মহৎ বাণী-গ

0

মহৎ বাণী-গ

মহৎ বাণী-গ

মহৎ বাণী-গ 

সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। –স্বামী বিবেকানন্দ

সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য। –জন কীটচ্‌ মহৎ বাণী-গ

বিদ্যাৰ সমান বন্ধু নাই, পুত্ৰ-স্নেহৰ সমান স্নেহ নাই আৰু  দৈৱৰ সমান বল নাই। –চানক্য

আচলতে শিক্ষানুষ্ঠান হ’ল একোখন সৰু সমাজ। এনে সমাজৰ এক সুস্থ সবল পৰিৱেশত থাকি ছাত্ৰ-ছাত্ৰীসকলে যাতে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তাৰ প্ৰতি সকলোৱে চকু দিয়া উচিত। –জন ডিউই

যাৰ যোগ্যতা যিমানে কম তেওঁৰ অহংকাৰ সিমানে বেছি। –ৰবীন্দ্ৰনাথ ঠাকুৰ

তোমাৰ তিনিখন মুখমণ্ডল আছে। ইয়াৰ প্ৰথমখন পৃথিৱীয়ে দেখিবলৈ পায়, দ্বিতীয়খন তোমাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে দেখিবলৈ পায় আৰু তৃতীয়খন তুমি কাকো নেদেখুওৱা। ই হৈছে তুমি প্ৰকৃততে কি তাৰ প্ৰতিফলন। –জাপানী পটন্তৰ মহৎ বাণী-গ

এজন ভাল মানুহে হেজাৰজনী তিৰোতাক ভাল নেপায়। তেওঁ এজন নাৰীকে হেজাৰ ধৰণে ভাল পায়। –পাশ্চাত্য প্ৰৱচন

তুমি তোমাৰ খং, অসন্তুষ্টি, দোষ আৰু আনক দোষাৰূপ কৰা এৰি দিয়া, দেখিবা তোমাৰ স্বাস্থ্য আৰু জীৱনৰ বহুত উন্নতি হৈছে। –চাৰ্লচ গ্লাচমেন

মই পৰিপূৰ্ণ জীৱন নিবিচাৰোঁ। মই মাত্ৰ সুখী হ’ব বিচাৰোঁ সেইসকল বন্ধু-বান্ধৱীৰ সৈতে যিসকলে মোক ভাল পায় মোৰ গুণৰ কাৰণে। –স্পিৰিট চায়েন্স

১০

তুমি যদি সুখী হ’ব বিচৰা তেন্তে সেই সকলৰ লগত থাকা যিসকলে তোমাক হঁহুৱায়। –চীনদেশীয় প্ৰৱচন

১১

তোমাৰ ভৱিষ্যত তোমাৰ সন্মুখত আছে বৰফেৰে পৰিপূৰ্ণ পথাৰৰ দৰে। তুমি তোমাৰ প্ৰতিটো খোজ বৰ সাৱধানে দিবা কাৰণ তোমাৰ প্ৰতিটো খোজৰ চিন থাকি যাব। –জাপানী পটন্তৰ

১২

কোনো জাতি বা ৰাষ্ট্ৰ সফল হ’ব নোৱাৰে যদিহে ইয়াৰ শাসনভাৰ কোনো নাৰীৰ হাতত থাকে। –হজৰত মহম্মদ

১৩

খঙে  মানুহৰ সুখ চোৰ কৰে। –ইংলিচ প্ৰৱচন

১৪

তুমি তোমাৰ মাকৰ লগত উচ্চসুৰত কথা নাপাতিবা কাৰণ তোমাৰ মাকে তোমাক কথা ক’বলৈ শিকাইছে। –হজৰত আলী

১৫

আমাৰ শৰীৰত এনে এক অংগ আছে যি নষ্ট হ’লে সমস্ত শৰীৰ আৰু মন নষ্ট হৈ যায়, সি হ’ল আমাৰ অন্তৰ। –হজৰত মহম্মদ মহৎ বাণী-গ

১৬

অসমৰ যি কৃষ্টি-সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব। যি নতুন আহিছে তাক অসমীয়া ঠাঁচত সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতাই পূৰ্ণতা পাব আৰু অসমীয়া জাতি জীয়াই থাকিব। –কলাগুৰু বিষ্ণু ৰাভা

১৭

আমি দুখীয়া হ’ব পাৰোঁ কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। –মাওঁ চে তুং

১৮

কোনো মানুহইে ভাবিব নালাগে যে সমাজত তেওঁৰ কোনো প্ৰভাৱ নাই। তেওঁ এজন নগন্য মানুহ হ’ব পাৰে। কিন্তু তেওঁ যদি চিন্তা কৰে তেন্তে তেওঁ এটা শক্তিত পৰিণত হয়। তেওঁ আনৰ বাট পোহৰাব পাৰে। –হেনৰী জৰ্জ

১৯

যিসকলে অতীতক মনত ৰাখিব নোৱাৰে, তেওঁলোকে ভুলকেই কৰি থাকে। –জৰ্জ মন্টানা

২০

মই এনেকুৱা বিদ্যা আৰু সাহিত্য কামনা কৰোঁ, যিয়ে মানুহৰ অন্তৰ প্ৰফুল্ল কৰিব পাৰে। –মহাত্মা গান্ধী। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
Previous articleমহৎ বাণী-ঞ
Next articleমহৎ  বাণী-ঘ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here