আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘কুশল কোঁৱৰ’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
নাটক
Table of Contents
কুশল কোঁৱৰ
উত্তম বৰুৱা
নাট্যকাৰৰ পৰিচয়ঃ
উত্তম বৰুৱা (১৯৩৯-২০১১) এজন বিশিষ্ট অসমীয়া প্ৰৱন্ধকাৰ আৰু নাট্যকাৰ। তেওঁৰ জন্ম হয় গুৱাহাটীৰ আজাৰাত। তেওঁৰ পিতৃৰ নাম চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা।
ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ কবিতা, নাটক আদি ৰচনা কৰি সকলোৰে দৃষ্টি আৰু প্ৰশংসা বুটলিছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোতে তেওঁ ‘মহাপুৰুষৰ নামঘৰ’ নামৰ পুথি এখন ৰচনা কৰি সেই সময়ৰ বিশিষ্ট কবি বাগ্মীবৰ নীলমণি ফুকনৰ পৰা প্ৰশংসা লাভ কৰিছিল। তেওঁৰ প্ৰথম নাটক ‘বৰ মানুহৰ দোলা’ ১৯৬০ চনত প্ৰকাশ পায়। ইয়াৰ পিছত তেওঁ ভালেমান সফল নাটক ৰচনা কৰে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল ঃ বৰৰজা ফুলেশ্বৰী, হেংদাং, জেৰেঙাৰ সতী, চম্পকৰ সতী, লাচিত বৰফুকন, কুশল কোঁৱৰ, গোমধৰ কোঁৱৰ, লায়লা মজনু, মুলা-গাভৰু, পণ্ডিতৰ জীৱন, আজিৰ মানুহ, মধ্যবিত্তৰ সংসাৰ, মোমাই তামুলী বৰবৰুৱা, দৃষ্টিপাত, পৰিবাৰৰ বিয়া, চোৰ, মৈদাম জিজ্ঞাসা, দেৱদাসীৰ জীৱন জিজ্ঞাসা আদি। এইবোৰ মঞ্চ সফল নাটকৰ উপৰিও তেওঁ কেইখনমান অনাতাঁৰ নাটকো ৰচনা কৰিছিল।
নাটক ৰচনাৰ উপৰিও তেওঁ নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকত আলোচনীত তত্ত্ব গধুৰ প্ৰৱন্ধ লিখিছিল। তেওঁ তেওঁৰ ৰচনাৰাজিৰ মাজেদি অতীত অসমৰ গৌৰৱ গাঁথাৰ জয়গান কৰাৰ লগতে অসমীয়া সমাজৰ কলুষ-কালিমবোৰো উদঙাই দিছিল।
তেওঁৰ নাট্যকৃতিৰ স্বীকৃতি হিচাপে তেওঁ বহুতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ বায়’গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা ২০০০ চনত বছৰটোৰ শ্রেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰে। তাৰোপৰি জ্যোতিৰূপাৰ পৰা ‘কৰ্মশ্ৰী বঁটা’ আৰু ৰাধাগোবিন্দ ক্ৰীড়া সংস্থাৰ পৰা সন্মান লাভ কৰে। তেওঁ কলিকতাৰ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ সদস্য মনোনীত হৈছিল।
উত্তম বৰুৱা গুৱাহাটীৰ পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্রেৰি গ্ৰন্থাগাৰিক আৰু পিছলৈ জন-সম্পৰ্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত থাকি ২০১১ চনত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে।
কুশল কোঁৱৰ
নিৰ্বাচিত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
(ক) ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ নাট্যকাৰজন কোন?
উঃ উত্তম বৰুৱা।
(খ) উত্তম বৰুৱা ক’ত জন্ম গ্ৰহণ কৰিছিল?
উঃ গুৱাহাটীৰ আজাৰাত।
(গ) সপ্তম শ্ৰেণীত পঢ়ি থাকোতে উত্তম বৰুৱাই ৰচনা কৰা পুথিখনৰ নাম কি?
উঃ ‘মহাপুৰুষৰ নামঘৰ’।
(ঘ) উত্তম বৰুৱাৰ প্রথম প্রকাশিত নাটকখনৰ নাম কি?
উঃ ‘বৰ মানুহৰ দোলা’ (১৯৬০)।
(ঙ) কুশল কোঁৱৰ কোন আছিল?
উঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ এজন শ্বহীদ আছিল।
(চ) কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল?
উঃ সোণাৰাম কোঁৱৰ।
(ছ) গোমধৰ কোঁৱৰ কোন আছিল ?
উঃ গোমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰি শ্বহীদ হোৱা প্ৰথমজন অসমীয়া । তেওঁ আছিল কুশল কোঁৱৰৰ আজোককা।
(জ) কুশল কোঁৱৰৰ মাতৃৰ নাম কি আছিল?
