মহামাৰী কৰোনা

0

 

মহামাৰী কৰোনা

মহামাৰী কৰোনা

— আবুল কালাম আজাদ 

 

মহামাৰী কৰোনাৰ কৰুণ দৃশ্য

কৰোনা আক্ৰান্তৰ অপলক দৃষ্টি

ম্ৰিয়মাণ নিষ্প্ৰভ শয্যাশায়ী

দেহাৱসানৰ মূমুৰ্ষু মূহুৰ্ত ।

 

নানা ৰূপত কৰোনাক্ৰান্ত

নিঃশেষ কত জন জীৱন

নিঃসঙ্গ কত আত্মীয় স্বজন

আশ্ৰয়হীন কত মানৱ সন্তান।

 

কৰোনা নুবোজে কৰুণাৰ ভাষা

নাই শয্যাশায়ীৰ মুক্তিৰ আশা

কৰোনাৰ নিৰ্মম বিভীষিকা

বিভ্ৰান্ত বিমূঢ় মহামানৱ যন্ত্ৰ।

মৰা শ সৎকাৰৰ অভাৱত

উঠাই দিলে গংগাৰ বুকুত

প্ৰকৃতিৰ দুৰ্দান্ত দুৰ্যোগ অৱহিত

মহামাৰী কৰোনাৰ আক্ৰমণ

মহাপ্ৰলয়ৰ অশুভ আগমন । 0 0 0

বিঃ দ্রঃ আবুল কালাম আজাদ উক্ত কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা

 

Previous articleসংগ্ৰাম
Next articleসংগ্ৰামী মন

LEAVE A REPLY

Please enter your comment!
Please enter your name here