আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘ধনৰ ব্যৱহাৰ প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Table of Contents
ধনৰ ব্যৱহাৰ প্রশ্নোত্তৰ
সত্যনাথ বৰা
লেখক পৰিচয়ঃ
সত্যনাথ বৰা (১৮৬০-১৯২৫) এজন অসমীয়া বলিষ্ঠ গদ্য লিখক। তেওঁৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমুখত। গুৱাহাটীত স্কুলীয়া শিক্ষা লাভ কৰি ১৮৮৯ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষা পাচ কৰে। সাময়িকভাৱে তেখেতে আৰ্ল ল’ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰে যদিও পিছত গুৱাহাটীত ওকালতি কৰিবলৈ লয়।সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন হ’ল ‘গীতাৱলী’। কেন্দ্ৰসভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি, আদি তেখেতৰ প্ৰৱন্ধ আৰু সমালোচনামূলক পুথি। তেখেতে ৰচনা কৰা ‘আকাশ ৰহস্য’ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থ। ‘বহল ব্যাকৰণ’ তেখেতে ৰচনা কৰা এক উল্লেখযোগ্য অসমীয়া ব্যাকৰণ। তেখেতে বহুতো খুহুটীয়া কবিতাও ৰচনা কৰিছিল। ১৯০১ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা অসমীয়া আলোচনী ‘জোনাকী’ কাকত তেখেতে সম্পাদনা কৰিছিল।
.
১৯২৫ চনত গুৱাহাটীৰ নিজা বাসভৱনত সত্যনাথ বৰাৰ মৃত্যু হয়।
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। কৃপণ লোকৰ দুই ধৰ্ম কি কি?
উঃ কৃপণ লোকৰ দুই ধৰ্ম হ’ল – লাজ ঢকা আৰু পেট প্ৰৱৰ্তোৱা ।
২। অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?
উঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল – আয় অনুসৰি ব্যয় কৰা ।
৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উঃ আয় অলপ, খৰচ সৰহ – এয়াই হ’ল দৰিদ্ৰ হোৱাৰ চিন ।
৪। মানুহৰ ঋণ কেতিয়া হয় ?
উঃ উপাৰ্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয় ।
৫। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা ।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩)
১। ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ কি কি?
উঃ লিখক সত্যনাথ বৰাদেৱৰ মতে ধনৰ দুই প্ৰকাৰ ব্যৱহাৰ হ’ল –
প্ৰথমতে, ধনেৰে আমি সুখ-সম্পদৰ আহিলা পাতি গোটাই ল’ব পাৰোঁ। ভোজনৰ বাবে ভালবস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বসবাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ গোটাই আনি উপভোগ কৰিব পাৰি ।
.
দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি যেনেঃ ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰৰ অভাৱ পূৰণ কৰিব পাৰি। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। ইয়াৰ উপৰিও বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি জনহিতকৰ কাম কৰিব পাৰি ।
২। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উঃ কৃপণসকলে ধনৰ মূল্য অধিক আৰু কামৰ মূল্য কম বুলি বিবেচনা কৰে। গতিকে এওঁলোকে সৰহ কামৰ বিনিময় কম পৰিমাণৰ ধন যাচে। আনলোকে ধন খৰচ কৰিলেও তেওঁলোকে সহ্য কৰিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপণ লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায় । এই উপায়ে কামত বাধা দিব নোৱাৰিলে মিছা কথাৰে কুৎসা ৰটনা কৰে ।
৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?
উঃ লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনো ভাল কাম কৰিবলৈ বা কোনো লোকৰ প্ৰতি দয়া দেখুৱাবলৈ ধনৰ আৱশ্যক হয় আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন হয়।
৪। কি দুটা কাৰণত মানুহে কৃপণালী কৰে?
উঃ কৃপণ মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালী কৰা দেখা যায় –
.
(ক) কোনো কোনোৱে কৃপণালী কৰি সৰহ ধন গোটাই কৰি পৃথিৱীত এটা খ্যাতি ৰাখিব বিচাৰে ।
.
(খ) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালী কৰে।
৫। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা।
উঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ’ল –
.
