কবিতাৰ শৰীৰ | ইছমাইল হোছেইন

0

কবিতাৰ শৰীৰ | ইছমাইল হোছেইন

কবিতাৰ শৰীৰ

কবিতাৰ শৰীৰ

–ইছমাইল হোছেইন

 

কবিতাৰ কি যে নিমজ, নিটোল, ছন্দোবদ্ধ বৰ্ণময় শৰীৰ

যেন বসন্তৰ পথাৰত জীপ দিয়া কেঁচা কোমল ঘাঁহ

জ্যোৎস্না ৰাতিৰ নীলিমা ভ’ৰা কবিতাৰ আবৰণ।

ইচ্ছা থাকিলেও স্পৰ্শ কৰিব নোৱাৰি তাৰ নির্ভেজাল দেহ।

কবিতাৰ পাৰপত্ৰহীন  সীমনাত বিচৰণ কৰি মই নিজকে হেৰুৱাও

কবিতাই  মোক বিচাৰি আনি সযতনেৰে স্থাপন কৰে 

তাৰ মাধুৰী কোলাত

অন্তৰঙ্গভাৱে কবিতাৰ স’তে সহবাস কৰো, 

ক্ষণিক বিেচ্ছদ ঘটাওঁ

আকৌ কবিতাৰ স’তে হাতে হাত ধৰি পাৰ হওঁ দেশ-দেশান্তৰ।

বিচ্ছেদৰ বিৰতিৰ পিছত লগ পালেই কবিতাই

মোক সম্ভাষণ যাচে

আলফুলে সাৱটি চুমা খায়

হৃদয়ৰ বতৰা দিয়ে সংগোপনে।

ইমান কোমল কবিতাৰ নিৰ্মোহ মুখাৱয়ব

অথচ ভীষণ তীক্ষ্ণ তাৰ দাঁত

কবিতাই মোক ৰুকি ৰুকি কাটে

ৰৈ ৰৈ প্ৰতিদিন চোবায়

স্পৰ্শকাতৰ শৰীৰত সঘনাই হানে দুৰ্বাৰ আঘাত।

কবিতা মূলতঃ নির্বোধ ব্যাকৰণ

যাৰ নাই বিশেষ বিশেষণ

কবিতা সৰ্বত্ৰ বাসোপযোগী, জীৱনৰ অবিচল যাত্ৰা

অবিচলিত পথিক

কবিতা মূলতঃ জীৱনৰ অমিয়া সুৰ

ৰূপান্তৰিত কালৰ আৱহ সঙ্গীত। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ কবিতাৰ শৰীৰ | Kabitar Sharir | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  3. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  4. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  5. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  6. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  7. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  8. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  9. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  10. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  11. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleযুদ্ধৰ বিৰুদ্ধে | ইছমাইল হোছেইন
Next articleৰোৱনীজনী তোৰ বিজন | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here