উঃ কণপাহি।
(ঝ) ‘কুশল কোঁৱৰ’ কোন শ্ৰেণীৰ নাটক?
উঃ বুৰঞ্জীমূলক নাটক।
(ঞ) কুশল কোঁৱৰে পত্নী প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বিক্ৰী কৰিছিল?
উঃ কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ।
(ট) কুশল কোঁৱৰে কেতিয়াৰ পৰা মাছ-মাংস খাবলৈ এৰি দিছিল?
উঃ মহাত্মা গান্ধীক লগ পোৱাৰ পৰা।
(ঠ) বৈকুণ্ঠ বিহৰী সিং কোন আছিল?
উঃ এজন স্বাধীনতা বিপ্লৱী। তেওঁ বিহাৰৰ লোক আছিল।
(ঢ) কুশল কোঁৱৰে কাক গুৰু মানিছিল?
উঃ মহাত্মা গান্ধীক।
(ড) পুলিন বৰুৱা কোন জিলাৰ লোক আছিল?
উঃ গোৱালপাৰা জিলাৰ।
(ণ) কুশল কোঁৱৰক কোনে বিশ্বাসঘাতকতা কৰিছিল?
উঃ পুলিন বৰুৱাই।
(ত) সৰু পথাৰৰ ৰেল দুৰ্ঘটনা কোন চনৰ কিমান তাৰিখে হৈছিল?
উঃ ১৯৪২ চনৰ ৯ অক্টোবৰত।
(থ) শিৱসাগৰ জিলাৰ ডেপুটি কমিচনাৰজনৰ নাম কি আছিল?
উঃ মি. কেম্বল এনদ্ৰু হামফে।
(দ) কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল?
উঃ তাৰা প্ৰসাদ বৰুৱা।
(ধ) ‘কুশল কোঁৱৰ’ নাটকত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম কি আছিল?
উঃ দেৱেশ্বৰ শৰ্মা।
(ন) বালিজান চাহ বাগিছাৰ মালিক কোন আছিল?
উঃ বিশ্বেশ্বৰ শৰ্মা।
(প) ”ভাৰতবৰ্ষ ব্রিটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব”– কথাষাৰ কোনে কৈছিল।
উঃ মি. মৰ্লিয়ে কৈছিল।
(ফ) কোনে কেতিয়া কেনেকৈ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিশোধ লৈছিল?
উঃ উধম সিং নামৰ এজন কুৰি বছৰীয়া বিদ্ৰোহীয়ে পঞ্জাৱৰ পৰা লণ্ডনলৈ গৈ ১৯৪০ চনত জেনেৰেল ডায়াৰক হত্যা কৰি প্ৰতিশোধ লৈছিল।
(ব) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?
উঃ ১৯৪২ চনৰ ১৩ জুন তাৰিখে।
(ভ) বিপ্লবীসকলে কোন ঠাইত ৰেল বগৰাইছিল?
উঃ সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰত থকা চাংপুলত।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩
(ক) ‘কুশল কোঁৱৰৰ মাতৃ আৰু পত্নীৰ নাম লিখা।
উঃ কুশল কোঁৱৰৰ মাতৃৰ নাম কণপাহি আৰু পত্নীৰ নাম আছিল প্ৰভাৱতী।
(খ) ”সৰু পথাৰ ৰেল দুৰ্ঘটনা আপোনালোকৰ কংগ্ৰেছ ভলন্টিয়াৰে কৰিছে। আপোনাৰ নামত ৱাৰেন্ট আছে।” ঃ কোনে কাক এইষাৰ কথা কৈছিল।
উঃ উক্ত কথাষাৰ ডাৰোগাই কুশল কোঁৱৰক কৈছিল।
(গ) ঐতিহাসিক নাটক কাক বোলে? এই বিধ নাটকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উঃ ইতিহাসৰ ঘটনা বা চৰিত্ৰক অৱলম্বন কৰি যি নাটক ৰচনা কৰা হয় তাকে ‘ঐতিহাসিক নাটক’ বোলে।
ঐতিহাসিক নাটকৰ দুটা বৈশিষ্ট্য হ’ল–
(1) ঐতিহাসিক নাটকৰ কাহিনী আৰু মূল নায়কজন ইতিহাসৰ পৰা লোৱা হয়।
(2) এনে নাটকত যুগসাপেক্ষে পৰিৱেশ সৃষ্টি কৰা হয়।
(ঘ) ‘দেউতা আমি নিমাখিত প্রাণী। আমি ঠায়ে ঠায়ে গীত পদ গাই সিকিটো-আদলিটো লৈ পেট প্রৱৰ্তাই আছোঁ। য’তে ৰাইজে মাতেঃ তালৈকে আমি যাওঁ হ’ক আৰু গাওঁ।’ ঃ কথাষাৰ কোনে কাক কৈছিল?
