আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ৰাজপথ’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘এইখনখন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Table of Contents
ৰাজপথ
ভৱনন্দ দত্ত
কবি পৰিচয়ঃ
ভৱানন্দ দত্ত (১৯১৮-১৯৫৯) এজন অসমীয়া প্ৰগতিবাদী কবি, সাহিত্য সমালোচক, মাৰ্ক্সবাদী চিন্তাবিদ আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হয় কামৰূপৰ ৰতনপুৰ গাওঁত। তেওঁ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীত বি. এ. পাছ কৰি ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত এম. এ. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱক্তা হিচােপ সেৱা আগবঢ়ায়। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ কবিতা চৰ্চা কৰিবলৈ লয়। তেওঁ ৰচনা কৰা গ্ৰন্থেবাৰ হ’ল: ৰবীন্দ্ৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, Philosophy of India আদি। তেওঁৰ কবিতাত মাৰ্ক্সবাদী আদৰ্শ, সমাজৰ কালিমা, ধনী-দুখীয়াৰ মাজত অৰ্থনৈতিক বৈষম্য, শোষিত-নিষ্পেষিত শ্ৰেণীৰ কাৰুণ্যময় দিশৰ প্ৰতিফলন ঘটিছে।
১৯৫৯ চনত তেওঁৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থ:
ব্লেক আউট ঃ নিষ্প্ৰদীপ, পোহৰহীন। উদভ্রান্ত ঃ ব্যাকুল । শ্রান্তি ঃ ভাগৰ। মেহগনি ঃ এবিধ মূল্যৱান কাঠ। দস্যুতা ঃ ডকাইতি। ছাইন-েপোষ্ট ঃ পথৰ নাম আদি উল্লেখ থকা ফলক। নিঃশ্ৰেয়স ঃ মংগলহীন। মোক্ষ ঃ মুক্তি।
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখন কাৰ ৰচনা?
উঃ ‘অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা ।
২। ‘ব্লেক আউট’ মানে কি?
উঃ ‘ব্লেক আউট’ মানে নিষ্প্ৰদীপ (পোহৰ নথকা অৱস্থা) ।
৩। ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?
উঃ ৰাজপথত নিশাৰ অন্ধকাৰত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে ।
৪। ‘ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
উঃ ‘ৰাজপথ’ কবিতাটি প্ৰথমে ‘জয়ন্তী’ আলোচনীত প্ৰকাশ পাইছিল ।
৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?
উঃ ‘নচিকেতা’ ভৱানন্দ দত্তৰ ছদ্মনাম ।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩
১। ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?
উঃ ‘ৰাজপথ’ নামৰ কবিতাটোত কবি ভৱানন্দ দত্তই চল্লিশৰ দহকৰ (দ্বিতীয় মহাযুদ্ধ)ৰ সময়ৰ চিত্ৰ অংকন কৰিছে।
২। বিভিন্ন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
উঃ ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ বিভিন্ন ব্যক্তিয়ে ৰাতিৰ অন্ধকাৰত গোপন অভিসাৰ চলায়।
৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?
উঃ ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাৰ শাৰীবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান আৰু বন্ধ কোঠাৰ ভিতৰত কলেজীয়া ছোৱালীবোৰৰ বিৰহ-কাতৰ শুনিবলৈ পোৱা যায়।
৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
উঃ ৰাজপথৰ কাষৰ ফুটপাথত সৰ্বহাৰা দুখীয়া লোকক ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই থকা দেখা যায় ।
৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?
