আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বৰগীতঃ জয় জয় যাধৱ জলনিধিজা’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘বৰগীতঃ জয় জয় যাধৱ জলনিধিজা প্রশ্নোত্তৰ‘খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘বৰগীতঃ জয় জয় যাধৱ জলনিধিজা প্রশ্নোত্তৰ’ চাওঁক:
Table of Contents
বৰগীতঃ জয় জয় যাধৱ জলনিধিজা
শ্ৰীমন্ত শংকৰদেৱ
কবি পৰিচয়ঃ
শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুড়ীমাক খেৰসুতিয়ে শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে।
বুড়ীমাক খেৰসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভৰ্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্ৰত পাৰ্গত হৈ উঠে।
১৪৮১ চনত তেওঁ ১৭ জন সঙ্গীৰ সৈতে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলায়। এই ভ্ৰমণ কালত তেওঁ উত্তৰ ভাৰতৰ প্ৰায়বোৰ তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। সেই সময়ত অসমৰ সামাজিক আৰু ধৰ্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ মানসেৰে তেওঁ ‘ভাগৱত গীতা’ৰ ভিত্তিত এক নতুন ধৰ্মমতৰ পাতনি মেলে। সেই ধৰ্মক ‘নৱবৈষ্ণৱ ধৰ্ম’ বুলি কোৱা হয়। ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ — হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্ৰ। তেওঁ তেওঁৰ ধৰ্মমত প্ৰচাৰৰ মাধ্যম হিচাপে সাহিত্য ৰচনা কৰিবলৈ লয়।
তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-
কাব্যঃ হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ আদি।
ভক্তিমূলক পুথিঃ ভক্তি প্ৰদীপ, নিমি-নৱসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ, অনাদি পতন আদি।
নাম প্রসঙ্গমূলক পুথিঃ কীৰ্তন ঘোষা, গুণমালা আদি।
অনুবাদমূলক পুথিঃ ভাগৱত, আৰু উত্তৰাকাণ্ড ৰামায়ণ।
অংকীয়া নাটঃ পত্নী প্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।
গীতঃ বৰগীত, ভটিমা।
শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক সৃষ্টিকৰ্মসমূহৰ কীৰ্তিস্তম্ভ স্বৰূপ।
শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধৰ্ম দি যোৱাই নহয়, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান আগবঢ়াই অসমীয়া জাতিক এক স্বকীয়তা প্ৰদান কৰি গৈছে।
এইজন মহাপুৰুষে ১৫৬৮ চনত এশ ঊনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে। 0 0 0
কঠিন শব্দৰ অৰ্থ:
জলনিধিঃ সাগৰ (ইয়াত ‘জল’ মানে পানী আৰু ‘নিধি’ মানে ভাণ্ডাৰ অৰ্থাৎ পানীৰ উৎস)।
জলনিধিজাঃ সাগৰ কন্যা। ইয়াত লক্ষ্মীদেৱীক বুজোৱা হৈছে। কাৰণ দেৱাসুৰে লগলাগি সাগৰ মন্থন কৰোতে লক্ষ্মীৰ উৎপত্তি হৈছিল। সেয়ে তাইক ‘জলনিধিজা’ বুলি কোৱা হয়।
ধৱঃ পতি, স্বামী। ইয়াৰ শ্ৰীকৃষ্ণ।
ধাতাঃ নাৰায়ণ।
শ্ৰুতঃ শুনা, শ্ৰৱণ কৰা।
শ্ৰুতমাত্ৰাঃ শ্ৰৱণ কৰা মাত্ৰকে।
অখিলঃ পৃথিৱী।
ত্ৰাতাঃ উদ্ধাৰ কৰোতা।
শ্ৰতমাত্ৰাখিলত্ৰাতাঃ শ্ৰৱণ কৰা মাত্ৰকে উদ্ধাৰ কৰোতা (শ্ৰীকৃষ্ণ)।
সিদ্ধিঃ কামনা পূৰ্ণ হোৱা।
মুকুতিঃ মুক্তি, উদ্ধাৰ।
জগজনজীৱনঃ জগতৰ সকলোৰে জীৱন স্বৰূপ।
অজয়ঃ যাৰ জন্ম নাই, চিৰন্তন।
জনাৰ্দনঃ যি মায়াৰ অতীত অৰ্থাৎ যাক মায়াই বশ কৰিব নোৱাৰে। ইয়াত শ্ৰীকৃষ্ণ।
দনুজঃ ৰাক্ষক।
মহদানন্দঃ পৰম আনন্দ।
কন্দঃ মূল।
মহদানন্দকন্দঃ পৰম আনন্দৰ মূল। শ্ৰীকৃষ্ণ।
নন্দনন্দনঃ নন্দৰ পুত্ৰ শ্ৰীকৃষ্ণ।
বিবিধ বিহাৰঃ নানবিধ ক্ৰীড়া।
বিশাৰদঃ নিপুণ।
শাৰদঃ শৰৎ কালৰ।
ইন্দুনিন্দিঃ ‘ইন্দু’ মানে চন্দ্ৰ, ‘নিন্দি’ মানে নিন্দা কৰা।
পৰকাশীঃ প্ৰকাশিত হোৱা।
শেষ শয়নঃ অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা (শ্ৰীকৃষ্ণ)।
শিৱঃ মহাদেৱ।
কেশী বিনাশনঃ কেশী নামৰ অসুৰক বধ কৰোঁতা।
শাৰদ ইন্দু নিন্দিঃ শৰৎ কালৰ চন্দ্ৰতকৈয়ো অধিক সুন্দৰ।
জগতবন্ধুবিধুঃ শ্ৰীকৃষ্ণ।
মধুৰিপুঃ শ্ৰীকৃষ্ণ।
মূৰনাশীঃ মূৰ নামৰ অসুৰক নাশ কৰোঁতা, শ্ৰকৃষ্ণ।
সৰোৰুহঃ পদুম ফুল।
বৰগীতঃ জয় জয় যাধৱ জলনিধিজা প্রশ্নোত্তৰ
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হ’ল ‘মন মেৰি ৰাম চৰণহি লাগু’।
২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
উঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম ‘ভক্তি ৰত্নাকৰ’।
৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উঃ শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল।
৪। বৰগীতবোৰ কি ভাষাত ৰচিত?