উঃ কথাষাৰ ‘কুশল কোঁৱৰ’ নাটকৰ ওজা নামৰ চৰিত্ৰ এটাই ডাৰোগাক কৈছিল।
(ঙ) ‘সেয়ে মই কৈছোঁ ঃ গোম সাপৰ বংশ। তেজে তেজক খেদে। বজা কলৰ গুৰিয়েদি ক’ত মালভোগ কল ওলাব ছাৰ।’ ঃ কথাষাৰ কোনে কাক কৈছিল?
উঃ কথাষাৰ গাওঁবুঢ়াই কুশল কোঁৱৰৰ পৰিচয় প্ৰসংগত ডাৰোগাক কৈছিল।
(চ) ‘পাৰিম বংশৰ দেউ। মোৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয়, মোৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই মোৰ ঘৰ।’ ঃ কথাষাৰ কোনে কাক কৈছিল?
উঃ কোশল কোঁৱৰে কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ পত্নীৰ চিলাই মেচিনটো বিক্ৰী কৰিবলৈ অনুমতি বিচৰাত প্ৰভাৱতীয়ে উক্ত কথাষাৰ কৈছিল।
(ছ) বৃটিছৰ তলত চাকৰি কৰি নিজৰ ব্যক্তিত্ব বিসৰ্জন দিলি। ভাৰতৰ নাৰীৰ সতীত্ব লৈ বৰধেমালি পাতিলি। সমাজৰ নেওচা খোৱাহঁতৰ বাবেই মিলিটাৰীয়ে আসৈ পালে, গাওঁ গচকিলে, বৰঘৰ সোমালে।’– কথাষাৰ কোনে কাক কৈছিল?
উঃ ‘কুশল কোঁৱৰ’ নাটকৰ গাভৰু নামৰ এটি চৰিত্ৰই উক্ত কথাষাৰ গাওঁবুঢ়াক উদ্দেশ্যি কৈছিল।
(জ) ‘গীতাই মোৰ সান্ত্বনা, প্রভাই মোৰ আশ্ৰয়, গান্ধীয়ে মোৰ আদৰ্শ।’– কথাষাৰ কোনে কি প্রসংগত কৈছিল?
উঃ কুশল কোঁৱৰে চাহ বাগিছাৰ কেৰানী চাকৰি বাদ দি মহাত্মা গান্ধীৰ আদৰ্শত দীক্ষিত হৈ স্বাধীনতা আন্দোলনত আত্মনিয়োগ কৰাত তেওঁৰ পত্নী প্ৰভাৱতীয়ে পৰিয়ালৰ বিষয়ে ভাৱিবলৈ কোৱাত কুশল কোঁৱৰে উক্ত কথাষাৰ কৈছিল।
(ঝ) ”…….. মোৰ সাধনা পূৰ্ণ হৈছে। মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসৰ্জন দিয়াৰ যি পৱিত্ৰ কামনা কৰিছিলোঁ- ভগৱানে তাক পূৰ্ণ কৰিছে। …. যোৱাগৈ সুখ-দুখ সকলো ভগৱানৰ দান বুলি গ্ৰহণ কৰিবা।’— কথাষাৰ কোনে কাক কৈছিল।
উঃ সৰু পথাৰ ৰেল ষ্টেচনত ৰেল বগৰোৱা দুষ্কাৰ্যত অভিযুক্ত হৈ কাৰাগাৰত বন্ধী হৈ থকা কুশল কোঁৱৰক দেখা কৰিবলৈ যোৱা তেওঁৰ পত্নী প্ৰভাৱতীক কুশল কোঁৱৰে উক্ত কথাষাৰ কৈছিল।
(ঞ) ‘স্বাধীনতা পোৱাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহঁক। স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ। ভোগী হ’বলৈ যেন হাবিয়াস নকৰোঁ। এয়ে মোৰ বাণী, এয়ে মোৰ কাকুতি, এয়ে মিনতি।’– কথাষাৰ কোনে কি প্রসংগত কৈছিল?
উঃ ফাঁচীৰ হুকুম প্ৰাপ্ত কুশল কোঁৱৰ যোৰহাট জেইলত বন্ধী হৈ থকা অৱস্থাত তেওঁক চাবৰ কাৰণে যোৱা পত্নী প্ৰভাৱতীয়ে বিদায় পৰত কিবা এষাৰ বাণী দি যাবলৈ অনুৰোধ কৰাত কুশল কোঁৱৰে উক্ত কথাষাৰ প্ৰভাৱতীক কৈছিল।
(ট) ‘আমাৰ উপৰিপুৰুষে দেশৰ স্বাধীনতাৰ বাবে যুঁজি গৈছে, যুগমীয়া নাম ৰাখি গৈছে। যিজনক স্বাধীনতা যুঁজৰ বাটকটীয়া বুলি আজিও মানুহে শিৰ দোঁৱায়।’– ইয়াত কোনে কাৰ বিষয়ে কৈছে?
