(৫০০+) মহৎ লোকৰ বাণী । মহৎ লোকৰ বাণী অসমীয়া

0

আপুনি যদি ‘মহৎ লোকৰ বাণী’ অথবা ‘মহৎ লোকৰ বাণী অসমীয়া’ অনুসন্ধান কৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। আমি এই সংকলনখনত বিভিন্ন উৎসৰ পৰা জীৱন, প্রেম, উচ্চাকাঙ্খা, আৰু দৈনন্দিন জীৱনৰ জটিলতাৰ মুখামুখি হ’বলৈ প্রয়োজনীয় মহৎ লোকৰ প্রেৰণাদায়ক বহুতো বাণী সংগ্রহ কৰিছোঁ। আমি আশাবাদী যে এইবোৰ অধ্যয়ন কৰি আপুনি উপকৃত হ’ব।

মহৎ লোকৰ বাণী । মহৎ লোকৰ বাণী অসমীয়া

মহৎ লোকৰ বাণী – বিশাল সংগ্রহ

‘মহৎ লোকৰ বাণী’। ‘মহৎ লোকৰ বাণী অসমীয়া’ৰ এই বিশাল সংগ্রহৰ পৰা আপোনাৰ প্রয়োজনীয় বাণীসমুহ বুটলি লওঁক।

মহৎ লোকৰ বাণী - ক

মহৎ লোকৰ বাণী – ক

বিলাসী জীৱন যাপনত অভ্যস্ত হৈ পৰাটো হৈছে জীৱনৰ আটাইতকৈ দুখঃজনক ঘটনা। –চাৰ্লি চেপলিন

নিজৰ ওপৰত বিশ্বাস নথকাজনে কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰে।—নেপোলিয়ন বোনাপাৰ্ট

মানুহৰ প্ৰতি ঘৃণা কৰাতকৈ মানুহৰ প্ৰতি উদাসীন হৈ থকাটো বেছি ডাঙৰ পাপ। —জৰ্জ বাৰ্ণাড শ্ব

তুমি জীৱনত হয় আনন্দ পাবা, নহয় ক্ষমতা পাবা। জীৱনত দুয়োটা বস্তু কেতিয়াও একেলগে পাব নোৱাৰা। —ৰাফল্‌ ওৱালড’ এমাৰ্ছন

নভবা নিচিন্তাকৈ কেতিয়াও প্ৰতিশ্ৰুতি নিদিবা। কাৰণ এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত জীৱন দি হ’লেও তাক ৰক্ষা কৰিব লাগে। — মহাত্মা গান্ধী মহৎ বাণী-ক

যিজন মানুহে নিজকে নিজে একো শিকোৱা নাই তেওঁক আন কোনেও একো প্ৰয়োজনীয় কথা শিকাব নোৱাৰে।—ছাৰ জশুৱা ৰেণ্ডলচ্‌ 

নিজকে নিজে উপদশে দিব পৰাজনেই জীৱনত উন্নতি কৰিব পাৰে।—স্বামী ৰাম তীৰ্থ

আনৰ নিন্দা শুনিও শান্ত আৰু নীৰৱ হৈ থাকিব পৰা জনেই জ্ঞানী লোক।—টমাছ এ. কেম্পিছ

১০

মূৰ্খলোকে সুন্দৰ পোছাক পিন্ধি জ্ঞানীৰ সভাতো স্থান পায়। কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ কথা নকয়।—চানক্য

১১

কিতাপ হ’ল যৌৱনৰ খাদ্য, বৃদ্ধকালৰ আনন্দ, সমৃদ্ধিৰ অলংকাৰ, বিপদৰ সময়ত শান্তনা আৰু ঘৰৰ বাহিৰত উত্তমভ্ৰমণ-সংগী। —চিচাৰো।

১২

আনন্দই মুখ উজ্জ্বল কৰে; শোকে অন্তৰ ধবংস কৰে। —লক্ষ্মীনাথ বেজবৰুৱা

১৩

সুকুমাৰ কলা হ’ল এনে এবিধ বস্তু যাক সৃষ্টি কৰিবলৈ মানুহৰ হাত, হৃদয় আৰু মগজুৱে একেলগে কাম কৰিব লগা হয়। —জন ৰাস্কিন

১৪

তুমি যদি মানুহ এজনক পৰীক্ষা কৰিব বিচৰা, তেন্তে তেওঁক অলপ ক্ষমতা দি চাব পাৰা। — আব্রাহাম  লিংকন

১৫

সৎ লোকেই সুখী লোক, কাৰণ সৎ হ’লেই সুখী হ’ব পাৰি। — প্লেটো মহৎ বাণী-ক

১৬

মই প্ৰতিভাবান লোকৰ দৰে চিন্তা কৰোঁ, বিশিষ্ট ব্যক্তিৰ দৰে লিখো আৰু শিশুৰ দৰে সঁচা কথা কওঁ। — ভ্লাডিমিৰ নবোকঙ 

১৭

এশ বছৰ জীয়াই থকা অসৎ আৰু অসংযত লোকৰ জীৱনতকৈ, চৰিত্ৰপৰায়ণ লোকৰ এদিনেই শ্ৰেয়। — গৌতম বুদ্ধ

১৮

উচ্চ বংশত জন্মি কি হ’ব যদি বিদ্যাহীন হয়। নীচ কুলত জন্ম লাভ কৰি যদি শাস্ত্ৰজ্ঞ হয়, তেন্তে দেৱতাসকলেও পূজা কৰে। — চানক্য (মহৎ লোকৰ বাণী)

২০

আমাৰ বহুতো সম্পদ আছিল সেয়া গৌৰৱৰ কথা। যি আছিল তাক বঢ়াব পৰা নাই সেয়া দুখৰ কথা। কিন্তু যি আছিল তাক লোপ পাবলৈ দিয়াটো শোক আৰু লাজৰ কথা। –দেশভক্ত তৰুণ ৰাম ফুকন। ০ ০ ০

মহৎ লোকৰ বাণী - খ 

মহৎ লোকৰ বাণী – খ 

ঈশ্বৰক ভক্তি কৰাত জাতি অজাতি কোনো বিচাৰ নাই, কৃষ্ণক ভক্তি কৰাত সকলোৰে অধিকাৰ আছে। –শ্ৰীমন্ত শংকৰদেৱ (মহৎ লোকৰ বাণী)

যেতিয়া কোনোবা এজন মানুহ অধিক ভোকাতুৰ হয়, তেওঁ খুব ভাল আৰু সুস্বাদু খাদ্যৰ বাবে অপেক্ষা কৰিব নোৱাৰে। –ফ্রেন্স কাফকা

এটা জাতিৰ সমূহীয়া শিক্ষা কিতাপৰ ওপৰত নিৰ্ভৰ কৰে। চিন্তাৰ সংৰক্ষণ, স্থায়ীকৰণ আৰু সঞ্চাৰণৰ বাবে কিতাপেই একমাত্ৰ মাধ্যম। –ৰোজাৰ্চ

আধ্যাত্মিক জীৱন হ’ল মৃত্যুক গ্ৰহণ কৰা প্ৰশিক্ষণ মাত্ৰ। –আৰ্থাৰ কোৱেষ্টালাৰ

শিক্ষা হৈছে সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। –প্লেটো

আমাৰ মুখৰ ৰুটি যদি কোনোবাই কাঢ়ি লয় তেন্তে তেওঁৰ ডিঙিত আঙুলি সোমাই সেয়া উলিয়াই অনা আমাৰ কৰ্তব্য। –প্ৰেম চান্দ

নৈতিকতাই হৈছে ধৰ্মৰ মূলমন্ত্ৰ। ইয়াৰ বাহিৰে কোনো ধৰ্ম থাকিব নোৱাৰে। –বি. আৰ. আম্বেদকাৰ মহৎ  বাণী-ঙ

ইতিহাস দৰাচলতে মানৱ জাতিৰ অপৰাধ, মূৰ্খতাৰ তালিকাৰ বাহিৰে আন একো নহয়। –এডৱাৰ্ড গিবন

জীৱনত কৃতকাৰ্যতা লাভ কৰাটো গৌৰৱৰ কথা নহয়। অকৃতকাৰ্যতাৰ পৰা সফলতা লাভ কৰিবলৈ চেষ্টা কৰোটোহে ডাঙৰ কথা। –কাৰ্লাইল

১০

মানুহ এজন নমৰালৈকে কেতিয়াও সুখী বুলি নক’বা। খুব বেছি তেওঁ এজন ভাগ্যবান মানুহ বুলি ক’ব পাৰা। –ছোলন

১১

প্ৰতিটো কিতাপৰ আঁৰত এজন মানুহ থাকে। মানুহজনৰ আঁৰত একোটা জাতি থাকে। জাতিটোৰ আঁৰত প্ৰাকৃতিক আৰু সামাজিক বাতাবৰণ থাকে। আচলতে এই সকলোবোৰৰ প্ৰভাৱ একোটা কিতাপত প্ৰতিফলিত হয়। –উইলিয়াম জে. লং

১২

তুমি নঞাৰ্থক মানুহৰ লগত যিমানেই কম মিলামিছা কৰিবা সিমানেই তোমাৰ জীৱনটো শান্তিপূৰ্ণ হ’ব। –স্পিৰিট চায়েন্স

১৩

এজন মানুহ যেতিয়া কাৰোবাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয়, তেতিয়া সি প্ৰায় সকলো মানুহকে ভয় পাবলৈ ধৰে। –স্পিৰিট চায়েন্স

১৪

যিজন মানুহ তোমাৰ প্ৰতি যত্নবান তেওঁক কেতিয়াও দূৰলৈ ঠেলি নিদিবা কাৰণ সি পুনৰাই তোমাৰ ওচৰলৈ নাহে। –কিউৰিঅ’ ডট কম মহৎ  বাণী-ঙ

১৫

প্ৰতিজন ব্যক্তিৰে  আনক সুখী কৰাৰ সামৰ্থ আছে। কিছুমানে ঘৰৰ ভিতৰলৈ সোমাই সুখী কৰে আন কিছুমানে ঘৰৰ পৰা ওলাই সুখী কৰে। –কিউৰিঅ’ ডট কম

১৬

মই সুখী কাৰণ মই যি নহওঁ তাৰ বাবে ভাও নিদিওঁ। –মেনোনিমাচ

১৭

কাৰোবাৰ পৰা সুখ পোৱাটোৱেই সম্পৰ্ক নহয়। সম্পৰ্ক হ’ল তোমাৰ সুখ ভগাই লোৱা ব্যক্তিসকলৰ লগতহে। –অসমীয়া প্ৰৱচন

১৮

সুখী হ’বৰ বাবে কোনো চমু বাট নাই। সুখী হোৱাৰ বাটত কিছু কষ্ট আৰু যন্ত্ৰণা থাকে। –স্পিৰিট চায়েন্স

১৯

যিসকলে পৰকালত বিশ্বাস ৰাখে তেওঁ যেন ভাল কথা কয়, নহয় নীৰৱ থাকে। –বোখাৰী শ্বৰিফ মহৎ  বাণী-ঙ

২০

নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে। –প্লেটো।

মহৎ লোকৰ বাণী – গ 

সপোন দেখি ছবি আঁকি থকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয়। নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আাঁকিব পৰা শিল্পীহে আমাক লাগে। –জ্যোতিপ্ৰসাদ আগৰৱালা ।মহৎ বাণী-চ

মোৰ শ, শ, হাজাৰ, হাজাৰ লোক ধবংস হৈ যাওঁক, তথাপি সত্যৰ জয় হওঁক। –মহাত্মা গান্ধী।

দেশৰ দৰিদ্ৰতা, অজ্ঞানতা, গুচাবৰ প্ৰধান উপায় শিক্ষা। শাৰীৰিক, মানসিক, আৰু আৰ্থিক উন্নতিৰ উপায় হ’ল শিক্ষা। –আনন্দচন্দ্ৰ আগৰৱালা

সুন্দৰ, ঘৃণিত, উদাৰ বা নীচ উগ্ৰ চিত্ত প্ৰসাৰী গহন বা বিকৃত বস্তু এনেকি অবস্তুত এনে একো নাই  যিটো কবিৰ ভাৱনাৰ দ্বাৰা ভাৱিত হৈ লোক সমাজত ৰস ৰূপে প্ৰতীত নহয়। –আচাৰ্য ধনঞ্জয়

অকল মানসিক বা বুদ্ধি-জ্ঞান চৰ্চাত আবদ্ধ থাকিলেই প্ৰকৃত শিক্ষা নহয়। শিক্ষা নৈতিক আৰু দৈনিক জীৱনৰ লাগতিয়াল অৰ্থাৎ আধ্যাত্মিক আৰু সাংসাৰিক জীৱন যাত্ৰাৰ কার্যবোৰৰ সহায়ক হ’ব লাগে। –লক্ষ্মীনাথ বেজবৰুৱা

বৰ্বৰ জাতিৰ বাহিৰে সমগ্ৰ ভূমণ্ডলৰ মানৱ জাতিক পৰিচালনা কৰে কিতাপে। –ভলটেয়াৰ

যাৰ দুই চকু ফুটিলে তেওঁ প্ৰকৃত অন্ধ নহয়, যি নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেঁৱেই প্ৰকৃত অন্ধ। –মহাত্মা গান্ধী (মহৎ লোকৰ বাণী)

বেলি মাৰ যায়, কিন্তু গ্ৰহ-উপগ্ৰহই তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক বাট দেখুৱায়। কোনো ব্যক্তি পৃথিৱীত নাইকীয়া হয়, কিন্তু তেওঁৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ জাতিক পোহৰ দি থাকে। –ড⁰ বাণীকান্ত কাকতি ।মহৎ বাণী-চ

প্ৰচুৰ ধন-সম্পত্তিৰ মাজত কোনো সুখ নাই। মনৰ সন্তুষ্টিৰ মাজত প্ৰকৃত সুখ নিহিত হৈ আছে। –হজৰত মহম্মদ

