গিবন প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)

0
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘গিবন’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘গিবন প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। গিবন প্রশ্নোত্তৰ চাওঁক:
গিবন প্রশ্নোত্তৰ

Table of Contents

গিবন

হোমেন বৰগোহাঞি

লেখক পৰিচয়ঃ

হোমেন বৰগোহাঞি (১৯৩২- ২০২১) অসমৰ এজন আগশাৰীৰ কবি, গল্পকাৰ, ঔপন্যাসিক, কথাশিল্পী, সাংবাদিক আৰু বুদ্ধিজীৱি। তেওঁৰ জন্ম হয় ঢকুৱাখানাত। ১৯৫৪ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন শিক্ষকতা কৰে আৰু ১৯৫৫ চনৰ পৰা ১৯৬৮ চনলৈ এ. চি. এচ. বিষয়া হিচাপে  কাৰ্য নিৰ্বাহ কৰে। কিন্তু পিছলৈ তেওঁ সাংবাদিকতা আৰু লিখা-মেলাত নিজকে আত্মনিয়োগ কৰে।
.
তেওঁ যথেষ্ট সংখ্যক গ্ৰন্থ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা উপন্যাসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’লঃ সুবালা, তান্ত্ৰিক, কুশীলৱ, হালধীয়া চৰায়ে বাও ধান খায়, পিতা-পুত্ৰ, তিমিৰ তীৰ্থ, অস্তৰাগ, সাউদৰ পুতেকে নাও মেলি যায় আদি।  তেওঁৰ উল্লেখযোগ্য গল্প সংকলন কেইখনমান হ’ল- বিভিন্ন কোৰাচ, প্ৰেম আৰু মৃত্যুৰ কাৰণে, গল্প আৰু নক্সা  আদি।  তেওঁৰ একমাত্ৰ কবিতা সংকলনটি হ’ল ‘হৈমন্তী’ আত্মানুসন্ধান, আৰু মোৰ সাংবাদিক জীৱন হ’ল তেওঁৰ  আত্মজীৱনীমূলক গ্ৰন্থ। ইয়াৰ উপৰিও তেওঁ বহু কেইখন গ্ৰন্থ সম্পাদনা কৰিছে। সেইবোৰৰ  ভিতৰত বিংশ শতিকাৰ অসমীয়া সাহিত্য, অসমীয়া সাহিত্যৰ বুৰঞ্জী, গদ্যৰ সাধনা  আদি উল্লেখযোগ্য।
.
হোমেন বৰগোহাঞিৰ সাহিত্য সাধনাৰ স্বীকৃতি হিচাপে কেইবাটাও বঁটা  লাভ কৰিছে।  ১৯৭৬ চনত ‘পিতা-পুত্ৰ’ উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা’, ১৯৭৮ চনত ‘সাহিত্য একোডেমী বঁটা’ আৰু  ১৯৯২ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে। ২০০১ চনত তেওঁ অসমৰ সাহিত্য সভাৰ আসনো শুৱনি কৰে।
.
২০২১ হোমেন বৰগোহাঞিয়ে ইহলীলা সম্ভৰণ কৰে।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)

১। এডৱাৰ্ড গিবন কোন আছিল?
উঃ এডৱাৰ্ড গিবন এজন ইংৰাজ ইতিহাস লিখক আছিল।
২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।
উঃ অক্সফোৰ্ডৰ মেগডালেন কলেজ।
৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্রখ্যাত গ্ৰন্থ এখনৰ নাম লিখা।
উঃ “The History of the Decline and Fall of the Roman Empire.”
৪। শ্বপেনহাৱাৰ কোন আছিল?
উঃ শ্বেপনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক আছিল।
৫। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন আছিল?
উঃ ডাৰেল।

(খ) চমু প্রশ্নঃ (মূল্যাংক ২ ৩)

১। জন মিল্টন কোন শতিকাৰ কবি আছিল ? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।
উঃ জন মিল্টন সপ্তদশ শতিকাৰ ইংৰাজ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’।
২। দাৰ্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ ‘The Social contract’ আৰু Confessions’ ।
৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল ?
উঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন। তেওঁ অষ্টাদশ শতিকাৰ লেখক আছিল।
৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উঃ  ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টাদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল। এই গ্ৰন্থখন ১৭৯০ চনত প্ৰকাশিত হৈছিল ।
৫। যৌৱন কালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল ?
উঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছাঁন চহৰৰ বাসিন্দা আছিল ।

