আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ চাওঁক:
Table of Contents
কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ
ড০ হীৰেন গোহাঁই
লেখক পৰিচয়ঃ
হীৰেন গোহাঁই অসমৰ এগৰাকী খ্যাতনামা সাহিত্যিক, সমালোচক, আৰু শিক্ষাবিদ। ১৯৩৯ চনত গোলাঘাটত তেওঁৰ জন্ম হয়। তেওঁ স্বদেশত শিক্ষা লাভ কৰাৰ উপৰিও ১৯৬১ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজ কবি জন মিল্টনৰ ওপৰত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে।
.
তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। অধ্যাপনৰ মাজতে সময় উলিয়াই তেওঁ সাহিত্য চৰ্চাও কৰে। সাহিত্যিক অৱদানৰ বাবে তেওঁ ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। হীৰেন গোহাঁইয়ে অসমীয়া সমাজত চিন্তা-চৰ্চা আৰু বৌদ্ধিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
.
ড০ হীৰেন গোহাঁই অসমৰ সাহিত্য আৰু সমাজ-চৰ্চাৰ এগৰাকী বিশিষ্ট সমালোচক। অসমীয়া আৰু ইংৰাজী সাহিত্যৰ ওপৰত তীক্ষ্ণধী সমালোচনা কৰাৰ দ্বাৰা তেওঁ অসমীয়া সাহিত্যৰ পৰিধি বৃদ্ধি কৰাৰ লগতে ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। তেওঁ গণতান্ত্ৰিক মূল্যবোধৰ সমৰ্থক আৰু সমাজ জীৱনত প্ৰকৃত গণতান্ত্ৰিক মানসিকতাৰে আগবঢ়া ব্যক্তিৰূপে পৰিচিত।
.
হীৰেন গোহাঁইৰ বহুতো উল্লেখযোগ্য গ্ৰন্থ আছে, তাৰে কেইখনমান প্ৰধান গ্ৰন্থ হ’ল- অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, কীৰ্তন পুথিৰ ৰস-বিচাৰ, পৰম্পৰা আৰু আধুনিকতা, জাতি, ৰাষ্ট্ৰ আৰু মাৰ্ক্সবাদ ইত্যাদি। ‘অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ এই গ্ৰন্থখনৰ বাবে তেওঁ ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। গ্ৰন্থখনত অসমৰ সমাজ, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত মহাপুৰুষীয়া পৰম্পৰাৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে।
.
তেওঁৰ বিখ্যাত উক্তি, “এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, আন দলে কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে”—এই বাক্যই অসমৰ ভাষা আৰু শিক্ষাৰ সমস্যাৰ ওপৰত তেওঁ প্ৰদান কৰা তীক্ষ্ণ অৱলোকনৰ প্ৰতিফলন। গোহাঁই সংবাদ জগতৰ সৈতেও জড়িত। তেওঁ ‘পদাতিক’, ‘কলাখাৰ’ আদি আলোচনীৰ লগত জড়িত হৈ সকলো দিশত বৌদ্ধিক গতিধাৰা অব্যাহত ৰাখিছে। লগতে ‘The Telegraph‘, ‘Economic and Political Weekly’ আদি বিশিষ্ট কাকতত চিন্তাশীল প্ৰৱন্ধ প্ৰকাশ কৰি সমাজ আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
.
তেওঁৰ সাহিত্য আৰু সমাজসেৱা কাৰ্যৰ স্বীকৃতিস্বৰূপ তেওঁ ‘কমল কুমাৰী বঁটা’ আৰু ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছে।
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। কেমব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উঃ কেমব্ৰিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অৱস্থিত।
২। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উঃ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে ।
৩। হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কেমব্ৰিজৰ কলেজখনৰ নাম লিখা ।
উঃ হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কেমব্ৰিজৰ কলেজখনৰ নাম ‘গনবিল এণ্ড কীইজ্’ ।
৪। কেমব্ৰিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উঃ কেমব্ৰিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্ৰতিষ্ঠা কৰা নাছিল, পণ্ডিত আৰু বিদ্যানুৰাগী ব্যক্তি কেইজনমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ।
৬৫। জৰ্জ ষ্টাইনাৰ কোন?
উঃ জৰ্জ ষ্টাইনাৰ এজন মাৰ্কিন পণ্ডিত।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩)
১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উঃ ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয হ’ল- পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয়, কেমব্ৰিজ বিশ্ববিদ্যালয়।
২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?
উঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইটালীৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আৰু পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত আৰু কবি আছিল ।
৩। ‘গথিক স্থাপত্য’ বুলিলে কি বুজা?
উঃ ‘গথিক স্থাপত্য’ বুলিলে মধ্যযুগৰ ইউৰোপৰ গিৰ্জাবোৰত দেখা পোৱা এক প্ৰকাৰৰ স্থাপত্য কলা শৈলীক বুজায় ।
৪। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?
উঃ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্য সকলে নিৰ্বাচন কৰিছিল।
৫। আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায়?