১০

মানুহক অধ্যয়ন কৰিব জানিলেই প্ৰকৃত জ্ঞান লাভ হয় আৰু সেই উপলব্ধিয়েই প্ৰকৃত সাহিত্য সৃৃষ্টিৰ উপাদান। –মেক্সিম গোৰ্কী

১১

যিয়ে মানৱ জীৱনৰ সুখ, শান্তি আৰু আনন্দ যোগান ধৰি আনন্দৰ পৰা আনন্দলৈ লৈ যায় সিয়েই প্ৰকৃত সংস্কৃতি। –জ্যোতিপ্ৰসাদ আগৰৱালা

১২

প্ৰেমে যদি বেদনাও আনে তথাপি তাত আস্থা ৰাখিবা। –ৰবীন্দ্ৰ নাথ ঠাকুৰ

১৩

মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। –নেতাজী সুভাষ চন্দ্ৰ বসু

১৪

মদ্যপান অস্থায়ী আত্মহত্যাৰ লেখীয়া, সি যি সুখ কঢ়িয়াই আনে সি প্ৰকৃততে দুখহে। –বাৰ্টাণ্ড ৰাছেল

১৫

সেইজনলৈ ভয় কৰিবা যিজনে ঈশ্বৰক ভয় নকৰে। –আব্দুল কাদেৰ

১৬

মানুহে তোমাক নেজানে বুলি দুখ নকৰিবা। তুমি এনে কাম কৰি যোৱা যেন সেই কামে তোমাক মানুহে জনাৰ যোগ্য কৰে। –কনফুচিয়াচ

১৭

ভয়ক জয় কৰিব পৰাটোৱেই হ’ল মানুহৰ প্ৰধান কৰ্তব্য। –কাৰ্লাইল।মহৎ বাণী-চ

১৮

তুমি নোপোৱা বস্তুৰ কাৰণে অসন্তুষ্ট নহ’বা আৰু যি পাইছা তাক লৈ অহংকাৰ নকৰিবা। –আল কোৰাণ

১৯

মানুহৰ ভুল-ভ্ৰান্তিৰ পৰা তেওঁৰ চৰিত্ৰ জানিব পাৰি। –কনফুচিয়াচ

২০

অহিংসাই পৰম ধৰ্ম। –মহাত্মা গান্ধী। ০ ০ ০

মহৎ লোকৰ বাণী - ঘ 

মহৎ লোকৰ বাণী – ঘ 

নিজকে কেতিয়াও ভয় নকৰিবা। জীৱন যাপন প্ৰক্ৰিয়াত নিজৰ ব্যক্তিত্বক আনৰ মঙ্গলৰ কাৰণে সম্পূৰ্ণৰূপে বিকশিত কৰি তুলিবা। –হেমাৰ শ্বল্ড

তুমি যি হ’ব বিচৰা তাৰ বাবে সাধনা কৰি যোৱা, তোমাৰ সাধনাৰ দীপ্তিত পোহৰ বিচাৰি মানুহ তোমাৰ ওচৰলৈ আহিবই। –স্পিৰিট চায়েন্স মহৎ বাণী-ছ

তুমি যদি জীৱনত জ্ঞানী হ’বলৈ ইচ্ছা কৰা তেনেহ’লে প্ৰথমে জিভাক শাসন কৰা। –লেভষ্টাৰ

চিগাৰেটৰ এটা মূৰত জুই থাকে আৰু আনটো মূৰত থাকে এজন মূৰ্খ। –জৰ্জ বাৰ্ণাড শ্ব

আশা আছে বাবেই পৃথিৱীখন  ইমান ধুনীয়া। –হেম বৰুৱা

কথা কোৱাৰ আগতে শুনি ল’বা। লিখাৰ আগতে ভাবিবা। খৰচ কৰাৰ আগতে উপাৰ্জন কৰিবা। সমালোচনা কৰাৰ আগতে সকলোকে ক্ষমা কৰিবা। মৃত্যুৰ আগতে সমাজক যি পাৰা দি যাবা। –উইলিয়াম আৰ্থাৰ ৱাৰ্ড (মহৎ লোকৰ বাণী)

শত্ৰুৰ চুম্বনতকৈ বন্ধুৰ আঘাতো শ্ৰেয়। –টমাচ বেকেট মহৎ বাণী-ছ

আশা থাকিলে বিৰহ-বেদনাকো সহ্য কৰিব পাৰি। –মহাকবি কালিদাস

মই পৃথিৱীত নিজৰ বাহিৰে আন কাকো সমালোচনা বা ভৰ্ৎসনা কৰিব নোখোজো কাৰণ মই নিজৰ দোষবোৰ  যিমান জানো আন কাৰো দোষ সিমান ভালকৈ নাজানো। –উইলিয়াম শ্বেক্সপীয়েৰ

১০

প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভাল পোৱাটো। প্ৰকৃত জ্ঞান হৈছে লগৰ মানুহক জনাটো। –কনফুচিয়াচ

১১

কালিৰ কথাত শোক কৰি থাকিলে আজিও হেৰাব, বৰ্তমানৰ সদ ব্যৱহাৰ কৰা। –লক্ষ্মীনাথ বেজবৰুৱা

১২

নিজৰ সুখেই যাৰ লক্ষ্য, তেওঁ এজন অসৎ লোক, আনৰ প্ৰশংসা পোৱাটো যাৰ লক্ষ্য তেওঁ এজন দুৰ্বল লোক, আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎ লোক। –লিও টলষ্টয় মহৎ বাণী-ছ

১৩

প্ৰকৃত প্ৰেম সাগৰৰ দৰে সীমাহীন। এই প্ৰেম উঠা-নমা কৰি আটাইবোৰ সীমা আৰু সীমান্ত অতিক্ৰম কৰি সমগ্ৰ জগতকে আগুৰি ধৰে। –মহাত্মা গান্ধী

১৪

ভৱিষ্যত ভাবি বৰ্তমানটো ধবংস কৰা মূৰ্খামী, যি বৰ্তমান সেয়াহে সত্য। –ওমৰ খৈয়াম

১৫

জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা কামেৰে, বছৰেৰে নহয়। –লক্ষ্যধৰ চৌধুৰী

১৬

হাঁহিমুখে পৰাজয় বৰণ কৰোঁতাজনহে বিজেতা। –এলবাৰ্ট হুৱ

১৭

ভাগ্যক নহয়, বিশ্বাস কৰিবা তোমাৰ শক্তিক। –লক্ষ্মীনাথ বেজবৰুৱা

১৮

সমাজৰ অৰ্দ্ধাংশক ৰান্ধনি ঘৰত আৱদ্ধ কৰি কোনো জাতিয়েই প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে। –লেলিন

১৯

ঘৰ সাজিবলৈ ওখ ভেঁটি কৰি ল’ব লাগে। সেইদৰে কথা প্ৰকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা কৰা উচিত। –ইভান বুনিল মহৎ বাণী-ছ

২০

পাৰিম বুলি যিজনে বিশ্বাস কৰিব পাৰে তেঁৱেই জয়লাভ কৰিব পাৰে। –ভাৰ্জিল।  ০ ০ 

মহৎ লোকৰ বাণী - ঙ

মহৎ লোকৰ বাণী – ঙ

এহেজাৰ বন্দুকৰ গুলিতকৈ মই এখন বাতৰি কাকতকহে বেছি ভয় কৰোঁ। –নেপোলিয়ন বোনাপাৰ্ট মহৎ বাণী-জ

নিঃসঙ্গ জীৱন আৰু নিৰানন্দ সময়ৰ বাবে কিতাপেই মানুহৰ একমাত্ৰ বিশ্বস্ত সঙ্গী। –হোমেন বৰগোহাঞি

জ্ঞানী মানুহে মূৰ্খৰ পৰাও বহু কথা শিকে কিন্তু মূৰ্খই জ্ঞানীৰ পৰা একো কথা শিকিব নোৱাৰে। জ্ঞানীয়ে মূৰ্খই কৰা ভুলবোৰ পৰিহাৰ কৰি চলে, কিন্তু মূৰ্খই জ্ঞানীৰ কৃতকাৰ্যতাক অনুসৰণ কৰি চলে। –কটো এলভাৰ

লিখা-পঢ়া শিকি অকল নিজে শিক্ষিত হ’লেই নহ’ব, নিজে পোৱা শিক্ষাৰ মহান আদৰ্শ আনকো বিলাই দিব লাগিব। –ভল্টেয়াৰ

অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে পোৱা যায়। –নেপোলিয়ন বোনাপাৰ্ট

নিজক অজৰ-অমৰ বুলি বিদ্যা আৰু ধন উপাৰ্জনৰ চিন্তা কৰিব লাগে আৰু মৃত্যুয়ে চুলিত ধৰি আছে বুলি জানি ধৰ্মাচৰণ কৰিব লাগে। –চানক্য

আঁঠকাঢ়ি জীয়াই থকাতকৈ মৃত্যুয়েই শ্ৰেয়। –মাও চে টুং

খং নকৰিবা নিজেই সৰ্বনাশ হ’বা। অহংকাৰ নকৰিবা পতন হ’বা। কাকো ঘৃণা নকৰিবা নিজেও ঘৃণিত হ’বা। ফাঁকি নিদিবা ফাঁকত পৰিবা। –স্বামী বিবেকানন্দ মহৎ বাণী-জ

মানুহৰ লগত হাঁহিমুখে কথা কোৱাটোও এক প্ৰকাৰৰ উপাসনা। –হজৰত আলি

১০

সাজ-পোছাকেই হ’ল তিৰোতাৰ একমাত্ৰ ঔষধি যিয়ে তাইৰ অপকাৰতকৈ বেছি উপকাৰ কৰে। –ৰিচটাৰ

১১

জীৱটো পৰিপূৰ্ণ কৰিবলৈ তিনিটা বস্তুৰ দৰকাৰ– জ্ঞান, ক্ষমতা আৰু প্ৰাৰ্থনা। –এফ. এমিয়েল

১২

এজন প্ৰেমিক নথকা যুৱতী বিচাৰি পোৱা সহজ, কিন্তু এজনী যুৱতী বিচৰা টান যাৰ এজনেই প্ৰেমিক। –লা ৰুচফুকো

১৩

অতি দৰ্পৰ কাৰণে ৰাৱণ মৰিল। অভিমানৰ কাৰণে কৌৰৱসকলৰ বিনাশ হ’ল। অতি দানৰ কাৰণে বালিয়ে পাতাললৈ গ’ল। গতিকে সকলোৰে অতিমাত্ৰা গৰ্হিত আৰু নিন্দনীয়। –চানক্য

১৪

পণ্ডিত লোক এজনৰ চিয়াহী শ্বহিদৰ তেজতকৈয়ো পৱিত্ৰ। –হজৰত মহম্মদ মহৎ বাণী-জ

১৫

আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাটো যেতিয়া ঘটে তেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাওঁ। –এবাৰ ছন

১৬

আমিয়েই আমাৰ ভাগ্যৰ গৰাকী। –মহাত্মা গান্ধী

১৭

সেইজনেই শিক্ষক যিজনে অতি কঠিন বিষয় অতি সহজকৈ বুজাব পাৰে। –ৰালফ ওৱালড’ এমাৰচন

১৮

তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা যে তুমি কেতিয়াও অকৃতকাৰ্য নোহোৱা। –উইলিয়াম শ্বেক্সপীয়েৰ

১৯

কথা সংক্ষেপে কোৱাটোৱেই বুধিয়কৰ কাম। –উইলিয়াম শ্বেক্সপীয়েৰ মহৎ বাণী-জ

২০

কথা কমকৈ ক’বা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সৎ লোকৰ উপদেশ বেছিকৈ শুনিবা। –চক্ৰেটিছ। ০ ০ ০

মহৎ লোকৰ বাণী - চ

মহৎ লোকৰ বাণী – চ

বন্ধুৰ পৰা অনবৰতে সজ উপদেশ শুনি থাকিব লগা হ’লে বন্ধুত্ব টিকি থকা টান হৈ পৰে। –ৰবাৰ্ট লীণ্ড

যিজনে নিজকে জ্ঞানী বুলি ভাৱে, তেওঁতকৈ মূৰ্খলোক পৃথিৱীত দ্বিতীয়জন নাই। –ভলটেয়াৰ

আত্মসংযমৰ অনুশীলনেই হ’ল সভ্যতা। –ডব্লিউ. বি. ইয়েটচ মহৎ বাণী-ঞ

সদায় এনে কাম কৰিবলৈ চেষ্টা কৰা যিটো কাম কৰিবলৈ তুমি ভয় কৰা। –এমাৰ্ছন

হৃদয়ৰ এনে কিছু নিজস্ব যুক্তি আছে যিবোৰ মগজুয়ে কেতিয়াও বুজি নাপায়। — পাস্কেল

অৰ্থহীন জীৱন মৃত্যুৰ নামান্তৰ। –গ্যেটে

যি মানুহ নিজেই নিজৰ আটাইতকৈ ভাল বন্ধু তেওঁ নিঃসঙ্গতা ভাল পায়। যি মানুহ নিজেই নিজৰ ডাঙৰ শত্ৰু তেওঁ নিঃসঙ্গতাক ভয় কৰে। –এৰিষ্টটল

বৰ্তমান যুগত প্ৰায় প্ৰতিজন মানুহেই পঢ়িব পাৰে, কিন্তু মুষ্ঠিমেয় মানুহেহে চিন্তা কৰিব পাৰে। –এলফেডো অ’ট্ৰভিয়ান মহৎ বাণী-ঞ

যিবোৰ মানুহৰ ধৰ্ম আছে আৰু সেই ধৰ্মত বিশ্বাস আছে, সেইজন মানুহ ভাগ্যৱান। –এন. ফ্রাঙ্ক 

১০

স্কুল-কলেজত শিকা সকলো কথা পাহৰি যোৱাৰ পিছত যিখিনি কথা মনত থাকি যায় সেইখিনিয়েই হ’ল প্ৰকৃত শিক্ষা। — বি. এফ. স্কিনাৰ

