মহৎ বাণী-ধ

0

মহৎ বাণী-ধ

মহৎ বাণী-ধ

মহৎ বাণী-ধ

মই অকৃতকাৰ্য হোৱা নাই। মই মাথো প্ৰমাণ কৰিলো যে এই দহ হেজাৰ প্ৰকাৰে কামটো নহ’ব। –টমাচ আলভা এডিচন মহৎ বাণী-ধ

যিসকলে ডাঙৰকৈ অসফল হ’বলৈ সাহস কৰে সিহঁতেই মহান কৃতিত্ব অৰ্জন কৰে। — ৰবাৰ্ট এফ. কেনেডি

উদ্যমহীনভাৱে আজিলৈকে কোনো মহান কাম সংঘটিত হোৱা নাই। — এমাৰ্ছন

সৰু-সুৰা সুযোগবোৰ হৈছে ডাঙৰ উদ্যমৰ আৰম্ভণি। –ডেমচ থেনেছ

জটিলতাৰ মাজতেই সুযোগ নিহিত আছে। –এলবাৰ্ট আইনষ্টাইন

তুমি আঘাত কৰিব বিচৰা ইস্পাট টুকুৰা গৰম হোৱালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। তুমি আঘাত কৰি কৰি ইস্পাট টুকুৰা গৰম কৰা। –ডব্লিউ বি. স্প্ৰেগ’ মহৎ বাণী-ধ

ঘাঁহ-বন বেগাই গজে। –অসমীয়া পটন্তৰ

চোৰক যদি তুমি ফাঁচীকাঠৰ পৰা বচোৱা সি প্ৰথমেই তোমাৰ ডিঙিটো কাটিবলৈ সুযোগ বিচাৰিব। — অজ্ঞাত

চিন্তা অতি জটিল কাম, সেয়ে খুব কম সংখ্যক মানুহে চিন্তা কৰে। — এলবাৰ্ট আইনষ্টাইন

১০

ভাল চিন্তাবিদ হ’বলৈ তুমি চিন্তা কৰাৰ পদ্ধতিৰ প্ৰতি সচেতন হ’ব লাগিব। তুমি নিজকে প্ৰতিদিন তোমাৰ চিন্তাক পুনঃপুন সজাই পৰাই তুলিব লাগিব। মনত ৰাখিবা যে চিন্তা কৰাটো হৈছে এক প্ৰকাৰৰ অনুশাসন। –জন মেক্সৱেল

১১

লিখিবলৈ শিকাটোৱেই ভাবিবলৈ শিকায়। — এছ. আই. হাইৱাকাৱা

১২

সফলতাৰ ক্ষেত্ৰত মানুহক ইঞ্চি, টকা, শিক্ষা বা পৰিয়ালৰ পটভূমিৰে জোখা নহয়; ইয়াক জোখা হয় চিন্তা কৰাৰ প্ৰকৃতি আৰু আকাৰৰ ওপৰত। — ডেভিড ছৱাৰ্টছ মহৎ বাণী-ধ

১৩

যিজন সকলোতে থাকিব খোজে তেওঁ ক’তো নাথাকে। — থমাচ ফুলাৰ

১৪

সমাজে মানুহক বাকচৰ ভিতৰত থকাটো বিচাৰে। — জন মেক্সৱেল

১৫

ভাল ধাৰণা এটি মহান ধাৰণা হ’ব পাৰে যদিয়ে ইয়াৰ বাবে সময় দিয়া হয়। — জন মেক্সৱেল

১৬

সৃষ্টিশীল মানুহসকল ধাৰণা সৃষ্টি কৰা মানুহ। — এনেট মজাৰ ওৱেলমেন

১৭

আমাৰ আনন্দ নিহিত থাকে সৃষ্টিশীল কৰ্মত, নেতৃত্বত নহয়। — ভিনচেন্ট লম্বাৰ্ড

১৮

উদ্বিগ্নতা হৈছে সকলো বৌদ্ধিক আৰু কলাসুলভ সৃষ্টিশীলতাৰ পূৰ্বচৰ্ত। –চাৰ্লচ ফ্রানকেল মহৎ বাণী-ধ

১৯

সৃষ্টিশীলতা আৰু নতুনত্ব সদায় হাতে হাত ধৰা-ধৰিকৈ আগবাঢ়ে। — জন মেক্সৱেল

২০

সৃষ্টিশীলতা হৈছে দুটা বা ততোধিক চলিত ধাৰণাৰ যুক্তিসংগত সমিলমিল যিয়ে নতুন ধাৰণাৰ জন্ম দিয়ে। –জন মেক্সৱেল।  ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
  5. ইন্দুবালাগো
Previous articleমহৎ বাণী-দ
Next articleমহৎ বাণী-ন

LEAVE A REPLY

Please enter your comment!
Please enter your name here