লাচিত ফুকন প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)

0

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘লাচিত ফুকন’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘লাচিত ফুকন প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘লাচিত ফুকন প্রশ্নোত্তৰ’ চাওঁক:

লাচিত ফুকন প্রশ্নোত্তৰ

Table of Contents

লাচিত ফুকন

দেৱকান্ত বৰুৱা

কবি পৰিচয়ঃ

দেৱকান্ত বৰুৱা (১৯১৪-১৯৯৬) এজন অসমীয়া ৰমন্যাসবাদী কবি, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হয় ডিব্রুগড়ত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা বি. এ. আৰু বি. এল পাছ¸ কৰে। ১৯৩১ চনত আইন অমান্য আন্দোলনত যোগদান কৰি ছমাহ কাৰাবাস খাটে। পিছলৈ ৰাজনীতিত প্ৰৱেশ কৰি লোকসভালৈ নিৰ্বাচিত হয়। লগতে ১৯৭০ চনত বিহাৰৰ ৰাজ্যপাল আৰু ১৯৭২ চনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে কাৰ্য-নিৰ্বাহ কৰে।

ৰাজনীতিবিদৰ উপৰিও তেওঁ এজন কবি আৰু সাংবাদিক আছিল। তেওঁৰ একমাত্ৰ কবিতা পুথি ‘সাগৰ দেখিছা’ ১৯৪৮ চনত প্ৰকাশিত হয়। ‘জোনাকী’ আলোচনীৰ পাতত আৰম্ভ হোৱা অসমীয়া ৰমন্যাসবাদী কবিতাই দেৱকান্ত বৰুৱাৰ কবিতাত ভাৱগধুৰ বিস্তাৰ লাভ কৰে। তেঁৱেই আধুনিক অসমীয়া কবিতাত প্ৰথমবাৰৰ বাবে দৈনন্দিন জীৱনৰ কথিত ভাষাৰ সুপ্ৰয়োগ কৰে। তেখেতে কিছুমান কবিতাত ইংৰাজ কৰি ৰবাৰ্ট ব্রাউনিংৰ নাটকীয় স্বগতোক্তিৰ ব্যৱহাৰ কৰি আধুনিক অসমীয়া কবিতাত এক নতুন মাত্ৰা সংযোজন কৰে। তেওঁ হৈছে ৰোমান্টিক যুগৰ শেষ আৰু আধুনিক যুগৰ দুৱাৰ-দলিৰ কবি। সেয়ে তেওঁক ‘দোমোজাৰ কবি’ বুলি কোৱা হয়। স্বদেশপ্ৰেম, অতীতৰ জয় গাঁথা, নিস্বাৰ্থ মানৱ প্ৰেম আদি তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

কঠিন শব্দৰ অৰ্থ:

মাতুল ঃ মামা, মোমাই। জয়শ্ৰী ঃ শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য। দুৰ্মদ ঃ অতি পৰাক্ৰমী, দুৰ্ধৰ্ষ। খঞ্জৰ ঃ তৰোৱাল। নবী ঃ ঈশ্বৰৰ বাণী বহন কৰি আনোতা, মহাপুৰুষ। নকল-নবীছ ঃ আৰ্হি চাই কাকত আদি লেখা কেৰাণী। মক্‌ফাইট ঃ ব্যংগ যুঁজ। টলমল ঃ ইফাল-সিফাল কৰা, অস্থিৰ দীপ্তি, জ্বলমল। ভৰি ঃ এতোলা পৰিমাণ (সোণ-ৰূপ আদিৰ জোখৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। থিত ঃ স্থিৰ, ধীৰ, স্থিতি, অৱস্থান। কোঙা ঃ হাত-ভৰি লৰাই ফুৰিব নোৱাৰা। আবগাৰী ঃ আবকাৰী, মদ বা ৰাগীয়াল বস্তু সম্পৰ্কীয়। গ্লানি ঃ অপযশ, বদনাম, কলংক। ছানি ঃ বিয়পি পৰা। লোকেল ব’ৰ্ড ঃ চহৰৰ প্ৰশাসনৰ বাবে গঠন কৰা স্থানীয় প্ৰশাসনিক গোট। চিভিল-পিনাল-ক’ড ঃ দেৱানী দণ্ড বিধি আইন।

লাচিত ফুকন প্রশ্নোত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত ‘দোমোজাৰ’ কবি হিচাপে জনাজাত।

২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?

উঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম- ‘সাগৰ দেখিছা’।

৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?

উঃ দেৱকান্ত বৰুৱাৰ “আমি দুৱাৰ মুকলি কৰোঁ” কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায় ।

৪। ‘দেশৰ বাতৰি শুনিবানে বীৰ’ – ইয়াত ‘বীৰ’ বুলি কাৰ কথা কোৱা হৈছে?

উঃ “দেশৰ বাতৰি শুনিবানে বীৰ”- ইয়াত বীৰ বুলি ‘লাচিত ফুকন’ৰ কথা কোৱা হৈছে ।

৫। “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ” – ‘জয়শ্ৰী’ মানে কি?

উঃ “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ” – ইয়াত ‘জয়শ্ৰী’ মানে শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা সন্মান।

(খ) চমু প্রশ্নঃ (মূল্যাংক ২

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

উঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায় । ৰবাৰ্ট ব্ৰাউনিঙৰ কাব্যিক শৈলীক ‘নাটকীয় স্বগতোক্তি’ বুলি কোৱা হয়

২। ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উঃ ইব্রাহিম আছিল এজন নবী বা পয়গম্বৰ। তেওঁ আছিল এক ঈশ্বৰত বিশ্বাসী। ঈশ্বৰৰ প্ৰতি তেওঁৰ ইমানেই বিশ্বাস আৰু ভক্তি আছিল যে তেওঁ ঈশ্বৰৰ নিৰ্দেশত নিজৰ শিশু পুত্ৰ ইছমাইলক কোৰবানী (জবেহ কৰি ঈশ্বৰৰ নামত উছৰ্গা) কৰিবলৈ সাজু হৈছিল। এনেদৰে তেওঁ ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ অগাধ ভক্তি আৰু বীৰত্ব প্ৰকাশ কৰিছিল।

৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত’ গাধৰ পাল’ বুলি কবিয়ে কাক বুজাইছে?

উঃ ‘অসমৰ এই কাম্য ভূমিত চৰিছে গাধৰ পাল’-পংক্তিফাঁকিৰ দ্বাৰা কবি দেৱকান্ত বৰুৱাই শোষিত, নিষ্পেষিত হোজা জনসাধাৰণক বুজাইছে। সিহঁত হৈছে দেশৰ বৰমূৰীয়া অৰ্থাৎ নেতাসকলৰ বহতীয়া গোলাম। সিহঁতে এমুঠি খাদ্যৰ বাবে গাধৰ দৰে নেতাসকলৰ বোজা কঢ়িয়ায় আৰু সিহঁতৰ হুকুম মতে উঠা-বহা কৰে। কিন্তু সিহঁতৰ পাৰিশ্ৰমিকৰ বিনিময়ত পায় কিল, ভুকু আৰু অৱজ্ঞা।

৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় ‘মাতুল ঘাতক নবী’ বুলি কোৱা হৈছে?

উঃ ‘হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক-নবী’- বুলি ইয়াত ‘লাচিত ফুকন’ক মাতুল ঘাতক নবী বুলি কোৱা হৈছে । দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল।

৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে?

উঃ দেশ জননীৰ পূজাৰ অদ্ভুত আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে।

(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪ ৫)

১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা-কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?

উঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবি দেৱকান্ত বৰুৱাই ভুৱা, স্বাৰ্থান্বেষী, কৃত্ৰিম কৰ্ম আৰু চিন্তা চৰ্চাই বৰ্তমানৰ সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কৈছে।

কবিৰ মতে বৰ্তমানৰ অসমীয়াসকল ভুৱা স্বদেশপ্ৰেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি তেওঁলোকৰ কোনো মন-কাণ নাই। সিহঁতে এমুঠি খাদ্যৰ বাবে প্ৰভু (নেতাসকল)ৰ পিছে পিছে লৰি ফুৰে। সিহঁতে প্ৰভুৰ পৰা কামৰ মূল্য স্বৰূপ কিল, ভুকু, চৰ, লাথি আদি পায়।

কবিয়ে আকৌ কৈছে যে বৰ্তমানৰ স্বদেশপ্ৰেমীসকল হৈছে নকল-নবীছ। অৰ্থাৎ বৰ্তমানৰ প্ৰজন্মই অন্তৰৰ পৰা একো নকৰে। সিহঁতে দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্ৰতি কাৰো কাণসাৰ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীৰ্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তৰ্ক-বিতৰ্ক কৰে। সিহঁত নকল-নবীচৰ দৰে নিজ স্বাৰ্থত অন্ধ। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্ৰেমৰ ভাওনা পাতে। লোকেল ব’ৰ্ডৰ সদস্য, এছেম্বলীত মন্ত্ৰীত্ব পোৱাই সিহঁতৰ লক্ষ্য। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপৰ্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলনৰ বাবে শোক কৰিছে।

২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশেপ্ৰেমক ভুৱা দেশেপ্ৰেম বুলি কৈছে?

উঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবি দেৱকান্ত বৰুৱাই অসমৰ বীৰ সন্তান লাচিত ফুকনৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ কথা সুঁৱৰি বৰ্তমান প্ৰজন্মৰ ভুৱা, স্বাৰ্থান্বেষী, অধোঃগামী আৰু কৃত্ৰিম স্বদেশানুৰাগৰ তুলনা কৰি আক্ষেপ কৰিছে।

কবিৰ মতে বৰ্তমানৰ অসমীয়াসকল ভুৱা স্বদেশপ্ৰেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি তেওঁলোকৰ কোনো মন-কাণ নাই। সিহঁতে এমুঠি খাদ্যৰ বাবে প্ৰভু (নেতাসকল)ৰ পিছে পিছে লৰি ফুৰে। সিহঁতে প্ৰভুৰ পৰা কামৰ মূল্য স্বৰূপ কিল, ভুকু, চৰ, লাথি আদি পায়।

কবিয়ে আকৌ কৈছে যে বৰ্তমানৰ স্বদেশপ্ৰেমীসকল হৈছে নকল-নবীছ। অৰ্থাৎ বৰ্তমানৰ প্ৰজন্মই অন্তৰৰ পৰা একো নকৰে। সিহঁতে দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূুজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্ৰতি কাৰো কাণসাৰ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীৰ্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুসৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তৰ্ক-বিতৰ্ক কৰে। সিহঁত নকল-নবীচৰ দৰে নিজ স্বৰ্থত অন্ধ। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্ৰেমৰ ভাওনা পাতে। লোকেল ব’ৰ্ডৰ সদস্য, এছেম্বলীত মন্ত্ৰীত্ব পোৱাই সিহঁতৰ লক্ষ্য। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপৰ্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলন হোৱা বােব শোক কৰিছে।

৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?

উঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবিয়ে অসম গৌৰৱ লাচিত ফুকনৰ স্বদেশানুৰাগৰ স্মৃতি সোঁৱৰণ কৰি তেওঁৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ আৰ্হিৰ লগত বৰ্তমানৰ অসমবাসীৰ চিন্তা-চৰ্চা, কাম-কাজৰ ৰিজনি কৰি শোকত ম্ৰিয়মান হৈ লাচিতক বৰ্তমান চামৰ বাতৰি শুনাব বিচাৰিছে।

কবিয়ে কৈছে যে বৰ্তমান সময়ত অসমত লাচিতৰ দৰে কোনো বীৰ আৰু স্বদেশপ্ৰেমিক নাই। আজিৰ অসমীয়া স্বাৰ্থান্ধ। সিহঁতৰ স্বদেশপ্ৰেম ভুৱা আৰু কৃত্ৰিম। বৰ্তমানৰ প্ৰজন্মই অন্তৰৰ পৰা একো নকৰে। সিহঁতে দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পুজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্ৰতি কাৰো কাণসাৰ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীৰ্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুসৰণ কৰে। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপৰ্য বুজি নাপায়।