১১

মূৰ্খই ক্ষমাও নকৰে, নাপাহৰেও। সৰল স্বভাৱৰ অজলা মানুহে ক্ষমাও কৰে, পাহৰেও। জ্ঞানীয়ে ক্ষমা কৰে কিন্তু নাপাহৰে। –টমাছ চাজ

১২

প্ৰত্যেক মানুহেই ভাৱে যে ঈশ্বৰ তেওঁৰ পক্ষত আছে। –জা আনুই

১৩

মানুহৰ যিবোৰ অনুভূতি প্ৰকাশ কৰা অসম্ভৱ, সেইবোৰক সামান্যভাৱে হ’লেও প্ৰকাশ কৰিব পাৰে মাত্ৰ দুটা বস্তুয়ে-= প্ৰথমটো হ’ল নীৰৱতা আৰু দ্বিতীয়টো হ’ল সংগীত। –অল্ডছ হালী মহৎ বাণী-ঞ

১৪

মুখৰ সৌন্দৰ্যৰ লগত অন্তৰৰ সৌন্দৰ্যৰ মিল নাথাকিলে কোনো নাৰীয়েই সুন্দৰ হ’ব নোৱাৰে। –জৰ্জ বাৰ্ণাড শ্ব

১৫

ঈশ্বৰে সেইসকলক ঘিণ কৰে যিসকলে নিজৰ প্ৰশংসা গাই ফুৰে। –ক্লিমেন্ট

১৬

তগৰ আৰু চন্দনৰ গোন্ধ অতি সামান্য। কিন্তু চৰিত্ৰবান লোকৰ গোন্ধ অতি উত্তম। সেই সুগন্ধ দেৱতাসকলৰ মাজতো প্ৰৱাহিত হয়। –গৌতম বুদ্ধ (মহৎ লোকৰ বাণী)

১৭

শিশু হ’ল এখন কিতাপ যাৰ প্ৰতিটো পৃষ্ঠা শিক্ষকে অধ্যয়ন কৰিব লাগিব। –ৰুছো

১৮

যিজন লোকে নিজৰ মূৰ্খতা, শক্তিহীনতা, ক্ষুদ্ৰতা উপলব্ধি কৰিব পাৰে তেঁৱেই প্ৰকৃত জ্ঞানী। –লক্ষ্মীনাথ বেজবৰুৱা

১৯

স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ সিংহ-দুৱাৰ হৈছে মাতৃভাষা। –পি. বি. শ্যেলী মহৎ বাণী-ঞ

২০

জুয়ে যেনেকৈ খৰি পুৰি ছাই কৰি দিয়ে সেইদৰে হিংসাই মানুহৰ সৎগুণবোৰ নাইকীয়া কৰে। –হজৰত মহম্মদ। ০ ০ ০

মহৎ লোকৰ বাণী - ছ

মহৎ লোকৰ বাণী – ছ

সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। –স্বামী বিবেকানন্দ

সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য। –জন কীটচ্‌ মহৎ বাণী-গ

বিদ্যাৰ সমান বন্ধু নাই, পুত্ৰ-স্নেহৰ সমান স্নেহ নাই আৰু  দৈৱৰ সমান বল নাই। –চানক্য

আচলতে শিক্ষানুষ্ঠান হ’ল একোখন সৰু সমাজ। এনে সমাজৰ এক সুস্থ সবল পৰিৱেশত থাকি ছাত্ৰ-ছাত্ৰীসকলে যাতে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তাৰ প্ৰতি সকলোৱে চকু দিয়া উচিত। –জন ডিউই

যাৰ যোগ্যতা যিমানে কম তেওঁৰ অহংকাৰ সিমানে বেছি। –ৰবীন্দ্ৰনাথ ঠাকুৰ

তোমাৰ তিনিখন মুখমণ্ডল আছে। ইয়াৰ প্ৰথমখন পৃথিৱীয়ে দেখিবলৈ পায়, দ্বিতীয়খন তোমাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে দেখিবলৈ পায় আৰু তৃতীয়খন তুমি কাকো নেদেখুওৱা। ই হৈছে তুমি প্ৰকৃততে কি তাৰ প্ৰতিফলন। –জাপানী পটন্তৰ মহৎ বাণী-গ

এজন ভাল মানুহে হেজাৰজনী তিৰোতাক ভাল নেপায়। তেওঁ এজন নাৰীকে হেজাৰ ধৰণে ভাল পায়। –পাশ্চাত্য প্ৰৱচন

তুমি তোমাৰ খং, অসন্তুষ্টি, দোষ আৰু আনক দোষাৰূপ কৰা এৰি দিয়া, দেখিবা তোমাৰ স্বাস্থ্য আৰু জীৱনৰ বহুত উন্নতি হৈছে। –চাৰ্লচ গ্লাচমেন

মই পৰিপূৰ্ণ জীৱন নিবিচাৰোঁ। মই মাত্ৰ সুখী হ’ব বিচাৰোঁ সেইসকল বন্ধু-বান্ধৱীৰ সৈতে যিসকলে মোক ভাল পায় মোৰ গুণৰ কাৰণে। –স্পিৰিট চায়েন্স

১০

তুমি যদি সুখী হ’ব বিচৰা তেন্তে সেই সকলৰ লগত থাকা যিসকলে তোমাক হঁহুৱায়। –চীনদেশীয় প্ৰৱচন

১১

তোমাৰ ভৱিষ্যত তোমাৰ সন্মুখত আছে বৰফেৰে পৰিপূৰ্ণ পথাৰৰ দৰে। তুমি তোমাৰ প্ৰতিটো খোজ বৰ সাৱধানে দিবা কাৰণ তোমাৰ প্ৰতিটো খোজৰ চিন থাকি যাব। –জাপানী পটন্তৰ

১২

কোনো জাতি বা ৰাষ্ট্ৰ সফল হ’ব নোৱাৰে যদিহে ইয়াৰ শাসনভাৰ কোনো নাৰীৰ হাতত থাকে। –হজৰত মহম্মদ

১৩

খঙে  মানুহৰ সুখ চোৰ কৰে। –ইংলিচ প্ৰৱচন

১৪

তুমি তোমাৰ মাকৰ লগত উচ্চসুৰত কথা নাপাতিবা কাৰণ তোমাৰ মাকে তোমাক কথা ক’বলৈ শিকাইছে। –হজৰত আলী

১৫

আমাৰ শৰীৰত এনে এক অংগ আছে যি নষ্ট হ’লে সমস্ত শৰীৰ আৰু মন নষ্ট হৈ যায়, সি হ’ল আমাৰ অন্তৰ। –হজৰত মহম্মদ মহৎ বাণী-গ

১৬

অসমৰ যি কৃষ্টি-সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব। যি নতুন আহিছে তাক অসমীয়া ঠাঁচত সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতাই পূৰ্ণতা পাব আৰু অসমীয়া জাতি জীয়াই থাকিব। –কলাগুৰু বিষ্ণু ৰাভা

১৭

আমি দুখীয়া হ’ব পাৰোঁ কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। –মাওঁ চে তুং

১৮

কোনো মানুহইে ভাবিব নালাগে যে সমাজত তেওঁৰ কোনো প্ৰভাৱ নাই। তেওঁ এজন নগন্য মানুহ হ’ব পাৰে। কিন্তু তেওঁ যদি চিন্তা কৰে তেন্তে তেওঁ এটা শক্তিত পৰিণত হয়। তেওঁ আনৰ বাট পোহৰাব পাৰে। –হেনৰী জৰ্জ

১৯

যিসকলে অতীতক মনত ৰাখিব নোৱাৰে, তেওঁলোকে ভুলকেই কৰি থাকে। –জৰ্জ মন্টানা

২০

মই এনেকুৱা বিদ্যা আৰু সাহিত্য কামনা কৰোঁ, যিয়ে মানুহৰ অন্তৰ প্ৰফুল্ল কৰিব পাৰে। –মহাত্মা গান্ধী। ০ ০ ০

মহৎ লোকৰ বাণী - জ

মহৎ লোকৰ বাণী – জ

কোনো কাম সুচাৰুৰূপে কৰাটোৱেই হৈছে সেই কামৰ পুৰস্কাৰ। –উইলিয়াম শ্বেক্সপীয়েৰ

যি সমাজত মুক্ত নিৰ্ভীক সমাজ সচেতন বুদ্ধিজীৱিৰ সংখ্যা বেছি, সেই সমাজৰ ভৱিষ্যতৰ সম্ভাৱনা উজ্জ্বলতৰ। –হোমেন বৰগোহাঞি

ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰেই ক্ষন্তেকীয়া। –হেম বৰুৱা

যেতিয়ালৈকে লক্ষ লক্ষ মানুহ অনাহাৰ আৰু অজ্ঞানতাত ডুব গৈ থাকিব, তেতিয়ালৈকে মই প্ৰত্যেকজন মানুহকে বিশ্বাসঘাতক বুলি ক’ম। –স্বামী বিবেকানন্দ

অসমৰ প্ৰাণ হৈছে শংকৰগুৰু। তেওঁৰ ধৰ্ম, শিক্ষা, দীক্ষা, উচ্চ আদৰ্শ অসমীয়া জাতিয়ে গ্ৰহণ কৰক। তেহে অসম উধাব। বাহিৰা আদৰ্শ আৰু ধৰ্মই আমাক কেতিয়াও আগনবঢ়ায়। –লক্ষ্মীনাথ বেজবৰুৱা

মানুহে কিতাপ পঢ়িব লাগে দুটা কৰণত- এটা আত্মাৰ শান্তিৰ কাৰণে আৰু আনটো মনক সংযত কৰি ৰাখিবৰ কাৰণে। –হেম বৰুৱা

যিজনে ঈশ্বৰক ভাল নেপায়, তুমি তেওঁৰ পৰা সাৱধানে থাকিবা। কাৰণ তেওঁ নিশ্চিভাৱে কাকো ভাল পাব নোৱাৰে। –ইমাম শাফি মহৎ  বাণী-ঘ

চাৰিটা বস্তুয়ে মানুহক উন্নত কৰে, সেয়া হ’ল — বিদ্যা, দয়া, ধৈৰ্য আৰু সদ্ব্যৱহাৰ। –হজৰত মহম্মদ

যিসকলে মোক ভালৰি বুলাবলৈ ছলনা কৰে সেই সকল ব্যক্তিৰ লগত থকাতকৈ মই অকলে থাকিবলৈ ভাল পাওঁ। –অজ্ঞাত

১০

এজনী পৰ্দাহীন নাৰীৰ কাৰণে চাৰিজন পুৰুষ যথা– তাইৰ দেউতা, ককায়েক, স্বামী আৰু ডাঙৰ পুত্ৰ নৰকলৈ যাব। –হজৰত মহম্মদ

১১

যিসকল লোকে গোচ (উৎকোচ) গ্ৰহণ কৰে সিহঁতে টকা পালে হাতৰ তলুৱাত হাগিবলৈ দিয়ে। –অধ্যাপক দিলীপ দাস

১২

প্ৰেমত বিবেক অনুপস্থিত থাকে। –অজ্ঞাত মহৎ  বাণী-ঘ

১৩

তিনিটা বস্তু তুমি জীৱনত পুনৰাই পাব নোৱাৰাঃ মুখৰ পৰা ওলাই যোৱা মাত, পাৰ হৈ যোৱা সময় আৰু তোমাৰ যৌৱন। –ফৰাচী প্ৰৱচন

১৪

সাধুতা হৈছে বৰ মূল্যৱান উপহাৰ। নীচ মানুহৰ পৰা ইয়াক আশা নকৰিবা। –স্পিৰিট চায়েন্স

১৫

মাথো মৰা মাছহে সোঁতত ভাঁহি যায়। –স্পিৰিট চায়েন্স মহৎ  বাণী-ঘ

১৬

প্ৰেম কৰিবৰ কাৰণে মানুহৰ জন্ম হৈছে আৰু ব্যৱহাৰ কৰিবৰ বাবে বস্তুৰ সৃষ্টি কৰা হৈছে, কিন্তু মানুহে বস্তুক প্ৰেম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। –স্পিৰিট চায়েন্স

১৭

প্ৰশান্তভাৱে যন্ত্ৰণা সহ্য কৰিব পৰাটোৱেই হৈছে জীৱনৰ প্ৰধান গুণ। –মহাকবি বাল্মীকি

১৮

প্ৰাৰ্থনা কৰি মই ঈশ্বৰক বিৰক্ত কৰিব নোখোজো। –অৰ্চন ওৱেলচ্‌ মহৎ  বাণী-ঘ

১৯

সদায় সত্য কথা ক’বা, সমগ্ৰ মানৱ জাতিক ভাল পাবা আৰু সিহঁতৰ মাজত পাৰ্থক্য নিবিচাৰিবা। –শ্ৰীমন্ত শংকৰদেৱ (মহৎ লোকৰ বাণী)

২০

পৰীক্ষাত নকল কৰাটো যিমান দোষ আনজনৰ পৰা চাই লিখাটোও সিমানে দোষ। –ড⁰ জনচন। ০ ০ ০

মহৎ লোকৰ বাণী - ঝ

মহৎ লোকৰ বাণী – ঝ

যি মানুহে বিপদক ভয় কৰে, তেনে মানুহক বিপদে কেতিয়াওঁ লগ এৰা নিদিয়ে। –জৰ্জ বাৰ্ণাড শ্ব 

সৰস্বতী পূজা কৰি জ্ঞানী হ’বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়া বেছি ভাল। –হেম বৰুৱা

মাতৃভাষাৰ সেৱাই আমাৰ দেশৰ সেৱা, আমাৰ ৰাষ্ট্ৰীয় জীৱনৰ বিজয় পতাকাৰ লুপ্ত গৌৰৱ উদ্ধাৰেই আমাৰ জীৱনৰ কৰ্তব্যৰ শিৰত মুকুট। –লক্ষ্মীনাথ বেজবৰুৱা মহৎ বাণী-ঝ

