মানৱ যন্ত্ৰ

0

আপুনি যদি মানৱ যন্ত্ৰ‘ কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ অতি সৰল আৰু উজু ভাষাত লিখা হৈছে।

মানৱ যন্ত্ৰ

মানৱ যন্ত্ৰ

— আবুল কালাম আজাদ 

প্ৰগতিশীল পৃথিৱীৰ মানৱ যন্ত্ৰ

প্ৰদূষিত, কলুষিত সমাজতন্ত্ৰ

শাসক শোষণৰ প্ৰতিযোগিতাত নিমজ্জিত

হিংসাৰ লেলিহান স্ফুলিংগ বিস্ফোৰিত

ভাগৰুৱা শ্ৰমিক দুঃখ বেদনাত অপদস্ত

মানৱ যন্ত্ৰৰ আবেগ-অনুভূতি, সঁহাৰি স্তব্ধ

শিক্ষিত মানুহৰ বিলুপ্ত মানৱতাবোধ

পিতৃ-মাতৃ, গুৰুজন বৃদ্ধাশ্ৰমত অৱৰোধ

মানৱতা অস্তিত্বহীন, অপদাৰ্থ মানৱ যন্ত্ৰ

বিচিত্ৰ আচৰণ অভিলাষী শাসনতন্ত্ৰ

অনুভূতিহীন ৰবট সদৃশ মানৱ যন্ত্ৰ

সহানুভূতিশীল হ’বনে মানৱতাৰ সমাজতন্ত্ৰ? 0 0 0

বিঃ দ্রঃ আবুল কালাম আজাদ উক্ত শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

Previous articleসমাজ বিজ্ঞান । Somaj Bigyan Class III
Next articleউজু গণিত-৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here