আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্নোত্তৰ চাওঁক:
Table of Contents
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
প্রণয় বৰদলৈ
লেখক পৰিচয়ঃ
প্রণয় বৰদলৈ (১৯৬৪- ) এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্রেমী, পৰ্বত আৰোহণকাৰী আৰু সুলেখক। তেখেতৰ জন্ম হয় গুৱাহাটীত। গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰা লেখা-মেলাত মনোনিৱেশ কৰে। তেখেত ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপসম্পাদক পদত থকাৰ উপৰিও ‘আজিৰ অসম‘, ‘আজিৰ বাতৰি’, আমাৰ অসম’, ‘জনসাধাৰণ’ আদি কাকতৰ উপসম্পাদক তথা কাৰ্যনিৰ্বাহক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। দুঃসাহসিক ক্ৰিয়া-কলাপৰ লগত জড়িত বৰদলৈয়ে বন্যপ্ৰাণী সংৰক্ষণতো আগভাগ লয়। এতিয়ালৈকে তেখেতৰ প্ৰকাশিত গ্ৰন্থকেইখন হ’ল ঃ হিমালয়ৰ শিখৰে কন্দৰে, উত্তুঙ্গু যোগীন আদি।
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?
উঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু পানী প্ৰতিৰোধী জেকেট আৰু ট্ৰাওজাৰ পৰিধান কৰিছিল।
২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা ১৮০০০ ফুট উচ্চতাত অৱস্থিত ।
৩। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উঃ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম আছিল ‘খুমফুআইচ ফল’।
৪। নেপালীসকলৰ জনবিশ্বাস মতে ‘সাগৰ মাথা’ বা ‘মাউণ্ট এভাৰেষ্টৰ জীয়ৰী’ বুলি কাক জনা যায়?
উঃ নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি ‘পু’মৰি শিখৰ’ক জনা যায় ।
৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?
উঃ লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই মানস বৰুৱাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায় ।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩)
১। হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি ‘অসম এভাৰেষ্ট অভিযানৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?
উঃ হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ জমাৰিং, টিপ ট’ ক্লাইম্বিং আদি কৌশল অনুশীলন কৰিছিল। এইবোৰ কৌশল তেওঁলোকে পৰ্বতাৰোহণৰ বেছিক আৰু এডভান্স মাউণ্টেইনীয়াৰিঙৰ কৰ্ছত শিকিছিল। সেইসময়ত তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠু সামান্য ভৰি ভাঁজ কৰি লৈ এভালেন্স পজিশ্যন লৈছিল ।
২। দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰমনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্রৰ আছিল?
উঃ দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰমনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকীৰ এগৰাকী আছিল চীনা মহিলা আৰু আনগৰাকী আমেৰিকান ব্যক্তি।
৩। ‘KHUMBO ICE FALL’ বুলিলে কি বুজা?
উঃ ‘KHUMBO ICE FALL’ বুলিলে বৰফৰ নদী ভাঙি খণ্ড-বিখণ্ড হৈ স্তূপীকৃত বৰফৰ প্ৰাচীৰ সৃষ্টি কৰাকে বুজায়।
৪। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?
উঃ প্ৰয়াত পৰ্বতাৰোহী নেছিম বাইটীৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল ।
৫। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
উঃ প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন আছিল ক্ৰমে তৰুণ শইকীয়া আৰু মনিষ ডেকা ।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?
উঃ লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে এক বিশালাকাৰ আয়তন ধাৰণ কৰি প্ৰলয়ৰ ৰূপ লৈছিল । তেওঁলোকৰ কেম্পত থকা তম্বুসমূহ দূৰলৈ উৰুৱাই নিছিল। মৃত্যুৰ আগজাননী পাই তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাজ কৰি লৈ হিমস্খলনৰ সাৱধানতা অৱলম্বন কৰিছিল যাতে বৰফৰ সেই দৈত্যই তেওঁলোকক গ্ৰাস কৰিব নোৱাৰে। হিমানী সম্প্ৰপাত তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ যাওঁতে তেওঁলোকক বৰফৰ মাজত পুতি পেলাইছিল। অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ হৈ পৰিছিল।
২। হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উঃ হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজ কেম্পলৈ গৈ দেখিলে যে বৰফৰ দৈত্যই তম্বুবোৰ উৰুৱাই লৈ গৈছে আৰু বহুকেইজন পৰ্বতাৰোহীৰ সৈতে শ্বেৰ্পাজনৰ মৃত্যু হৈছে । দুটা ভিন্ন অভিযানৰ দুগৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে। এগৰাকী আছিল চীনা মহিলা চিকিৎসক । তেওঁ স্ন’ফলৰ বাবে টেণ্টৰ ভিতৰত শ্লিপিং বেগৰ উমৰ মাজত সোমাই কিতাপ পঢ়াত ব্যস্ত থাকোঁতেই হিমানীয়ে মহিলাগৰাকীক থেকেচি থৈ যায়। আনগৰাকী আছিল আমেৰিকান ব্যক্তি । ১৯ গৰাকী পৰ্বতাৰোহীৰ ঘটনাস্থলীতত মৃত্যু হয় আৰু এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। ৫০ জনৰো অধিক পৰ্বতাৰোহী আঘাতপ্ৰাপ্ত হয়।
৩। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?