ভোকাতুৰ মানুহ এজন ৰাজনীতিৰ ভাল উপদেষ্টা হ’ব নোৱাৰে। –এলবাৰ্ট আইনষ্টাইন

যেতিয়া এটা জাতিয়ে দেখদেখকৈ ঈশ্বৰক পিঠি দিয়ে আৰু সাংসাৰিক সুখ উন্নতিত লিপ্ত থাকে তেতিয়া ই ধবংসৰ মুখত পৰে। –ড⁰ সবৰ্বপল্লী ৰাধাকৃষ্ণন

সততাৰ সংজ্ঞা দিয়াতকৈ তাক চিনি পোৱাটো বেছি সহজ। –এইচ অভেন

বেয়া কাম কৰি প্ৰখ্যাত হোৱাতকৈ নাম নাইকীয়া হোৱাও ভাল। –কালিৰাম মেধি

জীৱন বিচিত্ৰ। বিচিত্ৰ জীৱন আৰু জীৱন ধাৰাৰ অভিজ্ঞতাই হৈছে সৃষ্টিৰ সমান। সৃষ্টিৰ বাবে প্ৰয়োজন প্ৰেৰণাৰ। –হেম বৰুৱা

ঈশ্বৰ মন্দিৰত নাই, ঈশ্বৰ আছে মানুহৰ অন্তৰত। বিচাৰিব জানিলেই হ’ল। –তুলসী দাস মহৎ বাণী-ঝ

১০

জীৱিত মানুহক আমি সন্মান কৰা উচিত। কিন্তু মৃতকৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা উচিত নহয়। –ভলটেয়াৰ

১১

নিজকে সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমন্তৰ কাৰণেহে এই জগতখন, দুৰ্বলীৰ বাবে নহয়। –এমাৰছন

১২

পৃথিৱীত কিবা ডাঙৰ কাম কৰিব খুজিলে জীৱনৰ আগডোখৰত সাধনা কৰিবই লাগিব আৰু সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। –ড⁰ বাণীকান্ত কাকতি

১৩

দুৰ্বলীয়ে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। একমাত্ৰ শক্তিমন্তৰ পক্ষেহে ক্ষমা কৰাটো সম্ভৱ। –মহাত্মা গান্ধী

১৪

সঙ্গীতে মনক আনন্দ দিয়ে আৰু শান্তি দিয়ে যি স্বাস্থ্যৰ বাবে উপকাৰী। –ভিক্টৰ হাগো মহৎ বাণী-ঝ

১৫

মুনিৰো মতিভ্ৰম হয়। — প্ৰৱচন

১৬

প্ৰাকৃতিক দৃশ্য উপভোগ  কৰিলেহে জীৱনৰ সঞ্জীৱনী শক্তি বাঢ়ে আৰু মন পবিত্ৰ হয়। –হেম বৰুৱা

১৭

আৱশ্যকীয় ব্যৱহাৰ, উচিত পৰিচালনা আৰু অনুশীলন নহ’লে সকলো কামতে মামৰে ধৰে। –অম্বিকাগিৰি ৰায় চৌধুৰী (মহৎ লোকৰ বাণী)

১৮

এই ধাৰণা ভুল যে সুযোগ দ্বিতীয় বাৰৰ বাবেও আহিব। –চাম ফোৰ্ট

১৯

এশ মূৰ্খ পুত্ৰতকৈ এজন গুণবান পুত্ৰ ভাল। এটা মাত্ৰ চন্দ্ৰই অন্ধকাৰ নাশ কৰে। অগণন তৰায়ো নোৱাৰে। –চানক্য মহৎ বাণী-ঝ

২০

পাপৰ পৰিণাম প্ৰকাশ নোহোৱালৈকে পাপীয়ে পাপক কল্যাণ বুলিলেই ভাৱে, কিন্তু পৰিণাম স্পষ্ট হ’লে দুখ ভোগ কৰে। –গৌতম বুদ্ধ।

মহৎ লোকৰ বাণী - ঞ

মহৎ লোকৰ বাণী – ঞ

এটা বন্দুকৰ গুলিতকৈ এটোপাল চিয়াঁহীৰ মূল্য বেছি। –মাদাৰ টেৰেছা 

এটা সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায় তেনেকৈ সৰু-সুৰা কথাৰ মাজেদি মানুহৰ চৰিত্ৰ প্ৰকাশ পায়। –লৰ্ড এভেৰেৰী মহৎ বাণী-ট

সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়। –কৃষ্ণকান্ত সন্দিকৈ

পাৰিলে সজ কথা আলোচনা কৰিবা, নহ’লে মনে মনে থাকিবা। –পাইথাগোৰাচ

সকলো কিতাপকে দুটা ভাগত ভগাব পাৰি–এঘন্টাৰ কিতাপ আৰু সৰ্বকালৰ কিতাপ। –জন ৰাস্কিন

অন্যায় শেষ কৰা কিন্তু নিজক শেষ কৰি নহয়। –প্ৰেম চান্দ মহৎ বাণী-ট

যিজন মানুহক তুমি ভাল নোপোৱা সেইজনৰ বিষয়ে ভাবি এক মূহুৰ্ত সময়ো নষ্ট নকৰিবা। –আইজেনহাৱাৰ

নাৱত উঠাৰ আগতে নাওঁখন আৰু বঠাপাত চাই ল’ব লাগে। নিবুদ্ধিতাৰ বাহিৰে আন কোনো পাপ নাই। –অস্কাৰ ওৱাইল্ড

শব্দবোৰ মানুহৰ কন্যা, কিন্তু বস্তুবোৰ ঈশ্বৰৰ সন্তান। –চেমুৱেল মেডেল

১০

যি হাঁহিব নেজানে তেওঁ হয় দেৱতা, নহয় চয়তান। –উইলিয়াম শ্বেক্সপীয়েৰ

১১

মানুহ যিমানে পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। –পণ্ডিত জৱাহৰলাল নেহৰু

১২

এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি। –জৰ্জ হাৰ্বাট মহৎ বাণী-ট

১৩

শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনেই শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত। –মহাত্মা গান্ধী

১৪

শিষ্টাচাৰৰ দ্বাৰা প্ৰত্যেক মানুহেই জীৱনত উন্নতি কৰিব পাৰে। –উইলিয়াম শ্বেক্সপীয়েৰ

১৫

কোনো মানুহকে সম্পূৰ্ণৰূপে অনুসৰণ নকৰিবা। প্ৰত্যেক মানুহৰে সৎগুণ যেনেকৈ আছে, তেনেকৈ অসৎ গুণো আছে। অসৎ খিনি বাদ দি সৎ খিনি বাছি ল’ব পৰাটোতহে মানৱতাৰ কৃতিত্ব। –হেম বৰুৱা (মহৎ লোকৰ বাণী)

১৬

নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। –সত্যনাথ বৰা

১৭

আনে  তোমাক সহায় কৰিব নোৱাৰে। তুমি নিজেই তোমাৰ সহায় হোৱা। –গৌতম বুদ্ধ

১৮

ক্ষমতাই মানুহক দুৰ্নীতিপৰায়ণ নকৰে। মূৰ্খইহে ক্ষমতাক কলুষিত কৰে। –জৰ্জ বাৰ্ণাড শ্ব মহৎ বাণী-ট

১৯

শত্ৰুক ভাল পাবলৈ শিকা। –যীশু খ্ৰীষ্ট

২০

তুমি সাহসী হোৱা কাৰোবাক হত্যা কৰিবলৈ নহয়, তুমি ঘিণ কৰাজনক প্ৰেমেৰে আকোঁৱালি ল’বলৈহে। প্ৰেমে কাৰো মাজত বিভাজন নানে; বৰং ই ঈশ্বৰৰ সৈতে আমাক সাঙুৰেহে। –মাদাৰ টেৰেছা। ০ ০ ০

মহৎ লোকৰ বাণী - ট

মহৎ লোকৰ বাণী – ট

একমাত্ৰ পৰিশ্ৰমেৰেহে সকলো জয় কৰিব পাৰি। –মহাকবি হোমাৰ

কাৰো মৃত্যু উৰি যোৱা গংগা চিলনীৰ সৰি পৰা পাখি আৰু কাৰো মৃত্যু খহি পৰা পৰ্বতৰ চূড়া। –হেমাঙ্গ বিশ্বাস

ঈশ্বৰ বিশ্বাসীসকল পৰস্পৰে পৰস্পৰৰ ভাই-ভনী। –হজৰত মহম্মদ

এনে সময় আছে যেতিয়া একো কোৱা উচিত নহয়। আকৌ এনে সময় আছে যেতিয়া কিছু কোৱা উচিত। কিন্তু এনেকুৱা কোনো সময় নাই যেতিয়া সকলো কোৱা উচিত। –লেটিন পটন্তৰ (মহৎ লোকৰ বাণী)

ঈশ্বৰৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰিব পৰাটোৱেই হৈছে জীৱনৰ শ্রেষ্ঠ কাম। –হজৰত মহম্মদ

মানুহে জন্মতে ভাল হৈয়ে জন্মে, কিন্তু সমাজে তেওঁক বেয়া কৰে। –ৰুচো

পোহৰ ঈশ্বৰৰ ছাঁ। — প্লেটো মহৎ বাণী-খ

তোমাৰ দুখৰ কাৰণ যিয়েই নহওঁক কিয় তাৰ বাবে কেতিয়াও আনক আঘাত নকৰিবা। –গৌতম বুদ্ধ

ৰাজনীতি মাত্ৰ এটা মূহুৰ্তৰ বাবে, কিন্তু সমীকৰণ হ’ল শাশ্বত কালৰ বােব। –এলবাৰ্ট আইনষ্টাইন

১০

পৃথিৱীৰ আটাইতকৈ বেয়া কাম হৈছে আনৰ সুনাম নষ্ট কৰা। –ৰামকৃষ্ণ পৰমহংস

১১

কাম কৰি যোৱাই হ’ল জীৱন। আনন্দ উপভোগ কৰা আৰু যন্ত্ৰণা তাৰ ফল। –গ্যেটে

১২

সংঘাত নোহোৱাকৈ কোনো নাটক নহয়।–পটন্তৰ মহৎ বাণী-খ

১৩

ব্যক্তিত্ব আৰু ব্যক্তিস্বাৰ্থ চৰিতাৰ্থৰ বাবে দল সৃষ্টি কৰোতাজন সমাজ আৰু দেশৰ জঘন্য শত্ৰু । –মৌলনা আবুল কালাম আজাদ (মহৎ লোকৰ বাণী)

১৪

বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পোহৰত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। –সত্যনাথ বৰা

১৫

মুখ জপাই থাকিবলৈ সমৰ্থ হ’লে পানীৰ তলৰ মাছো বিপদত নপৰে। –কেৰিয়ান পটন্তৰ মহৎ বাণী-খ

১৬

কৰ্মই উপাসনা আৰু হাঁহিয়েই জীৱন। যিজনে জীৱনত সুখ আৰু দুখক হাঁহিমুখে গ্ৰহণ কৰিব পাৰে, তেওঁহে জীৱনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। –চৰ্দাৰ ভল্লৱভাই পেটেল

১৭

দুজন ব্যক্তিৰ মাজত থকা আটাইতকৈ কম দূৰত্বকেই হাঁহি বোলে। –ভিক্টৰ বৰ্গ

১৮

শ্ৰম নকৰি আহাৰ খোৱা, চোৰ কৰি আহাৰ খোৱাৰ দৰে। –যীশু খ্ৰীষ্ট

১৯

শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। –এৰিষ্টটল

২০

কুলি চৰাইৰ সৌন্দৰ্য মাতত, পত্নীৰ সৌন্দৰ্য বিশ্বাসত, কুৰূপৰ সৌন্দৰ্য জ্ঞানত আৰু সাধুৰ সৌন্দৰ্য ক্ষমাত। –চানক্য। ০ ০ ০

মহৎ লোকৰ বাণী - ঠ

মহৎ লোকৰ বাণী – ঠ

অন্তৰ পৰিষ্কাৰ কৰা একমাত্ৰ উপায় হৈছে ভগৱানৰ ভক্তি আৰু প্ৰেম। –গুৰু নানক

ব্রাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান। –গুৰু নানক

বন্ধুত্ব হৈছে দুটা দেহত বাস কৰা এটা আত্মা। –এৰিষ্টটল মহৎ বাণী-ঠ

এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ। –তিৰুক কুৰাল

কিবা বস্তু নোপোৱাটোৱেই ব্যৰ্থতা নহয়, বস্তুটো বিচাৰি পাবলৈ কৰা সংগ্ৰাম এৰি দিয়াটোৱেই প্ৰকৃত ব্যৰ্থতা। –জৰ্জ ইলিয়াছ (মহৎ লোকৰ বাণী)

প্ৰেমহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। –মহাত্মা গান্ধী

অৰ্থহীন হেজাৰ বাক্যতকৈ অৰ্থপূৰ্ণ এটি বাক্যও ভাল। –গৌতম বুদ্ধ

পৰক আপোন  কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন। –ৰবীন্দ্ৰ নাথ ঠাকুৰ

মানুহৰ অতি প্ৰিয় সম্পদ হ’ল জীৱনটো। সেয়ে সি জীয়াই থকাৰ সময়ত এনেদৰে জীয়াই থাকিব লাগে যাতে মৃত্যুৰ সময়ত সি ক’ব পাৰে, “মই মোৰ সমগ্ৰ জীৱন নিয়োজিত কৰিছো মানৱ জাতিৰ মুক্তিৰ সংগ্ৰামৰ কাৰণে।” –লেলিন

১০

কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে, জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে। –বিষ্ণুপ্ৰসাদ ৰাভা মহৎ বাণী-ঠ

১১

অধ্যয়নে মানুহক পূৰ্ণ কৰি তোলে আৰু লিখাৰ অভ্যাসে মানুহক মানৱীয় মৰ্যদা প্ৰদান কৰে। –ৰুছো