(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪ ৫)

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ।
উঃ এডৱাৰ্ড গিবন অষ্টাদশ শতিকাৰ এজন বিখ্যাত ঐতিহাসিক আছিল। ১৭৩৭ চনত ইংলেণ্ডত তেওঁৰ জন্ম হৈছিল। ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তীকালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰিছিল। এডৱাৰ্ড গিবন এগৰাকী সাংসদও আছিল। তেওঁ ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ অমৰ কীৰ্তি হ’ল ‘The History of the Decline and Fall of the Roman Empire’ । গ্ৰন্থখনত ৰোমান সাম্ৰাজ্যৰ সম্পূৰ্ণ বুৰঞ্জী লিপিব্ধ কৰা হৈছে। সূক্ষ্মদৰ্শী বৰ্ণনা আৰু শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবে গিবন বিখ্যাত।
২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা।
উঃ এডৱাৰ্ড গিবনে ৰচনা কৰা বিখ্যাত ইতিহাস গ্ৰন্থখন হ’ল ‘The History of the Decline and Fall of the Roman Empire’। গ্ৰন্থখনত ৰোমান সাম্ৰাজ্যৰ সম্পূৰ্ণ বুৰঞ্জী লিপিব্ধ কৰা হৈছে। এই গ্ৰন্থখন সাতটা খণ্ডত সমাপ্ত হৈছে। এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিঅ’ৰ ৰাজত্বকলৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌধ্যটা শতাব্দী সামৰি লৈছে । ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্ৰ যুগান্তকাৰী ঘটনা ঘটিছিল এই চৌধ্যটা শতাব্দীত। বিশ্বৰ বিখ্যাত আৰু বহুলভাৱে সমাদৃত গ্রন্থবোৰৰ ভিতৰত এই গ্ৰন্থখন অন্যতম।
৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখা ।
উঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত অক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হৈছিল। সেই সময়ত জগত বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা অতি শোচনীয় আছিল। কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে বহুত কিতাপ পঢ়িছিল। গিবনে অক্সফোৰ্ডত থাকোতেই প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলাত অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা এৰুৱাই আনি জোৰকৈ ছুইজাৰলেণ্ডৰ লুছাঁন চহৰলৈ পঠাই দিয়ে। তাতে কেইবছৰমান তেওঁ অধ্যয়ন কৰে আৰু ইউৰোপৰ বহুতো পণ্ডিতৰ লিখনি আৰু ভাৱধাৰাৰ লগত পৰিচিত হয়।
৪। চমু টোকা লিখাঃ
(ক) শ্বপেনহাৱাৰ
উঃ শ্বেপনহাৱাৰ গৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক (১৭৮৮-১৮৬০) আছিল । তেওঁৰ নন্দনতাত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে উনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। শ্বপেনহাৱাৰ বিশেষকৈ ‘নাস্তিক নিৰাশাবাদ’ দৰ্শনৰ বাবে প্ৰসিদ্ধ আছিল । ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা ।
(খ) ভলতেয়াৰ
উঃ ভলতেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক আৰু দাৰ্শনিক আছিল। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি ব্যংগাত্মক উপন্যাস ৰচনা কৰিছিল। তেওঁৰ লিখনিসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁৰ দ্ধাৰা ৰচিত এখন বিখ্যাত ব্যংগাত্মক উপন্যাস। ভলতেয়াৰৰ লিখনিসমূহে ফৰাছী বিপ্লৱত বিশেষ অৱদান ৰাখিছিল ।
৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
“যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”
উঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হোমেন বৰগোহাঞিদেবে ৰচনা কৰা ‘গিবন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
.
উক্ত কথাফাকিৰ মাজেদি লিখকে বুজাব বিচাৰিছে যে অধ্যৱসায়, পৰিশ্ৰম আৰু সাধনাৰ দ্বাৰা অসম্ভৱ কাম এটাক সম্ভৱ কৰিব পাৰি।
.
এডৱাৰ্ড গিবনে তেওঁৰ শ্ৰেষ্ঠ কীৰ্তি  ‘The History of the Decline and Fall of the Roman Empire’ নামৰ সাতটা খণ্ডৰ গ্ৰন্থখন ৰচনা কৰিবলৈ যাওঁতে কেনে ধৰণৰ কষ্ট কৰিছিল তাৰ আভাস ইয়াত দিছে। এই গ্ৰন্থখনত তেওঁ চৈধ্যটা শতিকাৰ বিশাল ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনা কৰিছিল। গ্ৰন্থখনত তেওঁ সম্ৰাট এণ্টনিঅ’ৰ ৰাজত্বকালৰ পৰা কনষ্টাণ্টিনপলৰ পতনলৈকে সুদীৰ্ঘ চৈধ্যশ বছৰীয়া কালছোৱাৰ ইতিহাস প্ৰণয়ন কৰিছে। সুদীৰ্ঘ সোতৰ  বছৰ কঠিন শ্ৰম কৰি গ্ৰন্থখন ৰচনাৰ কাম সমাপ্ত হোৱাৰ পিছত গিবনে এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল আৰু জীৱনত আন কিবা পোৱাৱাৰ বা কৰাৰ হাবিয়াস নোহোৱা হৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া।

১। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উঃ ‘হালধীয়া চৰায়ে বাওঁধান খায়’ আৰু ‘তিমিৰ তীর্থ’।
২। হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি?
উঃ আত্মানুসন্ধান।
৩। কোনখন গ্রন্থৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে?
উঃ  পিতাপুত্ৰ।
৪। পৃথিৱীত এতিয়ালৈকে যিমানেবাৰ কিতাপ ৰচিত হৈছে সেইেবাৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।’ কাৰ উক্তি?
উঃ জাৰ্মান দাৰ্শনিক শ্বপেনহাৱাৰৰ।
৫। এডৱাৰ্ড গিবনে প্ৰেমত পৰা ছোৱালীজনীৰ নাম কি আছিল?
উঃ  ছুজান কাৰচদ।
৬। ‘Adolphe‘ আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা?
উঃ বেঞ্জামিন কঁষ্টাট।
৭। হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা।
উঃ  ‘নিয়মীয়া বাৰ্তা’।
৮। ‘গিবন’ শিৰোনামৰ প্রৱন্ধটি হোমেন বৰগোহাঞিৰ কোনখন গ্ৰন্থৰ অন্তৰ্গত?
উঃ ‘স্বর্গ আৰু নৰক’ নামৰ গ্ৰন্থৰ অন্তৰ্গত।
৯। হোমেন বৰগোহাঞিৰ জন্ম কিমান চনত হৈছিল?
উঃ হোমেন বৰগোহাঞিৰ জন্ম ১৯৩২ চনত হৈছিল ।
১০। হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম- ‘সুবালা’, ‘পিতাপুত্ৰ’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’ আদি।
১১। হোমেন ববৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম- ‘সাপ্তাহিক নীলাচল’, ‘নাগৰিক’, ‘অসমবাণী’, ‘নিয়মীয়া বাৰ্তা’ আদি।
১২। কোনখন গ্ৰন্থৰ বাবে বৰগোহাঞিদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উঃ ‘পিতাপুত্ৰ’ গ্ৰন্থৰ বাবে ১৯৭৮ চনত বৰগোহাঞিদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল
১৩। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা চুটিগল্পৰ পুথিসমূহ কি কি?
উঃ ‘বিভিন্ন কোৰাচ’, ‘বিভিন্ন নৰক’ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা চুটিগল্পৰ পুথি ।
১৪। বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ কি কি?
উঃ বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ হ’ল – ‘আত্মানুসন্ধান’, আৰু ‘ধুমুহা আৰু ৰামধেনু’।
১৫। হোমেন বৰগোহাঞিৰয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল?
উঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-২০০২ বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। ০ ০ ০.
নোট: যদি আপুনি উক্ত গিবন প্রশ্নোত্তৰ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
Previous articleজাগা জননীৰ সন্তান। জ্যোতিপ্ৰসাদ
Next articleকেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)