উঃ ইয়াত কুশল কোঁৱৰে তেওঁৰ পূৰ্বপুৰুষ গোমধৰ কোঁৱৰৰ বিষয়ে কৈছে– যিজনে ১৮২৮ চনত ইংৰাজ শাসনৰ বিৰুদ্ধে বিপ্লৱ কৰি শ্বহীদ হৈছিল।
(ঠ) নাটকখনত কোন কোন ব্যক্তিক দেশদ্ৰোহী বুলি কৈছে?
উঃ নাটকখনত মণিৰাম দেৱান, হলিৰাম ঢেকীয়াল ফুকন, কাশীনাথ তামুলী ফুকন, যদুৰাম ডেকা বৰুৱা, লথৌ খাৰঘৰীয়া ফুকন, মাধৰাম বৰগোহাঞি আদি ব্যক্তিসকলক দেশদ্ৰোহী বুলি কৈছে।
(ড) ‘কি হ’ল গান্ধীৰ বৰপুত্ৰ। তাক দেশে খুৱাব। তোক-মোকতো দেশে নুখুৱায়।’–কথাষাৰ কোনে কাৰ আগত কৈছিল?
উঃ কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰে নিজ পুত্ৰৰ বিষয়ে পত্নী কণপাহিৰ আগত উক্ত কথাষাৰ কৈছিল।
(ঢ) ‘বনৰ চৰাই সজাঁত সুমুৱাই ৰাখি বিনন্দীয়া বস্তু খাবলৈ দিলেও উৰি যাবলৈ অহৰহ চেষ্টা কৰে। মোৰো মনটো চাকৰিত নবহে-ঘৰতো নবহে।’– কথাষাৰ কোনে কি প্রসংগত কৈছিল?
উঃ কুশল কোঁৱৰে চাহ বাগিছাৰ কেৰাণীৰ চাকৰিটো এৰি ঘৰলৈ ঘূৰি অহাত তেওঁৰ পত্নী প্ৰভাৱতীয়ে ইয়াৰ কাৰণ সুধাত কুশল কোঁৱৰে তেনেদৰে কৈছিল।
(ণ) ‘কোনে কয়, কোনে কয়ঃ মূলা গাভৰুৰ মৃত্যু হৈছে, জয়মতীৰ মৃত্যু হৈছে, ৰমণী গাভৰুৰ মৃত্যু হৈছে? জননী জন্মভূমিশ্চ স্বৰ্গাদপী গৰীয়সী।’– কোনে কি প্রসংগত উক্ত কথাফাঁকি কৈছিল?
উঃ কংগ্ৰেছৰ ঋণ পৰিশোধ কৰাৰ বাবে কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক চিলাই মেচিনটো বিক্ৰী কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাত প্ৰভাৱতীয়ে নিঃসংকোচে মান্তি হয়। তেতিয়া আনন্দত আবেগিক হৈ উক্ত কথাষাৰ কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক উদ্দেশ্য কৰি কৈছিল।
(ত) ১৯০৭ চনত পাৰ্লামেন্টত ভাৰতৰ স্টেট চেকৰেটাৰী মি. মৰ্লি চাহাবে কি কৈছিল?
উঃ ১৯০৭ চনত ভাৰতৰ ষ্টেট চেকৰেটাৰী মি. মৰ্লি চাহােব কৈছিল, ‘ভাৰতবৰ্ষ বৃটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব। ভাৰতবাসীৰ যদি ক্ষমতা আছে তেন্তে তেওঁলোকে বজ্ৰ মুঠিৰে তৰোৱাল ধৰি ভাৰতবৰ্ষ স্বাধীন কৰক, উদ্ধাৰ কৰক। বিনা ৰক্তপাতে স্বাধীনতা দিয়া নহ’ব।’
(থ) ৰেল লাইন বগৰাবলৈ বৈকুণ্ঠ সিঙৰ তালিকা মতে কি কি বস্তু যোগাৰ কৰিছিল?
উঃ ৰেল লাইন বগৰাবলৈ বৈকুণ্ঠ সিঙে তৈয়াৰ কৰা তালিকা মতে সুৰেনে যোগাৰ কৰা বস্তুবোৰ হ’ল– চাবুল এপাট, ৰেন্স চাৰিখন, হাতুৰী চাৰিটা, জেংকোৰ দুইখন, তাঁৰ কটা কেচি দুইখন, নাৰিকলৰ জৰী দুই মুঠি, কেৰাচিন তেলৰ টিন দুইটা আদি।
(দ) গাওঁবুঢ়াই কি কি প্ৰলোভন দি পুলিন বৰুৱাৰ মন পৰিৱৰ্তন কৰি কোশল কোঁৱৰক বিশ্বাসঘাতকতা কৰাত সহায় কৰিছিল?
