নেতৃত্ব
— আবুল কালাম আজাদ
নেতাৰ নেতৃত্বত খাটি খোৱা
জনতাৰ দেহ ৰক্তাত্ব হয়
প্ৰশাসনৰ গুলিত
কেৱল স্বাৰ্থ ক্ষমতা
অৰ্থ-সম্পদৰ লালসা
এফালে …
সততা ধৰ্ম নিৰপেক্ষতাৰ শ্লোগান
আনফালে …
দুৰ্নীতি সাম্প্ৰদায়িকতাৰ প্ৰতিযোগিতা
নেতাৰ সাম্প্ৰদায়িক বিষভাষ্পত
ফুলকোমলীয়া নৱ প্ৰজন্ম বিষাক্ত।
কিছুমানে ক্ষমতাৰ ৰাগীত
কল্যাণৰ অজুহাতত দুৰ্নীতিৰে
কলাক বগা কৰি গঢ়ে সম্পত্তিৰ পাহাৰ
তথাপি …
সন্তান সন্ততি, পতি-পত্নী ভোকাতুৰ।
জনতাৰ অসহনীয় যন্ত্ৰণা, আৰ্তনাদ
প্ৰতিবাদৰ পথ হেনো বন্ধ
জনতাৰ হতাশা হুমনিয়াহ স্তব্ধ
বুভুক্ষ জনতা পংগুত্বত আবদ্ধ
ই জানো নেতৃত্বৰ প্ৰতিদান?
প্ৰকৃতি সম্প্ৰতি ৰুষ্ট
অপেক্ষা মাথো মহাপ্ৰলয়ৰ ……
সমাগত ——। 0 0 0
বিঃ দ্রঃ আবুল কালাম আজাদৰ উক্ত কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
অতিৰিক্ত অনুসন্ধান:
- মৌলানা আবুল কালাম আজাদ
- হুমায়ুন আজাদ
- অসমীয়া কবিতা
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- বিষ্ণু ৰাভাৰ গীতি কবিতা
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ
- অসমীয়া আধুনিক কবিতা