মহৎ বাণী-ঠ

0

মহৎ বাণী-ঠ

মহৎ বাণী-ঠ

মহৎ বাণী-ঠ

অন্তৰ পৰিষ্কাৰ কৰা একমাত্ৰ উপায় হৈছে ভগৱানৰ ভক্তি আৰু প্ৰেম। –গুৰু নানক

ব্রাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান। –গুৰু নানক

বন্ধুত্ব হৈছে দুটা দেহত বাস কৰা এটা আত্মা। –এৰিষ্টটল মহৎ বাণী-ঠ

এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ। –তিৰুক কুৰাল

কিবা বস্তু নোপোৱাটোৱেই ব্যৰ্থতা নহয়, বস্তুটো বিচাৰি পাবলৈ কৰা সংগ্ৰাম এৰি দিয়াটোৱেই প্ৰকৃত ব্যৰ্থতা। –জৰ্জ ইলিয়াছ

প্ৰেমহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। –মহাত্মা গান্ধী

অৰ্থহীন হেজাৰ বাক্যতকৈ অৰ্থপূৰ্ণ এটি বাক্যও ভাল। –গৌতম বুদ্ধ

পৰক আপোন  কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। –ৰবীন্দ্ৰ নাথ ঠাকুৰ

মানুহৰ অতি প্ৰিয় সম্পদ হ’ল জীৱনটো। সেয়ে সি জীয়াই থকাৰ সময়ত এনেদৰে জীয়াই থাকিব লাগে যাতে মৃত্যুৰ সময়ত সি ক’ব পাৰে, “মই মোৰ সমগ্ৰ জীৱন নিয়োজিত কৰিছো মানৱ জাতিৰ মুক্তিৰ সংগ্ৰামৰ কাৰণে।” –লেলিন

১০

কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে, জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে। –বিষ্ণুপ্ৰসাদ ৰাভা মহৎ বাণী-ঠ

১১

অধ্যয়নে মানুহক পূৰ্ণ কৰি তোলে আৰু লিখাৰ অভ্যাসে মানুহক মানৱীয় মৰ্যদা প্ৰদান কৰে। –ৰুছো

১২

আইন-শৃঙ্খলা অবিহনে সমাজ  তিষ্টিব  নোৱাৰে। –ৰাছেল

১৩

তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা অকৃতকাৰ্য হোৱা নাই। –উইলিয়াম শ্বেক্সপীয়েৰ

১৪

ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে আন কাৰ্যত ভাগ ল’ব নালাগে। –বাইেবল

১৫

জ্ঞান যদি জীৱনৰ লগত মিলিব নোৱাৰে, কিতাপ যদি মনৰ ভিতৰত সোমাব নোৱাৰে, তেনেহ’লে সেই শিক্ষা ব্যৰ্থ। –ৰবীন্দ্ৰ নাথ ঠাকুৰ মহৎ বাণী-ঠ

১৬

প্ৰতিভাৰ নিৰানব্বৈ ভাগেই অধ্যাৱসায়। –টমাচ আলভা এডিছন

১৭

সত্যই হ’ল সবাতেকৈ শক্তিশালী যুক্তি। –ছফোকলছ

১৮

অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যাৱসায় জন্মে। –সত্যনাথ বৰা

১৯

এখন ভাল কিতাপ সকলো বন্ধুতকৈ শ্রেষ্ঠ, কাৰণ বন্ধুসকল আঁতৰি যাব কিন্তু কিতাপখন চিৰকাল থাকি যায়। –ইংলিচ প্ৰৱচন মহৎ বাণী-ঠ

২০

ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। –চক্ৰেটিছ। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
Previous articleমহৎ বাণী-ট
Next articleমহৎ বাণী-ড

LEAVE A REPLY

Please enter your comment!
Please enter your name here