰাই দিছিল এনেদৰে- “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা — ‘ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা।’ এই কথা শুনি গান্ধীজী উপচ খাই উঠি ‘ৰায়চাহাব খিতাপধাৰীয়ে আদিৰিবলৈ আহে’–কথাষাৰ কৈছিল। সেই সময়ত চৰকাৰী খিতাপধাৰী লোকসকলে চৰকাৰৰ ভয়ত এনে অনুষ্ঠানত অংশগ্ৰহণ নকৰিছিল আৰু ৰাইজৰ মঙ্গলৰ হকে মাত মাতিবলৈ কুণ্ঠাবোধ কৰিছিল । তেনেস্থলত এনে খিতাপধাৰী এজনে মুকলিভাৱে গান্ধীজীক লগ ধৰিবলৈ অহাত গান্ধীজী আচৰিত হৈ তেনেদৰে কৈছিল। তৰুণৰাম ফুকনে তেতিয়া বুজাই কৈছিল যে গোহাঞিবৰুৱাই ‘ৰায়চাহাব’ যাচি দিয়া চৰকাৰী খিতাপ পিন্ধিলেও সৰ্বতোভাৱে ৰাইজৰ ফলীয়া হৈহে কাৰ্যক্ষেত্ৰত আগবাঢ়ে। কথা শুনি গান্ধীজীয়ে গোহাঞিবৰুৱাক এনেদৰে কৈছিল যিহওক, আশাকৰোঁ খিতাপৰ কিৰীটীয়ে পাক ঘুৰণি খুৱাই আপোনাক প্ৰতিকূলমুখীয়া নকৰক যেন।” পদ্মনাথ গোহাঞিবৰুৱাই মূৰ দোৱাই তেখেতৰ কথাত সন্মতি প্ৰকাশ কৰিছিল।
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ
১। ‘অসমীয়া ভাষাৰ প্ৰথম উপন্যাসখনৰনাম কি?
উঃ পদ্মনাথ গোহাঞিবৰুৱা ‘ভানুমতী’।
২। পদ্মনাথ গোহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উঃ শ্ৰীকৃষ্ণ।
৩। ‘অসম সাহিত্য সভা’ৰ প্ৰথম সভাপতি কোন আছিল?
উঃ পদ্মনাথ গোহাঞিবৰুৱা।
৪। ‘অসম সাহিত্য সভা’ৰ প্ৰথম অধিবেশন কত অনুষ্ঠিত হৈছিল?
উঃ শিৱসাগৰত।
৫। পদ্মনাথ গোহাঞিবৰুৱাই ভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল?
উঃ ৰায়চাহাব।
৬। ‘তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদ আলি চাহাবক নমস্কাৰ জনাইছিল?
উঃ বাবু মহেন্দ্ৰনাথ উকীলে।
৭। ‘হৰিবিলাস আগৰৱালাৰ ঘৰত মহাত্মা গান্ধীক কিহেৰে আপ্যায়ন কৰা হৈছিল ?
উঃ ছাগলীৰ গাখীৰেৰে।
৮। ‘গান্ধীজীয়ে তেজপুৰত কিহৰ ওপৰত বক্তৃতা দিছিল?
উঃ স্বৰাজ আৰু অসহযোগীতাৰ ওপৰত।
৯। ‘অসমত মহাত্মা গান্ধীৰ লগত অহা নেতাজন কোন আছিল?
উঃ মৌলানা মহম্মদ আলি চাহাব। ০ ০ ০.
নোট: যদি আপুনি ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ‘‘ প্রবন্ধটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ পাঠটি তেওঁৰ ‘মোৰ সোঁৱৰণী’ গ্ৰন্থৰ অন্তর্গত 0 0 0