মহৎ বাণী-প

0

মহৎ বাণী-প

মহৎ বাণী-প

মহৎ বাণী-প

আমি যিমানেই তৰ্ক কৰো সিমানেই আঁকোৰগোঁজ স্বভাৱৰ হওঁ। –ডেল কাৰ্নেগী

তুমি কোনো মানুহকে একো শিকাব নোৱাৰা, তুমি মাথো মানুহজনৰ ভিতৰত থকা শক্তিক বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰা। –গেলিলিও গেলিলি

তুমি তোমাৰ প্ৰতিপক্ষৰ লগত যিমান পাৰা সিমান সোনকালে একমত হোৱা। –যীশু খ্ৰীষ্ট

তুমি যদি কিবা প্ৰমাণ কৰিবলৈ গৈ আছা, তেন্তে কাকো ইয়াৰ বিষয়ে অকনো ভূ-পাবলৈ নিদিবা। তুমি এনে নিখুঁত আৰু নিপুণতাৰে তোমাৰ কাম কৰি যোৱা যেন তুমি একোৱেই নকৰা। — আলেকজেণ্ডাৰ পোপ মহৎ বাণী-প

খুব কমসংখ্যক মানুহহে জীৱনত সফল হয় কাৰণ সৰহ সংখ্যক মানুহে কথাৰ দ্বাৰাহে সফলতা বিচাৰে, কৰ্মৰ দ্বাৰা নহয়। — মেনোনিমাচ

তুমি যদি শত্ৰু বিচৰা তোমাৰ প্ৰতিভাৰে তোমাৰ বন্ধুসকলক চেৰ পেলোৱা আৰু যদি বন্ধু বিচৰা তেন্তে তোমাৰ বন্ধুসকলক তোমাতকৈ আগুৱাই যাবলৈ দিয়া। — লা ৰচেফকাল্ড মহৎ বাণী-প

তুমি যদি বন্ধু বিচৰা তেন্তে প্ৰশংসা কৰিবলৈ শিকা। — অজ্ঞাত

মানুহৰ মৰ্যদাক আঘাত কৰাটো এক অপৰাধ। — পটন্তৰ

মানুহে যি কল্পনা কৰে সোনকালেই সি কাৰ্যত প্ৰতিফলিত হয়। — ফ্লৰেন্স স্কোভেল শ্বিন

১০

তুমি খোজা তোমাক দিয়া হ’ব, তুমি বিচৰা তুমি পাবা, তুমি টুকুৰিওৱা দৰজাটো খুলিব। –বাইেবল

১১

প্ৰতিটো চাহিদাৰ যোগান আছে। —ফ্লৰেন্স স্কোভেল শ্বিন

১২

তোমাৰ ভিতৰ যেনে বাহিৰ তেনে। –অজ্ঞাত

১৩

তুমি যদি তোমাৰ মনক নিয়ন্ত্ৰণ নকৰা, তেন্তে আনে নিয়ন্ত্ৰণ কৰিব। –অজ্ঞাত

১৪

ৰুগীয়া মানুহে ৰোগৰ ছবি আঁকে, দুখীয়া মানুহে দৰিদ্ৰতাৰ ছবি আঁকে আৰু ধনী মানুহে ধনৰ ছবি আঁকে। অৰ্থাৎ আমি যি ছবি আঁকো বা কল্পনা কৰো আমি সেয়াই হওঁ। –মেনোনিমাচ মহৎ বাণী-প

১৫

আনক সফলতা অৰ্জন কৰাৰ বাবে সহায় কৰাজনৰ সফলতা অতি সহজেই অৰ্জন হয়। —ফ্লৰেন্স স্কোভেল শ্বিন

১৬

প্ৰতিজন মানুহেই তেওঁ ব্যক্ত কৰা কথাৰ দ্বাৰা নিজৰ বাবে আইন তৈয়াৰ কৰে। — ফ্লৰেন্স স্কোভেল শ্বিন

১৭

জীৱনটো হৈছে এখন আৰ্চী। আমি নিজকে তাত প্ৰতিফলিত হোৱা দেখা পাওঁ —ফ্লৰেন্স স্কোভেল শ্বিন

১৮

ঈশ্বৰৰ প্ৰতি কৰা ভয়ৰ পৰাই জ্ঞানৰ আৰম্ভণি হয়। — বাইবেল মহৎ বাণী-প

১৯

হে সামান্য বিশ্বাসী মানুহসকল, কিয় ভয় কৰা? যিসকল বিশ্বাসী সিহঁতৰ বাবে সকলো সম্ভৱ। — যীশু খ্ৰীষ্ট

২০

কোনো মানুহেই তোমাৰ শত্ৰু নহয়, কোনো মানুহেই তোমাৰ বন্ধু নহয়, সকলোৱে তোমাৰ শিক্ষক। — গ্ৰীক প্ৰবচন। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
  5. ইন্দুবালাগো
Previous articleমহৎ বাণী-ন
Next article মহৎ বাণী-ফ

LEAVE A REPLY

Please enter your comment!
Please enter your name here