আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ পাঠটিৰ প্রশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্নোত্তৰ‘খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্নোত্তৰ’ চাওঁক:
Table of Contents
ৰাৱণক বিভীষণৰ সজ উপদেশ
মাধৱ কন্দলি
কবি পৰিচয়ঃ
মাধৱ কন্দলি প্ৰাক-শংকৰী যুগৰ এজন শ্রেষ্ঠ কবি। তেওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলিয়েই প্ৰথমতে সংস্কৃত ৰাময়ণখন অসমীয়ালৈ ভাঙনি কৰে। মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও ইয়াৰ মাত্ৰ পাঁচটা কাণ্ডহে পোৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্ৰমে ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ ভাঙনি কৰি কন্দলিৰ ৰামায়ণ সম্পূৰ্ণ কৰে। শংকৰদেৱে তেওঁৰ কবি প্ৰতিভাক প্ৰশংসা কৰি ‘অপ্ৰমাদী’ অৰ্থাৎ ‘ভ্ৰান্তিহীন কবি’ বুলি অভিহিত কৰিছে।
কঠিন শব্দৰ অৰ্থ:
পাত্ৰ: মন্ত্ৰী। বিষ্ণু ভকত ঃ ঈশ্বৰৰ একান্ত সেৱক। তহিতে ঃ তাত। ডেৱ ঃ ডেও, জাঁপ, সামান্য জঁপিয়াই দীঘলকৈ দিয়া খোজ। তৰি ঃ পাৰ হৈ। উৎছন ঃ নাশ। নাগপাশ ঃ পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী। লাঞ্জ ঃ নেজ। দগধ ঃপোৰা। একৈক ঃ এজন এজন। বিদিত ঃ জনা। আন্বয় ঃ অৰ্থ, ব্যাখ্যা, মত। অগাধ ঃ বৰ গভীৰ। অবিকল ঃ হুবহু। মধুসদন ঃ বিষ্ণুৰ এটা নাম, মধু দৈত্যক বধ কৰোঁতা। মূৰাৰি ঃ মূৰ নামৰ অসুৰৰ বৈৰী। গহ ঃ অহংকাৰ, কেৰেপ, গ্ৰাহ্য।
ৰাৱণক বিভীষণৰ সজ উপদেশ
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। মাধৱ কন্দলিকোন যুগৰ কবি?
উঃ চৰ্তুদশ শতিকাৰ।
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
উঃ অশোক বাটিকাত।
৩। ‘অপ্ৰমাদী’ শব্দৰ অৰ্থ কি?
উঃ অপ্ৰমাদী শব্দৰ অৰ্থ হ’ল নিৰ্ভুল বা ভ্ৰম নথকা।
৪। ইন্দ্ৰজিৎ কোন আছিল?
উঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল।
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?
উঃ মন্দোধৰী।
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩
১। নৈকেশী কোন ? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল?
উঃ নৈকেশী আছিল ৰাৱণৰ মাতৃ। তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল যাতে তেওঁ ৰামক বুজাই সৈমান কৰে যে তেওঁ যেন সীতাক মুকলি কৰি দি ৰামৰ লংকা আক্ৰমণ প্ৰতিহত কৰে।
২। নাগপাশ কি? হনুমানক কোনে, কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?
উঃ নাগপাশ হ’ল পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা এবিধ জৰী।হনুমানে যেতিয়া গোটেই লংকাখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সীতাৰ ওচৰলৈ আহিছিল তেতিয়া ইন্দ্ৰজিতে নাগপাশেৰে হনুমানক বন্দী কৰি থৈছিল।
৩। হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?
উঃ ৰাৱণৰ পুত্ৰ ইন্দজিতে হনুমানক বন্দী কৰি শাস্তি স্বৰূপ নেজত জুই লগাই এৰি দিছিল। হনুমাহে সেই জুই নুমুৱাবলৈ চেষ্টা কৰোতে গোটেই লংকা নগৰীত জুই লাগে।
৪। শংকৰদেৱে আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল ?
উঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰিছিল।
৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয় ?