উঃ ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোৰ জৰিয়তে আধুনিকতাই সৃষ্টি কৰা সমাজৰ অৱক্ষয়ৰ বাস্তৱ ৰূপ প্ৰকাশ পাইছে য’ত ধনীবোৰ ৰং-ৰহইছত উত্ৰাৱল আৰু দুখীয়াবোৰ শোষিত, অৱহেলিত, লাঞ্ছিত, গৃহহীন অৱস্থাত বাটৰ দাঁতিত কেক-বেকাই থাকে ।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্নৰূপৰ কেনেদৰে প্রকাশিত হৈছে – বুজাই লিখা ।
উঃ ৰাজপথ’ কবিতাটিত কবিয়ে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্নৰূপৰ এক স্পষ্ট ছবি অংকন কৰিছে। কবিয়ে লক্ষ্য কৰিছে যে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্ৰান্ত প্ৰেমৰ অভিসাৰ চলে। লগতে সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। কবিৰ ভাষাতঃ
“ডবল-তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলাসায়িত দেহা।”
২। সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্রকাশিত হৈছে বুজাই লিখা ।
উঃ ভৱানন্দ দত্তৰ ‘ৰাজপথ’ শিৰোনামাৰ কবিতাটি হৈছে এক প্ৰগতিবাদী চিন্তাধাৰাৰ কবিতা। কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ জীৱন ধাৰাৰ মাজত থকা বৈষম্যৰ চিত্ৰ দাঙি ধৰা হৈছে।
কবিয়ে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ চিত্ৰ অংকন কৰিবলৈ গৈ দেখুৱাইছে যে সিহঁতে ৰাজপথৰ দুয়োকাষে শাৰী শাৰী অট্টালিকা নিৰ্মাণ কৰি ভোগ-বিলাসী জীৱন-যাপন কৰি আছে। সিহঁতৰ পাঁচ মহলা অট্টালিকাৰ পৰা ৰেডিঅ’ৰ গান, ৰবীন্দ্ৰ সুৰৰ মূর্চ্ছনা ভাঁহিঁ আহিছে। সিহঁতে ডবল দলিচাযুক্ত মেহগনি কাঠেৰে সজা পালেঙত আলসুৱা দেহাটি এৰি দি ধন-সম্পত্তিৰ প্ৰাচুৰ্যতাৰ মাজত জীৱনৰ সন্ধান কৰিছে।
আনহাতে ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্ৰ লৈ মৃতপ্ৰায় হৈ পৰি আছে কংকালসাৰ দৰিদ্ৰ লোকসকল। সিহঁত গৃহহীন, আশ্ৰয়হীন দস্যুতাৰ ছাইন-পোষ্ট যেন হৈ ফুটপাথকেই শেষ আশ্ৰয় হিচাপে গ্ৰহণ কৰিছে। কিছুমান তিৰোতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে।
এনেদৰে কবিয়ে ‘ৰাজপথ’ নামৰ কবিতাটিত শ্ৰেণী বৈষম্যৰ ছবি অংকন কৰিছে।
৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰা হৈছে?
উঃ ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক গৃহহীন, লাঞ্ছিত-বঞ্চিতসকলৰ শেষ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰা হৈছে। কিয়নো এই শ্ৰেণীটো ইমানেই নিঃস্ব যে সিহঁতৰ আশ্ৰয়স্বৰূপ কোনো নিজস্ব ঘৰ নাই। সিহঁতে গোটেই জীৱন ফুটপাথতে ভিক্ষা মাগি কটাবলগীয়া হয় আৰু ভিক্ষা নাপালে অনাহাৰে সেই ফুটপাথৰ বুকুতে আজীৱন শুই পৰে।
৪। ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ।
উঃ কবিয়ে ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে সমাজৰ লাঞ্ছিত, নিঃস্ব, অৱহেলিত, শোষিত, গৃহহীন, বঞ্চিতসকলৰ বাবে যে শেষ আশ্ৰয়স্থলী ফুটপাথ তাকেই বুজাব বিচৰা হৈছে ।
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ
চৰণাঘাত লভিছা কত !