উঃ সৰু পথাৰ ৰেলষ্টেচনত ৰেল বগৰোৱা কাৰ্যত জড়িত বিপ্লৱীসকলক ধৰাই দিলে পুলিনে মৌজাদাৰৰ পদবী পাব বুলি গাওঁবুঢ়াই প্ৰলোভন দিছিল। সেই অনুসাৰে পুলিনে বিশ্বাসঘাতকতা কৰি কুশল কোঁৱৰৰ বিৰুদ্ধে ৰাজসাক্ষী হৈছিল।
(ধ) ফাঁচীৰ হুকুম প্রাপ্ত কুশল কোঁৱৰে কাৰাগাৰত দেখা কবিলৈ যোৱা পত্নী প্ৰভাৱতীক কি বুলি সান্ত্বনা দিছিল?
উঃ ফাঁচীৰ হুকুম প্ৰাপ্ত কুশল কোঁৱৰক দেখা কৰিবলৈ যোৱা পত্নী প্ৰভাৱতীক তলত দিয়া উক্তি কেইষাৰৰ দ্বাৰা সান্ত্বনা দিছিলঃ
‘এইয়া ঈশ্বৰৰ ইচ্ছা। আমি সকলোৱেই তেওঁৰ ইচ্ছামতে চলিছোঁহক। তেৱেঁ যি ভাল দেখে সেয়ে হ’ব। ইয়াত দুখ কৰিবলগা একো নাই। তদুপৰি মোৰ সাধনা পূৰ্ণ হৈছে, মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসৰ্জন দিয়াৰ যি পৱিত্ৰ কামনা কৰিছিলোঁ ভগৱানে তাক পূৰ্ণ কৰিছে।’
ৰচনাধৰ্মী প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ
(ক) ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ নাট্যকাৰজন কোন? নাট্যকাৰজনৰ নাট্যকৃতি সম্পৰ্কে আলোচনা কৰা।
উঃ কুশল কোঁৱৰ’ নামৰ নাটকখনৰ নাট্যকাৰজন হ’ল উত্তম বৰুৱা।
(ইয়াৰ পিছত পাঠটিৰ আৰম্ভণিতে দিয়া নাট্যকাৰৰ পৰিচয় যোগ দিয়া।)
(খ) কুশল কোঁৱৰ কোন আছিল? নাটকখনৰ আধাৰত তেওঁৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উঃ কুশল কোঁৱৰ আছিল অসমৰ এজন স্বাধীনতা বিপ্লৱী। তেওঁ ১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলন’ৰ সময়ত সৰু পথাৰ ৰেল ষ্টেচনৰ ওচৰৰ চাংপুঙত ৰেল বগৰোৱা কাৰ্যত জড়িত থকা বুলি মিছাকৈয়ে অভিযুক্ত কৰি ইংৰাজে তেওঁক ফাঁচী দি হত্যা কৰিছিল।
কুশল কোঁৱৰ হৈছে নাট্যকাৰ উত্তম বৰুৱাই ৰচনা কৰা ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ প্ৰধান চৰিত্ৰ। নাট্যকাৰে নাটকখনত কুশল কোঁৱৰৰ জীৱনৰ প্ৰধান ঘটনাৱলী অতি বাস্তৱ আৰু ঐতিহাসিক সত্যতাৰ সৈতে অংকন কৰিছে। নাটকখনত কুশল কোঁৱৰক এজন প্ৰকৃত স্বদেশপ্ৰেমিক, গান্ধীবাদী আদৰ্শ বিপ্লৱী হিচাপে চিত্ৰিত কৰিছে।
সৰু কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল। চৈধ্য বছৰ বয়সতে তেওঁ ওজাপালি অনুষ্ঠান এটিত ওজাপালি দলক মাৰপিট কৰা দাৰোগা এজনৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ ভাঙি পেলাইছিল। আকৌ এবাৰ তেওঁ উইলচন নামৰ ইংৰাজ বিষয়া এজনক জোতাৰে মাৰিবলৈ উদ্ধত হৈছিল।
১৯২১ চনত হোৱা অসহযোগ আন্দোলনতো তেওঁ পৰিপূৰ্ণভাৱে গান্ধীজীক গুৰু মানি দেশসেৱাত আত্মনিয়োগ কৰে। আইন অমান্য আন্দোলনৰ সময়ত দেউতাক সোণাৰাম কোঁৱৰে তেওঁক আন্দোলনত যোগ নিদি লিখা-পঢ়াত মনোযোগ দিবলৈ কোৱাত কুশল কোঁৱৰে কৈছিল–‘মই অসহযোগ আন্দোলনত যোগ দিম। কংগ্ৰেছত আমি ছাত্ৰসকলে নাম লিখিছোঁ। মোৰ মনত মহাত্মা এগৰাকী বিৰাট পুৰুষ। তেখেত মোৰ গুৰু।’
