অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)

0

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘অসমৰ পুৰণি খেল-ধেমালি’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ চাওঁক:

অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ

Table of Contents

অসমৰ পুৰণি খেল-ধেমালি

সুবোধ মল্ল বৰুৱা

লেখক পৰিচয়ঃ

সুবোধ মল্ল বৰুৱা (১৯৬৩- ) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক সুলেখক। তেওঁৰ জন্ম হয় ১৯৬৩ চনত । তেওঁৰ দেউতাকৰ নাম পৰেশ মল্ল বৰুৱা। গুৱাহাটীৰ কটন কলেজিয়েট আৰু আৰ্য বিদ্যাপীঠত শিক্ষা লাভ কৰি ভাৰতৰ ক্ৰীড়া সাংবাদিকতাৰ জগতলৈ প্ৰৱেশ কৰে। ১৯৮৭ চনৰ পৰা তেখেতে ‘আজিৰ অসম’ আৰু ‘নতুন দৈনিক’ কাকতৰ উপসম্পাদক হিচাপে কাম কৰে। ১৯৯১ চনত ‘দৈনিক অসম’ কাকতত যোগদান কৰে। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ লগত জড়িত।

সুবোধ মল্ল বৰুৱাৰ ক্ৰীয়া বিষয়ক বহুতো গ্ৰন্থ প্ৰকাশ পাইছে, যেনে: এথেন্সৰ পৰা শ্বিলঙলৈ, বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল, ওৱান ম’ৰ ছিক্স (ইংৰাজী)। তেখেতে কেইবাখনো ক্ৰীড়া বিষয়ক উপন্যাসিকা আৰু বহুতো ক্ৰীড়া বিষয়ক প্ৰৱন্ধ ৰচনা কৰিছে।

অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)

১। ‘বিহু আকৌ আহিল’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উঃ হেমবৰ গোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

২। প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল ?

উঃ প্ৰথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’।

৩। ক্ৰীড়া কি?

উঃ ক্ৰীড়া হ’ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্ৰকাশ।

৪। বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?

উঃ ছু-চু বুলি আখ্যা দিছিল।

৫। চীনত ছু-চু খেলৰ প্রচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্রচলন আছিল?

উঃ কণী যুঁজ, কড়ি যুজঁ ইত্যাদি।

(খ) চমু প্রশ্নঃ (মূল্যাংক ২ ৩)

১। ঢোপ খেলৰ প্রচলন ক’ত, কেনেকৈ হৈছিল বৰ্ণনা কৰা।

উঃ ঢোপ খেলৰ জন্ম ক’ত, কেতিয়া হৈছিল সেয়া সঠিককৈ কোনেও ক’ব নোৱাৰে। এইবিধ খেল যে আহোম যুগতো জনপ্ৰিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায়। ব্ৰিটিছ ৰাজত্বৰ শেষছোঁৱাত তেজপুৰৰ পৰা আঠ কিলোমিটাৰ দূৰৰ মোদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰয়াস কৰিছিল যদিও ই সফল নহ’ল। আমাৰ থলুৱা খেলবিলাক একত্ৰিত কৰি ইয়াক জনমানসত প্ৰতিষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ১৯৮৯ চনত ‘ইণ্ডিজেনাছ গেমছ’ নাম দি ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিছিল। ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ‘ঢেমনা অনা’ খেলৰ অনেক মিল পোৱা যায় ।

২। বৰপেটা অঞ্চলত প্রচলিত থলুৱা খেলসমূহ কি কি?

উঃ বৰপেটা অঞ্চলৰ জনসাধাৰণৰ মাজত নানান ধৰণৰ থলুৱা খেলৰ প্ৰচলন আছিল। এইসমূহৰ ভিতৰত গন্ধ হাউ, লালী, গোল্লা, হাফলা, মিলা, ৰছী টনা, কুকুৰা যুঁজ, টাংগুটি, ভটা-গুটি, মুঠি ভটা, বামবোল, মংগল পাঠা, হাতবল, বৈঠাবল, তিনিঠেঙীয়া দৌৰ, টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য ।

৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা ।

উঃ ম’হ যুজঁ, বাঘ-ভালুকৰ যুজঁ, হাতী যুজঁ, আদি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল ।

৪। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত কেতিয়া অনুষ্ঠিত কৰিছিল?

