অ মোৰ নিচলা। বিষ্ণু ৰাভা

0

অ মোৰ নিচলা। বিষ্ণু ৰাভা

অ মোৰ নিচলা। বিষ্ণু ৰাভা

অ মোৰ নিচলা

–বিষ্ণু ৰাভা

অ’ মোৰ নিচলা অসমী আইৰ
দুখীয়া আদিম ভাই
কোনে পাতিয়াব তোমাৰ আজি
কিয়নো এনে বিলাই।
কপালৰ ঘাম ভৰিত পেলাই
সাাঁচিছিলা যিটো ধন
সবাকো সুঁহিলে ধনী চীনাজোকে
ভাঙিলে তোমাৰ মন
ভঁৰালৰ ধান এন্দুৰে খুটিলে
আজি যে একোৱে নাই।
এদিন তুমিয়ে গঢ়িছিলা এই
ধুনীয়া অসম সোণৰ
গোটেই অসম তোমাৰ আছিল
অমিয়া সপোন মনৰ
সেই অসমো যে আনে কাঢ়ি নিলে
অসমী তোমাৰ নাই।
নতুন আলোৰে উজলি উঠিবা
বিলোৱা জ্যোতি নবীন
পিছ পৰি আৰু নাথাকিবা হেৰ’
বজোৱা নতুন বীণ
নতুন বাটেৰে যাবই লাগিব
বলা যাওঁ আগুৱাই। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘অ’ মোৰ নিচলা অসমী আইৰ । Mur Nichala Asomi Aai’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleবলিয়া মেঘৰ। বিষ্ণু ৰাভা
Next articleশুনা সেই গান। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here