মহৎ বাণী-চ

0

মহৎ বাণী-চ

মহৎ বাণী-চ

মহৎ বাণী-চ

সপোন দেখি ছবি আঁকি থকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয়। নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আাঁকিব পৰা শিল্পীহে আমাক লাগে। –জ্যোতিপ্ৰসাদ আগৰৱালা ।মহৎ বাণী-চ

মোৰ শ, শ, হাজাৰ, হাজাৰ লোক ধবংস হৈ যাওঁক, তথাপি সত্যৰ জয় হওঁক। –মহাত্মা গান্ধী।

দেশৰ দৰিদ্ৰতা, অজ্ঞানতা, গুচাবৰ প্ৰধান উপায় শিক্ষা। শাৰীৰিক, মানসিক, আৰু আৰ্থিক উন্নতিৰ উপায় হ’ল শিক্ষা। –আনন্দচন্দ্ৰ আগৰৱালা

সুন্দৰ, ঘৃণিত, উদাৰ বা নীচ উগ্ৰ চিত্ত প্ৰসাৰী গহন বা বিকৃত বস্তু এনেকি অবস্তুত এনে একো নাই  যিটো কবিৰ ভাৱনাৰ দ্বাৰা ভাৱিত হৈ লোক সমাজত ৰস ৰূপে প্ৰতীত নহয়। –আচাৰ্য ধনঞ্জয়

অকল মানসিক বা বুদ্ধি-জ্ঞান চৰ্চাত আবদ্ধ থাকিলেই প্ৰকৃত শিক্ষা নহয়। শিক্ষা নৈতিক আৰু দৈনিক জীৱনৰ লাগতিয়াল অৰ্থাৎ আধ্যাত্মিক আৰু সাংসাৰিক জীৱন যাত্ৰাৰ কার্যবোৰৰ সহায়ক হ’ব লাগে। –লক্ষ্মীনাথ বেজবৰুৱা

বৰ্বৰ জাতিৰ বাহিৰে সমগ্ৰ ভূমণ্ডলৰ মানৱ জাতিক পৰিচালনা কৰে কিতাপে। –ভলটেয়াৰ

যাৰ দুই চকু ফুটিলে তেওঁ প্ৰকৃত অন্ধ নহয়, যি নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেঁৱেই প্ৰকৃত অন্ধ। –মহাত্মা গান্ধী

বেলি মাৰ যায়, কিন্তু গ্ৰহ-উপগ্ৰহই তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক বাট দেখুৱায়। কোনো ব্যক্তি পৃথিৱীত নাইকীয়া হয়, কিন্তু তেওঁৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ জাতিক পোহৰ দি থাকে। –ড⁰ বাণীকান্ত কাকতি ।মহৎ বাণী-চ

প্ৰচুৰ ধন-সম্পত্তিৰ মাজত কোনো সুখ নাই। মনৰ সন্তুষ্টিৰ মাজত প্ৰকৃত সুখ নিহিত হৈ আছে। –হজৰত মহম্মদ

১০

মানুহক অধ্যয়ন কৰিব জানিলেই প্ৰকৃত জ্ঞান লাভ হয় আৰু সেই উপলব্ধিয়েই প্ৰকৃত সাহিত্য সৃৃষ্টিৰ উপাদান। –মেক্সিম গোৰ্কী

১১

যিয়ে মানৱ জীৱনৰ সুখ, শান্তি আৰু আনন্দ যোগান ধৰি আনন্দৰ পৰা আনন্দলৈ লৈ যায় সিয়েই প্ৰকৃত সংস্কৃতি। –জ্যোতিপ্ৰসাদ আগৰৱালা

১২

প্ৰেমে যদি বেদনাও আনে তথাপি তাত আস্থা ৰাখিবা। –ৰবীন্দ্ৰ নাথ ঠাকুৰ

১৩

মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। –নেতাজী সুভাষ চন্দ্ৰ বসু

১৪

মদ্যপান অস্থায়ী আত্মহত্যাৰ লেখীয়া, সি যি সুখ কঢ়িয়াই আনে সি প্ৰকৃততে দুখহে। –বাৰ্টাণ্ড ৰাছেল

১৫

সেইজনলৈ ভয় কৰিবা যিজনে ঈশ্বৰক ভয় নকৰে। –আব্দুল কাদেৰ

১৬

মানুহে তোমাক নেজানে বুলি দুখ নকৰিবা। তুমি এনে কাম কৰি যোৱা যেন সেই কামে তোমাক মানুহে জনাৰ যোগ্য কৰে। –কনফুচিয়াচ

১`৭

ভয়ক জয় কৰিব পৰাটোৱেই হ’ল মানুহৰ প্ৰধান কৰ্তব্য। –কাৰ্লাইল।মহৎ বাণী-চ

১৮

তুমি নোপোৱা বস্তুৰ কাৰণে অসন্তুষ্ট নহ’বা আৰু যি পাইছা তাক লৈ অহংকাৰ নকৰিবা। –আল কোৰাণ

১৯

মানুহৰ ভুল-ভ্ৰান্তিৰ পৰা তেওঁৰ চৰিত্ৰ জানিব পাৰি। –কনফুচিয়াচ

২০

অহিংসাই পৰম ধৰ্ম। –মহাত্মা গান্ধী।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
Previous articleমহৎ  বাণী-ঙ
Next articleমহৎ বাণী-ছ

LEAVE A REPLY

Please enter your comment!
Please enter your name here