উঃ লেখকে এভাৰেষ্ট অভিযানৰ বাবে ৩ এপ্ৰিলত যেতিয়া ঘৰ এৰিছিল জিভাই মাছৰ সোৱাদ পোৱা নাছিল। সেয়ে দুদিনমানৰ প্ৰস্তুতিৰে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে অভিযানকাৰী দলটোৰ বাবে মাছ অনাৰ ব্যৱস্থা কৰিছিল। অমৰে থেকেৰাৰে মাছৰ টেঙা ৰান্ধিবৰ বাবে দলটোৰ লগত থকা ৰান্ধনিৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিছিল। জলপান খাই বৰ আশাৰে তেওঁলোক ওলাই গৈছিল আৰু দুপৰীয়া মাছৰ টেঙাৰে ভালকৈ ভাত এসাঁজ খাব বুলি আশা কৰিছিল। কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী পৰিল। হিমানী সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলায়। সেই বৰফৰ দৈত্যই অন্য খাদ্য-সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাও গ্ৰাস কৰে । সেই ঘটনাই লেখকৰ মনত হাঁহিৰ খোৰাক যোগাইছিল ।
৪। প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা।
উঃ নেছিম আখতাৰে লেখক প্ৰণয় বৰদলৈৰ মনত এভাৰেষ্ট জয় কৰাৰ সপোন জগাই তুলিছিল। লগ পালেই তেওঁ লেখকক কৈছিল, ‘দেশৰ অন্য প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় হ’ব নোৱাৰিব কিয়’? তেওঁৰ কথাত লেখকে এভাৰেষ্ট জয় কৰাৰ বাবে অনুপ্ৰাণিত হৈছিল।
৫। ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্ৰা কেনেকুৱা আছিল ব্যাখ্যা কৰা।
উঃ ২০১৫ চনত মানস বৰুৱাৰ নেতৃত্বত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি লেখকে এভাৰেষ্ট অভিযান আৰম্ভ কৰিছিল।ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আয়োজিত এই অভিযানত এক্সপ্ল’ৰাৰ্ছ, শিখৰ, কাৰ্বি আংলং পৰ্বতাৰোহণ সন্থা আদি সংগঠনে সহযোগ কৰিছিল। দলটোৰ আন সদস্য সকল আছিল- উপেন চক্ৰৱৰ্তী, ডাঃ জগদীশ বসুমতাৰী, হেনৰী ডেভিড টেৰণ, বিপ্লৱ চহৰীয়া, নন্দ দুলাল দাস, খৰচিং ইংতি আৰু পৰাগ দাস। দলটোৰ বেছ কেম্প মেনেজাৰৰ দায়িত্ব বহন কৰিছিল অমৰ ডেকা আৰু শৈলেন দাসে। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে এক বিশালাকাৰ ৰূপ ধাৰণ কৰিছিল। তেওঁলোকৰ কেম্পত থকা টেণ্টসমূহ উৰুৱাই নি বহুত দূৰত পেলাইছিল। হিমানী সম্প্ৰপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোকক বৰফৰ মাজত পুতি পেলাইছিল। ফলত অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ হৈ পৰিছিল।
হিমানী সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বুু আৰু ডাইনিং টেণ্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলাইছিল। এনে প্ৰকৃতিক বিভীষিকাৰ বাবে এভাৰেষ্ট জয় কৰাৰ সপোন আধাতে সামৰি অভিযানকাৰী দলটিয়ে ওভতি আহিবলৈ বাধ্য হৈছিল।
অতিৰিক্ত প্রশ্নোত্তৰ
১। ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটি কিয় পাঠ্যপুথিত স্থান দিয়া হৈছে?
উঃ দুঃসাহসিক অভিযান তথা অসাধ্য সাধন কৰিবলৈ হ’লে যে মনৰ একাগ্ৰতা আৰু দৃঢ় মনোবলৰ প্ৰয়োজন সেয়া ছাত্ৰ-ছাত্ৰীসকলে অনুধাৱন কৰিবলৈ পাঠটি পাঠ্যপুথিত স্থান দিয়া হৈছে। অৰ্থাৎ সফলতাৰ পথ যে উজু নহয়, এই কথা পাঠটিৰ মাজেদি শিকাবলৈ চেষ্টা কৰা হৈছে।
২। প্ৰণয় বৰদলৈয়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।
উঃ প্ৰণয় বৰদলৈয়ে ৰচনা কৰা এখন গ্ৰন্থ হ’ল ‘হিমালয়ৰ শিখৰে মাতিছে’।
৩। প্ৰণয় বৰদলৈ কোনখন কাকতৰ উপসম্পাদক?
উঃ প্ৰণয় বৰদলৈ ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপসম্পাদক।
৪। ‘নয়নাভিৰাম’ শব্দৰ অৰ্থ কি?
উঃ চকু জুৰ পেলোৱা অৰ্থাৎ অতি সুন্দৰ।
৫। ‘হিমানী সম্প্ৰপাত’ বুলিলে কি বুজা?
উঃ ‘হিমানী সম্প্ৰপাত’ বুলিলে পৰ্বতৰ গাৰে শিলাস্তৰৰ সৈতে বৈ অহা বৰফৰাশিক বুজোৱা হয়। 0 0 0