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ বিপ্লৱত সক্ৰিয় ভূমিকা পালন কৰাৰ উদ্দেশ্যে চাহ বাগিছাৰ কেৰানীৰ চাকৰিৰ পদৰ পৰা ইস্তফা দি বিপ্লৱত জপিয়াই পৰিছিল। সেই সময়ত কিছুমান বিপ্লৱী গান্ধীজীৰ অহিংস আদৰ্শৰ পৰা স্খলিত হৈ আন্দোলনত হিংসাৰ আশ্ৰয় লোৱাত কুশল কোঁৱৰে বিৰোধিতা কৰিছিল। সৰু পথাৰত সংঘটিত কৰা ৰেল দুৰ্ঘটনাত তেওঁ জড়িত নাছিল যদিও কেইজনমান স্বদেশদ্ৰোহী নেতা বিশেষকৈ পুলিন বৰুৱা নামৰ এজন লোকৰ মিছা সাক্ষীত কুশল কোঁৱৰ দোষী সাব্যস্ত হয়। পিছত ইংৰাজে তেওঁক ফাঁচী দি হত্যা কৰে। কুশল কোঁৱৰে তেওঁৰ শেষ বাণী হিচাপে কোৱা কথাকেইষাৰ আছিল– ‘দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়েই পূজা কৰি গ’লোঁ।’
এইদৰে নাট্যকাৰে কুশল কোঁৱৰক এজন প্ৰকৃত দেশপ্ৰেমিক আৰু পৰিপূৰ্ণভাৱে গান্ধীবাদী বিপ্লৱী নেতা হিচাপে অংকন কৰিছে।
(গ) কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল? চমুকৈ লিখা।
উঃ কুশল কোঁৱৰ মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাসী এজন স্বাধীনতা বিপ্লৱী আছিল। তেওঁ চৈধ্য বছৰ বয়সৰ পৰাই ইংৰাজৰ বিৰুদ্ধে ভাৰত তথা অসমৰ স্বাধীনতা আন্দোলন আৰু কংগ্ৰেছৰ সংগঠনৰ কামত নিজকে একাণপতীয়াকৈ আত্মনিয়োগ কৰে। আনকি দেশৰ হকে তেওঁ নিজৰ লিখা-পঢ়া আৰু বালিজান চাহ বাগিছাৰ কেৰানীৰ চাকৰি পদৰ পৰাও ইস্তফা দিয়ে।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কিছুমান কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে গান্ধীজীৰ অহিংস নীতিৰ পৰা ফালৰি কাটি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰে উদ্বুদ্ধ হৈ সশস্ত্ৰ পন্থা অৱলম্বন কৰে। সিহঁতে ১৯৪২ চনৰ ৯ অক্টোবৰ তাৰিখে সৰু পথাৰ ৰেল ষ্টেচনৰ চাংপুলত ৰেললাইন খুলি ইংৰাজসেনা কঢ়িয়াই অনা এটি ৰেল বগৰাই পেলায় । কুশল কোঁৱৰে এই সশস্ত্ৰ দুষ্কাৰ্যৰ বিৰোধীতা কৰিছিল।
কিন্তু গাওঁবুঢ়া, পুলিন আৰু তেওঁৰ কেইজনমান সতীৰ্থৰ ষড়যন্ত্ৰত ব্রিটিছে তেওঁক সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ মূল নায়ক আৰু মূল অপৰাধী সজাই ১৯৪৩ চনৰ ৬ মাৰ্চ তাৰিখে যোৰহাট কোৰ্টত বিচাৰৰ নামত ভেকোভাওনা কৰি কুশল কোঁৱৰক ফাঁচী দিয়ে।
(ঘ) কুশল কোঁৱৰ নাটকৰ সোণাৰাম কোঁৱৰৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উঃ অসমৰ যোৰহাট জিলাৰ সৰুপথাৰ অঞ্চলৰ এজন স্বাধীনতা বিপ্লৱী কুশল কোঁৱৰৰ পিতৃৰ নাম আছিল সোণাৰাম। নাটকখনৰ দ্বিতীয় আৰু চতুৰ্থ দৰ্শনত নাট্যকাৰে তেওঁৰ আৱিৰ্ভাব ঘটাইছে আৰু এই দৰ্শনতে তেওঁৰ চৰিত্ৰ আৰু ভূমিকাৰ এক স্পষ্ট ছবি অংকন কৰিছে।