উঃ ‘ইণ্ডিজেনাছ গেমছ’ ১৯৮৯ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল।

৫। ‘ফুল-ফুলতী’ খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা।

উঃ ‘ফুল-ফুলতী’ খেল ছোৱালীৰ মাজত খেলা এবিধ খেল। ই সমাজ জীৱনত যথেষ্ট সমাদৃত । এই খেলত সৰু-সৰু বল বা গুটিৰে শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছত প্ৰতিজন অংশ গ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগে। এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগিয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়।

এনেদৰে ‘ফুল-ফুলতী’ খেল খেলোৱা হয়।

(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪ ৫)

১। আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল? তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বৰ্ণনা দিয়া।

উঃ আহোম যুগত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্ৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। এইজন স্বৰ্গদেওয়ে আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্ৰীড়াৰ প্ৰতি (সাঁতোৰ আদি) জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল । তেওঁ ১৫-১৬ হাতৰ শালকাঠৰ খুটাৰে এই পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিছিল।

২। অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে। তাৰে এটি চমু বিৱৰণ দিয়া।

উঃ কড়ি খেল হৈছে অসম, নেপাল আৰু বাংলাদেশৰ এক পৰম্পৰাগত গ্ৰাম্য খেল। অসমৰ লোকসকলে সাধাৰণতে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল। এই খেলত এককভাৱে বা দলৰূপে দুজনৰ পৰা দহজনলৈকে অংশগ্ৰহণ কৰিব পাৰে। পুৰুষ-মহিলা উভয়েই এই খেলত অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল জনপ্ৰিয়। কড়ি খেল ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ সৈতে জড়িত আৰু ই প্ৰজননৰ প্ৰতীক হিচাপে ধৰা হয়। কিছুমান লোকে বিশ্বাস কৰে, পুৰুষৰ কড়ি ফুটিলে তেওঁ ভাগ্যবান হয় আৰু অবিবাহিত হ’লে বিয়াৰ যোগ হয়। অসমীয়া বিয়াত দৰা-কইনাৰ মাজত এই খেলৰ প্ৰচলন আছে। যিজনে এই খেলত জিকে, তেওঁৰ সংসাৰ চলোৱাত পটু হয় বুলি ধ’ৰা হয়। কেতিয়াবা সন্তান জন্মৰ পূৰ্বেও এই খেলৰ নিয়মৰ সহায়ত ল’ৰা নে ছোৱালী হ’ব সেইটা অনুমান কৰা হয়।

নেপালত কড়ি খেলক এক প্ৰকাৰৰ জুৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত চাৰিজন খেলুৱৈয়ে ১৬ টা কড়ি ব্যৱহাৰ কৰে। সাধাৰণতে তিহাৰ বা দীপাৱলী উৎসৱৰ সময়ত এই খেল খেলা হয়। এই কড়িকেইটা লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে পূজা কৰা হয়।

কড়ি খেল খেলিবলৈ অতি কম সামগ্ৰীৰ প্ৰয়োজন। সাধাৰণত চাৰিটা বা ছটা কড়ি লাগে আৰু মাটিত বা কাপোৰত বৰ্গাকাৰ আকৃতি আঁকি লোৱা হয়। এই বৰ্গাকাৰত কড়িবোৰ সঞ্চালিত হয়। খেলত অংশগ্ৰহণকাৰী দুজনৰ পৰা দহজনলৈকে হ’ব পাৰে। বিভিন্ন নিয়মেৰে এই খেল চলোৱা হয়। কেতিয়াবা ঢালৰ সহায়ত, কেতিয়াবা ঢাল নোহোৱাকৈও খেলা হয়।

কড়ি মাৰি চিৎ বা উবুৰি খাই পৰাৰ ওপৰত পইন্ট পোৱা যায়, আৰু যিজনে সৰ্বাধিক পইন্ট পায়, সেইজনেই বিজয়ী হয়।

৩। পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল?

