আই মোৰ ভাৰতী জননী| বিষ্ণু ৰাভা

0

আই মোৰ ভাৰতী জননী| বিষ্ণু ৰাভা

আই মোৰ ভাৰতী জননী বিষ্ণু ৰাভা

আই মোৰ ভাৰতী জননী

–বিষ্ণু ৰাভা

আই মোৰ ভাৰতী জননী
লখিমী দুখুনী
ভাৰতবাসীৰ হৃদয়ৰে ৰাণী
মোৰ পৰাণৰ মোৰ জীৱনৰ
চেনেহী গোঁসানী।
সোণমুৱা সঁফুৰা
মুখেৰে কোলাত তোৰ
উমলি পাওঁ সৰগৰ
অমিয়া যেন মোৰ
কিয় তেও নগৰে
শত শত দুখৰ ওৰ
হেজাৰ দুখৰ ওৰ?
পৰাণৰ আই জীৱনৰ আই
কিয়নো বন্দিনী?
নিচলা আই অ’ দেৱী স্বৰূপিনী
চেনেহী চিকুণী দেৱী, অসমী জননী
লখিমী দুখুনী মোৰ চেনেহী গোসাঁনী।
পিশাচে নি শুহি  ৰকত পিয়েহি
হিয়া তোৰ যায় জহি ওৰে নিশা দিন
সৌ ধনৰে খকুৱা জননীৰে তেজ পিয়া
ৰক্তেৰে ৰঙচুৱা কৰে তোক আইন ক্ষীণ
পাবিনো মুকতি অসমী ! কাহানি ? 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘আই মোৰ ভাৰতী জননী | Ai Mur Bharati Janani’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleশুনা সেই গান। বিষ্ণু ৰাভা
Next articleমোৰ জীৱনৰ আকাশতে | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here