উঃ আৰৱী গ্ৰন্থত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিস্ততলক ‘আৰিস্তু’ নামেৰে জনা যায় ।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
উঃ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ বিদ্যানুৰাগী ব্যক্তি আৰু পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। কেমব্ৰিজ বিশ্ববিদ্যালয় ৩১ খন কলেজৰ সমষ্টি। প্ৰতিখন কলেজে নিজেই বাছ-বিচাৰ কৰি ইয়াৰ সদস্য নিৰ্বাচন কৰে। নিৰ্বাচিত সদস্যসকলে অধ্যক্ষ নিৰ্বাচন কৰে আৰু অধ্যক্ষসকলে নিৰ্বাচিত সদস্যাকলৰ লগত যুটিয়াভাৱে কলেজ পৰিচালনা কৰিছিল। কলেজেবাৰ গীৰ্জাৰ পৰা পোৱা দান-বৰঙণিৰ লগতে ব্যৱসায়ী আৰু ধনী ব্যক্তিৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিছিল। পণ্ডিতসকলেও বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি-সম্পত্তি সংগ্ৰহ কৰিছিল।
২। য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’ -কথাষাৰ বুজাই লিখা ।
উঃ য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্ৰীষ্টিয়ানৰ পৱিত্ৰস্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগণিত বহু দশক জুৰি যি ধৰ্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ প্ৰভাৱ পৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়সমূহত। য়ুৰোপীয় মনীষাৰ ওপৰত প্ৰায় এক শতাব্দী কাল ইবন ছিনা, আৱে’ৰৰুচ আৰু বহুতো আৰবী পণ্ডিতে প্ৰভাৱ বিস্তাৰ কৰিছিল।
৩। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উঃ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল। ছাত্ৰসকলক কঠোৰ অনুশাসনৰ মাজত ৰখা হৈছিল যদিও তেওঁলোকৰ মৰ্যদা আৰু অধিকাৰ ৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। অধ্যাপকসকলৰ বক্তৃতা শুনিবলৈ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ যাব লাগে। প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰিও তেওঁ সেই বক্তৃতাৰ ভিত্তিত এখন কিতাপ লিখিব লাগে। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰিত পণ্ডিতেও পাঠদান কৰে।
৪। ড০ হীৰেন গোঁহাইৰ সাহিত্য প্রতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উঃ ড০ হীৰেন গোহাঁই অসমৰ সাহিত্য আৰু সমাজ-চৰ্চাৰ এগৰাকী বিশিষ্ট সমালোচক। অসমীয়া আৰু ইংৰাজী সাহিত্যৰ ওপৰত তীক্ষ্ণধী সমালোচনা কৰাৰ দ্বাৰা তেওঁ অসমীয়া সাহিত্যৰ পৰিধি বৃদ্ধি কৰাৰ লগতে ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। তেওঁ গণতান্ত্ৰিক মূল্যবোধৰ সমৰ্থক আৰু সমাজ জীৱনত প্ৰকৃত গণতান্ত্ৰিক মানসিকতাৰে আগবঢ়া ব্যক্তিৰূপে পৰিচিত।
.
হীৰেন গোহাঁইৰ বহুতো উল্লেখযোগ্য গ্ৰন্থ আছে তাৰে কেইখনমান প্ৰধান গ্ৰন্থ হ’ল- অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, কীৰ্তন পুথিৰ ৰস-বিচাৰ, পৰম্পৰা আৰু আধুনিকতা, সময় সমীপৰ, জাতি, ৰাষ্ট্ৰ আৰু মাৰ্ক্সবাদ ইত্যাদি। ‘অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ এই গ্ৰন্থৰ বাবে তেওঁ ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। গ্ৰন্থখনত অসমৰ সমাজ, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত মহাপুৰুষীয়া পৰম্পৰাৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে।
৫। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”
উঃ উপৰিউক্ত গদ্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হীৰেন গোঁহাই ৰচিত ‘কেমব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
.
বিভিন্ন সভ্যতা আৰু জাতিৰ মাজত জ্ঞানৰ বিনিময়ৰ দ্বাৰা যে মানৱ সভ্যতাৰ উন্নতি সম্ভৱ-তাকে বুজাবলৈ লিখকে উক্ত কথাষাৰ কৈছে।
.
প্ৰাচীন কালত জ্ঞান-বিজ্ঞান এটা নিৰ্দিষ্ট জাতিৰ মাজতে আৱদ্ধ আছিল। কিন্তু মধ্য যুগত বিভিন্ন কাৰণত এটা সভ্যতাই আন আন সভ্যতাৰ সংস্পৰ্শলৈ আহে, ফলত জ্ঞানৰ বিস্তাৰ সহয়সাধ্য হয়। এই যুগত য়ুৰোপীয়সকল আৰবসকলৰ উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহে আৰু সিহঁৰ জ্ঞান বিজ্ঞানৰ দ্বাৰা বহুলভাৱে প্ৰভাৱিত হয় । আৰৱ পণ্ডিতসকল আকৌ গ্ৰীক, ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদিত ন ন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। এই সংস্পৰ্শৰ ফলত য়ুৰোপীয় মনীষাৰ ওপৰত প্ৰায় এক শতাব্দী কাল আৱে’ৰ্ৰছে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰাছিল আৰু ইউৰোপত জ্ঞান চৰ্চাৰ জোৱাৰ উঠিছিল। সিহঁতে বুজি পাইছিল যে দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।
.
You May Like:
অতিৰিক্ত প্রশ্নোত্তৰ
১। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল?
উঃ হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল ।
২। হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ।
উঃ হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হ’ল- ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্ৰোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’, ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ আদি।
৩। হীৰেন গোঁহাইৰ আত্মজীৱনীমূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ।
উঃ হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম – ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ’, ‘ ক’লা চানকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’, ‘উৰণীয়া হাঁহৰ মাত’ আদি।
৪। হীৰেন গোঁহাইয়ে কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?
উঃ ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল।
৫। হীৰেন গোঁহাইয়ে কোন খন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গৱেষণা গ্ৰন্থখনৰ নাম কি?
উঃ হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গৱেষণা গ্ৰন্থখনৰ নাম- ‘Tradition and Paradise Lost’. ০ ০ ০.
.
নোট: যদি আপুনি উক্ত ‘কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
.
কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ সমাপ্ত