উচ্ছেদ

2

 

উচ্ছেদ

উচ্ছেদ

— আবুল কালাম আজাদ

 

প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা

কাষত ভগা-ছিঙা চাল

ভঙা বেৰ দুৰ্বল খুটা

সৰু সৰু জুপুৰি ঘৰ।

কাণ্ড-জ্ঞানহীন চকু মুদা

প্ৰশাসনৰ কুটিল নীতি

প্ৰচণ্ড ধুমুহা তাণ্ডৱেৰে

ভাঙি তচ-নচ কৰিলে

সৰু সৰু জুপুৰি।

উচ্ছেদ অভিযানত

নিৰ্মম প্ৰশাসন

দুৰ্দশাগ্ৰস্থ প্ৰাণীৰ চকুলো

ধাৰাসাৰে  নীৰৱে নিগৰে

সিহঁতৰ বাবে আজি

নাই কাৰো অনুকম্পা

উচ্ছেদৰ নামত

নিৰ্যাতিত হৈয়ো

স্ৰষ্টাক নকৰে দোষাৰূপ ।

অভিশপ্ত আবেদন

স্ৰষ্টাৰ সৃষ্টিৰ আহ্বান 

অপশাসনৰ অৱসান

সমবিকাশৰ প্ৰশাসন

উচ্ছেদিত অঘৰী জনতা

লক ডাউন

সংস্থাপনৰ সপোন। 0 0 0

বিঃ দ্রঃ আবুল কালাম আজাদ উক্ত কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
  10. প্ৰেমৰ কবিত
Previous articleদুৰ্বাৰ সময়ৰ গতি
Next articleসংগ্ৰাম

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here