উঃ বিভীষণে ৰাৱণৰ প্ৰতি আগবঢ়োৱা সজ উপদেশৰ প্ৰসংগত উত্তম, মধ্যম আৰু অধম মন্ত্ৰ (মন্ত্ৰণা)ৰ কথা কৈছে।
কোনো কথা পাত্ৰ মন্ত্ৰীসকলে বিষ্ণুত বিশ্বাস ৰাখি নিশ্চিত সিদ্ধান্তত উপনীত হ’লে তাক উত্তম মন্ত্ৰ বুলি কয়।
বিভিন্ন মন্ত্ৰীয়ে কোনো কথাত একমত হ’লে তাক মধ্যম মন্ত্ৰ বুলি কয়।
আকৌ যেতিয়া মন্ত্ৰীয়ে পুৰুষৰ তেজ বা শক্তি অস্বীকাৰ কৰি দৈৱ বা ভাগ্যইহে সকলো কৰে বুলি ভাৱে তেতিয়া তাক অধম মন্ত্ৰ বুলি কয়।
ৰাজকাৰ্য পৰিচালনা কৰোতে উত্তম আৰু মধ্যম মন্ত্ৰক ব্যৱহাৰ কৰা হয়।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উঃ পিতৃৰ আজ্ঞা পালন কৰি ৰামে তেওঁৰ পত্নী সীতাৰ সৈতে বনবাস খাটি থকা সময়ত লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ যায়। সীতাক বিচাৰি ৰাম যে লংকা আক্ৰমণ কৰিব সেই কথা অনুধাৱন কৰি ৰাৱণৰ মাতৃ চিন্তিত হৈ পৰে আৰু ৰাৱণক সুপথলৈ আনিবৰ বাবে বুজনি দিবলৈ মাতৃ নৈকেষীয়ে সৰু পুত্ৰ বিভীষণক অনুৰোধ কৰে। মাতৃৰ আজ্ঞা মানি বিভীষণে জেষ্ঠ ভাতৃ ৰাৱণক বুজনি দিয়ে এনেদৰে ঃ
ৰাম হৈছে অসাধাৰণ পুৰুষ। তেওঁ প্ৰকৃততে বিষ্ণু। তেওঁ সৰ্বজন বিদিত আৰু সুপুৰুষ। সীতাও লক্ষ্মীদেৱীহে। ৰামে সীতাক উদ্ধাৰ কৰিবৰ বাবে ইতিমধ্যে বান্দৰ ৰাজ সুগ্ৰীবৰ লগত মিত্ৰতা কৰিছে। গতিকে যিকোনো প্ৰকাৰে ৰামে পত্নী সীতাক উদ্ধাৰ কৰিবলৈ লংকা আক্ৰমণ কৰিব। ইতিমধ্যে ৰামভক্ত হনুমানে সাগৰ পাৰ হৈ লংকাত উপস্থিত হৈছেহি। সমগ্ৰ নগৰ তন্ন-তন্নকৈ ঘূৰি লংকা দাহ কৰিলে। সীতাক সাক্ষাৎ কৰি ৰাৱণৰ সৈন্য-সামন্তকো বধ কৰিলে। অশোক বন লণ্ড-ভণ্ড কৰিলে।
এনেদৰে বিভীষণে ৰামৰ গুণ-গান কৰি শেষত মন্ত্ৰীসকলৰ পৰামৰ্শ বিচাৰিলে। কাৰণ মন্ত্ৰীসকলে একমত হৈ যিটোক উত্তম বুলি কয় শাস্ত্ৰয়ো তাতে সন্মতি দিয়ে। এইদৰে বিভীষণে ৰাৱণৰ আগত ৰামচন্দ্ৰৰ বীৰত্বৰ কথা দাঙি ধৰি ৰাৱণক ৰামৰ সৈতে হ’বলগীয়া যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ সজ উপদেশ দিয়ে।
২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
উঃ ৰামে সীতাক উদ্ধাৰ কৰিবৰ বাবে সুগ্ৰীৱৰ সহায় লৈছিল।
কিষ্কিন্ধাৰ বানৰ ৰজা সুগ্ৰীৱৰ লগত ৰামে মিত্ৰতা কৰি সীতাক উদ্ধাৰ কৰিবৰ বাবে যো-জা চলাইছিল। বানৰ বাহিনীৰ সহায়ত সাগৰত শিলেৰে সাকোঁ সাজি লংকা আক্ৰমণ কৰি সীতাক উদ্ধাৰ কৰিছিল ।
৩। কবিতাটিৰ মাজেৰে প্রকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ।
উঃ কবিতাটিৰ মাজেৰে বিভীষণৰ চৰিত্ৰ উদ্ভাসিত হৈ উঠিছে। তেওঁ সৎ, বিবেচক, নিস্বাৰ্থ আৰু বিষ্ণুভক্ত। ৰাৱণে সীতাক হৰণ কৰি অনা কাৰ্যটো বিভীষণে সহজভাৱে ল’ব পৰা নাই। ইয়াৰ উপৰিও তেওঁ সীতা হৰণৰ পৰিণাম যে ভয়াবহ হ’ব সেয়া তেওঁ উপলব্ধি কৰিব পাৰিছিল। সেয়ে তেওঁ ভাতৃ ৰাৱণক বিনাযুদ্ধে সীতাক ৰামৰ হাতত গতাই দিবলৈ সজ উপদেশ দিছিল।
