মহৎ বাণী-খ

0

মহৎ বাণী-খ

মহৎ বাণী-খ

মহৎ বাণী-খ 

একমাত্ৰ পৰিশ্ৰমেৰেহে সকলো জয় কৰিব পাৰি। –মহাকবি হোমাৰ

কাৰো মৃত্যু উৰি যোৱা গংগা চিলনীৰ সৰি পৰা পাখি আৰু কাৰো মৃত্যু খহি পৰা পৰ্বতৰ চূড়া। –হেমাঙ্গ বিশ্বাস

ঈশ্বৰ বিশ্বাসীসকল পৰস্পৰে পৰস্পৰৰ ভাই-ভনী। –হজৰত মহম্মদ

এনে সময় আছে যেতিয়া একো কোৱা উচিত নহয়। আকৌ এনে সময় আছে যেতিয়া কিছু কোৱা উচিত। কিন্তু এনেকুৱা কোনো সময় নাই যেতিয়া সকলো কোৱা উচিত। –লেটিন পটন্তৰ

ঈশ্বৰৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰিব পৰাটোৱেই হৈছে জীৱনৰ শ্রেষ্ঠ কাম। –হজৰত মহম্মদ

মানুহে জন্মতে ভাল হৈয়ে জন্মে, কিন্তু সমাজে তেওঁক বেয়া কৰে। –ৰুচো

পোহৰ ঈশ্বৰৰ ছাঁ। — প্লেটো মহৎ বাণী-খ

তোমাৰ দুখৰ কাৰণ যিয়েই নহওঁক কিয় তাৰ বাবে কেতিয়াও আনক আঘাত নকৰিবা। –গৌতম বুদ্ধ

ৰাজনীতি মাত্ৰ এটা মূহুৰ্তৰ বাবে, কিন্তু সমীকৰণ হ’ল শাশ্বত কালৰ বােব। –এলবাৰ্ট আইনষ্টাইন

১০

পৃথিৱীৰ আটাইতকৈ বেয়া কাম হৈছে আনৰ সুনাম নষ্ট কৰা। –ৰামকৃষ্ণ পৰমহংস

১১

কাম কৰি যোৱাই হ’ল জীৱন। আনন্দ উপভোগ কৰা আৰু যন্ত্ৰণা তাৰ ফল। –গ্যেটে

১২

সংঘাত নোহোৱাকৈ কোনো নাটক নহয়।–পটন্তৰ মহৎ বাণী-খ

১৩

ব্যক্তিত্ব আৰু ব্যক্তিস্বাৰ্থ চৰিতাৰ্থৰ বাবে দল সৃষ্টি কৰোতাজন সমাজ আৰু দেশৰ জঘন্য শত্ৰু । –মৌলনা আবুল কালাম আজাদ

১৪

বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পোহৰত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। –সত্যনাথ বৰা

১৫

মুখ জপাই থাকিবলৈ সমৰ্থ হ’লে পানীৰ তলৰ মাছো বিপদত নপৰে। –কেৰিয়ান পটন্তৰ মহৎ বাণী-খ

১৬

কৰ্মই উপাসনা আৰু হাঁহিয়েই জীৱন। যিজনে জীৱনত সুখ আৰু দুখক হাঁহিমুখে গ্ৰহণ কৰিব পাৰে, তেওঁহে জীৱনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। –চৰ্দাৰ ভল্লৱভাই পেটেল

১৭

দুজন ব্যক্তিৰ মাজত থকা আটাইতকৈ কম দূৰত্বকেই হাঁহি বোলে। –ভিক্টৰ বৰ্গ

১৮

শ্ৰম নকৰি আহাৰ খোৱা, চোৰ কৰি আহাৰ খোৱাৰ দৰে। –যীশু খ্ৰীষ্ট

১৯

শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। –এৰিষ্টটল

২০

কুলি চৰাইৰ সৌন্দৰ্য মাতত, পত্নীৰ সৌন্দৰ্য বিশ্বাসত, কুৰূপৰ সৌন্দৰ্য জ্ঞানত আৰু সাধুৰ সৌন্দৰ্য ক্ষমাত। –চানক্য। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহান বাণী
Previous articleমহৎ বাণী-ক
Next articleবেশ্যা । অমূল্য বৰুৱা 

LEAVE A REPLY

Please enter your comment!
Please enter your name here