গাঁৱৰ চিঠি | ইছমাইল হোছেইন

0

গাঁৱৰ চিঠি | ইছমাইল হোছেইন

গাঁৱৰ চিঠি

গাঁৱৰ চিঠি

–ইছমাইল হোছেইন

 

ইয়াত কেতিয়াবাই গধূলি হ’ল

হিম শীতল বুকুতো ইয়াত অনুভৱ হয় উত্তাপ 

দিনে ৰাতি

শৃঙ্খলিত বন্ধীৰ দৰে আবদ্ধ থাকে ইয়াৰ পৃথিৱী

উন্মাদ জন্মভূমিত কবৰ দিয়া হয় গাঁৱৰ চিঠি।

ইয়াত এতিয়া গভীৰ ৰাতি

শস্যৰ সেউজ পথাৰত বৰষুণ নাই বহু দিন

তথাপিও বলাৎকাৰ হয় প্ৰেয়সী মাটি।

গাঁৱৰ চিঠিত খবৰ আহে

‘বানপানীত উটি গ’ল তিনিজন শিশু

অনাহাৰত মৰিল অনেক জীৱন’

চৰকাৰী বাতৰিত পঢ়িলো

‘শিশুবোৰে সাঁতুৰিব নেজানে

মানুহবোৰ গ্ৰহণীত মৰিল।

অনুভৱত মোৰ সমগ্ৰ সত্বাই চিঞৰি উঠে

ইয়াত কেতিয়াবাই গধূলি হ’ল

ইয়াত এতিয়া জয়াল ৰাতি,

বসন্ততো নুফুলে য’ত এপাহি ফুল,

তাতনো কেনেকৈ পঢ়িবা বা গাঁৱৰ চিঠি! ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘Gaonr Chithi | ইছমাইল হোছেইন ‘ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  3. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  4. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  5. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  6. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  7. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  8. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  9. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  10. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  11. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleৰোৱনীজনী তোৰ বিজন | ইছমাইল হোছেইন
Next articleবিদ্ৰোহ | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here