অ গুৰু মোৰ শংকৰ। বিষ্ণু ৰাভা

1

অ গুৰু মোৰ শংকৰ। বিষ্ণু ৰাভা

অ গুৰু মোৰ শংকৰ। বিষ্ণু ৰাভা

অ গুৰু মোৰ শংকৰ

–বিষ্ণু ৰাভা

অ’ গুৰু মোৰ শংকৰ
তৰিবাৰ এ কিনো উপায়।
অ’ গুৰু অ ’–
ভাটিলৈ যাবলৈ শ্ৰীশংকৰ গুৰু অ’
বালিতে বান্ধিলা পঁজা
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা, হে ৰাম ৰাম
আপুনি লগাইছে ঘোষা।
অ’ গুৰু অ’
নাও শিমলুৱা বঠা শিমলুৱা অ’
আৰু শিমলুৱা চৈ
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতকলৈ, হে ৰাম ৰাম
ছকুৰি ভকতক লৈ।
অ’ গুৰু অ’–
সেই নাওখনিতে শিলে ভৰা দিলা
নাও বুৰু বুৰু কৰে, হে ৰাম ৰাম
নাও বুৰু বুৰু কৰে
নাও বুৰা দেখি শ্ৰী শঙ্কৰ গুৰুই
আপুনি কান্ধ পাতি ধৰে। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘অ’ গুৰু মোৰ শংকৰ | O Guru Mur Sankar’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআগুৱাই বল আগুৱাই বল। বিষ্ণু ৰাভা
Next articleএয়ে মোৰ শেষ গান। বিষ্ণু ৰাভা

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here