মহৎ  বাণী-ঙ

0

মহৎ  বাণী-ঙ

মহৎ  বাণী-ঙ

মহৎ  বাণী-ঙ

ঈশ্বৰক ভক্তি কৰাত জাতি অজাতি কোনো বিচাৰ নাই, কৃষ্ণক ভক্তি কৰাত সকলোৰে অধিকাৰ আছে। –শ্ৰীমন্ত শংকৰদেৱ

যেতিয়া কোনোবা এজন মানুহ অধিক ভোকাতুৰ হয়, তেওঁ খুব ভাল আৰু সুস্বাদু খাদ্যৰ বাবে অপেক্ষা কৰিব নোৱাৰে। –ফ্রেন্স কাফকা

এটা জাতিৰ সমূহীয়া শিক্ষা কিতাপৰ ওপৰত নিৰ্ভৰ কৰে। চিন্তাৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চাৰণৰ বাবে কিতাপেই একমাত্ৰ মাধ্যম। –ৰোজাৰ্চ

আধ্যাত্মিক জীৱন হ’ল মৃত্যুক গ্ৰহণ কৰা প্ৰশিক্ষণ মাত্ৰ। –আৰ্থাৰ কোৱেষ্টালাৰ

শিক্ষা হৈছে সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। –প্লেটো

আমাৰ মুখৰ ৰুটি যদি কোনোবাই কাঢ়ি লয় তেন্তে তেওঁৰ ডিঙিত আঙুলি সোমাই সেয়া উলিয়াই অনা আমাৰ কৰ্তব্য। –প্ৰেম চান্দ

নৈতিকতাই হৈছে ধৰ্মৰ মূলমন্ত্ৰ। ইয়াৰ বাহিৰে কোনো ধৰ্ম থাকিব নোৱাৰে। –বি. আৰ. আম্বেদকাৰ মহৎ  বাণী-ঙ

ইতিহাস দৰাচলতে মানৱ জাতিৰ অপৰাধ, মূৰ্খতাৰ তালিকাৰ বাহিৰে আন একো নহয়। –এডৱাৰ্ড গিবন

জীৱনত কৃতকাৰ্যতা লাভ কৰাটো গৌৰৱৰ কথা নহয়। অকৃতকাৰ্যতাৰ পৰা সফলতা লাভ কৰিবলৈ চেষ্টা কৰোটোহে ডাঙৰ কথা। –কাৰ্লাইল

১০

মানুহ এজন নমৰালৈকে কেতিয়াও সুখী বুলি নক’বা। খুব বেছি তেওঁ এজন ভাগ্যবান মানুহ বুলি ক’ব পাৰা। –ছোলন

১১

প্ৰতিটো কিতাপৰ আঁৰত এজন মানুহ থাকে। মানুহজনৰ আঁৰত একোটা জাতি থাকে। জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক বাতাবৰণ থাকে। আচলতে এই সকলোবোৰৰ প্ৰভাৱ একোটা কিতাপত প্ৰতিফলিত হয়। –উইলিয়াম জে. লং

১২

তুমি নঞাৰ্থক মানুহৰ লগত যিমানেই কম মিলামিছা কৰিবা সিমানেই তোমাৰ জীৱনটো শান্তিপূৰ্ণ হ’ব। –স্পিৰিট চায়েন্স

১৩

এজন মানুহ যেতিয়া কাৰোবাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয়, তেতিয়া সি প্ৰায় সকলো মানুহকে ভয় পাবলৈ ধৰে। –স্পিৰিট চায়েন্স

১৪

যিজন মানুহ তোমাৰ প্ৰতি যত্নবান তেওঁক কেতিয়াও দূৰলৈ ঠেলি নিদিবা কাৰণ সি পুনৰাই তোমাৰ ওচৰলৈ নাহে। –কিউৰিঅ’ ডট কম মহৎ  বাণী-ঙ

১৫

প্ৰতিজন ব্যক্তিৰে  আনক সুখী কৰাৰ সামৰ্থ আছে। কিছুমানে ঘৰৰ ভিতৰলৈ সোমাই সুখী কৰে আন কিছুমানে ঘৰৰ পৰা ওলাই সুখী কৰে। –কিউৰিঅ’ ডট কম

১৬

মই সুখী কাৰণ মই যি নহওঁ তাৰ বাবে ভাও নিদিওঁ। –মেনোনিমাচ

১৭

কাৰোবাৰ পৰা সুখ পোৱাটোৱেই সম্পৰ্ক নহয়। সম্পৰ্ক হ’ল তোমাৰ সুখ ভগাই লোৱা ব্যক্তিসকলৰ লগতহে। –অসমীয়া প্ৰৱচন

১৮

সুখী হ’বৰ বাবে কোনো চমু বাট নাই। সুখী হোৱাৰ বাটত কিছু কষ্ট আৰু যন্ত্ৰণা থাকে। –স্পিৰিট চায়েন্স

১৯

যিসকলে পৰকালত বিশ্বাস ৰাখে তেওঁ যেন ভাল কথা কয়, নহয় নীৰৱ থাকে। –বোখাৰী শ্বৰিফ মহৎ  বাণী-ঙ

২০

নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে। –প্লেটো।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
Previous articleReady Guide H S 2nd Yr English
Next articleমহৎ বাণী-চ

LEAVE A REPLY

Please enter your comment!
Please enter your name here