আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বনকুঁৱৰী’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘বনকুঁৱৰী প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। প্রশ্নোত্তৰ’ চাওঁক:
Table of Contents
বনকুঁৱৰী
চন্দ্ৰকুমাৰ আগৰৱালা
কবি পৰিচয়ঃ
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭- ১৯৩৭) এজন অসমীয়া গীতি-কবি আৰু আলোচনী সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্রহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। ১৯৩৮ চনত গুৱাহাটীৰ নিজ বাসভৱনত তেওঁৰ মৃত্যু হয়।
জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটোৰ দ্বাৰা অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ হয়। জোনাকী যুগৰ সাহিত্যকি আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্ৰথম কাব্য পুথিখনৰ নাম ‘প্ৰতিমা’। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলোচনা প্ৰসঙ্গত কৈছিল, “প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।” ‘বীণ বৰাগী’ হ’ল তেওঁৰ দ্বিতীয় কবিতা পুথি। প্ৰকৃতিত সৌন্দৰ্যৰ সন্ধান, মানৱপ্ৰেম, ভৱিষ্যতৰ প্ৰতি আশাবাদ আৰু প্ৰকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য।
কঠিন শব্দৰ অৰ্থ:
নিজম ঃ নিস্তব্ধ। বিজন ঃ জনহীন। লতিকা ঃ সৰু লতা। কলাঘুমটীয়া ঃ চিল্মিল্কৈ অহা টোপনিৰ অৱস্থা। যক্ষিণী: এক শ্ৰেণীৰ প্ৰেত। দেৱযোনি ঃ উপদেৱতা, ভূত-প্ৰেত আদি। শ্যামল ঃ সেউজীয়া। জলৰ দেৱী নীয়ৰী ঃ কবিয়ে নিয়ৰক জলৰ দেৱী বুলি কল্পনা কৰিছে। অমিয়া ঃ অমৃত।
বনকুঁৱৰী প্রশ্নোত্তৰ
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?
উঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম- বনকুঁৱৰী।
২। বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কি মন্তব্য কৰিছিল?
উঃ বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে মন্তব্য কৰিছিল- ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।’
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল-চন্দ্ৰকুমাৰ আগৰৱালা।
৪। ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?
উঃ ‘প্ৰতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ’ল – প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩
১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম- ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’।
২। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা হয়?
উঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়।
৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উঃ ‘বনকুঁৱৰী’ কবিতাটিৰ লগত জলকুঁৱৰী, গৃহলক্ষ্মী গৃহকুঁৱৰী, বনকুঁৱৰী আদি দেৱীৰ জনবিশ্বাস জড়িত হৈ আছে। অসমীয়া সহজ-সৰল গাঁৱলীয়া লোকে বিশ্বাস কৰে যে এই অশৰীৰী দেৱীসকলে বননি, জলাশয়, মানুহৰ ঘৰ আদিত বসবাস কৰে আৰু সিহঁতে মানুহক বিপদৰ পৰা ৰক্ষা কৰে।
৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছে?
উঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছে।
৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ?
উঃ হাবিৰ মাজত বতাহৰ বা লাগি গছৰ শুকান পাতে মৰমৰ ধবনি তুলিছিল।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাৱ লিখা ।