কবিয়ে বৰ্তমানৰ অসমবাসীৰ এইবোৰ ভণ্ডামী আৰু কৃত্ৰিমতাৰ বাতৰি লাচিত ফুকনক শুনাব বিচাৰিছে।

৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশেপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উঃ ‘লাচিত ফুকন’ নামৰ কবিতাটি এটি উৎকৃষ্ট স্বদেশপ্ৰেমমূলক কবিতা। কবিতাটোত কবিয়ে লাচিতৰ স্বদেশপ্ৰেমৰ কথা বৰ্ণনা কৰিছে ।আহোম সেনাপতি লাচিতৰ সাহস আৰু দেশপ্ৰেমৰ কাহিনী সকলোৱে জানে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে লাচিতে নিজৰ মোমায়েকক কাটিছিল। কবিতাটোত কবিয়ে লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে মৃত্যুৰ আৱাহন শুনি জাতিৰ বুকুত দুৰ্মদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে । মোমাই কটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশ প্ৰেমৰ কথা সোঁৱৰায় । কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খনজৰ বহুৱা ইব্ৰাহিম নবীৰ বীৰত্বৰ কথা বৰ্ণনা কৰি লাচিত ফুকনৰ বীৰত্ব ইব্ৰাহিম নবীৰ বীৰত্ব আৰু সাহসৰ তুলনা কৰিছে।

এনেদৰে কবিয়ে ‘লাচিত ফুকন’ নামৰ কবিতাটিত স্বদেশপ্ৰেম প্ৰকাশ কৰিছে।

৫। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
(ক) ‘বক্তৃতা দি আকাশ কঁপাই, চিয়ঁৰত টেটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।’

উঃ উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

কবিতাফাঁকিত কবিয়ে বৰ্তমান সময়ৰ দেশপ্ৰেমিকসকলৰ কৃত্ৰিম বা ভুৱা দেশপ্ৰেমৰ কথা ক’বলৈ উক্ত কবতাফাকিৰ অৱতাৰণা কৰিছে ।

কবিয়ে আক্ষেপৰ সুৰত কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্ৰেমিকৰ দেশতে এতিয়া জন্ম  লৈছে এচাম ভণ্ড দেশপ্ৰেমিকে । বিশ্বত ঘটা পৰিবৰ্তনৰ উমান ৰখাৰ আহৰি তেওঁলোকৰ নাই । তেওঁলোকে কেৱল কানিৰ মূল্য নিৰূপণৰ দৰে কিছু তুচ্ছ কামত ব্যস্ত আছে। বাহিৰৰ সমাজৰ সৈতে নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে । এইচাম দেশপ্ৰেমিকে মাথো জানে আকাশ পাতাল কঁপোৱা বক্তৃতা দিবলৈ আৰু বাঁহৰ কামীত চূণ সানি সৰু ল’ৰা-ছোৱালীয়ে কৰা ওমলা যুদ্ধৰ অভিনয় কৰিবলৈ । লাচিতৰ দৰে সচাঁ তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এইচাম দেশপ্ৰেমিকৰ কলিজাত স্পৰ্ধা নাই।

ইয়াত কবিয়ে ভুৱা দেশপ্ৰেমিকসকলৰ কাৰ্যকলাপক ব্যংগ কৰিছে।

You May Like:

অতিৰিক্ত প্রশ্নোত্তৰ

তলত দিয়া প্রশ্নবোৰৰচমু উত্তৰ দিয়া (মূল্যাংক -১)
(ক) দেৱকান্ত বৰুৱা কোন যুগৰ কবি?

উঃ ‘আৱাহন’ যুগৰ।

(খ) অসমৰ কাব্যভূমিত কবিয়ে কি চৰা বুলি কৈছে?

উঃ ‘গাধৰ পাল’।

(গ) দেৱকান্ত বৰুৱাৰ কোন চনত মৃত্যু হৈছিল?