(ক) কৃপণ লোকে ধন খৰচ কৰিবলৈ টান পায় আকৌ ধোঁৱাখুলীয়া লোকে ধন সঞ্চয় কৰি ৰাখিবলৈ টান পায় ।
.
(খ) ভোগ-উপভোগ কৃপণসকলৰ নীতি বহিৰ্ভূত কাম আকৌ ধোঁৱাখুলীয়াসকলে ভোগ-উপভোগেই জীৱন বুলি ধাৰণা কৰে।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা।
উঃ অশিক্ষিত মানুহে বাহ্যিক জাক-জমকতাত সহজে ভোল যায়। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিষ্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক ‘বৰলোক’ বুলি ভাবে। মানুহৰ যোগ্যতা, সামৰ্থ আদি বিষয়ত অশিক্ষিত মানুহে বিবেচনা কৰিব নোৱাৰে। অতি সাধাৰণ অশিক্ষিত এই লোকসকলৰ মনত ধন খৰচ কৰাটোৱে এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে। অশিক্ষিতসকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰ হ’ল প্ৰতাপ, কুকামবোৰ হ’ল ধেমালি আৰু মাৰ-কিলবোৰ হ’ল আদৰ। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই । ধনীসকলৰ আদেশমতেই নিৰক্ষৰ লোকসকলে উঠা বহা কৰা দেখা যায় ।
২। অসজ বৃত্তিধাৰী কৃপণলোকৰ জীৱন ¶ণালী কেনেকুৱা হয় আলোচনা কৰা ।
উঃ অসজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ পৰা সুবিধা ভোগ কৰাৰ সুযোগ বিচাৰি থাকে। এই লোকসকলে তেওঁলোকৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্নৱান হয় । ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভালবস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁত সদায় শাকভাত খায়, কিন্তু লোকৰ ঘৰত উপদেয় বস্তু নহ’লে ভোজনে নকৰে। নিজৰ ঘৰত ভাতৰ লগত এবিধ আঞ্জা খায় অথচ আনৰ ঘৰত পাঁচবিধ আঞ্জা বিচাৰে। নিজৰ কামৰ বাবে এদিনৰ বাট খোজ কাঢ়ি যাব পাৰে, লোকৰ কামত বাহন নহ’লে এখোজোঁ আগনাবাঢ়ে । আন মানুহৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধে। খাৱন-পিন্ধন সম্পৰ্কে এই শ্ৰেণীৰ কৃপণৰ মুখৰ পৰা সদায় ডাংকোপ মৰা কথা ওলায়। এই লোকসকলে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও আনক জানিবলৈ নিদিয়ে। এনে কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে, ভগা খাটক-পালেং, ভগা কাঁহীক মাইহাং আৰু ফঁটা-কথাক নিহালি বুলি বৰ্ণনা কৰে ।
৩। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটোৱে পাপ বুলি কয় । পাপী মানুহে তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা যেনেকৈ লাঞ্ছনা, গঞ্জনা ভুগিব লগা হয়, তেনেকৈ ঋণী মানুহেও লোকৰ পৰা গৰিহণা পায় আৰু আত্ম মান-মৰ্যদা হেৰুৱায় । তেওঁলোকৰ মনৰ পৰা সুখ শান্তি আঁতৰি যায়। আকৌ ঋণক ব্যাধিৰ লগতো তুলনা কৰা হৈছে কাৰণ ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, তেনেকৈ ঋণেমানুহৰ অৱস্থা ক্ষয় কৰে। ব্যাধি এবাৰ হ’লে গুচাবলৈ টান, ঋণো এবাৰ হ’লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি হ’লে শৰীৰৰ উদ্গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্গতি নহয় ।
সেয়ে মানুহে ঋণক পাপৰ লগত তুলনা কৰিছে।
৪। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।
উঃ লিখক সত্যনাথ বৰাদেৱে ‘ধনৰ ব্যৱাহৰ’ নামৰ পাঠটিত কৃপণ লোকৰ বিষয়ে বিস্তৃত আলোচনা কৰিছে। পাঠটিৰ আৰম্ভণিতে লেখকে কৈছে, ‘পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে । এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কটকিনা বা কৃপণ বোলে।” লিখকৰ মতে কৃপণলোকসকলক ‘নিধনী‘ বুলিও কব পাৰি। কাৰণ চকু থাকিওে দৰ্শন নকৰিলে, ভৰি থাকিও খোজকঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই দুই ইন্দ্ৰীয় নাই বুলি ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে, তেনে লোকক নিধনী বুলাটো যুক্তিযুক্ত। তেখেতৰ মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকাটি। এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ’লে মানুহক কটকিনা বা কৃপণ বোলে।
৫। ধন সুখ ভোগৰ উপায় নহয়,স্বয়ং ধনেই সুখ- ব্যাখ্যা কৰা ।
উঃ ওপৰোদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
.