উঃ প্ৰকৃতি সৌন্দৰ্য, ৰহস্য, আনন্দ আৰু প্ৰেমৰ শ্বাশত আধাৰ। প্ৰকৃতিৰ প্ৰতিটো বস্তুই প্ৰেমময়। প্ৰকৃতিৰ প্ৰতিটো বস্তুয়েই অনুভৱ কৰাজনৰ মনত অনাবিল আনন্দৰ জোৱাৰ তোলে। যখিনী কন্যা বনকুঁৱৰী প্ৰকৃতিৰ মাজতেই ডাঙৰ-দীঘল হৈছে। তাই পূৰ্ণ যৌৱনা। তাইৰ ৰূপত প্ৰকৃতি জগতৰ সকলো জীৱ আৰু প্ৰাণীয়েই মতলীয়া হৈ আনন্দত উফন্দি উঠিছে। মলয়া সমীৰে তাইক প্ৰেম নিবেদন কৰিছে। বনকুঁৱৰীয়েও মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱত হাঁহিৰে সহাঁৰি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈছে। নদ-নদী, জান-জুৰি আদিৰ বুকুত সেই ধুমুহাই উত্তাল ঢৌৰ সৃষ্টি কৰিছে। সেই ঢৌয়ে প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিছে।
২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।
উঃ ১৮৮৯ চনত প্ৰকাশ পোৱা ‘জোনাকী’ নামৰ আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালৰ ‘বনকুঁৱৰী’ শিৰোনামাৰ কবিতাটো আছিল অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম ৰমন্যাসবাদী (ৰোমান্টিক) কবিতা। কবিতাটিত কবিয়ে বনকুঁৱৰী নামৰ এক কাল্পনিক প্ৰকৃতি কন্যাৰ মনোমোহা বৰ্ণনাৰ মাজেদি প্ৰকৃতিৰ (নৈসৰ্গিক) দৃশ্যৰ এক অনিন্দ্য সুন্দৰ সজীৱ চিত্ৰ ফুটাই তুলিছে।
প্ৰকৃতি কন্যা বনকুঁৱৰী প্ৰকৃতিৰ বুকুত উমলি-জামলি ডাঙৰ-দীঘল হৈছে। তাই ভৰ যৌৱনা। প্ৰাণত প্ৰেমৰ স্পন্দন। গোটেই প্ৰকৃতি ৰাজ্যক বনকুঁৱৰীয়ে যেন প্ৰেমৰ আবেগিক জৰীৰে বান্ধি ৰাখিছে। বনকুঁৱৰীৰ মুখৰ সুহুৰিত বিজন বনত গছৰ ডালবোৰ লৰি উঠিছে। পাতবোৰ থৰথৰি কঁপি উঠিছে। লতাবোৰে গছক সাৱটি চুমা যাচিছে। কপৌ চৰায়ে জুমা-জুমি কৰিছে। আনকি নৈয়ে কথা পাতিছে। বিৰখে হাঁহিছে। বনকুঁৱৰীৰ সৌন্দৰ্যত মুগ্ধ হৈ মইনা চৰায়ে মুখৰ মাত পাহৰিছে। বনকুঁৱৰীৰ বাবেই বাঁহে গজালি মেলিছে। প্ৰকৃতি জীয়ৰী বনকুঁৱৰীয়ে জুৰিৰ পাৰত হৰিণা পো ৱালিক মৰম কৰি পানী খুৱাইছে। বনৰ ফুল আৰু পাতেৰে সজ্জিত বনকুঁৱীৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে। বনকুঁৱৰীয়ে মিচিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ ললে। নদ-নদী, জান-জুৰি আদিৰ বুকুত সেই ধুমুহাই উত্তাল ঢৌৰ সৃষ্টি কৰিলে। আৰু সেই ঢৌৱে প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিলে।
এনেদৰে কবিয়ে নৈসৰ্গিক দৃশ্যৰ এক অনিন্দ্য সুন্দৰ মানস চিত্ৰৰ সৃষ্টি কৰিছে।
৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা ।
উঃ ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে ৰহস্যময় অতিপ্ৰাকৃত পৰিৱেশৰ এক সুন্দৰ চিত্ৰ দাঙি ধৰিছে। কবিয়ে কবিতাটিত সহজ সৰল গাঁৱলীয়া মানুহৰ মাজত চলি থকা জনবিশ্বাস যেনে গৃহকঁুৱৰী, গৃহলক্ষ্মী, জলকুঁৱৰী, বনকুৱৰী, যখিনী কন্যা আদিৰ বৰ্ণনা দাঙি ধৰি অতি প্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে । কবিয়ে কৈছে যে বনত থকা যখিনী কন্যাই এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে। আনহাতে আন দুজনীয়ে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে, ফুল ছিঙিছে, কপৌক সাৱটি ধৰি চুমা যাচিছে, খোপাত বনৰ পখিলা গুঁজিছে। মুকুতাৰ মণি শিৰত জিলিকা সৌন্দৰ্যময়ী বনকুঁৱৰীয়ে চুলি মেলি হাঁহি আছে।
এনেদৰে চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্ত্বা লুকাই থাকে কবিয়ে কবিতাটোত তাৰেই সন্ধান কৰিছে। ।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ।
