নিজৰ সতে দ্বন্দ্ব | ইছমাইল হোছেইন

0

নিজৰ সতে দ্বন্দ্ব | ইছমাইল হোছেইন

নিজৰ সতে দ্বন্দ্ব

নিজৰ সতে দ্বন্দ্ব

–ইছমাইল হোছেইন

ইছমাইল,

বহু বছৰ ধৰি তোক মোৰ আলিঙ্গনত ৰাখিছোঁ

আৰু কিছুকাল আমি এনেদৰেই থাকিম

তোৰ স’তে মোৰ আজন্ম সহবাস

উপবাসৰ দিনবোৰতো একেলগে পাৰ হৈ আহিছো

ভৈয়াম, সাগৰ, নদী, আৰু শিলাময় পাহাৰ।

তোৰ অনুগত হৈ সৈনিকৰ পোছাক পিন্ধিছোঁ

আৰু তোৰেই নিৰ্দ্দেশত বন্দুক টোৱাই দখল কৰিছোঁ

হেৰুৱা বন্দৰ।

তোৰ ভিতৰৰ মানুহজন বৰ অদ্ভূদ

তাৰ স’তে মোৰ অহৰহ দ্বন্দ্ব অহৰহ যুঁজ।

তয়েইতো মোক শিকাইছিলি মানুহৰ বুকু ফালি 

সোমাই যোৱাৰ যাদুকৰী কৌশল

আৰু যুদ্ধাৰম্ভৰ আঁচনি

তয়েইতো মোক দিছিলি স্বত্বাধিকাৰৰ অনুজ্ঞাপত্ৰ

যাৰ বলত চহাইছোঁ মানুহৰ বুকুৰ উবৰ্বৰ মাটি।

যুদ্ধৰ সকলো আঁচনি এৰি এদিন তই গুচি

যাবি মোৰ পৰা

মইয়ো তোৰ অবিহনে স্ব ইচ্ছাই জ্বলাই দিম

মোৰ ঘৰ, যুদ্ধৰ কবচ, মোৰ প্ৰিয় কবিতা,

তোৰ প্ৰিয় গান, স্মৃতি স্বাক্ষৰ;

তই তাৰে জুহালত অকলশৰে সেকিবি

শীতৰ ঠেৰেঙা  হাত।

মূহুৰ্তৰ বাবে তোলৈ এৰি যাম মোৰ

প্ৰাৰ্থনাৰ ৰাতি

নিজানত বহি লিখিবি সোঁৱৰণী কবিতা, 

পাহৰণি গীত।

মূলতঃ স্ববিৰোধিতাত পৰস্পৰে কিছুকাল

কটাম আৰু আগন্তুক শিশুটিৰ বাবে

এৰি যাম কিছু ৰসাল মাটি, বিশুদ্ধ বতাহ,

তেজহীন নদী আৰু কিছু ৰসাল কথা।০ ০ ০

নিজৰ সতে দ্বন্দ্ব

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘নিজৰ স’তে দ্বন্দ্ব | Nijor Sate Danddha | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছেনিজৰ সতে দ্বন্দ্ব

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleঅৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু | ইছমাইল হোছেইন
Next articleমই এখন দেশ বিচাৰিছো | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here