আন্ধাৰৰ হাহাকাৰ | অমূল্য বৰুৱা

0

আন্ধাৰৰ হাহাকাৰ

আন্ধাৰৰ হাহাকাৰ

আন্ধাৰৰ হাহাকাৰ

–অমূল্য বৰুৱা

হেমন্তৰ সেমেকা সন্ধিয়া

পশ্চিমৰ আকাশৰ এক প্ৰান্তৰত জ্বলা

শেহৰ পোহৰে চুমে

কোলাহল ধৰণীৰ মৌন অন্ধকাৰ।

শীতৰ পৰশ পাওঁ পাওঁ

পাত সৰা গছবোৰ

পৃথিৱীৰ ওপৰত থিয় হ’ই

হা-হতোস্মিৰ সুৰে আৰ্তনাদ কৰি

প্ৰকাশিছে অন্তৰৰ গভীৰ হতাশা ।

সিহঁতৰ হতস্তম্ভ জীৱনৰ কৰুণ ট্ৰেজেডি

দুদিন পিছতে যেন মৃত্যুৰ কৰাল গ্ৰাসে ধৰিব আৱৰি।

 

আকাশৰ পূব প্ৰান্তৰত

কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,

জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস।

নীলিম আকাশ

দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা।

তাৰ মাজে মাজে

ইপিনে সিপিনে

এটুকুৰা দুটুকুৰা ছিগা-ভগা ক’লা ডাৱৰৰ

শক্তিহীন চাব।

অদূৰতে ডাৱৰৰ অলপ পিছতে

আঁৰ লই লই জ্বলে ৰূপালী জ্যোতিৰ শিখা-

জনহীন প্ৰান্তৰৰ

দেশহীন, মাটিহীন

শূন্যৰ কোলাত উঠা

নৱমীৰ নতুন জোনটো।

হাঁহি হাঁহি পাৰ ভাঙি ঢালি দিব খোজে তাৰ

জোনাকৰ ঢল।

তলৰ পৃথিৱী হয়

অলপ পোহৰ।

খাল, বিল,

নৈ, জান, জুৰি

ঘিণ লগা গোন্ধত অৎকাৰ

মহানগৰীৰ দাঁতিয়েদি বৈ যোৱা যত

ড্ৰেইন্‌ আৰু নৰ্দমাৰ জল।

খন্তেক উজলি উঠে

নিজ ৰূপ ঢাকি আন্ধাৰৰ আঁচলত

জিল্‌ জিল্‌ কৰি।

আকাশৰ মহোৎসৱ-

অকল জোনেই নহয়,

ৰাশি ৰাশি তৰাবৃন্দ

ৰাশি ৰাশি নক্ষত্ৰৰ আলোক-উৎস;

সজায় দীপালী যেন

সৰ্ব্ব্যাপ্ত মহাদিগন্তৰ

কক্ষে কক্ষে

উকি মাৰি মাৰি।

মই যাওঁ পৃথিৱীৰ মাটিৰ মানুহ

মাটিয়েদি খোজ কাঢ়ি কাঢ়ি

বাস্তৱৰ বিকৃত বিপদে ঢকা

মোৰ প্ৰতিকৃতি

সেই অন্ধকাৰ বাটটোত

অকলে অকলে ;

শান্তিহীন, শ্ৰান্তিহীন

মহাসমৰৰ দাবানলে পোৰা

পৃথিৱীৰ শ্মশানত

ভয় লগা স্পিৰিটৰ দৰে ।

শক্তিৰ কঁপনি উঠে

অন্তৰৰ আঁহে আঁহে,

বিদ্ৰোহ-অগনি জ্বলে চকুৰ শিখাত,

বিদগ্ধ বিধ্বস্ত স্তূপত মোৰ

নতুন সৃষ্টিৰ

প্ৰতিজ্ঞাৰ অটল বিশ্বাস থাপি;

ভাবৰ বুকুত

মুহূৰ্ত্তৰ ভিতৰতে গুৰি কৰি

লক্ষ লক্ষ শতাব্দীৰ so-called  সভ্যতাৰ বিলাস-বৈভৱ ।

 

এবাৰ জোনটো ডাৱৰে ঢাকে

পৃথিৱীৰ বুভুক্ষিত হতভগা দলে

চেপি ৰখা হাই-উৰুমিৰ

নাকত লাগেহি মোৰ তপত নিশ্বাস

বিকৃত গোন্ধৰ কিবা নৱ আৱিষ্কাৰ !

