এখন চিঠি প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)

0

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘এখন চিঠি’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘এখন চিঠি প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘এখন চিঠি প্রশ্নোত্তৰ’ চাওঁক:

এখন চিঠি প্রশ্নোত্তৰ

Table of Contents

এখন চিঠি

হেম বৰুৱা

কবি পৰিচয়ঃ

হেম বৰুৱা (১৯১৫- ১৯৭৭) এজন অসমীয়া ৰাজনীতিবিদ, কবি তথা সাহিত্যিক। তেওঁৰ জন্ম হয় তেজপুৰত। তেওঁ তেজপুৰ চৰকাৰী হাই স্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি, কটন কলেজৰ পৰা বি. এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে। তেখেতে ‘পছোৱা’ আলোচনী আৰু ‘আসাম এক্সপ্ৰেছ’ নামৰ দৈনিক কাকত সম্পাদনা কৰছিল। তেওঁৰ সাহিত্যিক সৃষ্টিসমূহৰ ভিতৰত উল্লেখযোগ্যেবাৰ হ’ল- বালিচন্দা, মন-ময়ূৰী, আধুনিক সাহিত্য, এই গাওঁ এই গীত, মেকং নৈ দেখিলোঁ, ইজৰাইল, স্মৃতিৰ পাপৰি, সানমিহলি, ৰঙা কৰবীৰ ফুল, দ্য ৰেড ৰিভাৰ অণ্ড ব্লো হিল’ (ইংৰাজী) আদি । তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

১৯৭৭ চনত তেখেতৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থ:

মেঘাচ্ছন্ন ঃ মেঘেৰে ঢকা। মোহনা ঃ নদীৰ মুখ। নিবিড় ঃ একান্ত, বৰ ঘন। নিথৰ ঃ নিশ্চল, নিস্তব্ধ। অনাখৰী ঃ প্ৰকাশ কৰিব নোৱাৰা, আখৰেৰে নিলিখা, নিৰক্ষৰ। বনপোৰা জুই ঃ নিজে জ্বলি নিজেই নুমাই যোৱা হাবিৰ জুই। অবিনশ্বৰ ঃ অবিনাশী, অক্ষয়। চেলা গিৰিপথ ঃ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)

১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?

উঃ এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ূৰী’ কবিতাপুথিৰ পৰা লোৱা হৈছে।

২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।

উঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম-‘পছোৱা’ ।

৩। চেলা গিৰিপথ ক’ত আছে?

উঃ চেলা গিৰিপথ অৰুণাচল প্ৰদেশৰ চীন সীমান্তত আছে।

৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?

উঃ যি মৃত্যুৱে আন দহজনক জীৱন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।

৫। ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম কি?

উঃ ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম- ‘মমতা’ ।

(খ) চমু প্রশ্নঃ (মূল্যাংক ২

১। ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?

উঃ সৈনিকজনে বিদায় লোৱা মূহুৰ্তত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত হৈছিল। তাই কোনো কথা ক’ব নোৱাৰি মৌন হৈ ৰৈ আছিল। দুচকুয়েদি লোতক বৈ আহিছিল। সৈনিকজনেও আবেগত কোনো কথা নকৈ নিৰুত্তৰ হৈ আছিল।

২। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্রৰ কেনে বিৱৰণ আগবঢ়াইছে?

উঃ ‘এখন চিঠি’ কবিতাটোত এজন সৈনিকে এখন চিঠিৰ মাধ্যমেৰে পত্নীলৈ পত্নীৰ পৰা লৈ অহা বিদায় মুহূৰ্তত মৰ্মান্তুদ কাহিনী লিখিছে। হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনাই ছাঁই হৈ গৈছে। সেই পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালি, য’ত সৈনিকৰ তেজৰ চেঁকুৰা জিলিকি থাকে। তাত প্ৰতিধ্বনিত হয় সৈনিকৰসকলৰ অন্তৰৰ জুই শিখা। ই এখন মহাকাব্যৰ দৰে। ইয়াতে মৌন ভাষাৰে লিখা থাকে শ শ সৈনিকৰ তেজৰ বুৰঞ্জী। ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন, দেখা যায় ধোঁৱা আৰু ধোঁৱা।

এনেদৰে সৈনিকজনে যুদ্ধক্ষেত্ৰৰ বিৱৰণ দিছে।

৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?

উঃ সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে। সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আত্মাৰ যিদৰে মৰণ নাই, দেশৰ হকে প্ৰাণ ত্যাগ কৰা বীৰ সকলো মৃত্যুৰ পিছত অমৰত্ব লাভ কৰে। সেয়ে সৈনিকজনে মৃত্যুক সহজভাৱে গ্ৰহণ কৰিছে।

৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?

