আহিনৰ লেণ্ডস্কেপ | হীৰেন ভট্টাচাৰ্য
আহিনৰ লেণ্ডস্কেপ
—হীৰেন ভট্টাচাৰ্য
(১)
শেষ হৈ গ’ল
লুদ্ধ আকাশৰ হিংস্ৰ উৎসৱ ।
উখল মাখল পথাৰত
এতিয়া বলিছে সেউজীয়া ঢল ।।
(২)
তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে ।
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক’লে ।
(৩)
ৰ’দালিৰ ভাঁজে ভাঁজে
অপাৰ বিস্ময় ।
আবেগত ভাঙি পৰে
শব্দৰ তন্ময় । ০ ০ ০
বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘আহিনৰ লেণ্ডস্কেপ | Ahinor Landscape | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
You May Like:
- মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
- শৰ-সন্ধান-হীৰেন ভট্টাচার্য
- ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