মই জানো ইমান নিঠুৰ । অমূল্য বৰুৱা

0

মই জানো ইমান নিঠুৰ । অমূল্য বৰুৱা

মই জানো ইমান নিঠুৰ । অমূল্য বৰুৱা  

মই জানো ইমান নিঠুৰ

–অমূল্য বৰুৱা 

মই ভাবোঁ মোৰ হিয়াখনি

সীমাহীন মৰমেৰে পূৰ;

তুমি ভাবা হিয়খনি মোৰ

হিয়াহীন তেনেই নিঠুৰ !

ভুল সখী তোমাৰেই ভুল

বুজা হলে হিয়াখনি মোৰ,

নকলাহেঁতেন বুলি তুমি

‘হিয়াহীন ইমান নিঠুৰ !’

পৰাণৰ প্ৰতিটি ধ্বনিত

বাজি উঠে সুৰ সুমধুৰ,

সিয়ো যদি নহয় আপোন

হব নেকি দূৰ বহুদূৰ !

মই ভাবোঁ মোৰেই সুৰত

বাজি উঠে বাহিৰত গান ;

বাজি উঠে মোৰ সুৰ লয়ে

হিয়া ভৰা কেতেকীৰ তান !

তুমি ভাবা নিঠুৰ পৰাণে

নুবুজাৰ ভাও ধৰি মই,

উপহাসি তোমাৰ হৃদয়

গুচি যাওঁ নিমৰমী হ’ই !

পচোৱায়ো ভাঙে খুন্দা মাৰি

তুমি ভাবা হিয়া খনি মোৰ,

তেনেহলে আজি কোনে কয়-

“হিয়াহীন ইমান নিঠুৰ” !

শুনিছাতো বলিয়া অলিৰ

গুণ গুণ মিঠা মধু সুৰ,

সিও বাৰু হব নেকি সখী

হিয়াহীন তেনেই নিঠুৰ ?

সীমাহীন প্ৰেমৰ ফুলনি

তুমি হলা তাৰে এটি ফুল

মই হলোঁ অলিয়া বলিয়া

মতলীয়া অলি বিয়াকুল !

তথাপিও নুবুজাৰ দৰে

ভয় কৰা হিয়া খনি মোৰ,

ভয় কৰে মৰম চেনেহ

ভাবি তুমি তেনেই নিঠুৰ !

কব পাৰা অভিমান কৰি

হিয়া হীন মোৰ হিয়াখনি,

আৰু তোমাৰেই হিয়াখনি

সেউজীয়া কোমল বননি !

ময়ো তেনে কম আজি সখী

নীলিমাৰ কোমলতা সনা

মোৰ এই সৰু হিয়াখনি

আলসুৱা নিয়ৰৰ কণা !

তুমি যদি কোৱা কান্দি কান্দি

হলোঁ বুলি তেনেই নিঠুৰ,

ময়ো তেনে উচুপি শুধিম

মই জানো ইমান নিঠুৰ ?  ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘মই জানো ইমান নিঠুৰ | Moi Jano  Iman Nisthur’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleবিপ্লৱী । অমূল্য বৰুৱা
Next articleতোলৈ আৰু তেওঁলৈ। অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here