১২

আইন-শৃঙ্খলা অবিহনে সমাজ  তিষ্টিব  নোৱাৰে। –ৰাছেল

১৩

তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা অকৃতকাৰ্য হোৱা নাই। –উইলিয়াম শ্বেক্সপীয়েৰ (মহৎ লোকৰ বাণী)

১৪

ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে আন কাৰ্যত ভাগ ল’ব নালাগে। –বাইেবল

১৫

জ্ঞান যদি জীৱনৰ লগত মিলিব নোৱাৰে, কিতাপ যদি মনৰ ভিতৰত সোমাব নোৱাৰে, তেনেহ’লে সেই শিক্ষা ব্যৰ্থ। –ৰবীন্দ্ৰ নাথ ঠাকুৰ মহৎ বাণী-ঠ

১৬

প্ৰতিভাৰ নিৰানব্বৈ ভাগেই অধ্যাৱসায়। –টমাচ আলভা এডিছন

১৭

সত্যই হ’ল সবাতেকৈ শক্তিশালী যুক্তি। –ছফোকলছ

১৮

অধ্যাৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যাৱসায় জন্মে। –সত্যনাথ বৰা

১৯

এখন ভাল কিতাপ সকলো বন্ধুতকৈ শ্রেষ্ঠ, কাৰণ বন্ধুসকল আঁতৰি যাব কিন্তু কিতাপখন চিৰকাল থাকি যায়। –ইংলিচ প্ৰৱচন মহৎ বাণী-ঠ

২০

ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। –চক্ৰেটিছ। 0 0 0

মহৎ লোকৰ বাণী - ড

মহৎ লোকৰ বাণী – ড

সততাই হ’ল দেশৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু। –এ. পি. জে. আব্দুল কালাম

বৃদ্ধাৱস্থাৰ যন্ত্ৰণাটো বুঢ়া হোৱাৰ বাবে নহয়; তেওঁ যে এদিন ডেকা আছিল তাৰ বাবেহে। –অস্কাৰ ওৱাইল্ড মহৎ বাণী-ড

আনৰ ওচৰত জ্ঞানী হোৱা অতি সহজ। নিজৰ ক্ষেত্ৰত জ্ঞানী হোৱাটোহে আচল কথা। –লা ৰছক কাৰ্ল্ড

শিকিবলৈ এৰি দিলেই মানুহ বুঢ়াহয়। নতুন কথা শিকি থাকিলেহে মানুহ চিৰকাল ডেকা হৈ থাকে। মনটোক ডেকা কৰি ৰখাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ কাম। –হেনৰী ফৰ্ড (মহৎ লোকৰ বাণী)

ভুল পথেৰে যোৱা এজন দৌৰবিদতকৈ শুদ্ধ পথেৰে যোৱা এজন খোৰা মানুহে জীৱনত বেছি দূৰ আগুৱাই যাব পাৰে। –ফ্রাঞ্চিছ বেকন

সংসাৰত যিজনে চিন ৰাখি থ’ব বিচাৰে তেওঁ অনবৰত কাম কৰি যাবই লাগিব। ইয়াৰ অন্যথা তেওঁ একো কৰিব নোৱাৰে। –লিউৱেন হুক মহৎ বাণী-ড

প্ৰথম চেষ্টাত কোনো কাম হৈ নুঠিলে দ্বিতীয়বাৰ চেষ্টা কৰা, দ্বিতীয়বাৰ হৈ নুঠিলে তৃতীয়বাৰ কৰিবা, তৃতীয়বাৰত হৈ নুঠিলে আকৌ চেষ্টা কৰিবা, দেখিবা শেষত তোমাৰ চেষ্টা সফল হ’বই। –লক্ষ্মীনাথ বেজবৰুৱা

যিটো কাম আজিইে শেষ কৰিব পাৰা, সেই কাম কাইলৈৰ বাবে পেলাই নথবা। –লৰ্ড চেষ্টাৰফিল্ড

সকলো কৃতকাৰ্যতাৰ মূল কথা হ’ল ধৈৰ্য। কণী  ভাঙি  তাৰ পৰা পোৱালি পাব নোৱাৰি। পোৱালি পোৱাৰ একমাত্ৰ উপায় হ’ল কণীত উমনি দিয়া। –আনৰ্ল্ড গ্লাছো (মহৎ লোকৰ বাণী)

১০

সকলোকে ভাল পাবা, কিন্তু সকলোকে বিশ্বাস নকৰিবা। বিশ্বাস নকৰিবা বুলিয়েই কাৰো প্ৰতি অহিতকৰ কাম নকৰিবা। –উইলিয়াম শ্বেক্সপীয়েৰ

১২

জ্ঞান সাধনা হৈছে এটা ব্রত; ই জীৱনৰ এটা ৰূপ। পাৰ্থিৱ খ্যাতি নিশ্বাস প্ৰশ্বাসৰ বাহিৰে আন একো নহয়। –কৃষ্ণকান্ত সন্দিকৈ মহৎ বাণী-ড

১৩

হতাশাক প্ৰশ্ৰয় নিদিবা। এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব। –মহাত্মা গান্ধী

১৪

পশু জীৱন বচোৱাৰ অৰ্থ হৈছে মানৱ জাতিক সেৱা কৰা। –মেনকা গান্ধী

১৫

মহানগৰবোৰ কংক্ৰীটৰ জঙ্গল নহয়। এইবোৰ হ’ল মানুহৰ চিৰিয়াখানা। –ডেমেণ্ড মৰিচ

১৬

ইতিহাস হ’ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস। –এডমাণ্ড বাৰ্ক

১৭

কিছুমান মানুহে এন্দুৰৰ দৰে জীয়াই থাকে, কিছুমান শিয়ালৰ দৰে, কিছুমান কুকুৰনেচীয়া বাঘৰ দৰে, আন কিছুমানে গাহৰিৰ দৰে। খুব কম মানুহেহে জীয়াই থাকে মানুহৰ দৰে। –হাৰখান  হ্যেচ (মহৎ লোকৰ বাণী)

১৮

জিভাৰ লোভ দমন কৰি ৰাখিব পাৰিলে মনটো সংযত কৰি ৰখা বেছি সহজ। –মহাত্মা গান্ধী মহৎ বাণী-ড

১৯

সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ’ল ফুল কিন্তু তাৰ শিপাবোৰ থাকে মাটি আৰু গোবৰত। –ডি. এইছ. লৰেঞ্চ

২০

মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু সেয়া নাজানে। — বুদ্ধদেৱ। ০ ০ ০

মহৎ লোকৰ বাণী - ঢ

মহৎ লোকৰ বাণী – ঢ

একমাত্ৰ পৰিশ্ৰমেহে সকলোকে বিজয়ী কৰিব পাৰে। — মহাকবি হোমাৰ

বন্ধুত্বৰ ডাঙৰ কাম হ’ল বন্ধুৰ দোযবোৰ আঙুলিয়াই দিয়াটো। –লা ৰোজফুকো

মানুহৰ স্বভাৱ হ’ল মানুহে উদাহৰণৰ পৰা শিকিব নোখোজে। মানুহে শিকিব খোজে নিজৰ ভুলৰ পৰা। –ফ্রেড হইল

মাত্ৰ কেইটামান ঝিলিৰ মাতত  পথাৰখন ৰজন-জনাই থকাৰ কাৰণে নাভাবিবা যে সিহঁতেই পথাৰখনৰ একমাত্ৰ অধিকাৰী। –এডমাণ্ড বাৰ্ক মহৎ বাণী-ঢ

সুখী মানুহৰ জগতখন আৰু অসুখী মানুহৰ জগতখন সম্পূৰ্ণ বেলেগ। –এল. ডব্লিউ ষ্টেইন

আনক শিক্ষা দিয়া মানে নিজে দুবাৰকৈ শিকা। –জোৱাৰ্ট

মানুহৰ প্ৰতি দয়া প্ৰদৰ্শন আৰু মানুহক ভাল পোৱাই মোৰ ধৰ্ম। –দালাই লামা

সকলো মানুহক তোমাৰ হৃদয়খন খুলি নেদেখুৱাবা। –বাইেবল

জীৱনটো এক সংগ্ৰামৰ পথাৰ, ইয়াত সাহসী আৰু কৰ্মপটুজনেহে জয়লাভ কৰিব পাৰে। –নেপোলিয়ন বোনাপাৰ্ট (মহৎ লোকৰ বাণী)

১০

কিতাপ এখন নি ওভোতাই নিদিয়াটো শিক্ষা জগতৰ এক কলংক। — চক্ৰেটিছ

১১

যি মানুহে নিজকে ভাল পাব আৰু প্ৰশংসা কৰিব জানে, তেওঁ কেতিয়াও অকলশৰীয়া হ’ব নোৱাৰে। — থিয়ওডৰ ৰিক

১২

ভুল স্বীকাৰ কৰিবলৈ কেতিয়াও লাজ পোৱা উচিত নহয়। কাৰণ ভুল স্বীকাৰ কৰি তেওঁ এই কথা প্ৰমাণ কৰে যে তেওঁ আগতকৈ ভাল হৈছে। –আলেকজেণ্ডাৰ পোপ (মহৎ লোকৰ বাণী)

১৩

এই জগতত তিনিবিধ প্ৰাণী অকাৰণতে বৈৰী হ’ব লগা হয়– পহু, মাছ আৰু সাধুলোক। — শ্ৰী মাধৱদেৱ

১৪

মানসিক অস্থিৰতাই হ’ল জীৱনৰ লক্ষণ। — লাৰ্ক মেনিজাৰ মহৎ বাণী-ঢ

১৫

ইতিহাস বুলি কোনো বস্তু নাই, আছে কেৱল জীৱনী। — এমাৰ্ছন

১৬

পৃথিৱীৰ আটাইতকৈ সহজ কাম হৈছে মানুহক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম হৈছে নিজক সংশোধন কৰা। — হেম বৰুৱা

১৭

প্ৰতিভাৰ এটা লক্ষণ হ’ল এই যে কৃতকাৰ্যতাই তাক কেতিয়াও নষ্ট কৰিব নোৱাৰে। –মাৰ্টিন এছলিন

১৮

উন্নতি অধঃপতনৰ নামান্তৰ মাত্ৰ। — হেভনক এলিছ

১৯

জ্ঞান অনন্ত, মানুহে ইয়াৰ এটা অংশহে পায়। –স্বামী বিবেকানন্দ মহৎ বাণী-ঢ

২০

প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে। –জাকিৰ হুছেইন। ০ ০ ০

মহৎ লোকৰ বাণী - ণ

মহৎ লোকৰ বাণী – ণ

আটাইতকৈ সুখী মানুহ  সেইজন যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হয়। –চক্ৰেটিছ 

নজনাটো লাজৰ কথা নহয়। জানিব নিবিচৰাটোহে লাজৰ কথা। –বেঞ্জামিন ফ্রেঙ্কলিন মহৎ বাণী-ণ

তুমি যি ভাল পোৱা সেইটো পাবলৈ যত্ন কৰা, নহ’লে যিটো পাইছা তাকেই ভাল পাবলৈ বাধ্য হৈ পৰিবা। –অজ্ঞাত (মহৎ লোকৰ বাণী)

দৰিদ্ৰতা, অজ্ঞানতা গুচাবৰ প্ৰধান উপায় হৈছে শিক্ষা। শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু আৰ্থিক উন্নতিৰ উপায় হৈছে শিক্ষা। সাধাৰণ শিক্ষা বিস্তাৰেই জ্ঞানৰ বিস্তাৰ। জ্ঞানতকৈ পবিত্ৰ ক্ষমতাবন্ত বস্তু জগতত আন একো নাই। –আনন্দচন্দ্ৰ আগৰৱালা (মহৎ লোকৰ বাণী)

আত্মৰক্ষাৰ ব্যৱস্থা নৰখাকৈ মুকলি পথাৰত অকলশৰে যুঁজিব পৰাজন মহাৰথী। — শ্ৰী মাধৱদেৱ

কথা দি কথা নৰখা মানুহবোৰৰ কথাবোৰ ধুনীয়া ফুলৰ দৰে, কিন্তু ই গন্ধহীন আৰু ফলহীন। –বুদ্ধদেৱ

দেহৰ কাৰণে যেনেদৰে খাদ্যৰ প্ৰয়োজন, তেনেদৰে প্ৰাৰ্থনাত আত্মাৰ প্ৰয়োজন। –মহাত্মা গান্ধী

এটা জাতি কিমান সভ্য তাক বুজিব পাৰি সেই জাতিয়ে শিক্ষক, সাহিত্যিক, শিল্পীক কেনে ব্যৱহাৰ কৰে তাৰ ওপৰত। –যজ্ঞেশ্বৰ শৰ্মা মহৎ বাণী-ণ

উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত যদি শিথিলতা নাথাকে, ব্যৰ্থতা আহিবই নোৱাৰে। — জৰ্জ বাৰ্ণাড শ্ব

১০

যি শিক্ষাই মানুহক নিজৰ মাজতে আটাইতকৈ সুখী কৰে, সেই একে শিক্ষাই মানুহক সমাজ সেৱাৰ কাৰণেও বেছি উপযোগী কৰি তোলে। –জন ৰাস্কিন

১১

সাহিত্য সাধনা এটি মহৎ আৰু পবিত্ৰ কাম। ইয়াৰ ফলত অন্তদৃষ্টিৰ সৃষ্টি হয়। ই বাহিৰ আৰু ভিতৰৰ সকলো প্ৰকাৰৰ অন্ধকাৰ দূৰ কৰে। — পাৰ্ল এচ. কাৰ্ক (মহৎ লোকৰ বাণী)

