অৰূপ অচিনা। অমূল্য বৰুৱা

0

অৰূপ অচিনা। অমূল্য বৰুৱা

অৰূপ অচিনা। অমূল্য বৰুৱা

অৰূপ অচিনা

–অমূল্য বৰুৱা 

অচিনা কোনহে তুমি?

অৰূপ ৰূপৰ সুৱদি সখী

মধু মনোমোহা মিলন বিচাৰি

উৰোৱা মনৰে পাখি; 

মৰণৰ সুখ ৰেখা

জীৱনে নমনা নুবুজা কৰি

নিমাতী সপোনৰ বুকুতে ফুৰেহি

মিলনৰ সুৰভি উৰি;

জীৱনৰ যত শত

দুখ বিৰহৰ বেদনা আছে

আপোন পাহৰি অচিন পথৰ

যায় উৰি পাচে পাচে

কোনহে তুমি?

অৰূপ হাঁহি

ৰূপৰ পাহি

উঠিছা ভাঁহি। ০ ০ ০

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘অৰূপ অচিনা | Arup Achina’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleজ্ঞানৰ চকুৰে যেয়ে। জ্যোতিপ্ৰসাদ
Next articleমানৱ যন্ত্ৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here