মহৎ বাণী-ট

0

মহৎ বাণী-ট

মহৎ বাণী-ট

মহৎ বাণী-ট

এটা বন্দুকৰ গুলিতকৈ এটোপাল চিয়াঁহীৰ মূল্য বেছি। –মাদাৰ টেৰেছা 

এটা সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায় তেনেকৈ সৰু-সুৰা কথাৰ মাজেদি মানুহৰ চৰিত্ৰ প্ৰকাশ পায়। –লৰ্ড এভেৰেৰী মহৎ বাণী-ট

সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়। –কৃষ্ণকান্ত সন্দিকৈ

পাৰিলে সজ কথা আলোচনা কৰিবা, নহ’লে মনে মনে থাকিবা। –পাইথাগোৰাচ

সকলো কিতাপকে দুটা ভাগত ভগাব পাৰি–এঘন্টাৰ কিতাপ আৰু সৰ্বকালৰ কিতাপ। –জন ৰাস্কিন

অন্যায় শেষ কৰা কিন্তু নিজক শেষ কৰি নহয়। –প্ৰেম চান্দ মহৎ বাণী-ট

যিজন মানুহক তুমি ভাল নোপোৱা সেইজনৰ বিষয়ে ভাবি এক মূহুৰ্ত সময়ো নষ্ট নকৰিবা। –আইজেনহাৱাৰ

নাৱত উঠাৰ আগতে নাওঁখন আৰু বঠাপাত চাই ল’ব লাগে। নিবুদ্ধিতাৰ বাহিৰে আন কোনো পাপ নাই। –অস্কাৰ ওৱাইল্ড

শব্দবোৰ মানুহৰ কন্যা, কিন্তু বস্তুবোৰ ঈশ্বৰৰ সন্তান। –চেমুৱেল মেডেল

১০

যি হাঁহিব নেজানে তেওঁ হয় দেৱতা, নহয় চয়তান। –উইলিয়াম শ্বেক্সপীয়েৰ

১১

মানুহ যিমানে পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। –পণ্ডিত জৱাহৰলাল নেহৰু

১২

এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি। –জৰ্জ হাৰ্বাট মহৎ বাণী-ট

১৩

শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনেই শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত। –মহাত্মা গান্ধী

১৪

শিষ্টাচাৰৰ দ্বাৰা প্ৰত্যেক মানুহেই জীৱনত উন্নতি কৰিব পাৰে। –উইলিয়াম শ্বেক্সপীয়েৰ

১৫

কোনো মানুহকে সম্পূৰ্ণৰূপে অনুসৰণ নকৰিবা। প্ৰত্যেক মানুহৰে সৎগুণ যেনেকৈ আছে, তেনেকৈ অসৎ গুণো আছে। অসৎ খিনি বাদ দি সৎ খিনি বাছি ল’ব পৰাটোতহে মানৱতাৰ কৃতিত্ব। –হেম বৰুৱা

১৬

নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। –সত্যনাথ বৰা

১৭

আনে  তোমাক সহায় কৰিব নোৱাৰে। তুমি নিজেই তোমাৰ সহায় হোৱা। –গৌতম বুদ্ধ

১৮

ক্ষমতাই মানুহক দুৰ্নীতিপৰায়ণ নকৰে। মূৰ্খইহে ক্ষমতাক কলুষিত কৰে। –জৰ্জ বাৰ্ণাড শ্ব মহৎ বাণী-ট

১৯

শত্ৰুক ভাল পাবলৈ শিকা। –যীশু খ্ৰীষ্ট

২০

তুমি সাহসী হোৱা কাৰোবাক হত্যা কৰিবলৈ নহয়, তুমি ঘিণ কৰাজনক প্ৰেমেৰে আকোঁৱালি ল’বলৈহে। প্ৰেমে কাৰো মাজত বিভাজন নানে; বৰং ই ঈশ্বৰৰ সৈতে আমাক সাঙুৰেহে। –মাদাৰ টেৰেছা।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহান বাণী
  3. গগনেতে ডাকে দেওয়া
Previous articleReaders English Grammar & Composition
Next articleমহৎ বাণী-ঠ

LEAVE A REPLY

Please enter your comment!
Please enter your name here