১২

সকলো নিয়মৰ মৃত্যু হয়, মাথো মৃত্যু নহয় কিতাপৰ। –বুলবাৰ লিটন

১৩

শিলৰ দেৱালে কাৰাগাৰ নিৰ্মাণ নকৰে। লোৰ শিকলিয়েও সজা তৈয়াৰ নকৰে। যিসকল সৰল আৰু শান্তিপ্ৰিয় লোক তেওঁলোকে ইয়াক আশ্ৰম বুলিহে জ্ঞান কৰে। — এমাৰ্ছন মহৎ বাণী-ণ

১৪

কৰ্মই আটাইতকৈ মহৎ। বিলাসৰ জীৱন দেৱতাসকলৰো  অপ্ৰিয়। — কাৰ্লাইল মহৎ বাণী-ণ

১৫

উন্নতিৰ বাবে শান্তিৰ প্ৰয়োজন। –স্বামী বিবেকানন্দ

১৬

জ্ঞান মানুহৰ উমৈহতীয়া বিভূতি। ই পশু জীৱনত দুৰ্লভ। জ্ঞানৰ কাৰণেহে মানুহে মানুহ নাম পায়। –সত্যনাথ বৰা

১৭

বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি। — মাদাৰ টেৰেছা

১৮

স্মৃতি হৈছে সকলো জ্ঞানৰ মাতৃ। –স্কাইলাৰ্চ

১৯

জাগ্ৰত চেতনােবাধই স্বাধীনতাৰ ৰক্ষা কৱচ। — আব্রাহাম লিংকন মহৎ বাণী-ণ

২০

ভুল কৰা কিন্তু এটা ভুল দুবাৰ নকৰিবা।  — মাও চে তুং। ০ ০ ০

মহৎ লোকৰ বাণী - ত

মহৎ লোকৰ বাণী – ত

উদ্দেশ্যবিহীন জীৱনৰ অন্য নাম আগতীয়া অপমৃত্যু। –গ্যেটে

আইনে মহিলাক যিমানখিনি ক্ষমতা দিছে তাতকৈ বেছি দিছে প্ৰকৃতিয়ে। –ছেমুৱেল জনছন

মন যেতিয়া বিপথগামী হয় তেতিয়া কাণৰ শ্ৰৱণশক্তি অৰ্থহীন হৈ পৰে। –হজৰত মহম্মদ

তুমি নিজে যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা আনকো তেনে ব্যৱহাৰ কৰা। — কনফুচিয়াচ

ধনৰ দ্বাৰা মানুহে নিজকে ৰক্ষা কৰিব নোৱাৰে। –মাৱিৰ

ঘটি যোৱা ঘটানাবোৰে আমাক এনে কিছুমান কাম কৰিবলৈ বাধ্য কৰে, যিবোৰ ঘটনাই আমাৰ জীৱনটোক গঠন  কৰি গৈ থাকে। ফলস্বস্বৰূপে আমি নিজে জীৱনটোক যিভাৱে গঢ় দিব বিচাৰো তেনেকৈ কেতিয়াও গঢ় দিব নোৱাৰো। — ইউজিন অ’নিল (মহৎ লোকৰ বাণী)

গ্ৰন্থৰ আন নাম প্ৰেৰণা। –এমাৰ্ছন

যিজন সত্যবাদী তেওঁৰ অভিশাপ অথলে নাযায়। — চানক্য

মানুহ ধবংস হ’ব পাৰে, কিন্তু পৰাজিত নহয়। –আৰ্নেষ্ট হেমিংৱে মহৎ বাণী-ত

১০

অপ্ৰয়োজনীয় আৰু আড়ম্বৰপূৰ্ণ ঘৰে মানুহৰ মনলৈ অহংকাৰ ভাৱ আনিব পাৰে যদিও মানুহে এয়া অনুভৱ কৰিব নোৱাৰে। — হজৰত মহম্মদ

১১

আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো, কিন্তু ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই। — মাৰ্টিন লুথাৰ কিং

১২

ভাষা হৈছে সাহিত্যৰ সাজপাৰ মাথোন। ভাৱ হৈছে তাৰ দেহ আৰু আদৰ্শ হৈছে তাৰ প্ৰাণ। — হেমচন্দ্ৰ গোস্বামী

১৩

সংসাৰত গাৰ বলেৰে বা শক্তিৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তু হ’ল জ্ঞান। জ্ঞান অৰ্জন কৰিবলৈ নীৰৱে পুথি অধ্যয়নৰ প্ৰয়োজন। — ড⁰ জনছন

১৪

মানুহৰ স্বভাৱ এনেকুৱা যে আন বহুতক জ্ঞানী, বুদ্ধিমান আৰু বাগ্মী পুৰুষ বুলি স্বীকাৰ কৰাৰ পাছতো আনক নিজতকৈ জ্ঞানী বুলি স্বীকাৰ কৰিবলৈ টান পায়। –টমাছ হবছ (মহৎ লোকৰ বাণী)মহৎ বাণী-ত

১৫

জীৱনটো হ’ল কষ্ট — ইয়াক সহ্য কৰা। জীৱনটো এক কৰ্তব্যঃ ইয়াক পালন কৰা। জীৱনটো এটা মুকুটঃ ইয়াক পিন্ধি লোৱা। — এ. ৰেয়ম।

১৬

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি পায়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু নিজৰ ভৰিত থিয় দি স্বাৱলম্বী হ’ব পাৰি। — স্বামী বিবেকানন্দ

১৭

শিক্ষাৰ ঘাই শিপাডাল আৰু গা-গছডাল বৰ তিতা। ইয়াৰ ফল কিন্তু বৰ মিঠা। –মহাত্মা গান্ধী

১৮

নিৰক্ষতা মানে জ্ঞানহীন নহয়। –ৰবীন্দ্ৰ নাথ ঠাকুৰ মহৎ বাণী-ত

১৯

বিদ্যালয়বোৰে ল’ৰা-ছোৱালীেবাৰক কেতিয়াও সভ্য কৰিব নোৱাৰে যদিহে বিদ্যালয়ৰ পৰা বাহিৰলৈ আহি ৰাস্তাত ভৰি দিয়া মাত্ৰকে পুনৰ অসভ্য কৰিবলৈ পৃথিৱীখন সাজু হৈ থাকে। — জন ৰাস্কিন (মহৎ লোকৰ বাণী)

২০

শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ বিলায়। — নেতাজী সুভাষচন্দ্ৰ বসু। ০ ০ ০

মহৎ লোকৰ বাণী - থ

মহৎ লোকৰ বাণী – থ

ভাগ্য হ’ল নিজে নিজে গঢ়া এক ধাৰণাহে। — ষ্টিভ জবছ

আত্ম-বিশ্লেষণেই হৈছে আত্মাৰ ঔষধ। — ভাৰতীয় প্ৰবচন মহৎ বাণী-থ

সকলো বস্তু সহজ হোৱাৰ আগতে কঠিন থাকে। — অসমীয়া প্ৰবচন

মানুহক অধ্যয়ন কৰিলেহে মানুহ হ’ব পাৰি। –আলেকজেণ্ডাৰ পোপ

মই এজন মানুহ, কোনো মানুহেই মোৰ বাবে বিদেশী নহয়। — টৰেনচ্‌

মানুহ হৈছে মাত্ৰ এটা খাগৰিহে। কিন্তু খাগৰিটোৰ চিন্তা কৰিবলৈ শক্তি আছে। –পাস্কেল

কিতাপ হ’ল এখন বাগিছাৰ দৰে যিটো তুমি নিজৰ পকেটত কঢ়িয়াই লৈ ফুৰিব পৰা। কিন্তু দুখৰ বিষয় যে আমাৰ মাজৰ বহুতৰে বাগিছাখন কঢ়িয়াই লৈ ফুৰিবলৈ পকেট নাই। — আৰবীয় পটন্তৰ। (মহৎ লোকৰ বাণী)

মাকৰ ওচৰত ৰজায়ো এজন পুত্ৰহে। –ভাৰতীয় প্ৰবচন

তোমাৰ যদি ভাল সন্তান আছে তেন্তে টকাৰ প্ৰয়োজন নাই। — চীন দেশীয় প্ৰবচন

১০

চোৰ এজনে ভাৱে যে সকলোৱে চোৰ। –ডেনীচ প্ৰবচন

১১

বগা গোলাপৰো ছাঁ ক’লা হয়। — হাঙ্গেৰীয় প্ৰবচন

১২

সুদৰ টকা খোৱা, মৃত ভায়েকৰ মঙহ খোৱাৰ সমান। — হজৰত মহম্মদ

১৩

চতুৰালি জ্ঞান নহয়। —  বাংলা প্ৰবচন মহৎ বাণী-থ

১৪

তুমি যিমানেই বিলাবা সিমানেই মহান হ’বা, তাৰে নাম সঁচা উদাৰতা। — মাদাৰ টেৰেছা

১৫

নিজৰ মাকক ভাল পোৱা মানে আনৰ মাকক বেয়া পোৱা নুবুজায়।

— ড⁰ ভূপনে হাজৰিকা

১৬

তুমি যদি তিৰোতা হোৱা তোমাক যিকোনো পুৰুষে সহজে জয় কৰিব পাৰে। –উইলিয়াম শ্বেক্সপীয়েৰ

১৭

জীৱনটো হৈছে মূৰ্খই কোৱা গল্পৰ দৰে যি ডাঙৰ ডাঙৰ শব্দৰে কোৱা হয় যদিও কোনো অৰ্থ নাই। — উইলিয়াম শ্বেক্সপীয়েৰ

১৮

তিৰোতাৰ কাৰণে জন্মৰ পৰা ওঠৰ বছৰ বয়সলৈ পিতৃ-মাতৃৰ ভাল তদাৰকৰ প্ৰয়োজন, ওঠৰৰ বছৰৰ বয়সৰ পৰা পয়ত্ৰিশ বছৰ বয়সলৈ ভাল সৌন্দৰ্যৰ প্ৰয়োজন, পয়ত্ৰিশৰ পৰা পঁচপন্ন বছৰ বয়সলৈ ভাল ব্যক্তিত্বৰ প্ৰয়োজন আৰু ইয়াৰ পিছত সময়ছোৱাত টকাৰ প্ৰয়োজন। — ছফি টাকাৰ (মহৎ লোকৰ বাণী)

১৯

নিজে নিজে শিকিবলৈ চেষ্টা কৰা। — চক্ৰেটিছ

২০

জ্ঞানতকৈ কল্পনাৰ বেছি প্ৰয়োজন। –এলবাৰ্ট আইনষ্টাইন। ০ ০ ০

মহৎ লোকৰ বাণী - দ

মহৎ লোকৰ বাণী – দ

অভিজ্ঞতা শ্রেষ্ঠ  শিক্ষক। — প্ৰবচন

প্ৰেমে সকলো জয় কৰে। — ভাৰ্জিল

আমি যদি পৰিৱৰ্তন বিচাৰো তেন্তে আমি নিজেই পৰিৱৰ্তন হ’ব লাগিব।– মহাত্মা গান্ধী

তোমাৰ অনুমতি অবিহনে কোনেও তোমাক নীচ সজাব নোৱাৰে। –ইলিনৰ ৰুজেভল্ট

কৃতকাৰ্যতা হৈছে জীৱনৰ এক অন্তহীন ভ্ৰমণ। –বেন চুইটলেণ্ড

শ্রেষ্ঠ আৰু আটাইতকৈ সুন্দৰ বস্তু আমি চাবও নোৱাৰো আৰু স্পৰ্শও কৰিব নোৱাৰো; ইয়াক অনুভৱ কৰিব লাগে। –হেলেন কেলাৰ (মহৎ লোকৰ বাণী)

জীৱনটো হয় এক দুঃৰূহ অভিযান অথবা একো নহয়। — হেলেন কেলাৰ 

আমি যি পাওঁ তাৰ দ্বাৰা জীৱন নিৰ্বাহ কৰোঁ আৰু যি দিও তাৰ দ্বাৰা জীৱন গঠন কৰোঁ। –উইনষ্ট’ন চাৰ্চিল

এজন সফল ব্যক্তি আৰু এজন অসফল ব্যক্তিৰ মাজত থকা পাৰ্থক্য শক্তি নাইবা  জ্ঞানত নহয়, সিহঁতৰ মাজত থকা পাৰ্থক্যটো হ’ল ইচ্ছাশক্তিৰ। — ভিনছ লম্বাৰ্ডি মহৎ বাণী-দ

১০

আমি বাৰে বাৰে যি কৰোঁ সেয়াই হওঁ। –এৰিষ্টটল

১১

তুমি যিহকে নোহোৱা কিয় এজন ভাল মানুহ হোৱা। — আব্রাহাম লিংকন

১২

এজন মানুহক তুমি যদি মাছ এটি দিয়া সি এদিন খাব, কিন্তু তুমি যদি তেওঁক মাছ ধৰিবলৈ শিকাই দিয়া সি গোটেই জীৱন খাই থাকিব। –চীন দেশীয় প্ৰবচন

১৩

তুমি এনেভাৱে সপোন দেখা যেন তুমি চিৰদিন জীয়াই থাকিবা আৰু এনেদৰে জীৱন যাপন কৰা যেন আজিয়েই মৰি যাবা। — জেমচ্‌ ডীন মহৎ বাণী-দ

১৪

সাহসত প্ৰতিভা, শক্তি আৰু যাদু আছে। ইয়াক এতিয়াই আৰম্ভ কৰা। –গ্যেটে

১৫

তুমি মোৰ আগে আগে খোজ কাঢ়ি নাযাবা কাৰণ মই তোমাক অনুসৰণ নকৰিব পাৰোঁ, তুমি মোৰ পিছে পিছেও খোজ নাকাঢ়িবা কাৰণ মই তোমাক আগুৱাই লৈ নাযাব পাৰোঁ, তুমি মোৰ কাষে কাষে খোজ কাঢ়ি যোৱা আৰু মোৰ বন্ধু হোৱা। –এলবাৰ্ট কেমু (মহৎ লোকৰ বাণী)