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উদ্ধৃত কবিতাফাঁকিৰ মাজেদি কবি ভৱানন্দ দত্তই আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ অৱক্ষয় আৰু অশ্লীলতাৰ ছবি অংকন কৰিছে।
কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত মত্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্ৰান্ত প্ৰেমৰ অভিসাৰ চলে। লগতে সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্ৰ লোকসকলৰ কামনাৰ কোলাত সঁপি দিছে।
(খ) ”পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অৰ্গেনত ৰবীন্দ্ৰ-সংগীত,
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলসায়িত দেহা।”
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে ৰাজপথৰ আঁৰৰ আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ নগ্ন চিত্ৰ অংকন কৰিবলৈ গৈ এনেদৰে কৈছে।
ৰাজপথৰ দুয়োকাষে কবিয়ে শাৰী শাৰী অট্টালিকা দেখা পাইছে। সেই অট্টালিকােবাৰ দেখাত আটকধুনীয়া যদিও ইয়াৰ ভিতৰত কদৰ্য কামবোৰ চলি থাকে। সেই দালানবোৰৰ পাঁচ মহলাৰ পৰা ৰেডিঅ’ৰ গান, ৰবীন্দ্ৰ সংগীতৰ সুৰ ভাঁহি আহে। অট্টালিকাৰ বাসিন্দাসকলে বাহিৰৰ ৰাজপথৰ দাঁতিত ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰা লোকসকলৰ কথা এবাৰো নাভাবি মেহগনি পালেঙত বিৰহা-কাতৰা কলেজীয়া যুৱতীৰ আলাসিত দেহাৰ সৈতে প্ৰেম উন্মাদনাত মত্ত।
এইদৰে কবিয়ে অন্তঃসাৰ শূন্য সমাজৰ ধনীক শ্ৰেণীৰ বিলাসৰ চিত্ৰ ফুটাই তুলিছে।
(গ) ”আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা
মৃতপ্রায় কংকালৰ শাৰী।”
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেদি আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধানৰ চিত্ৰ অংকন কৰিবলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
ৰাজপথৰ দুয়োকাষে কবিয়ে শাৰী শাৰী অট্টালিকা দেখা পাইছে। সেই অট্টালিকােবাৰৰ বাসিন্দাসকল হৈছে অভিজাত শ্ৰেণীৰ প্ৰতিনিধি। সিহঁত বিলাসী জীৱন-যাপন কৰাত মত্ত। সিহঁতে মেহগনি পালেঙত বিৰহা-কাতৰা কলেজীয়া যুৱতীৰ আলাসিত দেহাৰ সৈতে প্ৰেম উন্মাদনাত মত্ত। বাহিৰৰ ৰাজপথৰ দাঁতিত ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰা লোকসকলৰ কথা এবাৰো ভবাৰ সময় তেওঁলোকৰ নাই। ৰাজপথেই হৈছে সেই দৰিদ্ৰ লোকসকলৰ বাসস্থান। সিহঁত কোনো দিন পেট পুৰাই খাবলৈ নোপোৱা বাবে কংকালসাৰত পৰিণত হৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ (মূল্যাংকঃ ১)
(ক) ‘ৰাজপথ’ নামৰ কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশিত হৈছিল?
উঃ ‘জয়ন্তী’ আলোচনীত।
(খ) কি ছদ্ম নামত ভৱানন্দ দত্তই কবিতাটি প্রকাশ কৰিছিল?
উঃ নচিকেতা।
(গ) ভৱানন্দ দত্তই ৰচনা কৰা সাহিত্য সমালোচনামূলক এখন গ্রন্থৰ নাম লিখা।
উঃ অসমীয়া কবিতাৰ কাহিনী।
(ঘ) ভৱানন্দ দত্তৰ জন্ম কেতিয়া হৈছিল?
উঃ ১৯১৮ চনত।
(ঙ) ভৱানন্দ দত্তৰ ‘ৰাজপথ’ নামৰ কবিতাটি কোন শ্ৰেণীৰ কবিতা?
উঃ প্ৰগতিবাদী ধ্যান-ধাৰণাৰ কবিতা।
(চ) ভৱানন্দ দত্তই ইংৰাজীত ৰচনা কৰা গ্রন্থখনৰ নাম কি?
উঃ Philosophy of India.
(ঙ) কোনজন অসমীয়া কবিৰ ছদ্মনাম আছিল ‘নচিকেতা’?
উঃ ভৱানন্দ দত্তৰ। ০ ০ ০.
নোট: যদি আপুনি উক্ত ‘প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0