আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ধনবৰ আৰু ৰতনী’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘ধনবৰ আৰু ৰতনী প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘ধনবৰ আৰু ৰতনী প্রশ্নোত্তৰ’ চাওঁক:
Table of Contents
ধনবৰ আৰু ৰতনী
লক্ষ্মীনাথ বেজবৰুৱা
কবি পৰিচয়ঃ
লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমূখী প্ৰতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়।
লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্ৰৱাহিত কৰে। ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকা ই’ আৰু গল্পসমূহ প্ৰকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰি–
ধেমেলীয়া নাটক ঃ লিতিকাই, পাচনি, নোমল আৰু চিকৰ-পতি-নিকৰপতি।
উপন্যাস ঃ পদুম কুঁৱৰী।
কবিতা ঃ কদমকলি।
গল্পপুথি ঃ জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি।
সাধু কথা ঃ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।
বুৰঞ্জীমূলক নাটক ঃ জয়মতী, চক্ৰধবজ সিংহ, বেলিমাৰ।
হাস্য-ব্যঙ্গ ৰচনা ঃ কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।
জীৱনী ঃ ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।
আত্মজীৱনী ঃ মোৰ জীৱন সোঁৱৰণ।
তত্ত্বমূলক গ্ৰন্থ ঃ শ্ৰীকৃষ্ণ কথা আদি।
তেখেতে ‘বাঁহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। ১৯২৪ চনত গুৱাহাটীত বহা ‘অসম সাহিত্য সভা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।
১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থ:
ভাটি ঃ উজনিৰ বিপৰীত, নৈৰ সোঁতৰ দিশ। মাধুৰী ঃ মধুৰ গুণ, সৌন্দৰ্য। শাখিনী ঃ কুলক্ষণী তিৰোতা। কুটেশাল ঃ কপটীয়া। বৰাব ঃ বশ কৰিব। খাগৰি ঃ এবিধ তৃণজাতীয় উদ্ভিদ। জাঁজি ঃ উঠি অহা বস্তুৰ থূপ (খাগৰিৰ থূপ)। কালশতৰু ঃ ঘোৰ শত্ৰু।
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- ‘কদমকলি’।
২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম- ‘মোৰ জীৱন সোঁৱৰণ’।
৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?
উঃ লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যত ‘চুটি গল্পৰ জনক’ বুলি কোৱা হয় ।
৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম- সুৰভি ।
৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল ।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩
১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উঃ মালিতা হৈছে আখ্যানমূলক বা কাহিনীমূলক গীত । ইংৰাজীত ইয়াক ‘বেলাড’ বুলি কোৱা হয় ।
২। ধনবৰ আৰু ৰতনী কোন?
উঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা । ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ।
৩। ‘বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক’ – বুলি কোনে কিয় কৈছে?
উঃ উক্ত কথাষাৰ ধনবৰে কৈছে। তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত বহি বিলাপ কৰিছে।
৪। ‘ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰ কাল শতৰু কৰি’ – ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
উঃ ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল। সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে দান দিছিল। সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে ।
৫। ‘পাৰতে কান্দিছে ধনবৰ দুখীয়া’ – ধনবৰে কিয় কান্দিছে?
উঃ এবাৰ মা-দেউতাৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰহঁতৰ ঘৰত আছিলগৈ । সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে । তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে লৈ গ’ল। ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰিল। ব্যৰ্থ প্ৰেমৰ বোজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি মনৰ দুখ প্ৰকাশ কৰিছে।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটা মালিতা বা আখ্যানমূলক গীতি কবিতা। এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত। এবাৰ মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। কিছুদিন পিছত মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে । ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল। ৰতনীৰ অবিহনে তেওঁৰ জীৱন অৰ্থহীন যেন অনুভৱ হ’ল। সেইবাবে ধনবৰ লুইতৰ বুকু জাপ দি আত্মজাহ গ’ল। ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল।
২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ গীতি কবিতাটোৰ মতে ধনবৰ দিখৌমুখৰ এজন ডেকা আৰু ৰতনী হ’ল ধনশিৰিমুখৰ এজীন ষোড়শী গাভৰু। দুয়ো প্ৰেমিক-প্ৰেমিকা। কবিতাটিত ৰতনীয়ে ধনবৰক এৰি গুচি যোৱাত ধনবৰে বিচ্ছেদ বেদনাত শোকাকুল হৈ তলত বৰ্ণনা কৰা ধৰণে বিলাপ কৰিছে।
ৰতনী অবিহনে ধনবৰ জীয়াই থকা অসম্ভৱ অনুভৱ কৰিলে। তেওঁ ৰতনীৰ স্মৃতি বুকুত সাৱটি বিলাপ কৰি থাকিল। তেওঁৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাকে নুবুজিলে। ধনবৰে দেখিলে যে জাক পাতি বগলীেবাৰে পাখিত পাখি লগাই উৰা মাৰিছে। কিন্তু ৰতনী অবিহনে ধনবৰ উৰিব নোৱাৰে। পূৱৰ বতাহজাকে ধান গছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰক শোকহে দি গ’ল। লুইতৰ বুকুত শিহুয়ে টুপাই বুৰ মাৰিলেও কিছুসময় পিছত আকৌ ওলাই দেখা দিয়ে। কিন্তু ৰতনী ধনবৰৰ কাষৰ পৰা গুছি গ’ল, পুনৰাই উভতি নাহিল।
