বিশ্বৰ ছন্দে ছন্দে | বিষ্ণু ৰাভা

0

বিশ্বৰ ছন্দে ছন্দে | বিষ্ণু ৰাভা

বিশ্বৰ ছন্দে ছন্দে বিষ্ণু ৰাভা

বিশ্বৰ ছন্দে ছন্দে

–বিষ্ণু ৰাভা

বিশ্বৰ ছন্দে ছন্দে
মহানন্দে আনন্দে নাচা
নাচা,
তমোহৰদেউ নাচা।
বন্দে–
আজি সব ভকত বৃন্দে
বন্দে-
তব চৰণ কমল বন্দে।
জ্বলোৱা সাগ্নিক তপো-হোম বহ্নি
বিনাশক এন্ধাৰ তব জয়ী অগ্নি
বিশ্বৰে দেউলত জ্ঞানৰে বন্তি
আলোকৰে শিখা উঠে নাচি
অজ্ঞান এন্ধাৰ বিনাশি
পুলকানন্দে-
বন্দে আজি সব ….
নাচোনৰ তালে তালে
পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে
বিকশিত ফুলনি
আমোল মোল কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে | Bishwar Chande Chande Mahanande’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleদূৰ আৰবত মৰুৰ বুকুত | বিষ্ণু ৰাভা
Next articleতোমাৰ ফুলৰ মালা | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here