উঃ সৈনিকজনে চিঠিত পত্নীক অনুৰোধ কৰিছে যে, শত্ৰুৰ কামানৰ আঘাতত যদি তেওঁৰ মৃত্যু হয় ঘৈণীয়েকে যাতে তেওঁলোকৰ ল’ৰা দুটাৰ সম্পূৰ্ণ দায়িত্ব লয়। তাই যাতে সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে তাৰ প্ৰতি পত্নী মমতাক আহ্বান জনাইছে ।

৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি?

উঃ সৈনিকজনে কৰ্তব্যৰত স্থানৰ পৰা পত্নীলৈ লিখা চিঠি সেইদিনা ডাকত পঠাব নোৱাৰিছিল । কাৰণ চিঠিখন লিখি উঠা মূহুৰ্ততে যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আদেশ পাইছিল।

(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪ ৫)

১। ‘এখন চিঠি’ কবিতাত পত্নীৰ প্রতি সৈনিকজনৰ কেনে মনোভাৱ প্রকাশ পাইছে?

উঃ ‘এখন চিঠি’ কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মধুৰ স্নেহময়তা কবিতাটিত ব্যঞ্জিত হৈছে। পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা সৈনিকজনে চিঠিখনৰ জৰিয়তে সোঁৱৰণ কৰিছে। ওখ পৰ্বতমালাৰ মাজত থাকি তেওঁৰ সকলো কল্পনা ছাঁই হৈ গৈছে । আদেশ পালেই যিকোনো মুহূৰ্ততে যুদ্ধলৈ যাবলৈ তেওঁ সাজু এই কথা চিঠিখনত ব্যক্ত কৰিছে।

২। সৈনিকৰ দেশপ্রেম ‘এখন চিঠি’ কবিতাটোত কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা ।

উঃ ‘এখন চিঠি’ কবিতাটোত যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আৰু দেশৰ প্ৰতি উৎসৰ্গিত সৈনিক জীৱনৰ মহত্ত্ব প্ৰতিভাত হৈছে। সৈনিকজনে তেওঁৰ মৃত্যু স্বৰ্গীয় পাৰিজাত ফুলৰ লগত তুলনা কৰিছে তেওঁ আৰু কৈছে যে দেশৰ বাবে জীৱন দানত দেৱতাৰ আশীৰ্বাদ থাকে। ভৱিষ্যত পুৰুষক সেই আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ কৰিবলৈও কবিতাটোৰ মাজেৰে প্ৰয়াস কৰা হৈছে।

৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্রৰ ভয়াৱহতা কেনেদৰে প্রকাশ পাইছে লিখা ।

উঃ ‘এখন চিঠি’ কবিতাত এনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ অৱতাৰণা কৰিছে য’ত যিকোনো সময়তে যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু থাকিব লাগে। শত্ৰু সৈন্যই কোন সময়ত আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। প্ৰতি মুহূৰ্ততে যেন মৃত্যুৱে আগচি ধৰিব এনেকুৱা এটা পৰিস্থিতিৰ মাজত সময় কটাব লগা হয়। এনে পৰিস্থিতিৰ লগত যুঁজিবলৈ আৰু দেশৰ বাবে প্ৰাণ দিবলৈ সৈনিকসকল সদায় সাজু থাকে।

৪। ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা।

উঃ কবি হেম বৰুৱাৰ ‘এখন চিঠি’ কবিতাটো এটা অতি মৰ্মস্পৰ্শী প্ৰেম তথা দেশপ্ৰেমমূলক কবিতা। ষাঠিৰ দশকত ৰচিত এই কবিতাটো সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ প্ৰাণ প্ৰিয়া মমতালৈ লিখা চিঠিত হৃদয়ৰ মৰ্মস্পৰ্শী প্ৰেমৰ আবেগ প্ৰকাশ পাইছে। সৈনিকগৰাকী পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল। তেওঁৰ দুচকু চকুলোৰে উপচি পৰিছিল । সেই সময়ত পত্নীৰ অৱস্থা দেখি সৈনিকগৰাকীও মৌন আৰু নিথৰ হৈ পৰিছিল। এনেদৰে কথাফাকিৰ মাজেদি স্বামী-স্ত্ৰীৰ মাজত থকা অপৰিসীম ভালপোৱা আৰু বিচ্ছেদৰ বেদনা প্ৰতিফলিত হৈছে।