উঃ পুৰণি কালত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওখেল আৰু অন্যান্য খেল যেনে মালযুঁজ, ম’হ যুঁজ আদি অনুষ্ঠিত হৈছিল। একেদৰে কিছুমান পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল। এই মালযুজঁ বৰ্তমান ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল।

৪। অহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি? এই খেল সম্পৰ্কে চমুকৈ লিখা।

উঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ আছিল — শেন আৰু কনুৱাৰ খেল।

শেন আৰু কনুৱাৰ খেলৰ বাবে চৰাইচোং স্থাপন কৰা হৈছিল। ছয়-সাতখন মুকলি খেলপথাৰ লৈ চৰাইচোঙ চিহ্নিত কৰা হৈছিল। শেন মেলাত অংশ লোৱা শেন চৰাইক প্ৰশিক্ষকসকলে দিয়া অভিনৱ প্ৰশিক্ষণ মন কৰিবলগীয়া আছিল। বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কনুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি অহাৰ দৃশ্য চাই দৰ্শকে অতি আনন্দ লাভ কৰিছিল।

৫। ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত? খেলবিধৰ সম্পৰ্কে চমুকৈ লিখা।

উঃ ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্ৰচলিত থকা এবিধ আনন্দদায়ক খেল। ঢেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত ঢেমনা অনাৰ অৰ্থ হ’ল কোনো বিপত্নীকে ৱাঁৰী তিৰোতাক পত্নী ৰূপে অনা। দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত ৪ জনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে। বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয় । খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পাছত যিটো দলে অধিক ঢেমনা আনিব পাৰে সেই দলটোৱেই বিজয়ী বুলি ঘোষণা কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া. (মূল্যাংকঃ ১)

(ক) বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেল কি?
উঃ ফুট বল।
(খ) ছু-চু কোন দেশৰ খেল।
উঃ চীন দেশৰ।
(গ) কণী যুঁজ সম্পৰ্কে বিস্তৃত আলোচনা থকা গ্ৰন্থখনৰ নাম কি?
উঃ কণী যুঁজ সম্পৰ্কে বিস্তৃত আলোচনা থকা গ্ৰন্থখনৰ নাম হ’ল ‘বিহু আকৌ আহিল’। গ্ৰন্থখনৰ ৰচক হেম বৰগোহাঞি।।
(ঘ) খেল ধেমালিৰ বিষয়ে যতীন বৰুৱাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উঃ ‘বিহু উৎসৱৰ খেলা-ধূলা’।
(ঙ) অসমৰ খেল-ধেমালি আৰু সংস্কৃতিৰ ওপৰত পৰাগধৰ চলিহাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উঃ Aspects of Assamese Culture.
(চ) অকল ছোৱালীসকলে খেলা এবিধ খেলৰ নাম লিখা।
উঃ ফুল-ফুলতী।
(ছ) এচিয়া মহাদেশৰ প্রথম স্পৰ্টচ পেভিলিয়ন কোনটো?
উঃ শিৱসাগৰৰ ৰংঘৰ।
(জ) চৰাইচোং কি?
উঃ চৰাইচোং হ’ল ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল।
(ঝ) ম’হ যুঁজ কেতিয়া অনুষ্ঠিত হয়?
উঃ মাঘ বিহুৰ সময়ত।
(ঞ) শিৱসাগৰৰ ৰংঘৰটো কোনে কাক বিক্ৰী কৰিছিল?
উঃ ইংৰাজসকলে ৰংঘৰটো ১৩০০ টকাত স্থানীয় লোক এজনৰ ওচৰত বিক্ৰী কৰিছিল।
(ট) ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
উঃ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই। ০ ০ ০.

নোট: যদি আপুনি উক্ত ‘অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
.
অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ সমাপ্ত
Previous articleলুইতৰ পাৰৰে আমি। জ্যোতিপ্ৰসাদ
Next articleএভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)