সোণাৰাম আছিল সহজ সৰল গাৱঁলীয়া কৃষিজীৱি লোক। তেওঁ স্বাধীনতা আন্দোলনত নিজৰ ল’ৰা কুশল কোঁৱৰে যোগদান কৰাটো ভাল পোৱা নাই। তেওঁৰ মতে ইংৰাজসকলৰ লগত ভাৰতীয়সকলে ফেৰ মাৰিব পাৰিব বুলি তেওঁ বিশ্বাস নকৰে। বিপ্লৱৰ নামত কুশল কোঁৱৰে লিখা-পঢ়া এৰি দিয়াটোত আপত্তি দৰ্শাইছে। শেষত পৰিয়ালটোৰ আৰ্থিক দিশটোৰ কথা চিন্তা কৰিয়েই তেওঁ বালিজান চাহ বাগিছাৰ মালিক বিশ্বেশ্বৰ শৰ্মাক খাটি কুশল কোঁৱৰক কেৰানীৰ চাকৰি এটা যোগাৰ কৰি দিয়ে। তেওঁৰ মতে এজন বিপ্লৱী হ’বলৈ যোৱাৰ আগতে নিজকে শিক্ষা-দীক্ষাত যোগ্য কৰি ল’ব লাগিব।
মুঠতে পিতৃ হিচােপ পুত্ৰৰ ভৱিষ্যত চিন্তা কৰি এজন সৰল আৰু হোজা গাওঁলীয়া লোকৰ ভূমিকা গ্ৰহণ কৰাত সোণাৰাম কোঁৱৰ সফল হৈছে।
(ঘ) ‘কুশল কোঁৱৰ’ নাটকৰ প্ৰভাৱতীৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উঃ অসমৰ যোৰহাট জিলাৰ সৰুপথাৰ অঞ্চলৰ এজন স্বাধীনতা বিল্পৱী কুশল কোঁৱৰৰ পত্নীৰ নাম আছিল প্ৰভাৱতী। নাট্যকাৰে ‘কুশল কোঁৱৰ’ নামৰ নাটকখনত প্ৰভাৱতীক এজন আদৰ্শ একান্ত বাধ্য, ধৈৰ্যশীলা, সহানুভূতিশীল, দেশপ্ৰেমিক আৰু শক্তিশালী নাৰী চৰিত্ৰ হিচাপে অংকন কৰিছে।
কুশল কোঁৱৰে কংগ্ৰেছৰ কামত একানপতীয়াকৈ আত্মনিয়োগ কৰাৰ উদ্দেশ্যে চাহ বাগিছাৰ চাকৰি এৰি দিয়াত ঘৰখন কিদৰেনো চম্ভালিব সেই বিষয়ে চিন্তা কৰিছে যদিও তাই স্বামী কুশল কোঁৱৰক বাধা দিয়া নাই। তাই স্বাধীনতা বিপ্লৱত অংশ গ্ৰহণ কৰা নাই যদিও স্বাধীনতা আন্দোলনক পৰিপূৰ্ণভাবে সমৰ্থন কৰিছে। এবাৰ কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ কুশল কোঁৱৰে প্ৰভাৱতীৰ চিলাই মেচিনটো বিক্ৰী কৰিব খোজাত তাই কৈছে–
‘মোৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয়, মোৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই মোৰ ঘৰ।’
নাটকখনৰ শেষ দৰ্শনত প্ৰভাৱতীয়ে কাৰাগাৰত বন্ধী হৈ ফাঁচীৰ দিনৰ বাবে অপেক্ষা কৰি থকা কুশল কোঁৱৰক দেখা কৰিবলৈ গৈছে। তাত তাই আবেগিক হৈ পৰিছে যদিও দুখত ভাঙি নপৰি স্বামীক সাহস যোগাইছে এনেদৰে–
‘আপুনি দুখ নকৰিব বঙহৰ দেউ। দেশৰ কাৰণে আপুনি প্ৰাণ দিব। এয়া সৌভাগ্যৰ কথা, গৌৰৱৰ কথা। এই সৌভাগ্য ভগৱানে আপোনাক দিছে। ইমান মানুহ থাকোঁতে ভগৱানে আপোনাক বাছি লৈছে।’
এইদৰে নাট্যকাৰ উত্তম বৰুৱাই প্ৰভাৱতীক নাটকখনত এজনী আদৰ্শ, ধৈৰ্যশীলা, একান্ত স্বামীবাধ্য আৰু দেশপ্ৰেমিক হিচাপে অংকন কৰিছে।
(ঘ) ‘কুশল কোঁৱৰ’ নাটকৰ পুলিন বৰুৱাৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উঃ পুলিন বৰুৱা ‘কুশল কোঁৱৰ’ নাটকখনৰ এক উল্লেখযোগ্য চৰিত্ৰ। নাট্যকাৰে তেওঁক এজন স্বাৰ্থান্বেষী, দেশদ্ৰোহী, বিশ্বাসঘাতক আৰু ইংৰাজৰ বহতীয়া হিচাপে অংকন কৰিছে।