৫। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা–
(ক) ”এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী ।”

উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সৈনিকজনে যি স্থানৰ পৰা পত্নীলৈ চিঠি লিখিবলৈ লৈছিল সেই স্থানৰ সামৰিক তথা ঐতিহাসিক গুৰুত্বৰ বিষয়ে ক’বলৈ গৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সৈনিকজন এক পাহাৰীয়া সীমান্তত কৰ্তব্যৰত আছিল। সামৰিক আৰু দেশখনৰ নিৰাপত্তাৰ দিশৰ পৰা ঠাইখন বৰ গুৰুত্বপূৰ্ণ কাৰণ সেই সীমান্তদিয়েই বিদেশীয়ে দেশখন আক্ৰমণ কৰাৰ সম্ভাৱনা অধিক আছিল। তেনে সীমান্তত প্ৰায়ে শত্ৰু সেনাৰ লগত গুলিয়া-গুলি হয়। ইতিহাসত তাৰ বহু প্ৰমাণ আছে। সেয়ে কবিয়ে সৈনিকৰ মুখেদি কোৱাইছে যে সৈনিকজনে যি ঠাইত কৰ্তব্যৰত হৈ আছে তাত বহুতো যুদ্ধৰ ইতিহাস লুকাই আছে। বহুত সৈনিকৰ বুকুৰ তেজৰ চেকুৰা তাত লাগি আছে। সেই যুদ্ধৰ ঘটনােবাৰ লিখি ৰখা হ’লে মহাকাব্যৰ দৰেই বিশাল হ’লহেঁতেন।

(খ) মৃত্যুৱে যদি অভিনন্দন জনায়
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীৰ্বাদ আছে ।

উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা সৈনিকসকলৰ মৃত্যু যে গৌৰৱময় সেই কথা ব্যক্ত কৰিবলৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সৈনিকসকলে বাহিৰা শত্ৰুৰ পৰা স্বদেশক ৰক্ষাৰ কৰাৰ নিমিত্তে সদা জাগ্ৰত থাকিব লাগে। বহু সময়ত যুদ্ধত সিহঁতে অকাল মৃত্যুক সাৱটি ল’ব লগা হয়। কিন্তু সৈনিকজনে কৈছে যে স্বদেশৰ স্বাধীনতা ৰক্ষাৰ বাবে যদিও তাৰ মৃত্যু হয, সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। এনে মৃত্যুত দেৱতাৰ আশীৰ্বাদ অৰ্থাৎ কল্যাণ নিহিত থাকে বুলি সৈনিকজনে ভাবিছে।

You May Like:

অতিৰিক্ত প্রশ্নোত্তৰ

তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া (মূল্যাংক -১)
(ক) ‘এখন চিঠি’ কবিতাটিৰ ৰচক কোন?

উঃ হেম বৰুৱা।

(খ) হেম বৰুৱাই ক’ত কেতিয়া জন্ম গ্ৰহণ কৰিছিল?

উঃ ১৯১৫ চনত, তেজপুৰত

(গ) হেম বৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা।

উঃ বালিছন্দা।

(ঘ) হেম বৰুৱাই ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা।

উঃ The Red River and Blue Hill.

(ঙ ) হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?

উঃ ১৯৭২ চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনৰ সভাপতি আছিল।

(চ) চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘কি কথা’ বুলি ভাবিছে? তেওঁৰ অন্তৰত সেইবোৰ কিহৰ ৰূপত আছে?

উঃ চিঠিখন লিখি থকা সময়ত তেওঁৰ মনৰ কথাবোৰক ‘অনাখৰী কথা’ বুলি ভাৱিছিল। অৰ্থাৎ সৈনিকজনে মনৰ আবেগবোৰ ভাষাৰে প্ৰকাশ কৰিবলৈ অপাৰগ হৈছিল।

তেওঁৰ অন্তৰৰ ভাববোৰ বনপোৰা জুইৰ দৰে আছিল।

(ছ) ওখ পর্বতবোৰত কেনেধৰণৰ স্মৃতিৰ প্রতিধবনি শুনিবলৈ পাইছে?

উঃ কবিয়ে কৈছে যে সৈনিকজনে ওখ পর্বতবোৰত তেওঁৰ স্মৃতিত সঞ্চিত হৈ থকা বিচ্ছেদৰ বেদনা, বিদায় বেলাত পত্নীৰ চকুৰ পৰা নিগৰি ওলোৱা চকুপানী আদিৰ প্ৰতিধবনি শুনিবলৈ পাইছিল।

(জ) সৈনিক জীৱনৰ ঘটনা প্রৱাহক কিহৰ লগত তুলনা কৰা হৈছে?

