কিমান ৰচিলো ছবি। বিষ্ণু ৰাভা
কিমান ৰচিলো ছবি
–বিষ্ণু ৰাভা
কিমান ৰচিলো ছবি
নেপালো হিয়াৰ ৰবি
নিতে মাথো দেখো সপোন
তোমাৰ মধুৰ মু’খন।
তুমি মোৰ মন দেউল
যত উঠে প্ৰেমৰ ৰোল
নিতে হয় আৰতি গান
তোমাৰ নামেৰে ৰতন।
নিজৰাই কল্ কল্ কৈ
হৃদয়ৰ শিল ভেদি বয়
কোননো অজান দেশলৈ
বিৰহৰ ভিন পুৰীলৈ।
সুদূৰ দূৰণিৰ ঠাই
যলৈকে মন ছুটি যায়
স্মৃতিৰ সফুঁৰা তাতে পাই
আনে মধুৰ সোঁৱৰণ। 0 0 0
বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘কিমান ৰচিলো ছবি | Kiman Rachilo Chabi’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- মৌলানা আবুল কালাম আজাদ
- হুমায়ুন আজাদ
- অসমীয়া কবিতা
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- বিষ্ণু ৰাভাৰ গীতি কবিতা
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ
- অসমীয়া আধুনিক কবিতা