মহৎ বাণী-দ

0

মহৎ বাণী-দ

মহৎ বাণী-দ

মহৎ বাণী-দ

অভিজ্ঞতা শ্রেষ্ঠ  শিক্ষক। — প্ৰবচন

প্ৰেমে সকলো জয় কৰে। — ভাৰ্জিল

আমি যদি পৰিৱৰ্তন বিচাৰো তেন্তে আমি নিজেই পৰিৱৰ্তন হ’ব লাগিব।– মহাত্মা গান্ধী

তোমাৰ অনুমতি অবিহনে কোনেও তোমাক নীচ সজাব নোৱাৰে। –ইলিনৰ ৰুজেভল্ট

কৃতকাৰ্যতা হৈছে জীৱনৰ এক অন্তহীন ভ্ৰমণ। –বেন চুইটলেণ্ড

শ্রেষ্ঠ আৰু আটাইতকৈ সুন্দৰ বস্তু আমি চাবও নোৱাৰো আৰু স্পৰ্শও কৰিব নোৱাৰো; ইয়াক অনুভৱ কৰিব লাগে। –হেলেন কেলাৰ মহৎ বাণী-দ

জীৱনটো হয় এক দুঃৰূহ অভিযান অথবা একো নহয়। — হেলেন কেলাৰ 

আমি যি পাওঁ তাৰ দ্বাৰা জীৱন নিৰ্বাহ কৰোঁ আৰু যি দিও তাৰ দ্বাৰা জীৱন গঠন কৰোঁ। –উইনষ্ট’ন চাৰ্চিল

এজন সফল ব্যক্তি আৰু এজন অসফল ব্যক্তিৰ মাজত থকা পাৰ্থক্য শক্তি নাইবা  জ্ঞানত নহয়, সিহঁতৰ মাজত থকা পাৰ্থক্যটো হ’ল ইচ্ছাশক্তিৰ। — ভিনছ লম্বাৰ্ডি মহৎ বাণী-দ

১০

আমি বাৰে বাৰে যি কৰোঁ সেয়াই হওঁ। –এৰিষ্টটল

১১

তুমি যিহকে নোহোৱা কিয় এজন ভাল মানুহ হোৱা। — আব্রাহাম লিংকন

১২

এজন মানুহক তুমি যদি মাছ এটি দিয়া সি এদিন খাব, কিন্তু তুমি যদি তেওঁক মাছ ধৰিবলৈ শিকাই দিয়া সি গোটেই জীৱন খাই থাকিব। –চীন দেশীয় প্ৰবচন

১৩

তুমি এনেভাৱে সপোন দেখা যেন তুমি চিৰদিন জীয়াই থাকিবা আৰু এনেদৰে জীৱন যাপন কৰা যেন আজিয়েই মৰি যাবা। — জেমচ্‌ ডীন মহৎ বাণী-দ

১৪

সাহসত প্ৰতিভা, শক্তি আৰু যাদু আছে। ইয়াক এতিয়াই আৰম্ভ কৰা। –গ্যেটে

১৫

তুমি মোৰ আগে আগে খোজ কাঢ়ি নাযাবা কাৰণ মই তোমাক অনুসৰণ নকৰিব পাৰোঁ, তুমি মোৰ পিছে পিছেও খোজ নাকাঢ়িবা কাৰণ মই তোমাক আগুৱাই লৈ নাযাব পাৰোঁ, তুমি মোৰ কাষে কাষে খোজ কাঢ়ি যোৱা আৰু মোৰ বন্ধু হোৱা। –এলবাৰ্ট কেমু

১৬

পৃথিৱীৰ কাৰণে তুমি এজন মাত্ৰ ব্যক্তি হ’ব পাৰা, কিন্তু কোনোবা এজন ব্যক্তিৰ বাবে তুমি গোটেই পৃথিৱীখন হ’ব পাৰা। –অজ্ঞাত

১৭

আমি সকলোৱেই নৰ্দমাত পৰি আছো, কিন্তু ইয়াৰ কিছুমানে নৰ্দমাৰ পৰাই আকাশৰ নক্ষত্ৰবোৰ পৰ্যেবক্ষণ কৰি আছে। — অস্কাৰ ওৱাইল্ড

১৮

সিহঁতেই সফল হ’ব পাৰে যিসকলে ভাৱে যে সিহঁত সফল হ’বই। — ভাৰ্জিল মহৎ বাণী-দ

১৯

যি সুস্বাস্থ্যৰ অধিকাৰী তাৰ আশা আছে আৰু যাৰ আশা আছে তাৰ সকলো আছে। — অজ্ঞাত

২০

জীৱনৰ আনন্দ আছে সেইটো কামত, যি কাম তুমি নোৱাৰিবা বুলি মানুহে ভাৱে। –ওৱাল্টাৰ বেগহুট।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
  5. ইন্দুবালাগো
Previous articleমহৎ বাণী-থ
Next articleমহৎ বাণী-ধ

LEAVE A REPLY

Please enter your comment!
Please enter your name here