উঃ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত।
৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উঃ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্ৰকাশ ।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩
১। ‘শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?
উঃ ‘শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা ।
ইয়াৰদ্বাৰা ‘ভগৱান শ্ৰীকৃষ্ণ’ৰ কথা কোৱা হৈছে ।
২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা।
উঃ বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-কেশী আৰু মুৰ ।
৩। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উঃ বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ।
৪। শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উঃ শ্ৰীকৃষ্ণই মৎস্য অৱতাৰত প্লাৱনৰ পৰা সৃষ্টি হোৱা প্ৰলয়ংকৰী জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিছিল।
৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্রকাশ কৰিছে?
উঃ বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয়। তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাব লিখা।
উঃ শ্ৰীকৃষ্ণ হৈছে জগতৰ ঈশ্বৰ। তেঁৱেই সকলোৰে ত্ৰাণকৰ্তা। তেওঁৰ মহিমা অপাৰ, তেওঁ পৰম মংগলময় তেওঁৰ নাম লোৱা মাত্ৰকে সকলোৰে দুখ মোচন হয়। তেওঁ চিৰন্তন, সত্য আৰু সনাতন। তেওঁৰ চৰণত সেৱা কৰি পাপী-তাপী মানৱে উদ্ধাৰ পাব পাৰে।
২। বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উঃ ‘জয় জয় যাধৱ জলনিধিজা’ বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্ৰকাশিত হৈছে । বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণ ‘শ্ৰুতমাত্ৰাখিলত্ৰাতা’। অৰ্থাৎ তেওঁৰ নাম স্মৰণ আৰু শ্ৰৱণ কৰা মাত্ৰকে পাপী-তাপী সকলোৱে উদ্ধাৰ পাব পাৰে। তেওঁৰ শক্তি অপাৰ। তেওঁ প্ৰলয় জলৰ পৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল। কেশী, মধু, মুৰ আদি অপৰাজেয় অসুৰসকলক বধ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল। শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত কবিয়ে প্ৰণিপাত জনাইছে।
৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ।
উঃ বৰগীতটিত শ্ৰীকৃষ্ণৰ অপৰূপ অৱয়বৰ বৰ্ণনা আছে । কবিয়ে শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে।’ শাৰদ ইন্দু নিন্দি’ বুলি উল্লেখ কৰি কবিয়ে কৈছে যে, পীতাম্বৰৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ সৌন্দৰ্যও ম্লান পৰি গৈছে । এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ গুণ-গান কৰিছে ।
৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা।
উঃ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ‘ জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত। গীতটো আশোৱাৰী ৰাগত বন্ধা। বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে। বৰগীতটি ব্ৰজাৱলী ভাষাত লিখা হৈছে । কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে । অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্ৰ প্ৰদান কৰিছে । যেনে- ‘জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী’। তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে ।
৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী।
মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।
উঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘জয জয় জলনিধিজা’ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে ।
ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ আৰু অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।
ভগৱান শ্ৰীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ। এৱেঁই সকলোকে পালন কৰি থকাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে । তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে। নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম গ্ৰহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দৰ উৎস । তেওঁৰ অপাৰ মহিমাই সকলোৰে পাপ নাশ কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ
১। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি হ’ল ‘কীৰ্তন ঘোষা’।
২। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা ।
উঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম- ‘কীৰ্তন ঘোষা’ আৰু ‘গুণমালা’।
৩। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?
উঃ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ হ’ল- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ আদি।
৪। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা ।
উঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখন হ’ল- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন আদি।
৫। শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত কি কি?
উঃ শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত হ’ল-বৰগীত, ভটিমা, টোটয় আৰু চপয় ।
৬। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?
উঃ শংকৰদেৱ ৰচিত ছয়খন নাট হ’ল- পত্নীপ্ৰসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম-বিজয়।
৭। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থসমূহ কি কি?
উঃ শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থসমূহ হ’ল- ভাগৱত, উত্তৰাকাণ্ড ৰামায়ণ। ০ ০ ০