ইয়াত কৃপণৰ এটা শ্ৰেণীৰ বিষয়ে ক’বলৈ গৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে । লিখকৰ মতে, এই শ্ৰেণীৰ কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটায়। এই লোকসকলৰ অন্য কোনো অভিপ্ৰায় নাথাকে। ধনেৰে নিজ জীৱনটো যে সুখ-শান্তিৰে ভৰাই তুলিব পাৰি সেয়া সিহঁতে অকণো চিন্তা কৰিব নোৱাৰে । আনৰ উপকাৰ সাধন কৰাটোৱো সিহঁতৰ উদ্দেশ্য নহয় । ধনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলেই সিহঁতৰ আনন্দৰ পৰিমাণো বাঢ়ি যায় । স্বয়ং ধনেই তেওঁলোকৰ সুখ। ধনৰ নামত সিহঁত উদ্ধাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থাকিয়ে তেওঁলোক পৰম সুখ লাভ কৰে।
.
এনেদৰে লিখকে উক্ত কথাফাকিৰ জৰিয়তে এক শ্ৰেণীৰ কৃপণ লোকৰ স্বভাৱ দাঙি ধৰিছে।
You May Like:
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ
১। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
উঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথি হ’ল-‘চিন্তাকলি’।
২। সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনৰ নাম লিখা।
উঃ বহল ব্যাকৰণ।
৩। সত্যনাথ বৰা দেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম কি?
উঃ সত্যনাথ বৰাদেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম ‘গীতাৱলী’।
৪। অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত আছিল?
উঃ ‘বেকন’ নামেৰে।
৫। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন?
উঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম হ’ল- ‘অকাশ ৰহস্য’ আৰু গ্ৰন্থখনৰ ৰচক হ’ল সত্যনাথ বৰা।
৬। সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা।
উঃ ‘সাহিত্য বিচাৰ।
(খ) চমু আৰু দীঘলপ্রশ্নঃ
১। ধনেৰে কি ধৰণৰ সুখ-সম্পদৰ আহিলাপাতি গোটাব পাৰি?
উঃ ধনেৰে ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি সুখ আৰু আনন্দৰ বস্তু গোটাব পাৰি।
২। উত্তম ভোজন, উত্তম পিন্ধন, দান-দক্ষিণা আদিক কৃপণে কি বুলি বিবেচনা কৰে?
উঃ “কৃপণে উত্তম ভোজনক খঁক, উত্তম পিন্ধনক গপ আৰু দান-দক্ষিণাক ধনৰ অপব্যয় মাথোন” বুলি বিবেচনা কৰে।
৩। কৃপণ সকলে ল’ৰা-ছোৱালী, তিৰোতাসকলৰ প্রতি কেনে ব্যৱহাৰ কৰে?