এনেদৰে কবিতাটিৰ মাজেৰে বিভীষণৰ চৰিত্ৰৰ সততা প্ৰকাশ পাইছে।
৪। মাধৱ কন্দলিৰ কাব্যিক প্রতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্রকাশ পাইছে বুজাই লিখা।
উঃ কবি মাধৱ কন্দলি বৰাহী ৰজা মহামাণিক্যৰ ৰাজ কবি আছিল আৰু নিজ গুণৰ বলত ‘কবিৰাজ কন্দলি’ উপাধি লাভ কৰিছিল । বৰাহী ৰাজ মহামাণিক্যৰ অনুৰোধতে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। কন্দলিৰ ৰামায়ণ অকল অসমীয়া ভাষাতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত ৰামায়ণী সাহিত্যত এক উল্লেখনীয় সংযোগ। তেওঁ কোনো নিৰ্দিষ্ট আদৰ্শৰ অনুপ্ৰেৰণাত ৰামায়ণ ৰচনা কৰা নাছিল । তেওঁ এক লৌকিক কথা হিচাপেই ৰামায়ণ ৰচনা কৰিছিল । সেয়েহে তেওঁ ৰামায়ণৰ মূল কাহিনী বিকৃত নকৰাকৈ চৰিত্ৰসমূহক তেজ-মঙহ হিচাপেই অংকন কৰিছে । তদুপৰি তেওঁৰ ৰচনা গ্ৰাম্য অনুভূতি তথা গ্ৰাম্য মাত কথাৰে পৰিপূৰ্ণ হৈ আছে। তেওঁ সেয়েহে নিজেই কৈছে “দৈৱবাণী নোহে ইটো লৌকিকহে কথা”। মাধৱ কন্দলিয়ে নিজে “সাতকাণ্ড ৰামায়ণ পদবন্দে নিবন্ধিলোঁ’ বুলি কোৱাৰ পৰা অনুমান কৰা হয় যে তেওঁ ৰামায়ণৰ সাতোটা কাণ্ড ৰচনা কৰিছিল । কিন্তু আজিলৈকে ৰামায়ণৰ ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ পোৱা হোৱা নাই । মহাপুৰুষ শংকৰদেৱে তেওঁৰ কাবি্যক প্ৰতিভাত অভিভূত হৈ তেওঁক প্ৰশংসা কৰি লিখিছিল, “হস্তীৰ দেখিয়া লাদ শশা যেন ফাটে মাৰ্গ।”
সি যিয়েই নহওক কন্দলিৰ অসামান্য প্ৰতিভা আজিও অসমীয়া সাহিত্যৰ বাবে গৌৰৱৰ বস্তু হৈ আছে।
৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল ?
উঃ বিভীষণে ভাতৃ ৰাৱণক ৰামৰ সৈতে হ’বলগীয়া যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ সজ পৰামৰ্শ দিয়াৰ বিপৰীতে মন্ত্ৰীসকলে ৰাৱণক ৰামৰ বিৰুদ্ধে উচটনিমূলক বুজনি দিবলৈ ধৰে।
মন্ত্ৰীসকলে ৰাৱণক কয় যে ৰামৰ ভক্ত হনুমানে লংকা নগৰীৰ ওপৰত কৰা বিপর্যয় দুস্বপ্ন বুলি ভাবি মনৰ পৰা আতঁৰাই পেলাব লাগে। সীতাক ৰামৰ হাতত গতাই নিদিবলৈ উপদেশ দি মন্ত্ৰীসকলে ক’লে যে লংকাধিপতি ৰাৱণৰ ভড়াল অস্ত্ৰৰে পৰিপূৰ্ণ হৈ আছে। তেনে স্থলত সাধাৰণ মনুষ্য ৰামক ভয় কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে।
এনেদৰে মন্ত্ৰীসকলে ৰাৱণক বিভীষণে দিয়া সজ উপদেশৰ বিপৰীতে ৰামৰ বিৰুদ্ধে ৰাৱণক উচটাই দিছিল।
অতিৰিক্ত প্রশ্নোত্তৰ
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ কবি কোন?