উঃ ১৯৯৬ চনত।

(ঘ) কবিতাটোত ‘অপৰাধী মাতুল’ বুলি কাক কোৱা হৈছে?

উঃ লাচিত ফুকনৰ মোময়েকক কোৱা হৈছে।

২।প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
(ক) শুনিছো বন্ধু ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ,
দেৱতাৰ হকে পুত্ৰবুকুত হানিছিল খঞ্জৰ।

উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবি দেৱকান্ত বৰুৱাই লাচিত ফুকনৰ দেশপ্ৰেম আৰু বীৰত্ব মহাপুৰুষ ইব্ৰাহিমৰ বীৰত্বৰ লগত তুলনা কৰি উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

ইব্ৰাহিম আছিল এজন নবী বা পয়গম্বৰ (মহাপুৰুষ)। তেওঁ আছিল এক ঈশ্বৰত বিশ্বাসী। ঈশ্বৰৰ প্ৰতি তেওঁৰ ইমানেই বিশ্বাস আৰু ভক্তি আছিল যে তেওঁ ঈশ্বৰৰ নিৰ্দেশত নিজৰ শিশু পুত্ৰ ইছমাইলক কোৰবানী (জবেহ কৰি ঈশ্বৰৰ নামত উছৰ্গা) কৰিবলৈ সাজু হৈছিল। এনেদৰে তেওঁ ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ অগাধ ভক্তি আৰু বীৰত্ব প্ৰকাশ কৰিছিল।

নবী ইব্ৰাহিমৰ দৰেই অসমৰ বীৰ সন্তান লাচিত ফুকনে স্বদেশৰ স্বাধীনতা ৰক্ষাৰ হেতু নিজ মোমায়েকক হত্যা কৰিবলৈ কুণ্ঠােবাধ কৰা নাছিল।

(খ) আনফালে সৌ আপোন অন্ধ নকল-নবীছ দল
মুক্তি ৰণৰ মক্‌ফাইট কৰি ফাঁকিৰ আনিছে ঢল।

উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

বৰ্তমানচাম অসমীয়া মানুহৰ স্বাৰ্থান্বেষী চিন্তা, ভণ্ডামী, ভুৱা দেশপ্ৰেম আদিৰ চিত্ৰ দাঙি ধৰিবলৈ গৈ উদ্ধৃত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

বৰ্তমানৰ অসমীয়াসকল নকল-নবীচৰ দৰে নিজ স্বাৰ্থত অন্ধ। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব খোজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্ৰেমৰ ভাওনা পাতে। ভুৱা আৰু ভণ্ডামীৰে সিহঁতে নিজ স্বাৰ্থ পূৰণ কৰিব বিচাৰে। সিহঁতে পিয়ানো বজাই পূজাৰ আৰতি কৰে। দেৱতাৰ পূজাৰ বেদীত চাকি জ্বলোৱাৰ পৰিৱৰ্তে মমবাতি জ্বলাই দেশ সেৱাৰ যেন ব্যঙ্গ যুঁজত অৱতীৰ্ণ হৈছে।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলন হোৱা বাবে শোক কৰিছে।

(গ) ত্ৰিশ দিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি
দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত -ভৰি।

উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

বৰ্তমানচাম অসমীয়া মানুহৰ স্বাৰ্থান্বেষী চিন্তা, ভণ্ডামী, ভুৱা দেশপ্ৰেম আদিৰ চিত্ৰ দাঙি ধৰিবলৈ গৈ কবিয়ে ব্যংগাত্মক সুৰত উদ্ধৃত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