উঃ কৃপণসকলে ল’ৰা-ছোৱালী, তিৰোতাক ধনতকৈ হীন বা মূল্যহীন বুলি ভাবে। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে, ল’ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ-কষ্ট দিয়ে। এক শ্ৰেণীৰ কৃপণে আকৌ সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।
৪। সত্যনাথ বৰা দেৱক কিয় অসমীয়া সাহিত্যৰ ‘বেকন’ বুলি কোৱা হয়।
উঃ ইংৰাজী সাহিত্যত পোন প্ৰথমতে ফ্রান্সিচ বেকন নামেৰে এজন পণ্ডিতে প্ৰৱন্ধ (গদ্য সাহিত্য) ৰচনা কৰে। তেওঁৰ গদ্য ৰীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমৰ সত্যনাথ বৰাই প্ৰথমেত অসমীয় ভাষাত প্ৰৱন্ধ সাহিত্যৰ পাতনি মেলে আৰু জনপ্ৰিয় কৰে। ইয়াৰ উপৰি ফ্রান্সিচ বেকনৰ বাক্য বিন্যাস, অলপ কথাৰে সাৰগৰ্ভ কথা প্ৰকাশ কৰা নীতি সত্যনাথ বৰাদেৱৰ গদ্যতো বিদ্যমান। এনে ধৰণৰ সাদৃশ্যৰ বাবেই সত্যনাথ বৰাদেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ বুলি কোৱা হয়।
৫। খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা সি গ’ম নোপোৱকৈ মানুহৰ অনিষ্ট কৰে–ব্যাখ্যা কৰা।
উঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
.
ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত খুচৰীয়া খৰচৰ পৰা হ’ব পৰা অনিষ্টৰ কথা বুজাবলৈ সত্যনাথ বৰাদেৱে ওপৰোক্ত বাক্যশাৰীৰ অৱতাৰণা কৰিছে।
.
মানুহে যেতিয়া খৰচ কমাবলৈ চেষ্টা কৰে তেতিয়া প্ৰথমতে ডাঙৰ ডাঙৰ খৰচ বিলাকলৈ হে চকু যায়। আচলতে এদিন এটা ডাঙৰ খৰচ কৰিলে মানুহৰ বিশেষ অসুবিধা নহয় কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে মানুহ ক্ৰমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচ সহজতে চকুত নপৰে, খুচুৰীয়া খৰচৰ গতি চোৰাং। কিন্তু খুচুৰীয়া খৰচ যদি বছৰেকত একগোট কৰা হয় তেতিয়া ডাঙৰ খৰচতকৈও ই ডাঙৰ হৈ পৰে। সি গুপ্ত শত্ৰুৰ লেখিয়া গম নোপোৱাকৈ মানুহৰ অনিষ্টসাধন কৰে।
.
সেয়ে কথাফাকিৰ দ্বাৰা লিখকে বুজাব বিচাৰিছে যে আমি খুচুৰীয়া খৰচৰ পৰা হ’ব পৰা অনিষ্টৰ বিষয়ে সাৱধান হ’ব লাগে।
৬। পৃথিৱীত কিমান শ্ৰেণীৰ কৃপণলোক দেখা যায় আলোচনা কৰা।
উঃ লিখকৰ মতে পৃথিৱীত কেইবাটাও শ্ৰেণীৰ কৃপণ দেখা যায়। এক শ্ৰেণীৰ কৃপণ আছে তেওঁলোকে কেবল ‘লাজ ঢকা’ আৰু প্ৰাণ প্ৰৱৰ্তোৱাৰ বাহিৰে আন কোনো কাৰ্যতে ধন ভাঙিব নিবিচাৰে। তেওঁলোকৰ বিবেচনাত ‘ভাল আহাৰ গ্ৰহণ কৰাটো খঁক, ভাল কাপোৰ পিন্ধাটো গপ আৰু দান দক্ষিণা কৰাটো ধনৰ অপব্যয় মাথোন’। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে তেওঁলোকৰ মনত সেয়া ধনৰ অপব্যয়হে। উৎসব-পাৰ্বণত ধন ভঙাটো তেওঁলোকৰ মতে উদ্ভাণ্ডালি মাথোন। ল’ৰা-ছোৱালী, তিৰোতাসকলো ধনতকৈ তুচ্ছ। কৃপণসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য কম।
.
আকৌ এক শ্ৰেণীৰ কৃপণ আছে যিসকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত পূর্ণ কৰিবলৈ যত্ন কৰে। মুঠতে লোকৰ ওপৰত পালে ভালৰো ভাল খায়, ভালৰো ভাল পিদ্ধে কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। কিন্তু সিহঁতে নিজৰ ঘৰৰ অৱস্থা সম্পৰ্কে কেতিয়াও ডাংকোপ মাৰিবলৈ নাপাহৰে।
.