উঃ চন্দ্ৰকুমাৰ আগৰৱালা এজন আগশাৰীৰ অসমীয়া ৰোমান্টিক কবি। ‘জোনাকী’ৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেওঁৰ ‘বনকুঁৱৰী’ কবিতাটিয়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ‘জোনাকী’ আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ বুলি কোৱা হয়। তেওঁ ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’ নামৰ দুখন কবিতা পুথি ৰচনা কৰিছিল। বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতাসমূহৰ ভিতৰত অন্যতম। তেওঁ প্ৰকৃতি, সৌন্দৰ্য, প্ৰেম আদি বিষয়ৰ ওপৰত কবিতা ৰচনা কৰি অসমীয়া কাব্য জগতত এক নতুন ধাৰাৰ জাগৰণ আনে। তেওঁৰ ভাষা সাৱলীল, ছন্দোময় আৰু গাঁৱলীয়া চহা শব্দৰে চহকী। তেওঁৰ কল্পচিত্ৰ অতিপ্ৰাকৃত, অভিনৱ আৰু মনোৰম।
অসমীয়া ৰোমান্টিক কবিসকলৰ মাজত নিঃসন্দেহ তেওঁৰ আসন উচ্চ।
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ
(ক) অথিৰ বায়ুৰ শিয়ঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্রাণীৰ প্রাণ।
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সৌন্দৰ্যৰ ৰাণী বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিৱৰ্তনৰ কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
বনৰ ফুল আৰু পাতেৰে সজ্জিত বনকুঁৱীৰৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে। বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে মিছিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ ললে। নদ-নদী, জান-জুৰি আদিৰ বুকুত সেই ধুমুহাই উত্তাল ঢৌৰ সৃষ্টি কৰিলে আৰু সেই ঢৌৱে প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিলে।
এনেদৰে কবিয়ে নৈসৰ্গিক দৃশ্যৰ এক অনিন্দ্য সুন্দৰ মানস চিত্ৰৰ সৃষ্টি কৰিছে।
(খ) মুকলি চুলিৰে নাম গাই ঘূৰি
চাপৰি টুক্ টুক্ টুক্ ।
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ ।
উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচিত ‘বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
বনকুঁৱৰীয়ে কেনেদৰে প্ৰকৃতিৰ বুকুত নানান খেলা খেলি নিজৰ অপৰূপ সৌন্দৰ্যৰে মানুহক মুগ্ধ কৰিছে তাৰ চিত্ৰ অংকন কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
কবিয়ে কবিতাটিত প্ৰকৃতিৰ ৰূপক সৌন্দৰ্যময়ী নাৰীৰ ৰূপত কল্পনা কৰিছে । কবিয়ে কল্পনা কৰিছে যেন বনৰ দেৱী বনকুঁৱৰীয়ে প্ৰকৃতি জগতখনক মোহময়ী কৰি তুলিছে। তাই শোড়শী গাৰুৰৰ দৰে মুকলি চুলিৰে আঁহত গছৰ তলত নাচি নাচি নাম গাইছে, লগতে টুক টুক চাপৰি বজাই প্ৰকৃতিৰাজ্য আনন্দৰে ভৰাই তুলিছে। তাই ইমানেই ৰূহপী যে কোনো মানৱে ইয়াৰ আগতে এনে সৌন্দৰ্যময়ী নাৰী দেখা পোৱা নাই। প্ৰকৃতি সত্ত্বাৰ এই ভুৱন ভোলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকিয়াঁ হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে ।
অতিৰিক্ত প্রশ্নোত্তৰ
তলত দিয়া প্রশ্নবোৰৰচমু উত্তৰ দিয়া (মূল্যাংক -১)
(ক) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল?
উঃ শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্রহ্মজান গাঁৱত।
(খ) ‘জোনাকী’ আলোচনী কেতিয়াৰ পৰা প্রকাশ পায়?
উঃ ১৮৮৯ চনৰ পৰা।
(গ) চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি?
উঃ হৰিবিলাস আগৰৱালা।
(ঘ) ‘মুকলি চুলিৰে নাম গায় ঘূৰি
চাপৰি টুক্ টুক্ টুক্। ঃ ইয়াত কাৰ কথা কোৱা হৈছে?
উঃ ইয়াত যক্ষিণী কন্যা বনকুঁৱৰীৰ কথা কোৱা হৈছে।
(ঙ) বনকুঁৱৰীৰ শিৰত কি জিলিকি আছিল?
উঃ মৰকত মণি।
(চ) যক্ষিণী ছোৱালী দুজনীয়ে কি সাজ পিন্ধি আছিল?
উঃ বনফুলৰ সাজ।
(ছ) আহঁতৰ তলত কোনে নাচিছিল?
উঃ যক্ষিণী ছোৱালীয়ে।
(জ) ‘অকণি বুকুত ইটিক সুমাই
সিটিয়ে মৰম যাচে।’ ঃ ইয়াত কোনে কাক মৰম যচাৰ কথা কৈছে?
উঃ ইয়াত দুটি কপৌয়ে ইটিয়ে সিটিক মৰম যচাৰ কথা কৈছে।
(ঝ) যক্ষিণী কন্যালৈ কোনে ৰ্ লাগি চাই থাকে?
উঃ হৰিণা পোৱালিয়ে। ০ ০ ০.