এয়ে মোৰ শেষ গান। বিষ্ণু ৰাভা

2

এয়ে মোৰ শেষ গান। বিষ্ণু ৰাভা

এয়ে মোৰ শেষ গান। বিষ্ণু ৰাভা

এয়ে মোৰ শেষ গান

–বিষ্ণু ৰাভা

এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান।
পাতনিতে গালোঁ ধেমালি নান্দী
ভঙ্গী সূত্ৰধৰ
হাঁহি বিননিয়ে ভাও দিলোঁ নানা
বোৱালো অশ্ৰুধাৰ
নৱ নৱ ৰসে বালো ভাৱ নাৱ
আশাৰ নিৰাশাৰ
আজি হ’ব মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান।
মোৰ জীৱন নাটৰ ৰাগিনী
কল্যাণ খৰমান।
নীল আকাশত পুঁৱতী তৰাই
ঢিমিকি ঢিমিকি জ্বলে
সিওঁ যাব নুমি একে নিশাহতে
বেলিৰ পোহৰ পালে।
ঠগী লগৰে বন্তিৰ শিখা
নুমো নুমোকই নাচে
খৰমান তালৰ কল্যাণ ৰাগৰ
ছেৱে অপৰূপ ঠাচে। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘এয়ে মোৰ শেষ গান Aye Mur Shesh Gaan’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleঅ গুৰু মোৰ শংকৰ। বিষ্ণু ৰাভা
Next articleকাৰনো বীণ বাজে। বিষ্ণু ৰাভা

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here