১৬

পৃথিৱীৰ কাৰণে তুমি এজন মাত্ৰ ব্যক্তি হ’ব পাৰা, কিন্তু কোনোবা এজন ব্যক্তিৰ বাবে তুমি গোটেই পৃথিৱীখন হ’ব পাৰা। –অজ্ঞাত

১৭

আমি সকলোৱেই নৰ্দমাত পৰি আছো, কিন্তু ইয়াৰ কিছুমানে নৰ্দমাৰ পৰাই আকাশৰ নক্ষত্ৰবোৰ পৰ্যেবক্ষণ কৰি আছে। — অস্কাৰ ওৱাইল্ড

১৮

সিহঁতেই সফল হ’ব পাৰে যিসকলে ভাৱে যে সিহঁত সফল হ’বই। — ভাৰ্জিল মহৎ বাণী-দ

১৯

যি সুস্বাস্থ্যৰ অধিকাৰী তাৰ আশা আছে আৰু যাৰ আশা আছে তাৰ সকলো আছে। — অজ্ঞাত

২০

জীৱনৰ আনন্দ আছে সেইটো কামত, যি কাম তুমি নোৱাৰিবা বুলি মানুহে ভাৱে। –ওৱাল্টাৰ বেগহুট। ০ ০ ০

মহৎ লোকৰ বাণী - ধ

মহৎ লোকৰ বাণী – ধ

মই অকৃতকাৰ্য হোৱা নাই। মই মাথো প্ৰমাণ কৰিলো যে এই দহ হেজাৰ প্ৰকাৰে কামটো নহ’ব। –টমাচ আলভা এডিচন (মহৎ লোকৰ বাণী)

যিসকলে ডাঙৰকৈ অসফল হ’বলৈ সাহস কৰে সিহঁতেই মহান কৃতিত্ব অৰ্জন কৰে। — ৰবাৰ্ট এফ. কেনেডি

উদ্যমহীনভাৱে আজিলৈকে কোনো মহান কাম সংঘটিত হোৱা নাই। — এমাৰ্ছন

সৰু-সুৰা সুযোগবোৰ হৈছে ডাঙৰ উদ্যমৰ আৰম্ভণি। –ডেমচ থেনেছ

জটিলতাৰ মাজতেই সুযোগ নিহিত আছে। –এলবাৰ্ট আইনষ্টাইন

তুমি আঘাত কৰিব বিচৰা ইস্পাট টুকুৰা গৰম হোৱালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। তুমি আঘাত কৰি কৰি ইস্পাট টুকুৰা গৰম কৰা। –ডব্লিউ বি. স্প্ৰেগ’ মহৎ বাণী-ধ

ঘাঁহ-বন বেগাই গজে। –অসমীয়া পটন্তৰ

চোৰক যদি তুমি ফাঁচীকাঠৰ পৰা বচোৱা সি প্ৰথমেই তোমাৰ ডিঙিটো কাটিবলৈ সুযোগ বিচাৰিব। — অজ্ঞাত

চিন্তা অতি জটিল কাম, সেয়ে খুব কম সংখ্যক মানুহে চিন্তা কৰে। — এলবাৰ্ট আইনষ্টাইন

১০

ভাল চিন্তাবিদ হ’বলৈ তুমি চিন্তা কৰাৰ পদ্ধতিৰ প্ৰতি সচেতন হ’ব লাগিব। তুমি নিজকে প্ৰতিদিন তোমাৰ চিন্তাক পুনঃপুন সজাই পৰাই তুলিব লাগিব। মনত ৰাখিবা যে চিন্তা কৰাটো হৈছে এক প্ৰকাৰৰ অনুশাসন। –জন মেক্সৱেল (মহৎ লোকৰ বাণী)

১১

লিখিবলৈ শিকাটোৱেই ভাবিবলৈ শিকায়। — এছ. আই. হাইৱাকাৱা

১২

সফলতাৰ ক্ষেত্ৰত মানুহক ইঞ্চি, টকা, শিক্ষা বা পৰিয়ালৰ পটভূমিৰে জোখা নহয়; ইয়াক জোখা হয় চিন্তা কৰাৰ প্ৰকৃতি আৰু আকাৰৰ ওপৰত। — ডেভিড ছৱাৰ্টছ (মহৎ লোকৰ বাণী)

১৩

যিজন সকলোতে থাকিব খোজে তেওঁ ক’তো নাথাকে। — থমাচ ফুলাৰ

১৪

সমাজে মানুহক বাকচৰ ভিতৰত থকাটো বিচাৰে। — জন মেক্সৱেল

১৫

ভাল ধাৰণা এটি মহান ধাৰণা হ’ব পাৰে যদিয়ে ইয়াৰ বাবে সময় দিয়া হয়। — জন মেক্সৱেল

১৬

সৃষ্টিশীল মানুহসকল ধাৰণা সৃষ্টি কৰা মানুহ। — এনেট মজাৰ ওৱেলমেন

১৭

আমাৰ আনন্দ নিহিত থাকে সৃষ্টিশীল কৰ্মত, নেতৃত্বত নহয়। — ভিনচেন্ট লম্বাৰ্ড

১৮

উদ্বিগ্নতা হৈছে সকলো বৌদ্ধিক আৰু কলাসুলভ সৃষ্টিশীলতাৰ পূৰ্বচৰ্ত। –চাৰ্লচ ফ্রানকেল মহৎ বাণী-ধ

১৯

সৃষ্টিশীলতা আৰু নতুনত্ব সদায় হাতে হাত ধৰা-ধৰিকৈ আগবাঢ়ে। — জন মেক্সৱেল

২০

সৃষ্টিশীলতা হৈছে দুটা বা ততোধিক চলিত ধাৰণাৰ যুক্তিসংগত সমিলমিল যিয়ে নতুন ধাৰণাৰ জন্ম দিয়ে। –জন মেক্সৱেল। ০ ০ ০

মহৎ লোকৰ বাণী - ন

মহৎ লোকৰ বাণী – ন

সপোন দেখোতাসকল হৈছে সভ্যতাৰ ৰক্ষাকৱচ। –জেমচ এলেন

তুমি চিন্তা কৰাৰ আগতে তোমাৰ চিন্তাক লেকাম লগোৱা। — মেৰী ওৱেব

তুমি যিটো নোৱাৰা সেইটো আনে কৰা দেখিলে তোমাক বিবুদ্ধিত পেলায়। –ছাম ইৱিং

সৰহ সংখ্যক মানুহেই গৰমৰ বন্ধ কিদৰে অতিবাহিত কৰিব তাৰ বাবে পৰিকল্পনা কৰে, সিহঁতে কিদৰে জীৱন-যাপন কৰিব তাৰ পৰিকল্পনা কৰিব নোৱাৰে।–অজ্ঞাত মহৎ বাণী-ন

বয়স বাঢ়ি  যোৱাৰ লগে লগে জ্ঞানী মানুহসকল পৰিৱৰ্তন হয়।–জন মেক্সৱেল

তুমি কোনো সন্মিলন বা সভাৰ পৰা ঘূৰি আহি যি শুনিলা তাৰ ওপৰত চিন্তা কৰা আৰু কাৰ্যত পৰিণত কৰা দেখিবা তোমাৰ জীৱনৰ ৰূপ পৰিৱৰ্তন হৈছে।– জন মেক্সৱেল মহৎ বাণী-ন

একে ক্ষেত্ৰত চিন্তা কৰা দুজন মানুহৰ চিন্তা উত্তম হোৱাৰ সম্ভাৱনা অধিক।–অজ্ঞাত

ভাল চিন্তাবিদসকলৰ চিন্তা যেতিয়া একেলগ কৰা হয়, তেতিয়া তাত মানৱ প্ৰমূল্য যোগ হয়। –জন মেক্সৱেল

আমি নিজৰ বাট অন্ধকাৰ ৰাখি আন মানুহৰ বাট পোহৰাব নোৱাৰো।–বেন চুইটলেণ্ড

১০

তুমি যদি তোমাৰ পৃথিৱীক উন্নত কৰিব বিচৰা তেতিয়া আনক সহায় কৰিবলৈ  আগবাঢ়ি যোৱা। –অজ্ঞাত

১১

মই প্ৰতিদিন ৰাতিপুৱা টোপনিৰ পৰা উঠি ভাবো, “মই আজি কিমান ভাল হ’ব পাৰোঁ।” –বেঞ্জামিন ফ্রেঙ্কলিন

১২

এজন ব্যক্তিয়ে প্ৰতিদিন যি ভাৱি থাকে তাৰ দ্বাৰাই তেওঁৰ জীৱনটো গঠন হয়। –ৰালফ্‌ ওৱাল্ড’ ইমাৰ্ছন (মহৎ লোকৰ বাণী)

১৩

মানুহে কৰা কাম-কাজবোৰ সিহঁতে কৰা চিন্তাবোৰৰ ব্যাখ্যা। — জন লক

১৪

মানুহৰ ভাল কামবোৰ বিচাৰি উলিওৱাতকৈ ভুলবোৰ বিচাৰি উলিওৱা সহজ। — ডেল কৰ্নেগী

১৫

আনৰ সমালোচনা শুনি যিজনে নিজৰ চিন্তা-চৰ্চা এৰি দিয়ে আচলতে তেওঁ কোনো চিন্তাই নকৰে। — মেনোনিমাচ

১৬

তুমি সেইসকল শত্ৰুক ভয় নকৰিবা যিসকলে তোমাক আক্ৰমণ কৰে বৰং সেইসকল বন্ধুক ভয় কৰা যিসকলে তোমাক ভালৰি বোলায়। –এলবাৰ’ অবেগন  (মহৎ লোকৰ বাণী)মহৎ বাণী-ন

১৭

আত্ম-প্ৰকাশেই মানুহৰ প্ৰধান প্ৰকৃতি। –উইলিয়াম উইন্টাৰ

১৮

তুমি যদি কোনো মানুহৰ বিশ্বাস অৰ্জন কৰিব বিচৰা তেন্তে তেওঁ কৰা ভাল কামৰ প্ৰশংসা কৰা। –মেনোনিমাচ

১৯

ভাল অথবা বেয়া বুলি কোনো কথা নাই, মাথো আমাৰ চিন্তাইহে বস্তুক ভাল বা বেয়া কৰে। –উইলিয়াম শ্বেক্সপীয়েৰ

২০

তুমি যদি তোমাৰ অধীনস্থ কৰ্মীসকলৰ আস্থা আৰু আনুগত্য লাভ কৰিব বিচৰা প্ৰতিজনৰে নাম মনত ৰাখিবা। –৩য় নেেপালিয়ন। ০ ০ ০

মহৎ লোকৰ বাণী - প

মহৎ লোকৰ বাণী – প

আমি যিমানেই তৰ্ক কৰো সিমানেই আঁকোৰগোঁজ স্বভাৱৰ হওঁ। –ডেল কাৰ্নেগী

তুমি কোনো মানুহকে একো শিকাব নোৱাৰা, তুমি মাথো মানুহজনৰ ভিতৰত থকা শক্তিক বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰা। –গেলিলিও গেলিলি

তুমি তোমাৰ প্ৰতিপক্ষৰ লগত যিমান পাৰা সিমান সোনকালে একমত হোৱা। –যীশু খ্ৰীষ্ট

তুমি যদি কিবা প্ৰমাণ কৰিবলৈ গৈ আছা, তেন্তে কাকো ইয়াৰ বিষয়ে অকনো ভূ-পাবলৈ নিদিবা। তুমি এনে নিখুঁত আৰু নিপুণতাৰে তোমাৰ কাম কৰি যোৱা যেন তুমি একোৱেই নকৰা। — আলেকজেণ্ডাৰ পোপ (মহৎ লোকৰ বাণী)

খুব কমসংখ্যক মানুহহে জীৱনত সফল হয় কাৰণ সৰহ সংখ্যক মানুহে কথাৰ দ্বাৰাহে সফলতা বিচাৰে, কৰ্মৰ দ্বাৰা নহয়। — মেনোনিমাচ (মহৎ লোকৰ বাণী)

তুমি যদি শত্ৰু বিচৰা তোমাৰ প্ৰতিভাৰে তোমাৰ বন্ধুসকলক চেৰ পেলোৱা আৰু যদি বন্ধু বিচৰা তেন্তে তোমাৰ বন্ধুসকলক তোমাতকৈ আগুৱাই যাবলৈ দিয়া। — লা ৰচেফকাল্ড মহৎ বাণী-প

তুমি যদি বন্ধু বিচৰা তেন্তে প্ৰশংসা কৰিবলৈ শিকা। — অজ্ঞাত

মানুহৰ মৰ্যদাক আঘাত কৰাটো এক অপৰাধ। — পটন্তৰ

মানুহে যি কল্পনা কৰে সোনকালেই সি কাৰ্যত প্ৰতিফলিত হয়। — ফ্লৰেন্স স্কোভেল শ্বিন

১০

তুমি খোজা তোমাক দিয়া হ’ব, তুমি বিচৰা তুমি পাবা, তুমি টুকুৰিওৱা দৰজাটো খুলিব। –বাইেবল

১১

প্ৰতিটো চাহিদাৰ যোগান আছে। —ফ্লৰেন্স স্কোভেল শ্বিন

১২

তোমাৰ ভিতৰ যেনে বাহিৰ তেনে। –অজ্ঞাত

১৩

তুমি যদি তোমাৰ মনক নিয়ন্ত্ৰণ নকৰা, তেন্তে আনে নিয়ন্ত্ৰণ কৰিব। –অজ্ঞাত

১৪

ৰুগীয়া মানুহে ৰোগৰ ছবি আঁকে, দুখীয়া মানুহে দৰিদ্ৰতাৰ ছবি আঁকে আৰু ধনী মানুহে ধনৰ ছবি আঁকে। অৰ্থাৎ আমি যি ছবি আঁকো বা কল্পনা কৰো আমি সেয়াই হওঁ। –মেনোনিমাচ মহৎ বাণী-প

