মহৎ বাণী-ণ

0

মহৎ বাণী-ণ

মহৎ বাণী-ণ

মহৎ বাণী-ণ

আটাইতকৈ সুখী মানুহ  সেইজন যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হয়। –চক্ৰেটিছ 

নজনাটো লাজৰ কথা নহয়। জানিব নিবিচৰাটোহে লাজৰ কথা। –বেঞ্জামিন ফ্রেঙ্কলিন মহৎ বাণী-ণ

তুমি যি ভাল পোৱা সেইটো পাবলৈ যত্ন কৰা, নহ’লে যিটো পাইছা তাকেই ভাল পাবলৈ বাধ্য হৈ পৰিবা। –অজ্ঞাত

দৰিদ্ৰতা, অজ্ঞানতা গুচাবৰ প্ৰধান উপায় হৈছে শিক্ষা। শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু আৰ্থিক উন্নতিৰ উপায় হৈছে শিক্ষা। সাধাৰণ শিক্ষা বিস্তাৰেই জ্ঞানৰ বিস্তাৰ। জ্ঞানতকৈ পবিত্ৰ ক্ষমতাবন্ত বস্তু জগতত আন একো নাই। –আনন্দচন্দ্ৰ আগৰৱালা

আত্মৰক্ষাৰ ব্যৱস্থা নৰখাকৈ মুকলি পথাৰত অকলশৰে যুঁজিব পৰাজন মহাৰথী। — শ্ৰী মাধৱদেৱ

কথা দি কথা নৰখা মানুহবোৰৰ কথাবোৰ ধুনীয়া ফুলৰ দৰে, কিন্তু ই গন্ধহীন আৰু ফলহীন। –বুদ্ধদেৱ

দেহৰ কাৰণে যেনেদৰে খাদ্যৰ প্ৰয়োজন, তেনেদৰে প্ৰাৰ্থনাত আত্মাৰ প্ৰয়োজন। –মহাত্মা গান্ধী

এটা জাতি কিমান সভ্য তাক বুজিব পাৰি সেই জাতিয়ে শিক্ষক, সাহিত্যিক, শিল্পীক কেনে ব্যৱহাৰ কৰে তাৰ ওপৰত। –যজ্ঞেশ্বৰ শৰ্মা মহৎ বাণী-ণ

উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত যদি শিথিলতা নাথাকে, ব্যৰ্থতা আহিবই নোৱাৰে। — জৰ্জ বাৰ্ণাড শ্ব

১০

যি শিক্ষাই মানুহক নিজৰ মাজতে আটাইতকৈ সুখী কৰে, সেই একে শিক্ষাই মানুহক সমাজ সেৱাৰ কাৰণেও বেছি উপযোগী কৰি তোলে। –জন ৰাস্কিন

১১

সাহিত্য সাধনা এটি মহৎ আৰু পবিত্ৰ কাম। ইয়াৰ ফলত অন্তদৃষ্টিৰ সৃষ্টি হয়। ই বাহিৰ আৰু ভিতৰৰ সকলো প্ৰকাৰৰ অন্ধকাৰ দূৰ কৰে। — পাৰ্ল এচ. কাৰ্ক

১২

সকলো নিয়মৰ মৃত্যু হয়, মাথো মৃত্যু নহয় কিতাপৰ। –বুলবাৰ লিটন

১৩

শিলৰ দেৱালে কাৰাগাৰ নিৰ্মাণ নকৰে। লোৰ শিকলিয়েও সজা তৈয়াৰ নকৰে। যিসকল সৰল আৰু শান্তিপ্ৰিয় লোক তেওঁলোকে ইয়াক আশ্ৰম বুলিহে জ্ঞান কৰে। — এমাৰ্ছন মহৎ বাণী-ণ

১৪

কৰ্মই আটাইতকৈ মহৎ। বিলাসৰ জীৱন দেৱতাসকলৰো  অপ্ৰিয়। — কাৰ্লাইল মহৎ বাণী-ণ

১৫

উন্নতিৰ বাবে শান্তিৰ প্ৰয়োজন। –স্বামী বিবেকানন্দ

১৬

জ্ঞান মানুহৰ উমৈহতীয়া বিভূতি। ই পশু জীৱনত দুৰ্লভ। জ্ঞানৰ কাৰণেহে মানুহে মানুহ নাম পায়। –সত্যনাথ বৰা

১৭

বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি। — মাদাৰ টেৰেছা

১৮

স্মৃতি হৈছে সকলো জ্ঞানৰ মাতৃ। –স্কাইলাৰ্চ

১৯

জাগ্ৰত চেতনােবাধই স্বাধীনতাৰ ৰক্ষা কৱচ। — আব্রাহাম লিংকন মহৎ বাণী-ণ

২০

ভুল কৰা কিন্তু এটা ভুল দুবাৰ নকৰিবা।  — মাও চে তুং।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
Previous articleমহৎ বাণী-ঢ
Next article মহৎ বাণী-ত

LEAVE A REPLY

Please enter your comment!
Please enter your name here