কিছুমান কৃপণ আছে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালি কৰে। এই দুয়ো শ্ৰেণীৰ কৃপণে কিমান ধন হ’লে অভিপ্ৰায় দূৰ হ’ব সেই কথা নাজানে।
.
কৃপণৰ আৰু এটা শ্ৰেণী দেখা যায় যিসকলে কেৱল ধৰে নিমিত্তেই ধন গোটায়, আন একো তেওঁলোকৰ অভিপ্ৰায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ ব্যৱহাৰ তেওঁলোকে নাজানে, ধন চকুৰে চাই থকাটোৱে সিহতৰ পৰম সুখৰ বিষয়।
৭। লিখকৰ মতে ধোঁৱাখুলীয়া লোকৰ জীৱন প্ৰণালী কেনেকুৱা আলোচনা কৰা।
উঃ লিখকৰ মতে সৰহকৈ খৰচ কৰা লোকক ‘ধোঁৱাখুলীয়া’ বুলি কোৱা হয়। সিহঁতে ধনৰ উচিত ব্যৱহাৰ নাজানে। তেওঁলোকৰ বাবে ধন হাতত থকাটো এটা অসহনীয় বোজা, এটা বিষম আহুকাল। এনে লোকসকলৰ মাজত দুটা অৱস্থা সচৰাচৰ দেখিবলৈ পোৱা যায়। এওঁলোকে এটা সময়ত ধনী এটা সময়ত দৰিদ্ৰ জীৱন কটায়। খৰচী মানুহে নিজে সঞ্চয় কৰি কোনো ডাঙৰ কাম কৰা দূৰৈৰ কথা, আনকি হঠাৎ অহা কোনো বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ হাতত আৱশ্যকীয় পৰিমাণৰ ধন নাথাকে। গোটেই জীৱনটো ধন উপাৰ্জন কৰিও এওঁলোকে পৰৰ ভাতলৈ আশা পালিবলগীয়া হয়। খৰচী মানুহে নিজৰ অভাৱৰ বাবে উমান নাপায়, তেওঁলোকে প্ৰয়োজনতকৈ বেছি খৰচ কৰে।এইলোকসকলে ভৱিষ্যতৰ চিন্তা নকৰে, এশবাৰ পানীত পৰি কক্ বকাই ফুৰিলেও, তাৰ পৰা কোনো শিক্ষা নলয়। এই লোকসকলৰ কেতিয়াও স্বভাৱৰ পৰিৱৰ্তন নহয়।
৮। অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰৰ বিষয়ে বহলাই আলোচনা কৰা।
উঃ আয় অনুসৰি ব্যয় কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ। মানুহে উপাৰ্জন অনুসৰি খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। আয় অলপ, খৰচ সৰহ-এয়া দৰিদ্ৰতাৰ চিন। কোনো কাৰণত যদি আমাৰ আয় টুটি আহে, সেই অনুপাতে খৰচো কমাব লাগে। খৰচৰ বিষয়ত আমি কেতিয়াও আনৰ বিষয়ে ভাবি লাজ বা দ্বিধা অনুভৱ কৰিব নালাগে। দুখীয়া মানুহে ধনৱন্ত হ’লে, যেনেকৈ বৰ কথা ক’বলৈ লাজ নকৰে, তেনেকৈ ধনী মানুহেও দুখৰ দিনত সেই ধৰণৰ অভিজাত্যৰ বাহাদুৰী দেখুৱা ৰীতি এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানহে নিজৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ আভিজাত্য দেখুৱায়। ই অনুচিত। নিজৰ আৰ্থিক দুৰাৱস্থাৰ কথা আনৰ আগত ইনাই বিনাই কৈ ফুৰাটো যিদৰে উচিত নহয়, তাক ঢাকিবলৈ মিছাৰ আশ্ৰয় লোৱাটোৱো উচিত নহয়। ০ ০ ০.
.
নোট: যদি আপুনি এই ‘ধনৰ ব্যৱহাৰ প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । 0 0 0