সিহঁতৰ খকা খুন্দা লাগি যায়

আন্ধাৰৰ আঁৰালত গছৰ তলত

– কোনোবা মানৱৰ প্ৰসাদৰ

উচ্ছিষ্ট যচা প্ৰসাদৰ বাবে

দানৱৰ হিংস্ৰ তীব্ৰ ক্ষুধা !

মোৰ ভৱিষ্যৰ সমাজৰ সংস্কাৰ কৰা,

নতুন জগত গঢ়া

বিদ্ৰোহী কল্পনা যায় মিলি

সিহঁতৰ জৰাকীৰ্ণকায়াৰ ছাঁয়াত।

 

হায়,

সৰু সৰু অশৃঙ্খল

মানুহৰ জীৱনেৰে সিহঁতো এজাক

নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল !

সিহঁতে হাঁহে

বিকৃত চিয়ঁৰ মাৰি

আন্ধাৰৰ শূন্যতাত

সিহঁতৰ বগা দাঁতবোৰ নিকটায়

তাৰ পিছত- অসম্ভৱ !

ধূলিৰ জোঁৱাৰ তুলি

মুঠি মুঠি জাৱৰৰ হোলি খেলি খেলি

প্ৰচণ্ড ধুমুহা তোলে

‘মাৰ কাট্‌ খা’ ৰ

ভয়ঙ্কৰ হুলস্থূল ।

এনেতে

জীৱনৰ অতিৰিক্ত মমতাৰ অন্ধতাত

জোনৰ পোহৰে সানে চেকা।

জোনটো ওলায়।

সিহঁত নিস্তব্ধ হই যায় !

সিহঁতৰ আন্ধাৰ

হাঁহিৰ হুঙ্কাৰ

‘মাৰ কাট্‌ খা’ ৰ

নৃত্য-প্ৰহেলিকা?

সিহঁতৰ জীৱনৰ অধিকাৰ

আন্ধাৰৰ আসুৰিক দূৰ্বলতা,

নীচতা, দীনতা,

প্ৰেতাত্মাৰ গোপন অভিসন্ধি

তল পৰি যায় ।

ধৰণীৰ আনন্দৰ পোহৰত যেন

এইখন মৰা দানৱৰ সাৰশূন্য দেশ !

জোনৰ পোহৰে

সিহঁতৰ নিৰ্মম নগ্নতা ঢাকি

মাৰ যোৱা বাস্তৱৰ আন্ধাৰত তৰে

সৌন্দৰ্য্যৰ মৰীচিকাময় জিল্মিল্‌ চিকুণ সপোন।

আৰু মই?

বাস্তৱৰ ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি

থাকোঁ চাই

সিহঁতৰ ক’লা ক’লা লেতেৰা জীৱনবোৰ

সিহঁতৰ আন্ধাৰৰ হাহাকাৰ

আৰু

জোনাকৰ পৰিহাস। ০ ০ ০

আন্ধাৰৰ হাহাকাৰ

বিঃ দ্রঃ অমূল্য বৰুৱাৰ উক্ত ‘আন্ধাৰৰ হাহাকাৰ | Andharor Hahakar’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘অমূল্য বৰুৱাৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleচেনেহৰ পুতু
Next articleসিহঁত তেতিয়া জীৱ

LEAVE A REPLY

Please enter your comment!
Please enter your name here