শোভাযাত্ৰাত নিহতজনৰ কবিতা | হীৰেন ভট্টাচাৰ্য
শোভাযাত্ৰাত নিহতজনৰ কবিতা
এই জুইকুৰা ময়েই জ্বলালো ।
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন-মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ ।
সেয়ে, জুইকুৰা ময়েই জ্বলালো ।
দিনৰ পিছত দিন,
ৰাতিৰ শেহত দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নাজানো আই! নিষ্ঠূৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা । তোমাৰ বাবে আই,
বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলো ;
এইবাৰ মোৰ মন্ত্ৰপূত শৰীৰ ।
জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালো । ০ ০ ০
বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘শোভাযাত্ৰাত নিহতজনৰ কবিতা | Shuvayatrat Nihtjnr Kabita | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
You May Like:
- মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
- শৰ-সন্ধান-হীৰেন ভট্টাচার্য
- ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