উঃ মাধৱ কন্দলি।
(খ) ৰাৱণৰ মাতৃৰ নাম কি?
উঃ নৈকেষী।
(গ) ‘ৰামৰ হাতত জানো মোৰ যাইব জীৱ’- কথাষাৰ কোনে কৈছে?
উঃ লংকাৰাজ ৰাৱণে।
(ঘ) মূৰাৰী কোন?
উঃ ৰামচন্দ্ৰ।
(ঙ) সীতা কাৰ জীয়ৰী আছিল?
উঃ জনক ৰজাৰ জীয়ৰী।
(চ) ৰামৰ সখা কোন আছিল?
উঃ বান্দৰৰ ৰজা সুগ্ৰীৱ।
(ছ) ইন্দ্ৰজিতে হনুমানক কিহেৰে বান্ধিছিল?
উঃ নাগপাশেৰে।
(জ) লংকা কোনে দহন কৰিছিল?
উঃ ৰামভক্ত হনুমানে।
(ঝ) বিভীষণ কাৰ ভক্ত আছিল।
উঃ কবিতাটিৰ মতে বিভীষণ বিষ্ণু ভক্ত আছিল।
(ঞ) মধুসূধন কোন?
উঃ ৰামচন্দ্ৰ।
(ট) ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উঃ সুন্দৰাকাণ্ডৰ পৰা।
(ঠ) বিভীষণ কোন?
উঃ বিভীষণ আছিল লংকাৰ ৰজা ৰাৱণৰ ভাতৃ।
(ড) মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ ?
উঃ শ্লোকানুবাদ।
৩। হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত কেনেদৰে প্রমাণ কৰিছিল ?
উঃ জঁটায়ুৰ ভায়েক সম্পাতিয়ে সীতাক লংকাত বন্দী কৰি থোৱাৰ সম্ভেদ পোৱাৰ পিছত হনুমানে সীতাৰ অন্বেণত বান্দৰৰ সৰু পোৱালীৰ বেশ ধৰি গোটেই লংকাকে চলাথ কৰে। অৱশেষত অশোক বনত গছৰ তলত বহি থকা অৱস্থাত সীতাক দেখা পালে। সেইয়া সীতা হয় নে নহয় জানিবলৈ তেওঁ প্ৰথমে গছৰ ডালত বহি দূৰৰ পৰা ৰামৰ জীৱনৰ সকলো কথা নাম কীৰ্তন কৰি শুনাবলৈ ধৰিলে। সীতাই যেতিয়া তেওঁক দেখা পালে তেতিয়া হনুমানে গছৰ পৰা নামি আহি সীতা হয়নে জানিব বিচাৰিলে। সীতাই তেঁৱেও ‘সীতা’ হয় বুলি ক’লে । ফুৰ্তিত হনুমানে সীতাৰ কাষ চাপি যোৱাত সীতাৰ মনত সন্দেহ উপজিল আৰু সেইয়া ৰাৱণৰ কোনো চক্ৰান্ত বুলি সন্দেহ কৰি সীতা হনুমানৰ ওচৰৰ পৰা আঁতৰি আহিল। এই কথা বুজি হনুমানে সীতাক-বালিক বধ কৰি ৰাম সুগ্ৰীৱৰ বন্ধুত্ব, সুগ্ৰীৱৰ সীতাক বিচাৰি দিবলৈ কৰা প্ৰতিজ্ঞা, বান্দৰে সীতাৰ অলংকাৰ ৰামক বুটলি থৈ দেখুওৱা আদি কাৰ্য, বাৰিষাৰ অন্তত বান্দৰ সেনাই সীতাৰ কাৰণে পৃথিৱী চলাথ কৰা, আদি সমস্ত ঘটনা বৰ্ণনা কৰে আৰু ৰামে হনুমানক চিন স্বৰূপে দি পঠোৱা আঙুঠিটো সীতালৈ আগবঢ়াই দিয়ে। ৰামৰ আঙুঠিটো দেখি সীতাৰ মনত থকা সন্দেহৰ ভাৱ আঁতৰি যায় আৰু হনুমানৰ ওচৰত তাৰ বাবে ক্ষমা খুজে।
এনেদৰে হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত প্ৰমাণ কৰিছিল।
৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ
(ক) ৰাঘৱ মুনিষ যেন জগত বিদিত।
কহিলো কাহিনী যেন আমাৰ উচিত।।
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত মাধৱ কন্দলি বিৰচিত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাংশৰ পৰা লোৱা হৈছে।
