হে মোৰ সকলো শত্ৰু। জ্যোতিপ্ৰসাদ

0

হে মোৰ সকলো শত্ৰু। জ্যোতিপ্ৰসাদ

হে মোৰ সকলো শত্ৰু। জ্যোতিপ্ৰসাদ

হে মোৰ সকলো শত্ৰু 

—জ্যোতিপ্ৰসাদ

হে মোৰ সকলো শত্ৰু 

তোক নমস্কাৰ

তোক বন্ধু ৰূপেহে চাওঁ

তোৰ সতে মোৰ সংঘাত লাগি

মোৰ জীৱনত ধুনীয়া প্ৰকাশ পাওঁ।

মোৰ প্ৰতিভাৰ নুফুলা ফুলৰ

শতপাহি বিকশাওঁ।

তোক বন্ধু ৰূপেহে চাওঁ

প্ৰতি সংঘাতে নতুন শক্তি পাওঁ।

তোৰ সতে মোৰ সংঘাত লাগি

কণ্ঠত জাগে অভিনৱ ওঙ্কাৰ–

তোৰ সতে মোৰ সংঘাত লাগি

মোৰ গানৰ সুৰৰ

নৱতম ঝংকাৰ

হে শত্ৰু নমস্কাৰ।

নিজৰাৰ দৰে মোৰ জীৱনে অগ্নি মনে 

তোৰ বাধাৰ শিলত আঘাত কৰি 

উফৰি উফৰি পৰি

শুভ ফেনিল পেখম মেলি

ফটন্ত মোৰ প্ৰাণ উজলাই

গন্ধ-গানৰ ঢৌ তুলি যায় 

নিতৌ নতুন ৰূপ  ধৰি। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘হে মোৰ সকলো শত্ৰু তোক নমস্কাৰ | Hey Mur Sokalo Shatru‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleজয় হিন্দ জয় জয়। জ্যোতিপ্ৰসাদ
Next articleকোন কত আছ আহ। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here