১৫

আনক সফলতা অৰ্জন কৰাৰ বাবে সহায় কৰাজনৰ সফলতা অতি সহজেই অৰ্জন হয়। —ফ্লৰেন্স স্কোভেল শ্বিন

১৬

প্ৰতিজন মানুহেই তেওঁ ব্যক্ত কৰা কথাৰ দ্বাৰা নিজৰ বাবে আইন তৈয়াৰ কৰে। — ফ্লৰেন্স স্কোভেল শ্বিন

১৭

জীৱনটো হৈছে এখন আৰ্চী। আমি নিজকে তাত প্ৰতিফলিত হোৱা দেখা পাওঁ —ফ্লৰেন্স স্কোভেল শ্বিন

১৮

ঈশ্বৰৰ প্ৰতি কৰা ভয়ৰ পৰাই জ্ঞানৰ আৰম্ভণি হয়। — বাইবেল মহৎ বাণী-প

১৯

হে সামান্য বিশ্বাসী মানুহসকল, কিয় ভয় কৰা? যিসকল বিশ্বাসী সিহঁতৰ বাবে সকলো সম্ভৱ। — যীশু খ্ৰীষ্ট

২০

কোনো মানুহেই তোমাৰ শত্ৰু নহয়, কোনো মানুহেই তোমাৰ বন্ধু নহয়, সকলোৱে তোমাৰ শিক্ষক। — গ্ৰীক প্ৰবচন। ০ ০ ০

মহৎ লোকৰ বাণী - ফ

মহৎ লোকৰ বাণী – ফ

সপোন  হৈছে বাস্তৱৰ বীজ। — ভাৰতীয় পটন্তৰ

প্ৰত্যাহ্বান ভাল আৰু শ্রেষ্ঠৰ মাজত হোৱা উচিত; বেয়া আৰু ভালৰ মাজত নহয়। — মেনোনিমাচ

তুমি তোমাৰ আচৰণ পৰিৱৰ্তন কৰিব নোৱাৰা যদিহে তোমাৰ চিন্তাৰ গতি পৰিবৰ্তন নকৰা। — জেমছ এলেন

আমি একে সময়ৰ চিন্তাৰ মাপ-কাঠিৰে আজিৰ সমস্যা সমাধান কৰিব নোৱাৰো যি সময়ৰ চিন্তাৰ স্তৰে সমস্যা এটাৰ সৃষ্টি কৰিছিল। –এলবাৰ্ট আইনষ্টাইন

বতাহে পতাকা এটিৰ দিশ পৰিবৰ্তন কৰাৰ দৰে তোমাৰ চিন্তাই তোমাৰ মনক পৰিবৰ্তন কৰে। — আৰ. ছেছন

যেতিয়া তোমাৰ চিন্তা, অনুভূতি আৰু মনৰ অৱস্থা সুস্থিৰ হয় আৰু তোমাৰ বাধ্য থাকে, তেতিয়ালৈ তোমাৰ জীৱনো তোমাৰ বাধ্য থাকে। — আৰ. ছেছন

সুখ তোমাৰ দৃষ্টিভংগী আৰু আভ্যন্তৰীণ জীৱনৰ ওপৰত নিৰ্ভৰ কৰে, বাহিৰা পৰিস্থিতিৰ ওপৰত নহয়। –আৰ. ছেছন মহৎ বাণী-ফ

বিদ্যুতে বৈদ্যুতিক সা-সৰঞ্জাম কাৰ্যক্ষম কৰি তোলাৰ দৰে তোমাৰ আবেগ আৰু অনুভূতিয়ে তোমাৰ চিন্তা আৰু কৰ্মশক্তিক কাৰ্যক্ষম কৰি তোলে। — আৰ. ছেছন (মহৎ লোকৰ বাণী)

আমাৰ মনটো বনৰীয়া জন্তুৰ দৰে। ইয়াক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা আত্ম-অনুশাসন আৰু আনুগত্য শিকাব পাৰি। –আৰ. ছেছন

১০

কিছুমান গ্ৰন্থ আছে যিবোৰ ভিজাত দি সোৱাদ চাব পাৰি, কিছুমান গলধকৰণ কৰিব পাৰি আৰু অতি কম সংখ্যক গ্ৰন্থ আছে যিবোৰ চোবাই খাব পাৰি আৰু জীণ নিয়াব পাৰি।  –ফ্রান্সিচ বেকন (মহৎ লোকৰ বাণী)

১১

কিতাপতকৈ বেছি মোহনীয় কোনো আচৱাব নাই। — চিডনী স্মিথ

১২

ধ্রপদী গ্রন্থবোৰ হৈছে  এনে গ্ৰন্থ যিবোৰ সকলোৱে প্ৰশেংসা কৰে কিন্তু খুব কম সংখ্যক লোকেহে পঢ়ে। –মাৰ্ক টৱেইন (মহৎ লোকৰ বাণী)

১৩

ভালকৈয়ে লিখা হওঁক বা বেয়াকৈয়ে লিখা হওঁক কিতাপ কিতাপই। –অস্কাৰ ওৱাইল্ড

১৪

বেছি বিক্ৰী হোৱা কিতাপবোৰ হৈছে মধ্যমীয়া প্ৰতিভাৰ ৰহণ লগোৱা কবৰ। –এল. পি স্মিথ

১৫

গছত পাত অহাৰ দৰে কবিতা যদি স্বতঃস্ফূর্তভাবে নাহে,  তেন্তে কবিতা সৃষ্টি নকৰাই ভাল। –জন কীটচ্‌

১৬

এজন মানুহে তেওঁ অনুভৱ কৰা সুখহে উপেভাগ কৰে, এজন তিৰোতাই নিজে আনক দিয়া সুখহে উপভোগ কৰে। –পি. চি. ডি. লাক’লচ মহৎ বাণী-ফ

১৭

সকলো কবিয়েই পাগল। –ৰবাৰ্ট বাৰ্টন

১৮

কান্দি থকা মানুহৰ বাহিৰে সকলো মানুহেই মুখা পিন্ধি থাকে। — ডেনি এবছি

১৯

পুৰুষৰ সঙ্গৰ পৰা বঞ্চিত তিৰোতাসকল দুখী হয় আৰু নাৰীৰ সঙ্গৰ পৰা বঞ্চিত পুৰুষসকল মূৰ্খ হয়। — এন্টন চেখভ মহৎ বাণী-ফ

২০

যিজনে ঈশ্বৰক বিশ্বাস নকৰে তেওঁক বিশ্বাস নকৰিবা। মেনোনিমাচ। ০ ০ ০

মহৎ লোকৰ বাণী - ব

মহৎ লোকৰ বাণী – ব

গ্ৰন্থই জীৱনৰ জ্ঞান দিয়ে। কিন্তু সমস্যাটো হ’ল গ্ৰন্থই অন্য এনে মানুহৰ জীৱন কথা কয় যি কথা তোমাৰ নিজৰ নহয়। — জুলিয়ান বাৰ্নেছ মহৎ বাণী-ব

ডাঙৰ কলেবৰৰ গ্রন্থবোৰক সদায় অতিমাত্ৰা প্ৰশংসা কৰা হয় এই কাৰণেই যে পাঠক এজনে পতিয়ন নিয়াব বিচাৰে যে তেওঁ কিতাপখন পপঢ়িছে। — ই. এম. ফৰষ্টাৰ

গ্ৰন্থ হৈছে সকলো যুগৰ আটাইতকৈ বেছি পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি চলা মাধ্যম। তুমি ইয়াৰ বাক্যবোৰৰ তলেদি আঁচ টানিব পাৰা, মাৰ্জিনত লিখিব পাৰা, পৃষ্ঠা ভাঁজ কৰি ৰাখিব পাৰা, কোনো পৃষ্ঠা মাজত এৰি আগুৱাই যাব পাৰা আৰু ইয়াক লৈ তুমি য’তে ইচ্ছা ত’তে যাব পাৰা। –মিখাইল লিন্টন (মহৎ লোকৰ বাণী)

সকলোবোৰ গ্ৰন্থই হয় সপোন অথবা তৰোৱাল। তুমি ইয়াৰে কাটিব পাৰা অথবা নিচাগ্ৰস্ত হ’ব পাৰা। — এমি লৱেল

কিতাপ হৈছে এনে এখন বাগিছা  যিয়ে সকলকে আশ্রয় দিয়ে। — চিডনী স্মিথ

মই কিতাপ পঢ়ি থাকো কাৰণ কিতাপে মোৰ চিন্তা শক্তিশালী কৰে । –মেনোনিমাচ

তিৰোতাক বিশ্বাস নকৰিবা কাৰণ তিৰোতাসকলে নিজে কোনো সিদ্বান্ত লব নোৱাৰে। –অজ্ঞাত  (মহৎ লোকৰ বাণী)

প্রেমে সকলো জয় কৰে । –ভার্জিল 

চকচকীয়া হলেই সোন নহয় । –শেক্সপীয়াৰ

১০

সেইজনেই গিয়ানী যিজনে আৱেগক নিয়ন্ত্রণত ৰাখে । — কনফুচিয়াচ। ০ ০ ০

নোট: যদি আপুনি ‘মহৎ লোকৰ বাণী’ অথবা ‘মহৎ লোকৰ বাণী অসমীয়া’ পঢ়ি ভাল পাইছে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক  আদৰণি জনাওঁ ।

মহৎ লোকৰ বাণী অধ্যয়নৰ প্রয়োনীয়তা

মহৎ লোকৰ বাণী  সমূহ বুজা আৰু পঢ়া আমাৰ বাবে খুবেই প্ৰয়োজনীয়। বিশেষকৈ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই অতিশয় গুৰুত্বপূর্ণ। এই উক্তিসমূহ আমাৰ জীৱনত সঠিক পথ দেখুৱাব পাৰে। উক্তিসমূহ অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা বহুতো-

প্ৰথমতে, মহৎ লোকৰ বাণী সমূহ আমাৰ মনৰ পৰা অলসতা আঁতৰাই দিয়ে। এই উক্তিসমূহে সাহস আৰু উদ্দীপনা যোগায়। উদাহৰণস্বৰূপে, মহাত্মা গান্ধীৰ উক্তি “তুমি এই পৃথিৱীত দেখিবলৈ ইচ্ছা কৰা পৰিবৰ্তনটো নিজেই হোৱা”। এই উক্তিখনে আমাক নিজেই পৰিবৰ্তন হোৱাৰ বাবে অনুপ্ৰাণিত কৰে।

দ্বিতীয়তে, এই মহৎ লোকৰ বাণীসমূহে আমাক শিষ্টাচাৰ আৰু নৈতিকতা শিকায়। ডক্টৰ এ পি জে আব্দুল কালামৰ উক্তি “স্বপ্ন দেখিবলৈ সাহস কৰা”। এই উক্তিখনে আমাক শিকায় যে স্বপ্ন দেখা আৰু সেয়া পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰা অত্যন্ত প্ৰয়োজনীয়।

তৃতীয়তে, মহৎ লোকৰ বাণীসমূহে আমাক সমাজৰ বাবে এক ভাল মানুহ হোৱাৰ পাঠ দিছে। মাদাৰ টেৰেছাৰ উক্তি “যি মানুহবোৰ কেতিয়াও চকুলো নোটোকে, সিহঁতৰ গৌৰব কৰিবলগীয়া একো নাই”। এই উক্তিখনে আমাক সমাজৰ দুখীয়া আৰু অসহায় লোকৰ সহায় কৰিবলৈ শিকায়।

চতুৰ্থতে, মহৎ লোকৰ বাণীসমূহে আমাক পৰিশ্ৰমী হোৱাৰ প্ৰেৰণা দিয়ে। বিজ্ঞানী এডিছনৰ উক্তি “সফলতা ৯৯ শতাংশ পৰিশ্ৰম আৰু ১ শতাংশ প্ৰেৰণা”। এই উক্তিখনে আমাক শিকায় যে সাফল্যৰ বাবে পৰিশ্ৰম খুবেই প্ৰয়োজনীয়।

পঞ্চমতে, এই মহৎ লোকৰ বাণীসমূহে আমাক জীৱনত সংকল্পবান হোৱাৰ দিশে নিৰ্ধাৰিত কৰে। মহাৰাজা কৃষ্ণচন্দ্ৰ দেৱৰ উক্তি “সংকল্প কৰিলে, সকলো কামেই সম্ভৱ”। এই উক্তিখনে আমাক সংকল্পৰ শক্তি বুজাই দিয়ে।

মহৎ লোকৰ বাণীসমূহৰ জ্ঞানৰ দ্বাৰা, আমি জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰো। ছাত্ৰ-ছাত্ৰীসকলে এই উক্তিসমূহ পঢ়িলে, তেওঁলোকৰ মনোবল বৃদ্ধি হয় আৰু জীৱনত ভাল মানুহ হোৱাৰ প্ৰেৰণা পায়।

ইতিহাসৰ মহান মানুহৰ উক্তিসমূহ পঢ়া আমাৰ বাবে এক মহান অভিজ্ঞতা। ই আমাক জীৱনৰ কঠিন সময়ত সাহস যোগায়। ই আমাৰ মন-মানসিকতা উন্নত কৰে আৰু আমাক সঠিক পথত চলিবলৈ সহায় কৰে।

সঁচাকৈয়ে, মহৎ লোকৰ বাণী (Great Quotes)পঢ়া আৰু বুজা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূর্ণ। ই আমাক জীৱনৰ বিভিন্ন দিশত সঠিক পথ দেখুৱায়। সেই বাবে, ছাত্ৰ-ছাত্ৰীসকলে মহান উক্তিসমূহ পঢ়া উচিত আৰু সেইবোৰৰ পৰা শিকিবলৈ চেষ্টা কৰিব লাগে। ০ ০ ০

You May Like: Motivational Quotes An Anthology

 

Related Search:

  1. ইন্দুবালাগো
Previous articleReady Guide H S 2nd Yr English
Next articleBaby’s ABC | ABC First Book | ABC Book for Children

LEAVE A REPLY

Please enter your comment!
Please enter your name here