বিভীষণে জেষ্ঠ ভাতৃ ৰাৱণক সজ উপদেশ দিবলৈ গৈ উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছে।
কবিতাফাঁকিত ৰামৰ গুণ, বল-বিক্ৰম আদিৰ কীৰ্তন কৰা হৈছে। বিভীষণে মাতৃ নৈকেষীৰ আজ্ঞামতে ৰাৱণক ৰামৰ শক্তি আৰু সততাৰ বিষয়ে অৱগত কৰিছিল। তেওঁ কৈছিল যে ৰাম হৈছে এজন সুপুৰুষ। গুণ আৰু যশস্যাত ৰাম সৰ্বজনবিদিত। তেওঁ বিষ্ণুৰ অৱতাৰ স্বৰূপ। গতিকে এনেহেন গুণবান পুৰুষৰ লগত যুদ্ধ নকৰি সীতাক ৰামৰ হাতত গতাই দিবলৈ বিভীষণে ভাতৃ ৰাৱণক উচিত উপদেশ দিছে।
(খ) শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত।
দুঃস্বপ্নৰ কথা প্র ভু গুচায়ো মনত।।
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ ৰ অন্তৰ্গত মাধৱ কন্দলি বিৰচিত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাংশৰ পৰা লোৱা হৈছে।
বিভীষণে ৰাৱণক ৰামৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ দিয়া সজ উপদেশৰ বিপৰীতে মন্ত্ৰীসকলে ৰাৱণক দিয়া উচটনিমূলক বক্তব্য উক্ত কবিতাফাঁকিৰ জৰিয়তে বুজোৱা হৈছে।
মন্ত্ৰীসকলে ৰাৱণক কয় যে হনুমানে লংকা নগৰীৰ ওপৰত কৰা বিপর্যয় দুঃস্বপ্ন বুলি ভাবি মনৰ পৰা আতঁৰাই পেলাব লাগে। সীতাক ৰামৰ হাতত গতাই নিদিবলৈ উপদেশ দি মন্ত্ৰীসকলে ক’লে যে লংকাধিপতি ৰাৱণৰ ভড়াল অস্ত্ৰৰে পৰিপূৰ্ণ হৈ আছে। তেনে স্থলত সাধাৰণ মনুষ্য ৰামক ভয় কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে।
এনেদৰে মন্ত্ৰীসকলে ৰাৱণক বিভীষণে দিয়া সজ উপদেশৰ বিপৰীতে ৰামৰ বিৰুদ্ধে ৰাৱণক উচটাই দিছিল।
(গ) ৰামৰ হাতত জানো মোৰ যাইব জীৱ।
তথাপি নিদিবো সীতা জনকৰ জীৱ।।
উঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত মাধৱ কন্দলি বিৰচিত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাংশৰ পৰা লোৱা হৈছে।
ৰামৰ লগত হ’ব লগা ৰাৱণৰ সম্ভাৱ্য যুদ্ধখনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে বিভীষণে দিয়া সজ উপদেশৰ উত্তৰত ৰাৱণে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। উদ্ধৃত কবিতাফাঁিকৰ জৰিয়তে ৰাৱণৰ চৰিত্ৰ সুন্দৰভাৱে ফুটি উঠিছে।
বিভীষণে মাতৃৰ আজ্ঞামতে ভাতৃ ৰাৱণক ৰামৰ সৈতে যুদ্ধত প্ৰবৃত্ত নহ’বলৈ সজ উপদেশ দিয়াত ৰাৱণে কৈছে যে যদিও ৰামৰ হাতত তেওঁৰ প্ৰাণ যায় তথাপি তেওঁ ৰামৰ লগত যুদ্ধ কৰিব। তেওঁ বিনাযুদ্ধে কেতিয়াও সীতাক ঘূৰাই নিদিয়ে। তেওঁ কোনোপধ্যে আত্মসন্মানত আঘাত লগা কাম কৰিব নোৱাৰে। কথাফাঁকিৰ জৰিয়তে ৰাৱণৰ দাম্ভিকতা প্ৰকাশ পাইছে। ০ ০ ০.