মহৎ বাণী-ছ

0

মহৎ বাণী-ছ

মহৎ বাণী-ছ

মহৎ বাণী-ছ

নিজকে কেতিয়াও ভয় নকৰিবা। জীৱন যাপন প্ৰক্ৰিয়াত নিজৰ ব্যক্তিত্বক আনৰ মঙ্গলৰ কাৰণে সম্পূৰ্ণৰূপে বিকশিত কৰি তুলিবা। –হেমাৰ শ্বল্ড

তুমি যি হ’ব বিচৰা তাৰ বাবে সাধনা কৰি যোৱা, তোমাৰ সাধনাৰ দীপ্তিত পোহৰ বিচাৰি মানুহ তোমাৰ ওচৰলৈ আহিবই। –স্পিৰিট চায়েন্স মহৎ বাণী-ছ

তুমি যদি জীৱনত জ্ঞানী হ’বলৈ ইচ্ছা কৰা তেনেহ’লে প্ৰথমে জিভাক শাসন কৰা। –লেভষ্টাৰ

চিগাৰেটৰ এটা মূৰত জুই থাকে আৰু আনটো মূৰত থাকে এজন মূৰ্খ। –জৰ্জ বাৰ্ণাড শ্ব

আশা আছে বাবেই পৃথিৱীখন  ইমান ধুনীয়া। –হেম বৰুৱা

কথা কোৱাৰ আগতে শুনি ল’বা। লিখাৰ আগতে ভাবিবা। খৰচ কৰাৰ আগতে উপাৰ্জন কৰিবা। সমালোচনা কৰাৰ আগতে সকলোকে ক্ষমা কৰিবা। মৃত্যুৰ আগতে সমাজক যি পাৰা দি যাবা। –উইলিয়াম আৰ্থাৰ ৱাৰ্ড

শত্ৰুৰ চুম্বনতকৈ বন্ধুৰ আঘাতো শ্ৰেয়। –টমাচ বেকেট মহৎ বাণী-ছ

আশা থাকিলে বিৰহ-বেদনাকো সহ্য কৰিব পাৰি। –মহাকবি কালিদাস

মই পৃথিৱীত নিজৰ বাহিৰে আন কাকো সমালোচনা বা ভৰ্ৎসনা কৰিব নোখোজো কাৰণ মই নিজৰ দোষবোৰ  যিমান জানো আন কাৰো দোষ সিমান ভালকৈ নাজানো। –উইলিয়াম শ্বেক্সপীয়েৰ

১০

প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভাল পোৱাটো। প্ৰকৃত জ্ঞান হৈছে লগৰ মানুহক জনাটো। –কনফুচিয়াচ

১১

কালিৰ কথাত শোক কৰি থাকিলে আজিও হেৰাব, বৰ্তমানৰ সদ ব্যৱহাৰ কৰা। –লক্ষ্মীনাথ বেজবৰুৱা

১২

নিজৰ সুখেই যাৰ লক্ষ্য, তেওঁ এজন অসৎ লোক, আনৰ প্ৰশংসা পোৱাটো যাৰ লক্ষ্য তেওঁ এজন দুৰ্বল লোক, আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎ লোক। –লিও টলষ্টয় মহৎ বাণী-ছ

১৩

প্ৰকৃত প্ৰেম সাগৰৰ দৰে সীমাহীন। এই প্ৰেম উঠা-নমা কৰি আটাইবোৰ সীমা আৰু সীমান্ত অতিক্ৰম কৰি সমগ্ৰ জগতকে আগুৰি ধৰে। –মহাত্মা গান্ধী

১৪

ভৱিষ্যত ভাবি বৰ্তমানটো ধবংস কৰা মূৰ্খামী, যি বৰ্তমান সেয়াহে সত্য। –ওমৰ খৈয়াম

১৫

জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা কামেৰে, বছৰেৰে নহয়। –লক্ষ্যধৰ চৌধুৰী

১৬

হাঁহিমুখে পৰাজয় বৰণ কৰোঁতাজনহে বিজেতা। –এলবাৰ্ট হুৱ

১৭

ভাগ্যক নহয়, বিশ্বাস কৰিবা তোমাৰ শক্তিক। –লক্ষ্মীনাথ বেজবৰুৱা

১৮

সমাজৰ অৰ্দ্ধাংশক ৰান্ধনি ঘৰত আৱদ্ধ কৰি কোনো জাতিয়েই প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে। –লেলিন

১৯

ঘৰ সাজিবলৈ ওখ ভেঁটি কৰি ল’ব লাগে। সেইদৰে কথা প্ৰকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা কৰা উচিত। –ইভান বুনিল মহৎ বাণী-ছ

২০

পাৰিম বুলি যিজনে বিশ্বাস কৰিব পাৰে তেঁৱেই জয়লাভ কৰিব পাৰে। –ভাৰ্জিল।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
Previous articleমহৎ বাণী-চ
Next articleমহৎ বাণী-জ

LEAVE A REPLY

Please enter your comment!
Please enter your name here