সুৰৰে দেউলৰে ৰূপৰে শিকলি | বিষ্ণু ৰাভা
সুৰৰে দেউলৰে ৰূপৰে শিকলি
–বিষ্ণু ৰাভা
সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ’–
পূজাৰী অ’ সুন্দৰ পূজাৰী
সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী অ’।
জাউতিযুগীয়া বৰগীত অমিয়া
বনগীত সুৰীয়া, বনগীত সুৰীয়া
গোৱা অসমীয়া প্ৰাণ মন ভৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী।
তোৰেই পৰশে প্ৰাণৰ হৰিষে
তিয়াগি সুপুতি গায় ঐ মুকুতি
ৰাগৰে মুৰতি উটি ভাঁহি ফুৰে উৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী।
থাপনা থাপিলি প্ৰতিমা বহালি
পূজাও কৰিলি মক্তি মুৰতি গঢ়ি
অ’ পূজাৰী, সুন্দৰ পূজাৰী।
শঙ্খ বজোৱা বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহৰে আদৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী। 0 0 0
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘দুৰৰে দেউলৰে ৰূপৰে শিকলি । Surar Deolore Rupore Shikali’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