আজিৰ অসমীয়াই নিজৰ সুজ্ঞান হেৰুৱাই সকলোতে স্বাৰ্থপৰতা, ভণ্ডামী, কুসংস্কাৰ আদিৰ আশ্ৰয় লৈছে। বিদেশত উন্নতি আৰু বিপ্লৱৰ যি ঢৌ উঠিছে তাৰ প্ৰতি আজিৰ অসমীয়াৰ কোনো কাণসাৰ নাই। ইয়াৰ পৰিৱৰ্তে সিহঁতে অৰ্থহীন আৰু অন্ধসংস্কাৰ অনুকৰণত ব্যস্ত। সিহঁতে দেশৰ উন্নয়নৰ হকে চিন্তা কৰাৰ পৰিৱৰ্তে আঁউসীত হাল বালে কেইধেনু পৰাচিত দিব লাগে, মৃতকৰ কাজ এঘাৰ দিনীয়া নে ত্ৰিশ দিনীয়া হ’ব ঃ তেনে অৰ্থহীন কামত ব্যস্ত থাকে। এনেদৰে অৰ্থহীন আৰু যুক্তিহীন বিতৰ্কৰ মাজত সোমাই থাকি দেশ বা সমাজৰ প্ৰতি থকা দায়িত্ব পালন নকৰি জাতিৰ ককাল কোঙা কৰি পেলাইছে বুলি কবিয়ে শোক কৰিছে।

(ঘ) মন্ত্ৰিত্ব যাৰ শেষ কল্পনা, এছেম্বলী যাৰ আশা,
সিনো কি বুিজব হে বীৰ তোমাৰ ৰণ দুৰ্মদ ভাষা?

উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

বৰ্তমান অসমীয়াচামৰ ভুৱা দেশপ্ৰেমৰ চানেকি দিবলৈ গৈ কৰিয়ে ব্যংগাত্মক সুৰত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

বৰ্তমানৰ অসমীয়াচামে স্বদেশৰ প্ৰতি সিহঁতৰ কতব্য পাহৰি গৈ স্বাৰ্থান্বেষী হৈ পৰিছে। ছলে-বলে কৌশলে ধন-সম্পদ আৰহৰণ কৰাই হৈছে সিহঁতৰ লক্ষ্য। লোকেল ব’ৰ্ডৰ সদস্য, এছেম্বলীত মন্ত্ৰীত্ব পোৱাৰ বাবে সিহঁতে হেতা-ওপৰা লগায়। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ বীৰত্ব আৰু স্বদেশ প্ৰেমৰ তাৎপৰ্য বুজি নাপায়। অৰ্থাৎ আজিৰ অসমীয়াই অতীতৰ গৌৰৱ পাহৰি ভণ্ডামীৰ আশ্ৰয় লৈছে।

(ঙ) আকউৗ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী,
আকাউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগা পানী।

উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

বৰ্তমানৰ অসমীয়াসকলৰ স্বাৰ্থান্ধতা, ভণ্ডামী, কৃত্ৰিম দেশপ্ৰেম লক্ষ্য কৰি কবি ম্ৰিয়মান হৈছে যদিও অসমত যে প্ৰকৃত দেশপ্ৰেমিক এতিয়াও আছে সেই কথা ব্যক্তি কবিৰলৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

কবিয়ে কবিতাটোত লাচিত ফুকনৰ স্বদেশানুৰাগ আৰু বীৰত্বৰ কাহিনীৰ ৰোমন্থন কৰি কৈছে যে যদিও এতিয়াৰ দেশপ্ৰেমিকসকলৰ বেছিভাগেই ভণ্ড আৰু ক্ষমতালোভী তথাপি দেশমাতৃৰ কল্যাণৰ হকে হেংদাং হাতত লৈ ওলাই আহিবলৈ বহুতো ডেকা সাজু আছে। সিহঁতে মাথো লাচিত ফুকনৰ দৰে অকৃত্ৰিম নেতা বিচাৰে। সিহঁতে লাচিতৰ দৰে নেতাৰ আদেশ শিৰোগত কৰি আকৌ ৰণত মৃত্যু বৰণ কৰি লুইতৰ পানী ৰাঙলী কৰাৰ বাবে প্ৰস্তুত আছে। ০ ০ ০

নোট: যদি আপুনি উক্ত ‘লাচিত ফুকন প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

‘লাচিত ফুকন প্রশ্নোত্তৰ’ সমাপ্ত
Previous articleহে মোৰ সকলো শত্ৰু। জ্যোতিপ্ৰসাদ
Next articleৰাজপথ প্রশ্নোত্তৰ | HS 1st Yr Assamese (MIL)