মৃত্যু
মৃত্যু
— আবুল কালাম আজাদ
দিন গৈ আছে ৰাতি হৈ আছে
ক’ব নোৱাৰাকৈ কত দিন যে গুছি গ’ল
বহু দিন পাৰ হ’ল
এতিয়া মই শয্যাসায়ী
হ’ব পৰ নাই ইকাতি
নোৱাৰো হ’ব সিকাতি
খজুৱতিৰ পিৰপিৰণিৰ যন্ত্ৰণা
বিছনাত নিথৰ দেহ
আপোনজনৰ হুমনিয়াহ
একেথিৰে চাই আছে
মোৰ দেহলৈ
বুকুত দপদপনি আছে নে নাই
অসীম ক্ষমতাৰ সুঠাম দেহ
আজি নিথৰ
ক’ব পৰা নাই কথা
মুখৰ মাতৰ নাই শব্দ
কত যে কি দম্ভ অহংকাৰ
কিন্তু বিছনাৰ দুৰ্গন্ধই
মোক আমনি নকৰে
মোৰ ইমান কষ্ট চাই
আপোনজনৰ সহানুভূতি
“যোৱাই ভাল, ………..”
মোৰ জীয়াই থকাৰ নাই যোগ্যতা
চাৰিওফালে লক্ষ্য কৰি চাইছোঁ
কাৰো মনত নাই দুঃখ
চাঙি, বাঁহ, ঢাৰি
কাফন- দাফন সকলো সাজু
অপেক্ষা মাথো অন্তিম মহুৰ্ত
নিথৰ দেহৰ বাস্তৱ সপোন। 0 0 0
বিঃ দ্রঃ আবুল কালাম আজাদৰ উক্ত ‘মৃত্যু | Mritu’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
অতিৰিক্ত অনুসন্ধান:
- মৌলানা আবুল কালাম আজাদ
- হুমায়ুন আজাদ
- অসমীয়া কবিতা
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- বিষ্ণু ৰাভাৰ গীতি কবিতা
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ
- অসমীয়া আধুনিক কবিতা