উঃ সৈনিকজনে তেওঁৰ জীৱনৰ ঘটনা প্ৰবাহক এখন মহাকাব্য আৰু পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জীৰ লগত তুলনা কৰিছে।

(ঝ) সৈনিক জীৱনৰ মৃত্যু সম্পৰ্কত কবিতাটিৰ পৰা কি বুজিব পাৰিছা– চমুকৈ লিখা।

উঃ হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটোত সৈনিক জীৱনৰ মৃত্যু সম্পৰ্কে আমি জানিব পাৰো যে সৈনিকসকল দেশ এখনৰ জাগ্ৰত প্ৰহৰী। সিহঁতে শত্ৰুৰ হাতৰ পৰা স্বদেশক ৰক্ষা কৰাৰ বাবে বহু সময়ত মৃত্যু মূখত পৰে। কিন্তু সিহঁতৰ মৃত্যু পাৰিজাত ফুলৰ দৰে সুভাসিত আৰু গৌৰৱময়। এনে মৃত্যুত দেৱতাৰ আশীৰ্বাদ থাকে বুলি সৈনিকজনে ভাবিছে।

(ঞ) কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰিছে?

উঃ কবিতাটিত কবিয়ে মৃত্যুক ‘পাৰিজাত ফুল’ আৰু ‘দেৱতাৰ আশীৰ্বাদ’ৰ লগত তুলনা কৰিছে।

(ট) কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে?

উঃ কবিতাটিত উল্লেখ কৰা সৈনিকজনৰ পত্নীজনীৰ নাম আছিল ‘মমতা’। সৈনিকজনে পত্নীক অনুৰোধ কৰিছে যে যদি যুদ্ধক্ষেত্ৰত তেওঁৰ মৃত্যু হয় তেন্তে তাই যেন সিহঁতৰ দুটি সন্তানক দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে।

২। প্র সংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা ঃ
(গ) যি মৃত্যুয়ে দহক জীৱন দিয়ে
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

দেশৰ লোকসকলৰ কল্যাণৰ হকে বৰণ কৰা মৃত্যুয়ে যে অমৰত্ব দান কৰে সেই কথা ব্যক্ত কৰিবলৈ গৈ লিখকে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

সৈনিকসকল দেশৰ সদা জাগ্ৰত প্ৰহৰী। সিহঁতে স্বদেশৰ লোকসকলৰ নিৰাপত্তাৰ বাবে যিকোনো সময়তে যুদ্ধত প্ৰবৃত্ত হ’ব লাগে। যুদ্ধত বহু সময়ত সৈনিকৰ মৃত্যুও হয়। কিন্তু সৈনিকসকলে জানে যে স্বদেশৰ কল্যাণৰ বাবে বৰণ কৰা মৃত্যু গৌৰৱৰ কাৰণ। এনে মৃত্যুই অমৰত্ব দান কৰে। দেশৰ জনসাধাৰণৰ কল্যাণ সাধন কৰে।

৩। ‘এখন চিঠি’ কবিতাটিৰ কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।

উঃ ‘এখনি চিঠি’ শিৰোনামাৰ কবিতাটিত কবি হেম বৰুৱাই পৰিয়ালৰ পৰা আতঁৰত থাকিব লগা সৈনিক এজনৰ বিচ্ছেদ বেদনা আৰু সৈনিকসকলে দেশৰ বাবে কৰা আত্মত্যাগৰ ছবি অংকন কৰিছে।

কবিতাটিত উল্লেখ কৰা সৈনিকজন ভাৰত আৰু চীন সীমান্তত নিয়োজিত থকা এজন প্ৰহৰী সৈনিক। তেওঁ সীমান্তৰ ওখোৰা-মোখোৰা পৰ্বতৰ ওপৰত কৰ্তব্যৰত স্থানৰ পৰা ঘৰত থকা নিজ পত্নীলৈ চিঠি লিখিছে। সৈনিকজনে লিখিছে যে চিঠিখন লিখিবলৈ লোৱাৰ সময়ত তেওঁৰ পত্নীৰ কথা মনত পৰিছে। পত্নীৰ পৰা বিদায় লোৱা মূহুৰ্তৰ দৃশ্য চকুৰ আগত ভাঁহি উঠিছে। বিদায়ৰ সময়ত সৈনিকজনৰ পত্নী অতি আৱেগিক হৈ পৰিছিল। তাই আৱেগত মৌন হৈ পৰিছিল। চকুয়েদি চকুলো ওলাই আহিছিল। সৈনিকজনৰো একে অৱস্থা হৈছিল। তেওঁ কোনো কথা ক’ব পৰা নাছিল। তেওঁৰ মনত যি আবেগ আৰু বিৰহ বেদনাৰ উদয় হৈছিল তাৰ গভীৰতা তেওঁ ভাষাৰে প্ৰকাশ কৰিবলৈ অপাৰগ। সেইবোৰ যেন বনপোৰা জুইৰ দৰে। নিজৰ ভিতৰতে জ্বলি আপোনা-আপুনি নিঃশেষ হৈছে।

