অ অসমীয়া ডেকা দল | বিষ্ণু ৰাভা

0

অ অসমীয়া ডেকা দল | বিষ্ণু ৰাভা

অ অসমীয়া ডেকা দল

অ অসমীয়া ডেকা দল

 –বিষ্ণু ৰাভা

অ অসমীয়া ডেকা দল
অ অসমীয়া ডেকা দল
আজি তোৰ তেজাল বদন
মলিন কিয় হ’ল?
 
দুৰ্গম নদ-পাহাৰ-গিৰি
লংঘিছিলে ডেকাগিৰি
সুন্দৰ শঙ্কৰে লৰি
কৰিছিলে তল,
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
সিও যে তোৰ
নাইকীয়া হ’ল।
 
কীৰ্তন দশম নামঘোষা
হওক আমাৰ শৌৰ্য
নাট, গীত, নাম, বৰগীত
হওক ৰণৰ তুৰ্য
আহি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য
অসমীয়া! সমনীয়া!
আগবাঢ়ি যাওঁ বল
আগবাঢ়ি যাওঁ বল। 0 0 0
 
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘অ’ অসমীয়া ডেকা দল | O Asomiya Deka Dal’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleলগন উকলি গল | বিষ্ণু ৰাভা
Next articleঅ পূূজাৰী আদৰি দিলো | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here