উজু গণিত-১ । Uju Ganit-I

0

উজু গণিত-১ । Uju Ganit-I. প্ৰথম শ্ৰেণীৰ বাবে, গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি, A Text Book on Mathematics For Class-I

Uju Ganit-I

উজু গণিত-১ । Uju Ganit-I

উজু গণিত-১

(প্ৰথম শ্ৰেণীৰ বাবে )

প্ৰণেতা
গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি

গ্রোহিলচ্‌ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)

UJU GANIT-I- A Text Book on Mathematics For Class-I composed by Growhills Publishing Board, edited by Growhills Publishing Editorial Board and Published by Growhills Publishing.

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying, recording or otherwise.

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone in case it is brought to our notice.

উজু গণিত-১ । Uju Ganit-I

Any dispute is subject to Barpeta Jurisdiction.

উজু গণিত-১ । Uju Ganit-I

Internet Edition:

উজু গণিত-১ । Uju Ganit-I

Price: Rs ……… /-

উজু গণিত-১ । Uju Ganit-I

Published by
Growhills Publishing
Kamalpur, Barpeta (Assam)

পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ আগকথা

(১)

সাম্প্ৰতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঃবৰ্ধিত সংখ্যক ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত আমাৰ অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশই ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে বেচৰকাৰী বিদ্যালয়সমূহে বিত্তীয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুথি যোগান নধৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাববীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্রোহিলচ্‌ পাবলিশ্বিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশৰ বাবে এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুথি প্ৰণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাক লৈ আমি ‘গ্রোহিলচ্‌ পাব্লিশিংপাঠ্যপুথি গৱেষক সমিতি’, ‘গ্রোহিলচ্‌ পাব্লিশিং লিখক সমিতি’ আৰু ‘গ্রোহিলচ্‌ পাব্লিশিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে বিশিষ্ট শিক্ষাবিদ,গৱেষক আৰু চিন্তাবিদকসলৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুথি প্ৰণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে যুগুতোৱা ৰূপৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহক আৰ্হি হিচাপে লৈছো যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাববীয়াকৈ যুগুতোৱা আৰ্হিও অনুসৰণ কৰিছোঁ।

পাঠ্যপুথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিৱেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। লগতে যুগসাপেক্ষে তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত ৰখা হৈছে। ভাষা, শব্দ চয়ন আৰু বনানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

আমাৰ আঁচনিত বহুতো পণ্ডিত আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠন ৰ পৃষ্ঠপোষকতা, সহযোগ আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে। তেখেতসকললৈ আমি আমাৰ হিয়াৰ অভ্যন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।

(২)

উজু গণিত-১ কিতাপখন প্ৰথমশ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰণয়ন কৰা হৈছে। গণিত হৈছে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা অতি জৰুৰী বিষয়। সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নিৰ্দ্দেশ আৰু পৰামৰ্শ মতে স্কুলীয়া শিক্ষাৰ প্ৰথম শ্ৰেণীৰ পৰাই গণিত বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছা্‌ত্ৰীসকলৰ বয়স আৰু মনস্তত্ত্বৰ প্ৰতি লক্ষ্য ৰাখি উজু গণিত-১ পুথিখনত গণিতৰ আৰম্ভণিসূচক সংখ্যা জ্ঞান, গণিতত ব্যৱহাৰ হোৱা সৰল চিনবোৰ, বিভিন্ন আকাৰৰ ধাৰণা, সৰল যোগ আৰু সৰল বিয়োগ শিকোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমাৰ পাঠ্যপুথি প্ৰণয়ন আঁচনিৰ মূল নীতি অনুসৰি আমাৰ দ্বাৰা প্ৰণয়ন কৰা সকলো পাঠ্যপুথিত অবাঞ্চিত বাহুল্যতা এৰাই চলা হৈছে যদিও ল’ৰা-ছোৱালীক অতি সহজে বিষয়-বস্তুৰ জ্ঞান দিবলৈ যথেষ্ট উদাহৰণ আৰু আৰ্হিৰ অৱতাৰণা কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ ভাষাজ্ঞান কম থাকে আৰু প্ৰথম শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ ভাষা জ্ঞান নাথাকে বুলিয়েই ক’ব পাৰি। সেয়ে গণিত বিষয়টো শিকাওতে পাঠত অন্তৰ্ভুক্ত বিষয়, অনুশীলনী, শ্ৰেণী-কৰ্ম আদি শিক্ষকে ছাত্ৰ-ছাত্ৰীক বুজাই দিব লগতে শিক্ষক-শিক্ষয়িত্ৰীয়েও নিজৰ ফালৰ পৰা স্থানীয় পৰিৱেশ আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি যথেষ্ট উদাহৰণ দাঙি ধৰি গণিত বিষয়টো আমোদজনক কৰি তুলিব।

প্ৰকাশক
গ্রোহিলচ্‌ পাব্লিশিং

উজু গণিত-১ । Uju Ganit-I

মৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১

Download the Complete Book

উজু গণিত-১ PDF

..

Text Books by Growhills:

Pre-Primary

  1. Baby’s ABC
  2. Nursery Rhymes
  3. Pre-writing Practice Book
  4. Writing Practice Book
  5. Pre-Primary English
  6. আহাঁ ওমলোঁ আমি
  7. ৰং সানো আমি
  8. সানমিহলি ৰং সানো আমি
  9. প্ৰাক-প্ৰাথমিক অসমীয়া সাহিত্য

Class-I

  1. Readers’ English-I
  2. অসমীয়া সাহিত্য সোপান
  3. ধাৰাপাত । Dharapat
  4. সাধাৰণ জ্ঞান
  5. আদৰ্শ ছবি অঁকা
  6. মৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১
  7. উজু গণিত-১

 

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Related Search:

  1. The Best ABC Book for Babies
  2. Free ABC and Alphabet Books
  3. Nursery Rhyme
  4. Popular Nursery Rhyme
  5. Assamese Rhymes
  6. English e-Reader
  7. অসমীয়া ধাৰাপা

Previous articleমৌখিক আৰু যুক্তি-বুদ্ধি পৰীক্ষা-১
Next articleআদৰ্শ অসমীয়া হস্তলিপি-১