কবিয়ে সমতলৰ পৰা বহুত ওপৰত পৰ্বতৰ ওপৰত কৰ্তব্যৰত অৱস্থাত আছে। তেনে নিৰ্জন আৰু ভয়াল ঠাইত তেওঁৰ মনৰ আৱেগ আৰু মনৰ কল্পনাবোৰ ছাই হৈ যায়। তেওঁৰ মনৰ ভিতৰত জ্বলি থকা বিৰহ-বেদনাবোৰ যেন পৰ্বতত ঠেকা খাই প্ৰতিধবনিত হয়।

কবিয়ে এনেকুৱা ঠাইত কৰ্তব্যৰত হৈ আছে য’ত ইতিহাসৰ বিভিন্ন সময়ত বহুতো যুদ্ধ সংঘটিত হৈছিল। সেই যুদ্ধৰ কাহিনীবোৰ লিখি ৰখা হ’লে এক বিশাল মহাকাব্য হ’লহেঁতেন। সৈনিকজন ৰৈ থকা স্থানৰ পৰাই শত্ৰুসেনাৰ কামানৰ গৰ্জন শুনিবলৈ পাইছে। গুলি-বাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে।

সৈনিকজনে উপলব্ধি কৰিছে যে শত্ৰু সেনাৰ লগত হোৱা যুঁজত যিকোনো সময়ত তেওঁৰ মৃত্যু হ’ব পাৰে। কিন্তু তেওঁ মৃত্যুলৈ অকনো ভয় কৰা নাই। তেওঁ জানে যে যুদ্ধত যদি তেওঁৰ মৃত্যুও হয়, সেই মৃত্যু দেশৰ জনগণৰ কল্যাণৰ বাবেই হ’ব। অৰ্থাৎ যুদ্ধ পথাৰত তেওঁৰ মৃত্যু ঘটিলে সেই মৃত্যু হ’ব পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। তেনে মৃত্যুত দেৱতাৰ আশীৰ্বাদ আছে বুলিও সৈনিকজনে ভাৱিছে। কবিয়ে তেওঁৰ অনিশ্চিত ভৱিষ্যতৰ বিষয়ে ভাৱি পত্নীক কৈছে যে, যদি তেওঁ যুদ্ধত মৃত্যু বৰণ কৰে, তেন্তে তাই যেন সিহঁতৰ ল’ৰা দুটিক দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। তেওঁ পত্নীক কৈছে যে, তেওঁৰ যদি মৃত্যু হয়, তেন্তে তাই যেন ল’ৰা দুটিক এই বুলি বুজনি দিয়ে যে মৃত্যুয়ে তেওঁক অমৰত্ব দান কৰিছে। কাৰণ দেশৰ কল্যাণৰ বাবেহে তেওঁৰ মৃত্যু হৈছে।

সৈনিকজনে চিঠিখন লিখি থকা সময়তেই বিদেশী শত্ৰু সেনাৰ মুখা-মুখি হ’বলৈ কৰ্তৃপক্ষৰ পৰা আদেশ পাইছে। সেয়ে তেওঁ চিঠি লিখা সিমানতে সামৰিছে।

সৈনিকজন দুঃখিত যে তেওঁ চিঠিখন সিদিনা ডাকত পঠাব নোৱাৰিব কাৰণ তেওঁ শত্ৰুসেনাৰ মুখা-মুখি হ’বলৈ গৈ আছে।

এনেদৰে কবিয়ে এজন সৈনিকৰ মনৰ দুখ-বেদনা, আবেগ অনুভূতিবোৰ ‘এখন চিঠি’ নামৰ কবিতাটোত চিত্ৰিত কৰিছে। ০ ০ ০.

নোট: যদি আপুনি উক্ত ‘এখন চিঠি প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

‘এখন চিঠি প্রশ্নোত্তৰ’ সমাপ্ত
Previous articleৰাজপথ প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)
Next articleকোন কত আছ আহ। জ্যোতিপ্ৰসাদ