পুলিন বৰুৱা আছিল গোৱালপাৰাৰ লোক। তেওঁ সৰু পথাৰৰ এজনী ছোৱালী বিয়া কৰাই তাতে থাকিবলৈ লয়। তেওঁ স্বাধীনতা আন্দোলনৰ এজন কৰ্মী আছিল আৰু চাংপুঙত ৰেল বগৰোৱা কাৰ্যত জড়িত আছিল। কিন্তু তেওঁ ভিতৰি ভিতৰি ইংৰাজৰ বহতীয়া হৈ কাম কৰিছিল। ৰেল লাইনৰ ফিৰপ্লেট খুলি থকা সময়ত তেওঁ হঠাৎ সতীৰ্থসকলক এৰি গৈছিল। আনকি ৰেল বগৰোৱাৰ পিছত তেওঁ বিদ্ৰোহীসকলৰ লগ এৰিছিল।
গাওঁবুঢ়াই তেওঁৰ ভয়াতুৰ স্বভাৱৰ সুবিধা গ্ৰহণ কৰি তেওঁক চৰকাৰী চাকৰিৰ লোভ দেখুৱাই ইংৰাজৰ ফলীয়া হৈ কুশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিবলৈ প্ৰভাৱিত কৰে। সেইমতে পুলিনে আদালতত মিছা সাক্ষী দি কুশল কোঁৱৰক ফাঁচী দিয়াৰ পথ মুকলি কৰে।
এইদৰে নাটকটোত পুলিন বৰুৱা এজন বিশ্বাসঘাতক আৰু দেশদ্ৰোহী চৰিত্ৰ হিচাপে অংকিত হৈছে।
(ঙ) ‘কুশল কোঁৱৰ’ নাটকৰ বৰমুখী গাওঁবুঢ়াৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উঃ বৰমুখী গাওঁবুঢ়া হৈছে ‘কুশল কোঁৱৰ’ নাটকখনৰ এটি উল্লেখযোগ্য চৰিত্ৰ। তেওঁ বালিজানৰ লোক। নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে দেশ আৰু স্বজাতিৰ বিৰুদ্ধে গৈ ইংৰাজৰ বহতীয়া হিচাপে কাম কৰিছে।
তেওঁ দুৰন্ধৰ আৰু দেশদ্ৰোহী। তেওঁ সদায় দাৰোগাৰ কাষে কাষে থাকি স্বাধীনতা বিপ্লৱীসকলক ধৰাই দিছে, সাক্ষী দিছে আৰু সিহঁতক লাঞ্ছনা ভূগাইছে। কুশল কোঁৱৰৰ পৰিচয় সন্দৰ্ভত তেওঁ দাৰোগাক কৈছে–
‘……. গোম সাপৰ বংশ। তেজে তেজক খেদে। বজা কলৰ গুৰিয়েদি ক’ত মালভোগ কল ওলাব ছাৰ।’
কুশল কোঁৱৰক চাংপুলত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাৰ মূল নায়ক হিচাপে সজাই ফাঁচী কাঠত ওলমোৱা কাৰ্যত গাওঁবুঢ়াজনৰ বিশেষ ভূমিকা আছে। তেওঁ পুলিন বৰুৱা নামৰ এজন লোকক চাকৰিৰ প্ৰলোভনেৰে ফুচুলাই কোশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিয়াইছে।
মুঠতে নাটকখনত গাওঁবুঢ়াজনক এজন স্বৰ্থান্বেষী, জাতিদ্ৰোহী, বিশ্বাসঘাতক চৰিত্ৰ হিচাপে অংকন কৰাত নাট্যকাৰ সফল হৈছে।
(চ) ‘কুশল কোঁৱৰ’ নাটকৰ মি. কেম্বল এন্দ্ৰু হামফে চৰিত্ৰটো বিশ্লেষণ কৰা।
উঃ মি. কেম্বল এন্দ্ৰু হামফে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ আছিল। তেওঁ ইয়াৰ আগতে কামৰূপ জিলাৰ ডেপুটি কমিছনাৰ আছিল আৰু সেই সময়ত এক ছাত্ৰ আন্দোলন কঠোৰভাৱে দমন কৰিছিল। তেওঁ ইংৰাজসকলৰ কঠোৰ স্বভাৱৰ এক প্ৰতিনিধিস্বৰূপ চৰিত্ৰ। অসমত ইংৰাজ শাসন দৃঢ় কৰাৰ বাবে তেওঁ যথেষ্ট ভূমিকা লৈছিল। তেওঁ গাওঁবুঢ়াৰ হতুৱাই পুলিন বৰুৱাক কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াইছিল । পৰিণতিত কুশল কোঁৱৰ মিছা অভিযোগত ফাঁচী কাঠত মৃত্যু বৰণ কৰিব লগা হৈছিল। ০ ০ ০.
নোট: যদি আপুনি উক্ত ‘প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
Some Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..