এইদৰে দুখ-শোকত ধনবৰৰ বুকু ভাগি পৰিল। ৰতনী যেন তেওঁৰ কালশতৰু হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্রহ্মপুত্ৰৰ পাৰত বহি ফেকুৰি-ফেকুৰি অভিমান কৰি ৰতনীক পুনৰায় ঘূৰি আহিবলৈ বাধা দিলে। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। অৱশেষত শোকত ম্ৰিয়মান হৈ ধনবৰে ব্রহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যা কৰিলে।
এইদৰে কবিতাটিৰ মাজেৰে ধনবৰৰ শোক আৰু বিলাপ অতি সকৰুণ সুৰত প্ৰতিধবনিত হৈছে।
৩। ৰতনীৰ প্রতি ধনবৰৰ প্ৰেমৰ প্রকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ।
উঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটো এটি কাল্পনিক আখ্যানমূলক গীতি কবিতা (মালিতা)।
কবিয়ে বৰ্ণনা কৰা অনুসৰি ৰতনী নামৰ এজনী ষোড়শী গাভৰু মাক-দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰত কিছুদিন আছিল। এইখিনি সময়ত ডেকা ধনবৰ আৰু যুৱতী ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। পৰস্পৰে পৰস্পৰক ভাল পাবলৈ লয়। ৰতনীয়ে লাহে লাহে ধনবৰৰ হৃদয়ত নিগাজী আসন লাভ কৰে। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি মাক-দেউতাকৰ সৈতে অহা বাটেৰে গুচি গ’ল।
ৰতনী গুচি যোৱাত ধনবৰ শোকাকুল হৈ পৰিল। ৰতনী অবিহনে ধনবৰ জীয়াই থকা অসম্ভৱ অনুভৱ কৰিলে। তেওঁ ৰতনীৰ স্মৃতি বুকুত সাৱটি বিলাপ কৰি থাকিল। তেওঁৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাকে নুবুজিলে। ধনবৰে দেখিলে যে জাক পাতি বগলীেবাৰে পাখিত পাখি লগাই উৰা মাৰিছে। কিন্তু ৰতনী অবিহনে ধনবৰ উৰিব নোৱাৰে। পূৱৰ বতাহজাকে ধান গছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰক শোকহে দি গ’ল। লুইতৰ বুকুত শিহুয়ে টুপাই বুৰ মাৰিলেও কিছুসময় পিছত আকৌ ওলাই দেখা দিয়ে। কিন্তু ৰতনী ধনবৰৰ কাষৰ পৰা গুছি গ’ল, পুনৰাই উভতি নাহিল।
এইদৰে দুখ-শোকত ধনবৰৰ বুকু ভাগি পৰিল। ৰতনী যেন তেওঁৰ কালশতৰু হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্রহ্মপুত্ৰৰ পাৰত বহি ফেকুৰি-ফেকুৰি অভিমান কৰি ৰতনীক পুনৰায় ঘূৰি আহিবলৈ বাধা দিলে। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। অৱশেষত শোকত ম্ৰিয়মান হৈ ধনবৰে ব্রহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যা কৰিলে।
এইদৰে কবিতাটিৰ মাজেৰে ধনবৰৰ শোক আৰু বিলাপ অতি সকৰুণ সুৰত প্ৰতিধবনিত হৈছে।
৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দূৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰি পৰা ।
উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ মালিতাটোৰ পৰা তুলি দিয়া হৈছে।
ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ চিত্ৰ কবিতাফাঁকিৰ মাজেৰে অংকিত হৈছে।
ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেম হয় । দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ৰতনীক লৈ ঘৰলৈ উভতি গ’ল। ৰতনী উভতি যোৱাত ধনবৰ ভাগি পৰিল । সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে । ৰতনীৰ অবিহনে ধনবৰৰ জীৱন বৃথা যেন অনুভৱ হ’ল । মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি ভাবিছে । তাইৰ বাবেই ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে । লুইতৰ পাৰত বিননি কৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে । এনেদৰে ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি থকা তেওঁৰ গভীৰ প্ৰেম প্ৰকাশ পাইছে।
খ) ফুটুকাৰ তলতে যখিনী ছোৱালী ।
টুকটুক চাপৰি বায়
ধনাইৰ ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়।
উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ধনবৰ আৰু ৰতনী’ নামৰ মালিতাটোৰ পৰা তুলি দিয়া হৈছে।
ৰতনীৰ প্ৰতি ধনবৰৰ মনত উদয় হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে।
অসমীয়া ৰূপকথাৰ যখিনী ছোৱালীৰ উল্লেখেৰে কবিয়ে পংক্তিটোত এক চহা ৰূপ দান কৰিছে। ৰতনীৰ বিৰহত কাতৰ হৈ পৰা ধনবৰে লুইতৰ পাৰত বিলাপ কৰিছে । ৰতনীৰ অবিহনে তাৰ জীৱন বৃথা যেন অনুভৱ হৈছে । ৰতনীকে মনে প্ৰাণে ভালপোৱাৰ পিছত ৰতনীয়ে দিয়া বুকুভঙা বেদনাক কবিয়ে লোক সংগীতৰ সুৰেৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে ।
অতিৰিক্ত প্রশ্নোত্তৰ
১। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখন হ’ল- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদি ।
২। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা আদি।
৩। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?
উঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি হৈছিল।
৪। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখন হ’ল- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি আৰু কেহোঁকলি।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন হ’ল- বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা।
৬। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখন হ’ল- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ । ০ ০ ০.