মহৎ বাণী-ঝ

0

মহৎ বাণী-ঝ

মহৎ বাণী-ঝ

মহৎ বাণী-ঝ

যি মানুহে বিপদক ভয় কৰে, তেনে মানুহক বিপদে কেতিয়াওঁ লগ এৰা নিদিয়ে। –জৰ্জ বাৰ্ণাড শ্ব 

সৰস্বতী পূজা কৰি জ্ঞানী হ’বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়া বেছি ভাল। –হেম বৰুৱা

মাতৃভাষাৰ সেৱাই আমাৰ দেশৰ সেৱা, আমাৰ ৰাষ্ট্ৰীয় জীৱনৰ বিজয় পতাকাৰ লুপ্ত গৌৰৱ উদ্ধাৰেই আমাৰ জীৱনৰ কৰ্তব্যৰ শিৰত মুকুট। –লক্ষ্মীনাথ বেজবৰুৱা মহৎ বাণী-ঝ

ভোকাতুৰ মানুহ এজন ৰাজনীতিৰ ভাল উপদেষ্টা হ’ব নোৱাৰে। –এলবাৰ্ট আইনষ্টাইন

যেতিয়া এটা জাতিয়ে দেখদেখকৈ ঈশ্বৰক পিঠি দিয়ে আৰু সাংসাৰিক সুখ উন্নতিত লিপ্ত থাকে তেতিয়া ই ধবংসৰ মুখত পৰে। –ড⁰ সবৰ্বপল্লী ৰাধাকৃষ্ণন

সততাৰ সংজ্ঞা দিয়াতকৈ তাক চিনি পোৱাটো বেছি সহজ। –এইচ অভেন

বেয়া কাম কৰি প্ৰখ্যাত হোৱাতকৈ নাম নাইকীয়া হোৱাও ভাল। –কালিৰাম মেধি

জীৱন বিচিত্ৰ। বিচিত্ৰ জীৱন আৰু জীৱন ধাৰাৰ অভিজ্ঞতাই হৈছে সৃষ্টিৰ সমান। সৃষ্টিৰ বাবে প্ৰয়োজন প্ৰেৰণাৰ। –হেম বৰুৱা

ঈশ্বৰ মন্দিৰত নাই, ঈশ্বৰ আছে মানুহৰ অন্তৰত। বিচাৰিব জানিলেই হ’ল। –তুলসী দাস মহৎ বাণী-ঝ

১০

জীৱিত মানুহক আমি সন্মান কৰা উচিত। কিন্তু মৃতকৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা উচিত নহয়। –ভলটেয়াৰ

১১

নিজকে সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমন্তৰ কাৰণেহে এই জগতখন, দুৰ্বলীৰ বাবে নহয়। –এমাৰছন

১২

পৃথিৱীত কিবা ডাঙৰ কাম কৰিব খুজিলে জীৱনৰ আগডোখৰত সাধনা কৰিবই লাগিব আৰু সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। –ড⁰ বাণীকান্ত কাকতি

১৩

দুৰ্বলীয়ে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। একমাত্ৰ শক্তিমন্তৰ পক্ষেহে ক্ষমা কৰাটো সম্ভৱ। –মহাত্মা গান্ধী

১৪

সঙ্গীতে মনক আনন্দ দিয়ে আৰু শান্তি দিয়ে যি স্বাস্থ্যৰ বাবে উপকাৰী। –ভিক্টৰ হাগো মহৎ বাণী-ঝ

১৫

মুনিৰো মতিভ্ৰম হয়। — প্ৰৱচন

১৬

প্ৰাকৃতিক দৃশ্য উপভোগ  কৰিলেহে জীৱনৰ সঞ্জীৱনী শক্তি বাঢ়ে আৰু মন পবিত্ৰ হয়। –হেম বৰুৱা

১৭

আৱশ্যকীয় ব্যৱহাৰ, উচিত পৰিচালনা আৰু অনুশীলন নহ’লে সকলো কামতে মামৰে ধৰে। –অম্বিকাগিৰি ৰায় চৌধুৰী

১৮

এই ধাৰণা ভুল যে সুযোগ দ্বিতীয় বাৰৰ বাবেও আহিব। –চাম ফোৰ্ট

১৯

এশ মূৰ্খ পুত্ৰতকৈ এজন গুণবান পুত্ৰ ভাল। এটা মাত্ৰ চন্দ্ৰই অন্ধকাৰ নাশ কৰে। অগণন তৰায়ো নোৱাৰে। –চানক্য মহৎ বাণী-ঝ

২০

পাপৰ পৰিণাম প্ৰকাশ নোহোৱালৈকে পাপীয়ে পাপক কল্যাণ বুলিলেই ভাৱে, কিন্তু পৰিণাম স্পষ্ট হ’লে দুখ ভোগ কৰে। –গৌতম বুদ্ধ। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
Previous articleমহৎ  বাণী-ঘ 
Next articleBaby’s ABC | ABC First Book | ABC Book for Children

LEAVE A REPLY

Please enter your comment!
Please enter your name here